NORTHEAST NOW (Assamese)

আমবাছা আৰক্ষী আৰু ১৩০ বিএছএফ বেটেলিয়নৰ অভিযানত গাঞ্জাভৰ্তি ট্ৰাক জব্দ

September 21, 2018 5:34 pm · পান্না ঘোষ
Updated: September 21, 2018 5:54 pm

আমবাছা আৰক্ষী আৰু ১৩০ বিএছএফ বেটেলিয়নে জহৰনগৰ এলেকাৰ পৰা এখন শুকান গাঞ্জাভৰ্তি ট্ৰাক জব্দ কৰে। জব্দ কৰা ট্ৰাকখনৰ নম্বৰ হৈছে HR38U5420। ট্ৰাকখনৰ পৰা আৰক্ষীয়ে ৮০০কেজি শুকান গাঞ্জা জব্দ কৰে। ভাৰতীয় বজাৰত এই গাঞ্জাখিনিৰ মূল্য ৪০ লাখ টকা হ’ব বুলি ঠাৱৰ কৰা হৈছে।

আৰক্ষীয়ে আইন বহিৰ্ভুতভাৱে গাঞ্জা কঢ়িওৱাৰ অভিযোগত ৩জন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোক কেইজন মোহনপুৰ লেফুগাৰ ৰঞ্জন বেববৰ্মা (৩১), ফৰিদপুৰ দিল্লীৰ ছুখেন খান (১৬) আৰু হাৰিয়ানাৰ মকবুল ছাজিদ বুলি চিনাক্ত কৰা হৈছে।  আৰক্ষীয়ে আটকাধীন লোককেইজনৰ পৰা ৫০০ টকীয়া ভাৰতীয় নোটৰ মুঠ ৫৯ হাজাৰ টকা জব্দ কৰিছে। ধালাইৰ আৰক্ষী অধীক্ষক আশীষ দাশগুপ্তাৰ নেতৃত্বত চিআৰপিএফ বেটেলিয়নৰ দলটোৱে এই অভিযানটো সফলতাৰে ৰূপায়ন কৰিছিল।৫৯ হাজাৰ

উক্ত লোককেইজনে গাঞ্জাভৰ্তি ট্ৰাকখন আগৰতলাৰ পৰা বিহাৰলৈ লৈ গৈ আছিল। পৰৱৰ্তী অনুসন্ধানৰ বাবে উক্ত লোককেইজনক আদালতত হাজিৰ কৰোৱা হৈছে।

উল্লেখ্য যে ত্ৰিপুৰাত বিপ্লব কুমাৰ দেবে মুখ্য মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাচত ড্ৰাগৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ড্ৰাগৰ বিৰুদ্ধে তালাচী অভিযান কঠোৰ কৰি তোলা হৈছে। ইফালে ড্ৰাগ ব্যৱসায়ীসকলেও অবৈধভাৱে সৰবৰাহ কৰাৰ বাবে প্ৰতি দিনে নিত্য নতুন কৌশল অৱলম্বন কৰাটো পৰিলক্ষিত হৈছে।

Related News