NORTHEAST NOW (Assamese)

লামডিঙত মটৰ চাইকেল দুৰ্ঘটনাত মৃত্যু আমেৰিকান মহিলাৰ

December 22, 2024 3:22 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

হোজাই জিলাৰ লামডিঙত শনিবাৰে সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

এই দুৰ্ঘটনাত ইলেইন বেৰী থম্পছন নামৰ এগৰাকী ৬৩ বছৰীয়া আমেৰিকান মহিলাৰ মৃত্যু হয়।

আৰক্ষীয়ে জনোৱা মতে, থম্পছনে শিলচৰৰ পৰা ধেমাজিলৈ এখন ৰয়েল এনফিল্ড হিমালয়ান মটৰ চাইকেল চলাই গৈ থকা অৱস্থাত এখন দ্ৰুতবেগী ট্ৰাকে খুন্দা মাৰে।

অশোক লেলেণ্ড নামৰ ট্ৰাকখনে মহিলাগৰাকীক খুন্দিওৱাৰ লগে লগে ট্ৰাক চালকজনে পলায়ন কৰে।

হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম বৰদলৈয়ে কয় যে, “আমাক নিশা ১২:৪৫ মান বজাত দুৰ্ঘটনাটোৰ বিষয়ে জনাবলৈ স্থানীয় লোকে ফোন কৰিছিল। আমাৰ দলটো আহি পোৱাৰ লগে লগে আমি গম পালোঁ যে ভুক্তভোগী মহিলাগৰাকী আমেৰিকাৰ নাগৰিক। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হৈছিল।”

আৰক্ষীয়ে কয় যে থম্পছন বিগত পাঁচ-ছয় বছৰত ভাৰতলৈ সঘনাই অহা-যোৱা কৰিছিল। তেওঁ এগৰাকী অভিজ্ঞ একক মটৰ চাইকেল আৰোহী আছিল আৰু সম্ভৱতঃ ভ্ৰমণৰ সময়ত সামাজিক কামৰ সৈতে জড়িত আছিল।জানিব পৰা মতে, দুৰ্ঘটনাটোত জড়িত ট্ৰাকখন জব্দ কৰা হৈছে আৰু অধিক তদন্ত অব্যাহত আছে।

Related News