NORTHEAST NOW (Assamese)

জিঅ’ৰ প্ৰত্যাহ্বান? ভোডাফোন-আইডিয়াত বিনিয়োগৰ বাবে আগবাঢ়িছে এমাজন,ভেৰিজন!

September 4, 2020 10:50 am · এন ই নাও নিউজ

জিঅ’ৰ প্ৰত্যাহ্বান আৰু এজিআৰ সন্দৰ্ভত ভোডাফোন-আইডিয়াৰ অৱস্থা শোচনীয় হৈ পৰিছে। কিন্তু এনে পৰিস্থিতি এই টেলিকম কোম্পানীক উদ্ধাৰৰ বাবে আগবাঢ়ি আহিছে বিশ্বৰ দুটা বৃহৎ সংস্থা।

বাতৰি অনুসৰি, এমাজন আৰু লগতে আমেৰিকাৰ আটাইতকৈ বৃহৎ টেলিকম সংস্থা ভেৰিজনে ভোডাফোন-আইডিয়াত বৃহৎ পৰিমানৰ ৪ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব পাৰে।

ইয়াৰ পূৰ্বেও এনে বাতৰি ওলাইছিল যদিও এজিআৰ গোচৰত গোটেই বিষয়টো অনিশ্চয়তাত থকাৰ বাবে বিলম্ব ঘটে।

উচ্চতম ন্যায়ালয়ে টকা আদায় দিয়াৰ বাবে দহ বছৰ সময় দিছে। ইয়াৰ পাছতে কিছু সকাহ লাভ কৰি ভোডাফোন-আইডিয়াই পুনৰ কথা আগবঢ়াইছে।

ভোডাফোন-আইডিয়াই আদায় দিবলগীয়া ৫০হাজাৰ কোটি টকাৰ ভিতৰত ইতিমধ্যে ৭হাজাৰ কোটি টকা আদায় দিছে।

এমাজন ভাৰতত পৰিচিত যদিও ভেৰিজন দেশৰ বজাৰত নতুন। অৱশ্যে, কোম্পানীটোৱে ইতিমধ্যে এয়াৰটেলৰ সৈতে লগ লাগি ভাৰতত ব্লু-জীনছ ভিডিঅ’ কনপাৰেন্স এপৰ সেৱা আৰম্ভ কৰিছে।

আনহাতে, কোম্পানীকেইটাও তেওঁলোকৰ মাজৰ চুক্তি সম্পৰ্কে এতিয়ালৈ আনুষ্ঠানিকভাৱে কোনো কথা স্পষ্ট কৰা নাই।

ইপিনে, বজাৰত জিঅ’ৰ আগ্ৰাসন ৰোধ কৰিবলৈ বা ইয়াৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ হ’লে বাকী টেলিকম সংস্থাসমূহে বিকল্প চিন্তা কৰিবই লাগিব।

এতিয়া ভোডাফোন-আইডিয়াত বিনিয়োগ কৰি এমাজন আৰু ভেৰিজনে কিদৰে নতুন পথ মুকলি কৰে সেয়া লক্ষ্যণীয় হ’ব।

Related News