NORTHEAST NOW (Assamese)

চৰাইদেউ আৰক্ষীৰ মহানুভৱতা; ল’কডাউনৰ সময়ত দৰিদ্ৰজনলৈ সহায়ৰ হাত

April 12, 2020 12:06 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: April 12, 2020 12:07 pm

ল’কডাউনৰ সময়ত নিয়ম অমান্য কৰা সকলক শাস্তি দিয়াতেই অসম আৰক্ষী ব্যস্ত নহয়, দুখীয়া আৰ্তজনৰ কাষতো এতিয়া থিয় দিছে অসম আৰক্ষীয়ে।

ৰাজ্যৰ আন ঠাইৰ লগতে চৰাইদেউ জিলাৰ আৰক্ষীয়েও ল’কডাউনৰ মাজত আৰ্তজনক সহায় কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে।

চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক আননিদ মিশ্ৰৰ উদ্যোগত জিলাখনৰ ছয়খন থানাত খোলা হৈছে ‘ফুড ফৰ অল’ শিবিৰ। য’ত থানা কেইখনৰ আশে-পাশে থকা দৰিদ্ৰ পৰিয়ালসমূহক বিনামূলীয়াকৈ খাদ্য যোগান ধৰা হয়।

জিলাখনৰ সোণাৰী, বৰহাট, মথুৰাপুৰ, নামতোলা, কাকতিবাৰী আৰু চৰাইপুং আৰক্ষী থানত সকলোৰে বাবে খোলা হৈছে খাদ্যৰ শিবিৰ।

আনহাতে চৰাইদেউ জিলাৰ দূৰ্গম অসম নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত আৰক্ষী অধীক্ষৰ নিৰ্দেশত খাদ্য বনাই ঘৰে ঘৰে প্ৰদান কৰিছে চৰাইদেউ আৰক্ষীয়ে।

ইয়াৰোপৰি চৰাইদেউ আৰক্ষীয়ে বয়োজেষ্ঠ্য লোকসকলক ঘৰত গৈ দৰৱ-পাতি যোগান ধৰিছে বুলি জানিবলৈ দিয়। আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ এই প্ৰচেষ্টাক চৰাইদেউবাসীয়ে প্ৰশংসা কৰিছে।

Related News