NORTHEAST NOW (Assamese)

মান চৰকাৰেৰে সংঘাত : বাজেট অধিৱেশন আহ্বান কৰিবলৈ বাধ্য হ’ল ৰাজ্যপাল

February 28, 2023 8:01 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 28, 2023 7:54 pm

পাঞ্জাৱত আম আদমি পাৰ্টি চৰকাৰৰ সৈতে চলি থকা সংঘাতৰ মাজতে পঞ্জাৱৰ ৰাজ্যপাল বানৱৰীলাল পুৰোহিতে ৩ মাৰ্চত বিধানসভাৰ বাজেট অধিৱেশন আহ্বান কৰিবলৈ বাধ্য হৈছে। সোমবাৰে ৰাজ্যপালৰ অধিবক্তাই উচ্চ ন্যায়ালয়ক এই তথ্য প্ৰদান কৰে।

৩ মাৰ্চত বাজেট অধিৱেশন আহ্বান কৰিবলৈ ৰাজ্যপালগৰাকীয়ে ‘অস্বীকাৰ’ কৰাৰ অভিযোগৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰিছিল শীৰ্ষ আদালতে। ন্যায়ালয়ে কয় যে পাঞ্জাৱ চৰকাৰে ৰাজ্যপালে বিচৰা তথ্য প্ৰদান কৰিবলৈ বাধ্য আৰু একেদৰে বিধানসভাৰ অধিৱেশন আহ্বান কৰাৰ সন্দৰ্ভত কেবিনেটৰ পৰামৰ্শ গ্ৰহণ কৰাটো ৰাজ্যপালৰ কৰ্তব্য।

ৰাজ্যপালৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুডৰ নেতৃত্বত চলা বিচাৰপীঠত কয় যে বিধানসভাৰ অধিৱেশন আহ্বান কৰাৰ বাবে ৰাজ্যপালৰ সিদ্ধান্তৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জাৱ চৰকাৰে দাখিল কৰা আবেদনৰ কোনো যুক্তি নাই।  

মেহতাই কয়, “হয়তো সমস্যা শেষ হৈ গ’ল। মাননীয় ৰাজ্যপালে এই পত্ৰ প্ৰেৰণ কৰিছে।” বিধানসভাৰ বাজেট অধিৱেশন আহ্বান কৰিবলৈ পুৰোহিতে কোনো খৰখেদা নকৰাৰ ইংগিত দিয়াৰ পাছত যোৱা সপ্তাহত পঞ্জাৱৰ ৰাজ্যপাল বানৱৰীলাল পুৰোহিত আৰু মুখ্যমন্ত্রী ভগৱন্ত মানৰ মাজত সংঘাত গভীৰ হৈ পৰে৷

ৰাজ্যপালগৰাকীয়ে ৰাজভৱনৰ এখন পত্ৰৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে দিয়া ‘অসন্মানজনক’ সঁহাৰিৰ কথাও সোঁৱৰাই দিয়ে। ১৩ ফেব্ৰুৱাৰীৰ সেই পত্ৰখনত ৰাজ্যপালে মানক শেহতীয়াকৈ ছিংগাপুৰত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ আলোচনা চক্ৰৰ বাবে চৰকাৰী বিদ্যালয়ৰ ৩৬ জন প্ৰধান শিক্ষক নিৰ্বাচনৰ প্ৰক্ৰিয়াটো বুজাবলৈ কয়। লগতে তেওঁ পত্ৰখনত আন কেইবাটাও বিষয় উত্থাপন কৰে।

উল্লেখ্য যে পঞ্জাৱৰ কেবিনেটে ৩ মাৰ্চত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈ ৰাজ্যপালক সদনৰ বৈঠক আহ্বান কৰিবলৈ অনুৰোধ জনাইছিল।

Related News