ৰাজ্যত খোৱাপানীত ভয়ংকৰভাৱে বৃদ্ধি পাইছে প্ৰাণঘাতী আৰ্ছেনিক আৰু ফ্ল’ৰাইড

প্ৰহসনত পৰিণত কেন্দ্ৰীয় চৰকাৰে নীৰ নিৰ্মল পৰিযোজনা

KPSC-KPSC_KS

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

ৰাজ্যৰ ৩৩ খন জিলাৰ ২২  জিলাৰ ভূ-গৰ্ভস্থ পানীত মাত্ৰাধিক আৰ্ছেনিক আৰু ফ্লৰাইডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য মতে ৰাজ্যৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬৫  শতাংশ মানুহে প্ৰাণঘাতী আৰ্ছেনিক আৰু ফ্লৰাইডযুক্ত খোৱাপানী সেৱন কৰি আছে। খোৱাপানী আৰু অনাময় মন্ত্ৰালয়ৰ  ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী কাৰ্যসূচীৰ তথ্য মতে, ৰাজ্যৰ  ২২ খন জিলাৰ  ৪৩৮২   টা চুবুৰিৰ ভূ-গৰ্ভস্থ  পানীত মাত্ৰাধিক  আৰ্ছেনিক আছে।  আকৌ ৰাজ্যৰ ৭  খন জিলাৰ ২৬৭  টা চুবুৰিৰ ভূ-গৰ্ভস্থ পানীত মাত্ৰাধিক ফ্লৰাইড পোৱা গৈছে।

তথ্য মতে, বাকসা জিলাৰ  ১,৪৩৭  টা চুবুৰিত, নলবাৰী জিলাৰ  ৯১৮  টা চুবুৰিত ,  বৰপেটা জিলাৰ  ৫২৭  টা চুবুৰিত , যোৰহাট জিলাৰ  ৫০৩  টা চুবুৰিত ,মাজুলি  জিলাৰ  ৩১১  টা চুবুৰিত, দৰং জিলাৰ  ঞ্জ২১১  টা চুবুৰিৰ ভূ-গৰ্ভস্থ পানীত প্ৰাণঘাটী  আৰ্ছেনিক পোৱা গৈছে। আকৌ ধুবুৰী জিলাৰ  ১৩৩  টা চুবুৰিত, দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ  ১২৬  টা চুবুৰিত , গোলাঘাট জিলাৰ  ১২০  টা চুবুৰিত , ধেমাজী জিলাৰ  ৬২ টা চুবুৰীত  ভূ-গৰ্ভস্থ পানীত  সৰ্বাধিক প্ৰাণঘাতী  আৰ্ছেনিক পোৱা গৈছে।  ইয়াৰ পৰা দেখা যায় যে বাকসা, নলবাৰী, বৰপেটা, মাজুলি আৰু দৰং জিলাত ভূৰ্গভস্থ পানীত আৰ্ছেনিকে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।

ইপিনে খোৱাপানী আৰু অনাময় মন্ত্ৰালয়ৰ তথ্য মতে,  ওডালগুৰি  জিলাৰ  ১২৯  টা চুবুৰিত,  ধুবুৰী জিলাৰ  ৯৩  টা চুবুৰিত ,  নলবাৰী  জিলাৰ  ২১  টা চুবুৰিত  আৰু কাৰ্বি আংলং  জিলাৰ  ১৫  টা চুবুৰীৰ ভূ-গৰ্ভস্থ পানীত প্ৰাণঘাতী  ফ্লৰাইড পোৱা গৈছে।  উল্লেখ্য যে  আৰ্ছেনিকযুক্ত পানী সেৱনৰ ফলত ছালৰ কৰ্কট ৰোগ, কিডনী, যকৃত, বিভিন্ন ছালৰ বেমাৰ আৰু ফ্লৰাইডযুক্ত পানীৰ পৰা দাঁতৰ বিভিন্ন গুৰুতৰ ৰোগ হয়। ৰাজ্যত এইধৰণৰ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ আৰম্ভ  কৰিছে।

আক্ষেপৰ কথাটো হ’ল যে, কেন্দ্ৰীয় চৰকাৰ অথবা ৰাজ্য চৰকাৰে জনস্বাস্থ্যৰ ক্ষেত্ৰত অৱহেলাৰ দৃষ্টিভংগী গ্ৰহণ কৰি আহিছে। ৰাজ্যত ভয়াৱহভাবে বৃদ্ধি পাই অহা আৰ্ছেনিকযুক্ত খোৱাপানীৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে  চৰকাৰে বিশেষ তৎপৰতা দেখুওৱা পৰিলক্ষিত হোৱা নাই।