NORTHEAST NOW (Assamese)

ইউক্ৰেইন আক্ৰমণৰ দ্বাৰা উৎসাহিত হৈ টাইৱানত আক্ৰমণ চলাব চীনে: ডোনাল্ড ট্ৰাম্প

March 3, 2022 6:38 pm · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কয় যে ইয়াৰ পৰৱৰ্তী যুদ্ধখন হ’ব টাইৱানত। দেশখনত চীনে আক্ৰমণ চলাব। কিন্তু সেই যুদ্ধ আমেৰিকাৰ বৰ্তমান ৰাষ্ট্ৰপতি জো বিডেনে ৰখাব নোৱাৰিব।

বুধবাৰে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত এইদৰে দাবী কৰে ট্ৰাম্পে। মঙলবাৰেও আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে এটা ৰেডিঅ’ত দিয়া সাক্ষাৎকাৰত একেধৰণে মন্তব্য কৰিছিল।

বাতৰি অনুসৰি, ট্ৰাম্পে দাবী কৰে যে বৰ্তমান বিডেন প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ইউক্ৰেইনত সেনা অভিযান চলাইছে। তেওঁ ক্ষমতাত থাকিলে এনে যুদ্ধ আৰম্ভ হ’ব নিদিলেহেঁতেন।

লগতে পঢ়ক: যুদ্ধৰ আঁৰৰ খবৰ: ৰাছিয়াৰ প্ৰতিপক্ষক বিধ্বস্ত কৰি ইউক্ৰেইনৰ টেনিছ সুন্দৰীৰ প্ৰতিশোধ!

ট্ৰাম্পে লগতে কয় যে পুটিনৰ পৰা অনুপ্ৰেৰণা লাভ কৰি জিনপিঙে টাইৱানত আক্ৰমণ চলাব। আমেৰিকাৰ বৰ্তমান প্ৰশাসনে সেয়া ৰখাব নোৱাৰিব।

তেওঁ কয় যে জিনপিঙে এতিয়া ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ পৰা আমোদ লৈছে। মই নিশ্চিত, এইবোৰ দেখি চীনে টাইৱানত তেওঁলোকৰ আক্ৰমণৰ পৰিকল্পনা চূড়ান্ত কৰি তুলিছে। ইউক্ৰেইনত পুটিন সফল হ’লেই চীনে টাইৱানত আক্ৰমণ চলাব। তেতিয়াও বিডেনে একেদৰে হাত সাৱটি বহি থাকিব।

ডোনাল্ড ট্ৰাম্পে দাবী কৰে যে তেওঁ যদি আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থাকিলেহেঁতেন, তেনেহ’লে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই নহ’লহেঁতেন। ট্ৰাম্পৰ যুক্তি হ’ল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে তেওঁৰ সৈতে কেতিয়াও এনেকুৱা কৰিব নোৱাৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰাছিয়াৰ সৈতে ডোনাল্ড ট্ৰাম্পৰ বন্ধুত্বকলৈ আমেৰিকাৰ ৰাজনৈতিক মহলত ব্যাপক সমালোচনা হৈছিল।        

Related News