• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০১৯ চনৰ নিৰ্বাচনত ক্ষমতালৈ আহিলে অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিব বিজেপিয়ে : অমিত শ্বাহ

বিশেষ সংবাদদাতা by বিশেষ সংবাদদাতা
December 24, 2018 3:00 pm
We will provide Hindi training classes for people of NE, Says Amit Shah

অমিত শ্বাহৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৩ ডিচেম্বৰ দেওবাৰে বিজেপিৰ বুথ পৰ্যায়ৰ কৰ্মীসকলৰ এখন সভাত ভাষণ দি দলীয় সভাপতি অমিত শ্বাহে উদাত্ত কণ্ঠেৰে ঘোষণা কৰিছে,  ‘‘কোহিমাৰ পৰা কচ্চ আৰু কাশ্মীৰৰ পৰা কন্যাকুমাৰী পৰ্যন্ত সমস্ত অনুপ্ৰৱেশকাৰীকেই বিতাড়িত কৰা হ’ব।ভাৰতত এনআৰচিৰ পৰা বাদ পৰা সকলৰ বাবে কোনো স্থান নাই।’’

শ্বাহে ইংগিত দিছে যে যদিহে বিজেপিয়ে ২০১৯ চনত পুনৰ ক্ষমতালৈ আহে, তেন্তে তেওঁলোকে সমগ্ৰ দেশ ব্যাপি অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্তকৰণৰ এটা অভিযান আৰম্ভ কৰিব।

বিজেপিৰ সভাপতিগৰাকীয়ে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু কয় যে গান্ধীয়ে এনআৰচিৰ পৰা বাদ পৰা সকলক ৰক্ষণাৱেক্ষণ দিব বিচাৰিছে।

কংগ্ৰেছক পোনপটীয়াভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈ শ্বাহে কৈছে, ‘‘ৰাহুল বাবা আৰু তেওঁৰ সাংগোপাংগোসকলে এনআৰচিৰ পৰা বাদ পৰা সকলক লৈ ইমান উদ্বিগ্ন হৈ পৰিছে কিয়? এই লোকসকল ক’ত থাকিব সেই সন্দৰ্ভত তেওঁৰ ইমান চিন্তা কিহৰ? তেওঁ স্পষ্টকৈ কয় যে এনআৰচিৰ পৰা বাদ পৰা সকল বিজেপিৰ ভোটবেংক নাছিল।

উল্লেখ্য যে অমিত শ্বাহে এনআৰচিৰ পৰা বাদ পৰা সকলকে ধৰি সকলো অবৈধ নাগৰিককেই বিতাড়িত কৰিব বুলি হুমকি দিয়াটোৱে অসমত বাস কৰা হিন্দু বাংলাদেশীসকলক হতচকিত কৰি তুলিছে। নাগৰিক অধিকাৰ ৰক্ষাৰ স্বাৰ্থত তেওঁলোকে বিজেপিৰ ওপৰত বিশ্বাস ৰাখিছিল। এনআৰচিৰ পৰা বাদ পৰা বাঙালী মূলৰ মুছলিমসকলৰ তুলনাত হিন্দুসকলৰ সংখ্যা অধিক বুলি কোৱা হৈছে।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জানে যে ইয়ে বিজেপি দলক বাঙালী হিন্দুসকলৰ মাজত জনপ্ৰিয়তা হেৰুৱাব পাৰে আৰু সেয়েহে বিজেপিৰ দিল্লীস্থিত প্ৰধান কাৰ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত এখন সংবাদমেলত সাংবাদিকে এনআৰচি সম্পৰ্কে সোধা প্ৰশ্ন তেওঁ এৰাই গৈছে।

কিন্তু শ্বাহে এই ক্ষেত্ৰত বিশেষ চিন্তা কৰা পৰিলক্ষিত হোৱা নাই। কাৰণ, তেওঁ অতি কৌশলপূৰ্ণভাৱে আন আন কাৰকসমূহক উত্তেজিত নকৰাকৈ সমগ্ৰ ভাৰততে হিন্দুৰ সমৰ্থন শক্তিশালী কৰাৰ বাবে অনুপ্ৰৱেশ বিষয়টোক ব্যৱহাৰ কৰিব বিচাৰিছে।

পশ্চিমবংগৰ শাসনাধিষ্ঠ তৃণমূল চৰকাৰে অমিত শ্বাহৰ মন্তব্যক বাঙালী বিৰোধী বুলি কৈছে। তৃণমূল কংগ্ৰেছৰ সাংসদ কাকলি ঘোষ দস্তিদাৰে কৈছে যে অসমৰ এনআৰচিৰ পৰা মুছলিমতকৈ অধিক হিন্দু বাঙালীহে বিতাড়িত হৈছে আৰু বিজেপিয়ে তেওঁলোকক নাগৰিকত্ব দিব বুলি প্ৰতিশ্ৰুতি দি এতিয়া তেওঁলোকক অনুপ্ৰৱেশকাৰী হিচাপে আখ্যায়িত কৰিছে।তেওঁ কৈছে যে তেওঁৰ দল এনআৰচিৰ পৰা বাদ পৰা সকলক নাগৰিকত্ব প্ৰদানৰ পক্ষত আছে।

বিশেষ সংবাদদাতা

বিশেষ সংবাদদাতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd