ল’কডাউনৰ মাজতে সুৰাপায়ীৰ বাবে সাময়িক সকাহ; খুলিব ৱাইন শ্বপ
যোৱা ২৪ মাৰ্চৰ পৰা দেশজুৰি চলি থকা ল’কডাউনৰ বাবে মদৰ প্ৰচলন সম্পূৰ্ণৰূপে বন্ধ হৈ থকাৰ মাজতে কাইলৈৰ পৰা চুবুৰীয়া ৰাজ্য মেঘালয় চৰকাৰে এই নিয়ম কিছু শিথিল কৰি দিয়াৰ সিদ্ধান্ত লৈছে।
ৰাজ্যখনত কাইলৈ অৰ্থাৎ ১৩ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ খোলা থাকিব সুৰাৰ বিপনীসমূহ। পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈকে বিপনীসমূহ খোলা ৰখা হ’ব। ৰাজ্যখনৰ আবকাৰী আয়ুক্তই এক জাননী যোগে এই কথা সদৰী কৰে।
অৱশ্যে সুৰা কিনিবলৈ অহা গ্ৰাহকে মানি চলিব লাগিব সামাজিক দূৰত্ব। কোনো গ্ৰাহকে জুম বান্ধিব নোৱাৰিব সুৰাৰ বিপনীৰ সন্মুখত। সকলোৱেই ১ মিটাৰ দূৰত্ব অৱলম্বন কৰিব লাগিব।
মানুহৰ জুম বান্ধিলে সুৰা বিপনীৰ দোকানীয়ে গ্ৰাহকক এলেকাটোত থকা অন্য ৱাইন শ্বপলৈ পঠিয়াই দিব লাগিব।
সুৰা বিপনীৰ দোকানীয়ে গ্ৰাহকক সুৰা ক্ৰয়ৰ পূৰ্বে চেনিটাইজাৰ যোগান ধৰিব লাগিব।
এখন ঘৰৰ এজন সদস্যকহে সুৰা ক্ৰয়ৰ বাবে যাবলৈ নিৰ্দেশ দিয়া হৈছে।