কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ আজি জন্মদিন। ৫৫ বছৰত ভৰি দিয়া শ্বাহৰ জন্ম ১৯৬৪ চনৰ ২২ অক্টোবৰত মুম্বাইস্থিত এটা গুজৰাটী পৰিয়ালত হৈছিল।
তেওঁৰ পিতৃৰ নাম অনিলচন্দ্ৰ শ্বাহ আৰু মাতৃৰ নাম আছিল কুছুমবেন। অমিত শ্বাহে স্কুলীয়া জীৱন নিজ গাঁও মানছাতে আৰম্ভ কৰে যদিও পাছলৈ আহমেদাবাদতে শিক্ষা সাং কৰে। তেওঁ বায়’ কেমেষ্ট্ৰিৰ স্নাতক ডিগ্ৰীধাৰী।
শিক্ষা শেষ কৰি তেওঁ ঘৰুৱা ব্যৱসায়ত মনোনিৱেশ কৰে আৰু এজন সফল ব্যৱসায়ী হিচাপে পৰিচয় লাভ কৰে। ইয়াৰ পৰাই তেওঁ ৰাজনীতিত খোজ দিয়ে আৰু এটাকৈ এটাকৈ সফলতা লাভ কৰি যায়।
বৰ্তমান প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ যুটী ৰাজনীতিত সৰ্বাধিক শক্তিশালী যুটী হিচাপে জনপ্ৰিয়।
উল্লেখ্য যে উদ্যোগিক পৰিয়ালৰ পৰা অহা অমিত শ্বাহে সহজতে ৰাজনীতিত নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা নাছিল। ৮০ দশকতে তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগ দিয়ে। ইয়াৰ পিছত তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত যোগ দিয়ে আৰু ১৯৮২ চনত তেওঁ গুজৰাট এ বি ভি পিৰ যুটীয়া সচিবৰ দায়িত্ব গ্ৰহণ কৰে।
কোৱা হয় যে অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে একেলগে ৰাজনীতিত প্ৰৱেশ কৰিছিল। আহমেদাবাদত অনুষ্ঠিত হোৱা আৰ এছ এছৰ এখন বৈঠকতে প্ৰথমবাৰৰ বাবে দুয়োৰে চিনাকি হৈছিল। উক্ত বৈঠকত হোৱা চিনাকি পাছলৈ বন্ধুত্বলৈ পৰিগণিত হ’ল।
অমিত শ্বাহে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে ১৯৮৭ চনত। প্ৰথমে তেওঁ ভাৰতীয় জনতা যুৱ মৰ্চাত ভৰ্তি হৈ পাছলৈ অৰ্থাৎ ১৯৯৭ চনত ভাৰতীয় জনতা যুৱ মৰ্চাৰ কোষাধ্যক্ষ পদত অধিষ্ঠিত হয়। ইয়াৰ উপৰি তে্ওঁ ১৯৮৯ চনত আহমেদাবাদ চহৰৰ বিজেপিৰ সচিব হিচাপেও দায়িত্ব গ্ৰহণ কৰে।
ইণ্ডিয়ান এক্সপ্ৰেছৰ মতে, অমিত শ্বাহে ৯০ দশকতে নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধান মন্ত্ৰী হ’ব বুলি ভৱিষ্যৎবাণী কৰি থৈছিল। ১৯৯০ চনত অনুষ্ঠিত হোৱা এটা নিৰ্বাচনৰ সময়ত শ্বাহ আৰু মোদী আহমেদাবাদ ষ্টেশ্যনৰ ওচৰৰ এখন ৰেষ্টুৰেণ্টত বহি আছিল। তেতিয়াই শ্বাহে কৈছিল- ‘নৰেন্দ্ৰ ভাই আপুনি প্ৰধান মন্ত্ৰী হ’বলৈ সাজু থাকক’।
উল্লেখ্য যে ১৯৯১ চনত প্ৰথমবাৰৰ বাবে লালকৃষ্ণ আদৱানীৰ প্ৰচাৰৰ সকলো দায়িত্ব লয় অমিত শ্বাহে। ১৯৯১ আৰু ১৯৯৬ চনৰ নিৰ্বাচনত অমিত শ্বাহৰ কাৰ্যক্ষম দেখি সকলোৱে তেওঁৰ সৈতে সু সম্পৰ্ক বজাই ৰখাৰ চেষ্টা কৰিলে।
উল্লেখ্য যে কৰ্মকৰ্তা সকলৰ সৈতে ভাল সম্পৰ্ক থকা বাবেই এই পৰ্যন্ত অমিত শ্বাহে এবাৰো নিৰ্বাচনত পৰাজয় বৰণ কৰা নাই। তেওঁ ছৰখেজ বিধান সভা সমষ্টিৰ পৰা একেৰাহে ১৯৯৭, ১৯৯৮, ২০০২ আৰু ২০০৭ চনত জয়ী হয়। ইয়াৰ পাছত তেওঁ ২০১২ত নাৰণপুৰাৰ পৰা জয়ী হয়।
ইফালে প্ৰথমবাৰৰ বাবে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত গান্ধীনগৰৰ পৰা প্ৰতিদ্বণ্দ্বীতা আগবঢ়োৱা অমিত শ্বাহে বিশাল ব্যৱধানত জয়ী হয়।
অমিত শ্বাহক ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মহাসচিবৰ দায়িত্ব প্ৰদান কৰি উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ দায়িত্ব প্ৰদান কৰিছিল। তেওঁৰ নেতৃত্বতে বিজেপিয়ে উত্তৰ প্ৰদেশৰ পৰা ৮০খন আসনৰ ৭১খন আসনেই দখল কৰিবলৈ সক্ষম হৈছিল।
দক্ষ ৰাজনীতিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ ইতিমধ্যে সক্ষম হোৱা শ্বাহক ২০১৪ চনৰ জুলাই মাহত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে দায়িত্ব প্ৰদান কৰে। ২০১৬ চনৰ ২৪ জানুৱাৰিত তেওঁক দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰীয় অধ্যক্ষৰ দায়িত্ব দিয়া হয়।
২০১৯ লোকসভা নিৰ্বাচনৰ পাছত তেওঁক মোদীয়ে দেশৰ গৃহ মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰে।