সোণাপুৰৰ কাৰ্বি জনজাতীয় অঞ্চললৈকে গুৱাহাটী মহানগৰ সম্প্ৰসাৰণৰ প্ৰক্ৰিয়াটো বাতিল কৰা আৰু সোণাপুৰত অসম ৰাইফলছৰ ঘাটি স্থাপন বন্ধ কৰাৰ দাবীত আজি ছটা কাৰ্বি জাতীয় সংগঠনৰ মঞ্চ আমৰি কাৰ্বিয়ে লতাশিল খেলপথাৰৰ পৰা ৰাজভৱনলৈ এটা প্ৰতিবাদী সমদল উলিয়ায়।
জনজাতীয় বেল্টৰ আছুতীয়া অধিকাৰ উলংঘা কৰি চৰকাৰে এই প্ৰক্ৰিয়া হাতত লোৱা কাৰ্য্যক গৰিহণা দিয়ে আমৰি কাৰ্বি নেতা-কৰ্মীসকলে।
এই ক্ষেত্ৰত কাৰ্বি সংগঠনবোৰে বিৰোধিতা কৰি অহা সত্ত্বেও চৰকাৰে তেওঁলোকক উপেক্ষা কৰাৰ অভিযোগ তোলে। কেইদনমান পূৰ্বে মুখ্য মন্ত্ৰীৰ সৈতেও আমৰি কাৰ্বিৰ নেতাসকলে বিষয়টো সন্দৰ্ভত আলোচনাত মিলিত হৈছিল।
“কেইদিনমান আগতে মুখ্য মন্ত্ৰীৰ সৈতে আলোচনাতো লিপ্ত হৈছিলোঁ। তেতিয়া তেওঁ প্ৰতিশ্ৰুতি দিছিল যে তেওঁ কোনো বে’ল্ট, ব্লকৰ ক্ষতি নকৰে। কিন্তু তেওঁৰ কথা নৰজিল। চক্ৰ বিষয়াই নিজৰ মইমতালিৰে ট্ৰাইবেল বে’ল্ট ব্লক ভাঙিবলৈ চেষ্টা কৰিছে। আমাক এই কথাৰ বিচাৰ লাগে।” আমৰি কাৰ্বিৰ উপদেষ্টা ইন্দ্ৰেস্বৰ তেৰণে সংবাদ মাধ্যমৰ আগত কয়।
তেৰণৰ অভিযোগ, চৰকাৰে আইন নামানি ডিমৰীয়া অঞ্চললৈকে মহানগৰ সম্প্ৰসাৰণ কৰিব বিচাৰিছে, যাৰ ফলত ট্ৰাইবেল বে’ল্টৰ অধীনৰ আমৰি কাৰ্বিসকল বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব।
ইয়াৰোপৰি প্ৰতিবাদকাৰীসকলে মহানগৰ প্ৰশাসনক পাহাৰ খননৰ অনুমতি অতি শীঘ্ৰেই বন্ধ কৰিবলৈ দাবী জনায়। ডিমৰীয়া, বেলতলা আৰু ৰাণীৰ জনজাতি অবেষ্টনীসমূহক সাংবিধানিক সুৰক্ষা প্ৰদান কৰিবৰ বাবেও দাবী জনায় মঞ্চৰ নেতাসকলে।
সমদলৰ অন্তত প্ৰতিবাদকাৰীসকলে ৰাজ্যপালক সাক্ষাৎ কৰি কেইবাটাও দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে।