NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ ভেকচিন প্ৰদান কৰা হ’লেই ‘কা’ৰ মাধ্যমেৰে নাগৰিকত্ব প্ৰদান কৰা হ’ব; অমিত শ্বাহৰ ঘোষণা

February 11, 2021 7:38 pm · এন ই নাও নিউজ
অমিত শ্বাহ। ফাইল ফটো।

ক’ৰ’না ভাইৰাছৰ ভেকচিন প্ৰদান কৰা হ’লেই নাগৰিকত্ব সংশোধনী আইনৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰা হ’ব বুলি পুনৰ ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।

আজি পশ্চিমবংগৰ থাকুৰনগৰত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পুনৰ এইদৰে ঘোষণা কৰে।

‘‘আমি নাগৰিকত্ব সংশোধনী আইন আনিছো আৰু মই সকলোকে প্ৰতিশ্ৰুতি দিছো যে ক’ৰ’না ভাইৰাছৰ ভেকচিন প্ৰদান কাৰ্য্যসূচী সমাপ্ত হ’লেই সকলোকে নাগৰিকত্ব দিয়া হ’ব,’’ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ ঘোষণা।

ভাষণত অমিত শ্বাহে নাগৰিকত্ব সংশোধনী আইনত কোনো মুছলমান লোকৰ নাগৰিকত্ব কাঢ়ি লোৱাৰ বিষয়ে একো উল্লেখ নাই বুলিও স্পষ্ট কৰি দিয়ে।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত অসমত পাঁচগৰাকী যুৱকে আৰক্ষীৰ গুলিত শ্বহীদ হ’বলগীয়া হৈছিল।

অসমৰ এই শ্বহীদ পাঁচগৰাকীৰ তেজক অপমান কৰি গৃহ মন্ত্ৰীয়ে পুনৰ কা’ৰ মাধ্যমেৰে নাগৰিকত্ব প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰা কাৰ্য্যই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ অসমপ্ৰীতিৰ কথা সোঁৱৰাই দিছে।

Related News