সম্প্ৰতিৰ নিদৰ্শন; মধ্য প্ৰদেশত প্রতিবেশী মুছমান লোকে শেষকৃত্য সম্পন্ন কৰিলে হিন্দুৰ

ইছলাম ধৰ্মাৱলম্বী লোকে হিন্দু লোকৰ শৱদেহ কান্ধত লৈ সৎকাৰ কৰিলে শ্মশানত

Screen-Shot-2020-04-08-at-4.38.11-PM

দিল্লীৰ নিজামুদ্দিন কাণ্ডৰ পিছত ক’ৰ’না সংক্ৰমণক লৈ ভাৰতত একাংশই সাম্প্ৰদায়িক বিষবাষ্প বিপয়াই থকাৰ সময়তে মধ্য প্ৰদেশৰ ইণ্ডোৰত ইছলাম আৰু হিন্দু ধৰ্মীয় লোকসকলে সম্প্ৰীতিৰ উজ্বল নিদৰ্শন দেখুৱাইছে।

এই সম্প্ৰীতিৰ নিদৰ্শনে ইতিমধ্যে দেশত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।

সংবাদ মাদ্যমৰ বাতৰিৰ মতে ক’ৰ’নাতংকৰ বাবে সমগ্ৰ দেশতে ২১ দিনীয়া ল’কডাউন অব্যাহত থকাৰ পৰতে মধ্যপ্ৰদেশৰ ইণ্ডোৰ চহৰত ইছলাম ধৰ্মীয় লোকসকলে চুবুৰীয়া হিন্দু ধৰ্মাৱলম্বী এগৰাকী লোকৰ শেষকৃত্য সম্পন্ন কৰে।

উল্লেখ্য যে, ল’কডাউনৰ বাবে মৃত ব্যক্তিগৰাকী কোনো আত্মীয় শেষ কৃত্য অনুষ্ঠানলৈ আহিব পৰা নাছিল।

ইণ্ডোৰৰ হিন্দু ধৰ্মাৱলম্বী ভূপালী বাই নামৰ ৬৫ মহিলা গৰাকী কিছুদিনৰ পৰা পক্ষাঘাটগ্ৰস্ত ৰোগত ভূগি আছিল। ইণ্ডোৰৰ দক্ষিণ তদা অঞ্চলৰ নিৱাসী জ্যেষ্ঠ সন্তানৰ গৃহত অলপতে মহিলাগৰাকীৰ পৰলোকপ্ৰাপ্তি ঘটে।

মহিলা গৰাকী মৃত্যুৰ পিছত শৱদেহ সৎকাৰ কৰিবলৈ দেশত অব্যাহত থকা ল’কডাউনৰ বাবে কোনো আত্মীয়ই আহিব নোৱাৰিলে।

তেনে অৱস্থাত নিঃসহায় পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিল স্থানীয় তথা প্ৰতিবেশী ইছলাম ধৰ্মাৱলম্বী লোকসকল।

ইছলাম ধৰ্মাৱলম্বী লোকসকলে ২.৫ কিলোমিটাৰ দূৰৈত থকা হিন্দুসকলৰ শ্মশানত গৈ মৃত মহিলাগৰাকীৰ শৱদেহ সৎকাৰ কৰাত সহযোগ কৰে।

স্থানীয় ইছলাম ধৰ্মাৱলম্বীসকলৰ এই মানৱীয় সম্প্ৰীতিৰ নিদৰ্শনক মধ্য প্ৰদেশৰ সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে নিজৰ টুইটাৰ একাউন্টত টুইট কৰি উচ্চ প্ৰশংসা কৰিছে।

ইফালে উক্ত শৱদেহ সৎকাৰ অনুষ্ঠানত সকলোৱে ক’ৰ’না প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰি মাস্ক পৰিধান কৰাৰ লগতে সামাজিক আৰু শাৰীৰিক দূৰত্ব বজাই ৰাখে বুলি জানিব পৰা গৈছে।

মুছলমান লোকে হিন্দু শৱদেহ কান্ধত লৈ শ্মশানলৈ গৈ থকা দৃশ্য চ’ছিয়েল মেডিয়াত ভাইৰেল হৈ পৰাৰ পিছত দেশৰ শুভবুদ্ধিসম্পন্ন আৰু ধৰ্ম নিৰপেক্ষ লোকসকলে এয়া সম্প্ৰীতিৰ এনাজৰী বুলি আখ্যা দি প্ৰশংসা কৰা দেখা গৈছে।