• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঠিক যেন শচীনৰ দৰেই…: গিলৰ প্ৰশংসাত পঞ্চমুখ পাক কিংবদন্তি আক্ৰাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2023 3:55 pm
akram on gill
256
VIEWS
Share on FacebookShare on Twitter

ক্ৰিকেট জগতত এগৰাকী বেটাৰৰ বাবে এগৰাকী বলাৰৰ পৰা প্ৰশংসা লাভ স্বাভাৱিকতেই এক বৃহৎ প্ৰাপ্তি। বিশেষকৈ সেই বলাৰগৰাকী যদি ক্ৰিকেট ইতিহাসৰে সৰ্বশ্ৰেষ্ঠ বলাৰসকলৰ অন্যতম পাক কিংবদন্তি ৱাছিম আক্ৰাম হয়, তেতিয়া সেই প্ৰাপ্তিয়ে সোণত সুৱগা চৰায়। ভাৰতীয় ক্ৰিকেটৰ নৱ যুৱৰাজ শুবমন গিলে শেহতীয়াকৈ বুটলিছে আক্ৰামৰ প্ৰশংসা।

আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট তথা ভাৰতৰ ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত গিলে দাঙি ধৰা ধাৰাবাহিক প্ৰদৰ্শনক লৈ ইতিমধ্যেই ক্ৰিকেট বিশ্বত গিলৰ তুলনা হ’বলৈ ধৰিছে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰ আৰু সাম্প্ৰতিক সময়ৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ বিৰাট কোহলীৰ সৈতে।

এনে চৰ্চাৰ মাজতে কিংবদন্তি ৱাছিম আক্ৰাম শুবমন গিলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত চালুকীয়া অৱস্থাতে গিলক অৱশ্যে শচীন-কোহলীৰ সৈতে তুলনাত একাংশই আপত্তি দৰ্শালেও আক্ৰামৰ দৃষ্টিত ভাৰতৰ নৱোদিত তাৰকা গিলৰ ক্ৰিকেটীয় প্ৰদৰ্শনত ধৰা পৰিছে শচীনৰ সাদৃশ্য।

শচীন তেণ্ডুলকাৰৰ ক্ৰিকেট কেৰিয়াৰৰ প্ৰাৰম্ভিক সময়ছোৱাতে ক্ৰিকেট জগতত খ্যাতি অৰ্জন কৰা আক্ৰামে শচীনৰ মাজত দেখিছিল বিশ্ব ক্ৰিকেটৰ নতুন মহাতাৰকাৰ লক্ষণ। আৰু আক্ৰামৰ এই পুৰ্বানুমান সঁচা প্ৰমাণিত কৰি জিলিকি উঠিছিল শচীন তেণ্ডুলকাৰ, হৈ পৰিছিল ‘ক্ৰিকেটৰ ভগৱান’।

স্প’ৰ্টছকিডাৰ সৈতে এক সাক্ষাৎকাৰত আক্ৰামে শচীনৰ সমুখত বলিং কৰাৰ সময়ক সুঁৱৰি কয় যে বৰ্তমান গিলৰ সমুখত বলিং কৰি থকা বলাৰসকলে যি অনুভৱ কৰিছে, তেওঁৰ কেৰিয়াৰৰ সক্ৰিয় সময়ছোৱাত তেণ্ডুলকাৰৰ সমুখত বলিং কৰাৰ সময়ত একেধৰণৰ অনুভৱেই লাভ কৰিছিল আক্ৰামে।

কিংবদন্তি পাকিস্তানী ক্ৰিকেটাৰগৰাকীয়ে লগতে কয় যে গিলৰ দৰে খেলুৱৈক বলিং কৰাৰ সময়ত, সেয়া আনকি টি-২০ ফৰ্মেট হ’লেও তেওঁ এদিনীয়া ক্ৰিকেটত প্ৰথম ১০ অভাৰত শচীন তেণ্ডুলকাৰক বলিং কৰাৰ দৰেই অনুভৱ কৰিব।

আক্ৰামে লগতে সাক্ষাৎকাৰটোত কয় যে তেওঁ শ্ৰীলংকান তাৰকাদ্বয় জয়সূৰ্য বা কালুৱিথাৰাণক বলিং কৰাৰ সময়ত তেওঁলোকৰ উইকেট দখলৰ সুযোগ লাভ কৰিব বুলি আশা কৰিব পাৰিছিল।

দুয়োগৰাকী বেটাৰে প্ৰতিটো বলত মূলত প্ৰহাৰ কৰাৰ চেষ্টা কৰাৰ বাবে সেই আশা থাকে বুলি উল্লেখ কৰি আক্ৰামে শচীন আৰু গিলৰ দৰে খেলুৱৈয়ে সঠিক ক্ৰিকেটীয় শ্বটহে খেলে বুলি মন্তব্য কৰে।

গিলৰ প্ৰসঙ্গত মন্তব্য কৰি আক্ৰামে কয়, “মই ভাবো গিল তেনে পৰ্যায়ৰ খেলুৱৈ, যি ক্ৰিকেটৰ প্ৰতিটো ফৰ্মেটতে ধাৰাবাহিকভাৱে ৰান সংগ্ৰহ কৰিব পাৰে।” লগতে অনাগত সময়ত গিল কেৱল ভাৰতীয় ক্ৰিকেটৰে ছুপাৰষ্টাৰ নহয়, বৰঞ্চ সমগ্ৰ বিশ্বৰে ক্ৰিকেটীয় পৰিসংখ্যাৰ তালিকাত গিলে শাসন কৰিব বুলি ভৱিষ্যতবাণী কৰে আক্ৰামে।

উল্লেখ্য যে, শেহতীয়াকৈ সমাপ্ত হোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছিল গিল। গিলৰ এই প্ৰদৰ্শনৰ ধাৰাবাহিকতা ভাৰতীয় ক্ৰিকেটপ্ৰেমীয়ে অহা ৭ জুনৰ পৰা আৰম্ভ হ’বলগীয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো আশা কৰিছে।

দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে গিলে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতৰ ইনিংছ আৰম্ভ কৰাতো প্ৰায় নিশ্চিত। অভেলৰ বাউঞ্চী উইকেটত গিলৰ প্ৰদৰ্শন লক্ষণীয় হ’ব। অৱশ্যে ফাইনেলৰ পূৰ্বে কিংবদন্তি বলাৰ আক্ৰামৰ প্ৰশংসাই স্বাভাৱিকতেই মনোবল বৃদ্ধি কৰিব নৱোদিত তাৰকাগৰাকীৰ।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd