পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে

Putin says the threat of nuclear war is rising পাৰমাণৱিক যুদ্ধৰ আশংকা বাঢ়ি আহিছে। ভ্লাদিমিৰ পুটিনে নিজেই এই কথা সদৰী কৰিছে। অৱশ্যে, পুটিনে লগতে কয় যে পাৰমাণৱিক যুদ্ধৰ আশংকা বৃদ্ধি পাইছে যদিও পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰ কোনো সময়তে বাঞ্ছনীয় নহয়। এই বিষয়ে কোনো পক্ষৰে কোনো দ্বিধা থাকিব নালাগে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ৰাছিয়াৰ মানৱ অধিকাৰ সংগঠনসমূহৰ সৈতে এক বৈঠকত এইকথা কৈছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কৈছে যে ৰাছিয়াই কেতিয়াও আগবাঢ়ি গৈ পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ নকৰে। তেওঁ কয় যে কেবল ৰাছিয়াৰ ওপৰত আক্ৰমণ কৰিলেহে এনে অস্ত্ৰ ব্যৱহাৰ কৰা হ’ব।

লগতে পঢ়ক: মহাভিযোগত অপসাৰিত ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলো; পেৰুৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হ’ল দিনা বোলুয়াৰ্ট

বৈঠকত আমেৰিকা যুক্তৰাষ্ট্ৰক সমালোচনা কৰি পুটিনে কয়, “আমাৰ আন কোনো দেশত পাৰমাণৱিক অস্ত্ৰ মোতায়েন কৰা নাই। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰই তুৰস্ককে ধৰি কেইবাখনো ইউৰোপীয় দেশত এনে অস্ত্ৰ-শস্ত্ৰ মোতায়েন কৰি ৰাখিছে।‘’

পুটিনে লগতে কয় যে ইউক্ৰেইনৰ যুদ্ধ দীৰ্ঘম্যাদী হ’ব পাৰে, কিন্তু ইয়াৰ মাজতে ৰাছিয়াই এই যুদ্ধত গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে। সূত্ৰ অনুসৰি, তেওঁ এই সফলতাৰ দ্বাৰা ইউক্ৰেইনৰ চাৰিটা অঞ্চলক ৰাছিয়ান ফেডাৰেচনত অন্তৰ্ভুক্ত কৰাৰ কথা বুজাইছে। চাৰিটা অঞ্চল হৈছে ডনেটস্ক, লুহানস্ক, খেৰচন, জাপোৰিজজিয়া।

পুটিনে লগতে কয় যে আজভ সাগৰ ৰাছিয়াৰ সৈতে এই অঞ্চলবোৰক সংযোগ কৰি ৰাছিয়াৰ “আভ্যন্তৰীণ সাগৰ” হৈ পৰিছে। আজভ সাগৰে দক্ষিণ-পূব ইউক্ৰেইন আৰু দক্ষিণ-পশ্চিম ৰাছিয়াৰ সৈতে সীমান্ত ভাগ কৰে।

লগতে পঢ়ক: সলনি হোৱা নাই তালিবান! আফগানিস্তানত পুনৰ ৰাজহুৱাভাৱে দিয়া হ’ল মৃত্যুদণ্ড

ইপিনে, জাৰ্মানীৰ চেন্সেলৰে বিশ্বাস কৰে যে মস্কোৰ ওপৰত নিৰন্তৰ আন্তঃৰাষ্ট্ৰীয় চাপৰ বাবে ইউক্ৰেইন যুদ্ধত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ বিপদ যথেষ্ট হ্ৰাস পাইছে। জাৰ্মান সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে বৰ্তমান সময়ৰ বাবে এটা কথা সলনি হৈছে, অন্তত: ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ ভাবুকি বন্ধ কৰিছে।