অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নগদ ধনৰ নামত চাকৰি দিয়া কেলেংকাৰিৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে।
এইবাৰ এই কেলেংকাৰিত অসম মেডিকেল কলেজ এণ্ড হাস্পতাল (এএমচিএইচ)ৰ অজন্তা হাজৰিকা নামৰ এগৰাকী চিকিৎসকৰ নাম সাঙোৰ খাইছে।
শেহতীয়াকৈ, ডাঃ হাজৰিকাৰ টেলিফোনিক বাৰ্তালাপ সামাজিক মাধ্যমত ভাইৰেল হৈছিল য’ত তেওঁ এন এফ ৰেইলৱেত চাকৰি দিয়াৰ বাবে ধন বিচৰা কাৰ্য স্পষ্ট ৰূপত প্ৰকাশ পাইছিল।
অভিযোগ কৰা হৈছে যে তেওঁ ৰেইলৱেত চাকৰি দিয়াৰ নামত তিনিজন ব্যক্তিৰ পৰা ২২ লাখ টকা লৈছে। তিনিজনৰ ভিতৰত এজন অমূল্য নাথ বুলি জানিব পৰা গৈছে।
ডাঃ হাজৰিকাই ধন সংগ্ৰহৰ নামত তেওঁৰ চালকক ব্যৱহাৰ কৰিছিল।
‘ডাঃ অজন্তা হাজৰিকাৰ চালক আমাৰ ঘৰৰ সন্মুখত থাকে আৰু এদিন তেওঁ আমাক কয় যে তেওঁ ৰেইলৱেত চাকৰি দিয়াত সহায় কৰিব পাৰে। তেওঁ মোক ডাঃ অজন্তা হাজৰিকাৰ লগত চিনাকী কৰি দিয়ে আৰু তেওঁ কৈছিল যে আমাক ৰেইলৱেৰ চাকৰি দিবলৈ তেওঁ মন্ত্ৰীৰ সৈতে যোগাযোগ কৰিছে’, এই মন্তব্য এজন ভুক্তভোগীৰ।
লগতে কয়, ‘তেওঁ আমাক কৈছিল যে সেই প্ৰক্ৰিয়াটোৰ বাবে ৭ লাখ টকাৰ প্ৰয়োজন হ’ব। মই তেওঁক ৩ লাখ টকা নগদ ধন দিছো আৰু ৩ লাখ টকা বেংকৰ জৰিয়তে প্ৰদান কৰা হৈছিল। তেওঁ চাকৰি দিয়াৰ সলনি আমাৰ পৰা ২২ লাখ টকা লৈছে। যেতিয়া মই তেওঁক আমাৰ টকা ঘূৰাই দিবলৈ কৈছিলো তেওঁ আমাক ধমকি দিয়ে আৰু কয় যে তেওঁ অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ ঘনিষ্ঠ’।
ডিব্রুগড়ৰ আৰক্ষী অধীক্ষক প্ৰীতিক কুমাৰ থুবে কয়, ‘দেওবাৰে সন্ধিয়া তিনিওজনে ডিব্রুগড় থানাত এজাহাৰ দাখিল কৰিছে আৰু আমি এটা গোচৰ ৰুজু কৰিছো। আমি বিষয়টোৰ সঠিক তদন্ত কৰিম’।
অসম আৰক্ষীৰ এছ আই পদৰ পৰীক্ষাত হোৱা কেলেংকাৰিৰ পিছত এই কেলেংকাৰি পোহৰলৈ অহাত সাধাৰণ জনতাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।