আমগুৰিত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসহ এজনক আটক; সন্দেহৰ আওতাত জাতীয় সংগঠনৰ নেতা

20190901_153409

ফটো : নৰ্থ-ইষ্ট নাও

ৰাজ্যত অব্যাহত আছে অবৈধ অৰুণাচলী সুৰাৰ মুকলি বেহা। অসমৰ মাজেৰে নিতৌ সৰবৰাহ হৈ আছে অৰুণাচলৰ পৰা অবৈধভাৱে সুৰা।

এক গোপন সূত্ৰৰ নিশ্চিত খবৰৰ ভিত্তিত আমগুৰি আৰক্ষীয়ে জাঁজী নন্দনবনৰ সমীপৰ এখন ধাবাৰ সন্মুখৰ পৰা সুৰাভৰ্তি দহচকীয়া ট্ৰাক জব্দ কৰে।

আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা আৰক্ষী চক্ৰ পৰিদৰ্শক জে টি বৰুৱাৰ নেতৃত্বত চলিছিল এই অভিযান।

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে থকা ধাবাখনৰ সন্মুখত ট্ৰাকখনৰ পৰা এখন বলেৰ’ পিক আপ ভানত সুৰাসমূহ হস্তান্তৰ কৰি থাকোতেই আৰক্ষীৰ দলটোৱে দুয়োখন গাড়ী জব্দ কৰে।

সুৰাভৰ্তি ট্ৰাকখনৰ নম্বৰ  AS-09-AC-3209। ট্ৰাকখন মহাদেৱপুৰৰ পৰা ৪০০ কাৰ্টন অৰুণাচলী সুৰা লৈ আহিছিল। ইতিমধ্যে আৰক্ষীয়ে ট্ৰাকখনৰ চালক নগাঁও জিলাৰ ৰাজু দে’ক আটক কৰিছে।

ইফালে ট্ৰাকখনৰ পৰা অৰুণাচলী সুৰা সমূহ হস্তান্তৰ কৰা বলেৰ’ পিক আপখনৰ নম্বৰ হল AS-04-AC-7379। বলেৰ’খনৰ গৰাকী হ’ল হালোৱাটিঙৰ মাধৱ নগৰৰ প্ৰবীন শইকীয়া। শইকীয়াৰ পত্নীয়ে জনোৱা মতে আমগুৰিৰ বাবা নামৰ যুৱক এজনে দীৰ্ঘদিন ধৰি গাড়ীখন সুৰা সৰবৰাহত ব্যৱহাৰ কৰি আহিছে।

জব্দ কৰা অৰুণাচলী সুৰাখিনি কোনে সৰবৰাহ কৰিছিল আৰক্ষীয়ে সেইটো প্ৰকাশ কৰাৰ পৰা বিৰত আছে।

আনহাতে জব্দ কৰা ট্ৰাক খনৰ চালক ৰাজু দে’য়ে উপ আৰক্ষী অধীক্ষক আৰু আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক সংবাদ মাধ্যমৰ সন্মুখতে অবৈধ সুৰাৰ সৰবৰাহকাৰীক ফটোৰ সহায়ত চিনাক্ত কৰিছে।

চালকজনে চিনাক্ত কৰা সৰবৰাহকাৰীজন এটা জাতীয় সংগঠনৰ সৈতে জড়িত।

আমগুৰিৰ জাতীয় সংগঠন এটাৰ নেতা এজনক সৰবৰাহকাৰী হিচাপে চিনাক্ত কৰাত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আমগুৰিত।

উল্লেখ্য যে দীৰ্ঘদিনৰে পৰা শিৱসাগৰৰ আমগুৰি আৰু হালোৱাটিং অঞ্চল দুটা অৰুণাচলী সুৰাৰ ঘাটি হিচাপে পৰিণত হৈছে।

ধলা-শদিয়া আৰু বগীবিল দলঙেৰে অৰুণাচলৰ মহাদেৱ পুৰকে ধৰি বিভিন্ন অঞ্চলৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি আহি জাঁজীত ৬১ নং ৰাষ্ট্ৰীয় ঘাই পথত ট্ৰাকৰ পৰা ব’লেৰ পিক আপ আৰু মহেন্দ্ৰা পিক আপ ভানত হস্তান্তৰ কৰি নাগালেণ্ডলৈ সৰবৰাহ কৰাৰ লগতে আমগুৰিৰ বহুকেইজন সুৰা মাফিয়াই নিজ নিজ গুডামলৈ সৰবৰাহ কৰে।

এইদৰেই অবৈধ অৰুণাচলী সুৰাৰ এক বৃহৎ ঘাটিলৈ পৰিণত হৈছে আমগুৰি, হালোৱাটিং আৰু নাগালেণ্ড। যাৰ ফলত অসম চৰকাৰে হেৰুৱাইছে কোটি কোটি টকাৰ ৰাজহ।

ইফালে কাৰ ছত্ৰছায়াত আমগুৰিত দীৰ্ঘদিন ধৰি অবৈধ অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায় কৰি আহিছে তাক লৈ জনসাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আবকাৰী বিভাগ আৰু আৰক্ষীৰ অজ্ঞাতে কেনেদৰে জাঁজীৰ পৰা নাগালেণ্ডলৈ অবৈধ অৰুণাচলী সুৰাৰ এক বৃহৎ বজাৰ গঢ়ি উঠিছে তাক লৈ প্ৰশ্ন কৰিছে স্থানীয় ৰাইজ তথা দল-সংগঠনে।

ইফালে সংবাদ মাধ্যম, উপ আৰক্ষী অধীক্ষক আৰু অ’চিৰ সন্মুখত সুৰা সৰবৰাহকাৰী ট্ৰাক চালক জনে ফটো চাই চিনাক্ত কৰা জাতীয় সংগঠনৰ নেতা জনৰ ওপৰত আৰক্ষীয়ে কি ব্যৱস্থা লব সেইয়া লক্ষণীয় হ’ব।