যোৱা ২৪ মাৰ্চৰ পৰা একেৰাহে চলি থকা ল’কডাউনৰ ফলত বহু লোক ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থাকিবলগীয়া হৈছে। বহু লোক নিজৰ ঘৰখনলৈ যাব পৰা নাই। সেইসকল লোকৰ বাবে কিছু পৰিমাণে সকাহ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে।
কিছু নীতি নিৰ্দেশনা মানি চলি ৰাজ্যৰ ভিতৰত আবদ্ধ হৈ থকা লোকসকল গৃহলৈ তিনিটা দিনৰ ভিতৰত ওভটি যাব পাৰিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি মানৱীয়কাৰ খাতিৰত আবদ্ধ হৈ থকা লোকসকলক অহা ২৫, ২৬ আৰু ২৭ এপ্ৰিলত ঘৰলৈ ঘূৰি যাবলৈ অনুমতি প্ৰদান কৰা হ’ব।
‘এইটো কেৱল গৃহ অভিমুখী হ’ব। কোনোবা যদি কাৰ্য্যালয়ত কাম কৰে তেন্তে কাৰ্য্যালয় অভিমুখী হ’ব পাৰিব।‘ মন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয়।
তাৰ বাবে কেইটামান নিয়ম পালন কৰি লাগিব আবদ্ধ হৈ থকা লোকসকলে। মন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰা সেই নিয়মসমূহ তলত অ-সম্পাদিত ৰূপত প্ৰকাশ কৰা হ’ল।
- প্ৰথম পৰ্য্যায়ত ৰোগীসকলৰ ক্ষেত্ৰত ৰাতিপুৱা তেওঁলোক ঘৰৰ পৰা ওলাই আহিব মেডিকেল কলেজত দেখুৱাবলৈ। আৰু আবেলি তেওঁলোক ঘূৰি যাব। সেই পৰ্য্যায়ৰ অনুমতি পত্ৰ জিলা উপায়ুক্তসকলে ইচ্ছু কৰিব। এইসকলৰ বাবে এই নিয়ম তিনিদিন বুলি কথা নাই। লকডাউন শেষ নোহোৱা পৰ্য্যন্ত চলি থাকিব। তেওঁলোকে জিলা উপায়ুক্তৰ পৰা অনুমতি ল’ব লাগিব। ৰোগী অবিনতে এই অনুমতি পত্ৰ লৈ ভ্ৰমণ কৰিলে হ’ব শাস্তিমূলক ব্যৱস্থা।
- দ্বিতীয় পৰ্য্যায়ত তিনিটা দিনত নিজৰ বাহনৰে ঘৰলৈ ওভটি যাব পাৰিব। কিন্তু তেওঁলোকেও জিলা উপায়ুক্তৰ অগ্ৰিম অনুমতি ল’ব লাগিব। গাড়ীৰ পঞ্জীয়ন আৰু গ্ৰাউণ্ডক লৈ সুখী নহ’লে উপায়ুক্ত সকলে অনুমতি নিদিবও পাৰে।
- তৃতীয় পৰ্য্যায়ত কাম কৰা শ্ৰমিক সকলক কোনো কোম্পানী বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিক বা ঠিকাদাৰে এখন জিলাৰ পৰা আন এখন জিলালৈ নিব পাৰিব। কিন্তু ডাঙৰ বাহনৰ এখন গাড়ীত ২৫ জনতকৈ অধিক লোক যাব নোৱাৰিব। তেওঁলোকেও জিলা উপায়ুক্তৰ পৰা অনুমতি ল’ব লাগিব। এবাৰৰ বাবে এই অনুমতি ল’ব পাৰিব।
- অন্তিম পৰ্য্যায়ত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাহনৰে যাব পাৰিব। যিসকলে এএছটিছি বাছৰে নিজৰ গৃহলৈ যাব বিচাৰে তেওঁলোকে এতিয়াৰে পৰা ১০৪ নম্বৰত ফোন কৰিব পাৰিব। সকলোৱে এই সুবিধা নাপাব কিয়নো এএছটিছিৰ ইমান বাহনো নাই। কিন্তু যিমান সম্ভৱ ঘৰলৈ পঠিওৱাৰ যত্ন কৰা হ’ব। ছাত্ৰ, মহিলা, বয়োজ্যেষ্ঠ লোকক অগ্ৰাধিকাৰ পাব।
আজি সন্ধিয়া ৮ বজাত মন্ত্ৰীগৰাকীয়ে ভিডিঅ’ কন্ফাৰেন্সৰ জৰিয়তে ৩৩ খন জিলাৰ জিলা উপায়ুক্তৰে এই সন্দৰ্ভত বিষদভাৱে কথা পাতিব বুলি তেওঁ উল্লেখ কৰে।