NORTHEAST NOW (Assamese)

বিকৃত হোৱা ইতিহাস পুনৰ নতুনকৈ লিখাৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

November 25, 2022 9:54 am · এন ই নাও নিউজ, নতুন দিল্লী

Amit Shah says to rewrite history afresh মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে দিল্লীত অসম চৰকাৰে আয়োজন কৰা অনুষ্ঠানত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰে যে দেশৰ বিকৃত হোৱা ইতিহাস পুনৰ নতুনকৈ লিখিব লাগে। ইয়াত আমাক কোনেও বাধা দিব নোৱাৰে।

বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয়, ”কোনেও আমাক বিকৃত ইতিহাস নতুনকৈ লিখত বাধা দিব নোৱাৰে। বুৰঞ্জীবিদ আৰু শিক্ষাৰ্থীসকলে ভাৰতৰ বিভিন্ন প্ৰান্তত ১৫০ বছৰতকৈও অধিক কাল শাসন কৰা ৩০ সাম্ৰাজ্যৰ লগতে দেশৰ স্বাধীনতাৰ বাবে ত্যাগ কৰা ৩০০ তকৈও অধিক ব্যক্তিত্বৰ ওপৰত গৱেষণা কৰি প্ৰকৃত ইতিহাস লিখিব লাগে।‘’

লগতে পঢ়ক: ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিয়া অভিযুক্তক গ্ৰেপ্তাৰ: পূৰ্বেও কেইবাগৰাকীক ভাবুকি দিয়াৰ অভিযোগ

লাচিত বৰফুকন অবিহনে উত্তৰ পূৱ কেতিয়াও ভাৰতৰ অংশ নহ’লহেতেন বুলি উ ল্লেখ কৰি তেওঁ কয় যে লাচিত বৰফুকনে  সমগ্ৰ দক্ষিণ এছিয়াক আক্ৰমণকাৰীৰ পৰা ৰক্ষা কৰিছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বহুতে অভিযোগ দিয়ে যে ইতিহাস বিকৃত ৰূপত উপস্থাপন কৰা হৈছে। যদি এনে হৈছে তাক শুদ্ধ কৰাত কোনো বাধা দিছে? প্ৰকৃত ইতিহাস লিখাৰ বাবে আমাক কোনোৱে বাধা দিব নোৱাৰে।

অমিত শ্বাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লাচিত বৰফুকনৰ বিষয়ে হিন্দীৰ লগতে আন ১০ টা ভাষালৈ অনুবাদ কৰিবলৈ আহ্বান জনায়। তেতিয়াহ’লে এই মহান বীৰ গৰাকীৰ ত্যাগ তথা সাহস সকলেও জানিব পাৰিব।

তেওঁ কয়, ‘’লাচিত বৰফুকন কেৱল এগৰাকী সেনাপতিয়ে নহয়, তেওঁ দেশপ্ৰেমৰ উজ্জ্বল প্রতীক, যাৰ বীৰত্ব, সাহস আৰু ত্যাগৰ গাঁথা কেৱল অসমতে সীমাৱদ্ধ হৈনাথাকি সমগ্ৰ দেশতে বিয়পি পৰিব লাগে।‘’

লগতে পঢ়ক: ছাৰ্বিয়াৰ বিৰুদ্ধে ৰিচাৰ্লিছনৰ দুটা গ’লেৰে ব্ৰাজিলৰ সপোনৰ আৰম্ভণি; ছাম্বাৰ ছন্দত নাচি উঠিল লুচাইল ষ্টেডিয়াম

তেওঁ লগতে সংখ্যাগত আৰু সামৰিকভাৱে শক্তিশালী মোগল শক্তিৰ বিৰুদ্ধে কূটনীতি আৰু যুদ্ধ কৌশল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত লাচিত বৰফুকনে প্ৰদৰ্শন কৰা দক্ষতাৰ অধিক অধ্যয়ন আৰু আলোচনা হোৱা উচিত বুলি কেন্দ্ৰীয়গৰাকীয়ে সভাত উল্লেখ কৰে।

Related News