• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মান চৰকাৰেৰে সংঘাত : বাজেট অধিৱেশন আহ্বান কৰিবলৈ বাধ্য হ’ল ৰাজ্যপাল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2023 8:01 pm
162
VIEWS
Share on FacebookShare on Twitter

পাঞ্জাৱত আম আদমি পাৰ্টি চৰকাৰৰ সৈতে চলি থকা সংঘাতৰ মাজতে পঞ্জাৱৰ ৰাজ্যপাল বানৱৰীলাল পুৰোহিতে ৩ মাৰ্চত বিধানসভাৰ বাজেট অধিৱেশন আহ্বান কৰিবলৈ বাধ্য হৈছে। সোমবাৰে ৰাজ্যপালৰ অধিবক্তাই উচ্চ ন্যায়ালয়ক এই তথ্য প্ৰদান কৰে।

৩ মাৰ্চত বাজেট অধিৱেশন আহ্বান কৰিবলৈ ৰাজ্যপালগৰাকীয়ে ‘অস্বীকাৰ’ কৰাৰ অভিযোগৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰিছিল শীৰ্ষ আদালতে। ন্যায়ালয়ে কয় যে পাঞ্জাৱ চৰকাৰে ৰাজ্যপালে বিচৰা তথ্য প্ৰদান কৰিবলৈ বাধ্য আৰু একেদৰে বিধানসভাৰ অধিৱেশন আহ্বান কৰাৰ সন্দৰ্ভত কেবিনেটৰ পৰামৰ্শ গ্ৰহণ কৰাটো ৰাজ্যপালৰ কৰ্তব্য।

ৰাজ্যপালৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুডৰ নেতৃত্বত চলা বিচাৰপীঠত কয় যে বিধানসভাৰ অধিৱেশন আহ্বান কৰাৰ বাবে ৰাজ্যপালৰ সিদ্ধান্তৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জাৱ চৰকাৰে দাখিল কৰা আবেদনৰ কোনো যুক্তি নাই।  

মেহতাই কয়, “হয়তো সমস্যা শেষ হৈ গ’ল। মাননীয় ৰাজ্যপালে এই পত্ৰ প্ৰেৰণ কৰিছে।” বিধানসভাৰ বাজেট অধিৱেশন আহ্বান কৰিবলৈ পুৰোহিতে কোনো খৰখেদা নকৰাৰ ইংগিত দিয়াৰ পাছত যোৱা সপ্তাহত পঞ্জাৱৰ ৰাজ্যপাল বানৱৰীলাল পুৰোহিত আৰু মুখ্যমন্ত্রী ভগৱন্ত মানৰ মাজত সংঘাত গভীৰ হৈ পৰে৷

ৰাজ্যপালগৰাকীয়ে ৰাজভৱনৰ এখন পত্ৰৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে দিয়া ‘অসন্মানজনক’ সঁহাৰিৰ কথাও সোঁৱৰাই দিয়ে। ১৩ ফেব্ৰুৱাৰীৰ সেই পত্ৰখনত ৰাজ্যপালে মানক শেহতীয়াকৈ ছিংগাপুৰত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ আলোচনা চক্ৰৰ বাবে চৰকাৰী বিদ্যালয়ৰ ৩৬ জন প্ৰধান শিক্ষক নিৰ্বাচনৰ প্ৰক্ৰিয়াটো বুজাবলৈ কয়। লগতে তেওঁ পত্ৰখনত আন কেইবাটাও বিষয় উত্থাপন কৰে।

উল্লেখ্য যে পঞ্জাৱৰ কেবিনেটে ৩ মাৰ্চত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈ ৰাজ্যপালক সদনৰ বৈঠক আহ্বান কৰিবলৈ অনুৰোধ জনাইছিল।

Recent News

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd