দীঘল পকা দাড়ি আৰু সেউজীয়া কুৰ্তাৰে সৈতে অমিতাভ বচ্চন, নতুন ছবিৰ প্ৰথম আলোকচিত্ৰ মুকলি
চলিত বৰ্ষৰ মে’ মাহত অভিনেতা আয়ুষ্মান খোৰানাই নিৰ্দেশক সুজিত সৰকাৰৰ সৈতে দ্বিতীয়খন চলচ্চিত্ৰত কাম কৰাৰ কথা ঘোষণা কৰিছিল।
‘গুলাবো চিতাবো’ শীৰ্ষক নতুন ছবিখনত অয়ুষ্মানে বলীউদৰ মহানায়ক অমিতাভ বচ্চনৰ সৈতে একেলগে অভিনয় কৰিব বুলি মন্তব্য কৰিছিল।
‘অমিতাভ ছাৰৰ সৈতে মোৰ যুটি, গুলাবো চিতাবোৰ দৰে হ’ব,’ আয়ুষ্মানে ছ’চিয়েল মিডিয়াত এনেদৰে শ্বেয়াৰ কৰিছিল।
অমিতাভ বচ্চন আৰু আয়ুষ্মান খোৰানাই একেলগে অভিনয় কৰিবলগীয়া ছবিখনৰ প্ৰথমখন আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত প্ৰকাশ হৈছে য’ত পকা দীঘল দাড়িৰ বৃদ্ধৰ অভিনয় কৰা অমিতাভৰ সৈতে আয়ুষ্মানক দেখা গৈছে।
সেউজীয়া কুৰ্তা পৰিধান কৰা অভিতাভ বচ্চনক চলচ্চিত্ৰ অনুৰাগী সকলে প্ৰথম দৰ্শনত চিনিব নোৱাৰা হৈ পৰিছে বুলি ছ’চিয়েল মিডিয়াত উল্লেখ কৰিছে।
আনহাতে, আয়ুষ্মানে প্ৰকাশিত আলোকচিত্ৰখনত সাধাৰণ কুৰ্তা আৰু পায়জামা পৰিধান কৰা দেখা গৈছে।
২০২০ চনৰ ২৮ ফেব্ৰুৱাৰিত মুক্তি পাবলগীয়া চলচ্চিত্ৰখনৰ নিৰ্দেশনা সুজিত সৰকাৰৰ আৰু কাহিনী জুহি চতুৰ্বেদীৰ।