বিজেপিৰ ‘হিন্দু সুৰক্ষা’ত দুঃস্বপ্ন হৈ হাজিৰ ডিটেনচন কেম্পৰ ‘অমৃত দাস’

বাঙালী সংগঠনৰ ক্ষোভৰ পিছত ডিটেনচন কেম্পত কৰুণ মৃত্যু সাৱটা ৭০ বছৰীয়া দাসৰ প্ৰসংগেৰে বিজেপিলৈ প্ৰশ্নবাণ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।

narendra modi Union Cabinet approves 5 pc hike in DA for central govt employees

গোৱালপাৰাৰ ডিটেনচন কেম্পত কৰুণ মৃত্যু সাৱটা ৭০ বছৰীয়া বাঙালী “হিন্দু” অমৃত দাসৰ প্ৰসংগেৰে বিজেপিৰ “হিন্দু সুৰক্ষা”ত বৰ্ষিত হৈছে দুঃস্বপ্নসদৃশ প্ৰশ্নবাণ।

ৰাজ্যৰ বহুকেইটা বাঙালী সংগঠনৰ ক্ষোভৰ পিছত গেৰুৱা দলৰ “হিন্দু সুৰক্ষা”ৰ আশ্বাসত এইবাৰ প্ৰশ্ন তুলিছে বিৰোধী কংগ্ৰেছে।

অসম লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী ভোটগ্ৰহণলৈ আগবঢ়াৰ সময়তে হিন্দু বাঙালী ভোটৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল গেৰুৱা দলটোৰ সন্মুখত আহুকলীয়া প্ৰশ্নটো উত্থাপন কৰিছে কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

“বিজেপিয়ে আজি ক’ব বিচাৰিছে নাগৰিকত্ব সংশোধনী বিধেয়ক হিন্দু লোকসকলৰ সুৰক্ষা। যদি হিন্দু লোকসকলৰ প্ৰতি তেওঁলোকৰ ইমান দায়বদ্ধতা আছিল, তেন্তে ডিটেনচন কেম্পত খাদ্যৰ অভাৱত, চিকিৎসাৰ অভাৱত অমৃত দাস নামৰ এজন ৭০ বছৰীয়া হিন্দু লোকৰ কেনেকৈ মৃত্যু হ’ল? বিজেপিয়ে ইয়াৰ উত্তৰ দিব পাৰিব?’’ কৰিমগঞ্জৰ কংগ্ৰেছ প্ৰাৰ্থী স্বৰূপ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই হাইলাকান্দিত শুকুৰবাৰে প্ৰশ্ন কুৰ্মীৰ।

চলিত লোকসভা নিৰ্বাচনত ভাৰতীয় গণ পৰিষদৰ বৰপেটাৰ প্ৰাৰ্থী তথা সদৌ অসম বাঙালী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক শান্তনু মুখাৰ্জীয়েও ঘটনাটোৰ বাবে বিজেপি চৰকাৰক জগৰীয়া কৰিছে।

“দুখীয়া মানুহজনৰ মৃত্যুৰ বাবে ৰাজ্য চৰকাৰে দায়িত্ব ল’বই লাগিব,” অসমৰ বাঙালী সংগঠনসমূহৰ সৰ্ববৃহৎ মঞ্চ বুফাৰো কৰ্ণধাৰ সদস্য মুখাৰ্জীৰ মন্তব্যৰ উদ্ধৃতি দ হিন্দু-ৰ।

বৰপেটাৰ পদপথত খাদ্যবস্তু বিক্ৰী জীৱন নিৰ্বাহ কৰা দৰিদ্ৰ লোকজনৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰো দাবী তুলিছে বাঙালী সংগঠনসমূহে।

২০১৭ চনৰ ২০ মে’ত দাসক গোৱালপাৰাৰ ডিটেনচন কেম্পটোত বন্দী কৰা হৈছিল।

বাতৰি মতে চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে শ্বাসকষ্টত ভুগিছিল মৃত দাসে। কেম্পটোত উকা শীতল মজিয়াতে শুবলগীয়া হোৱাৰ বাবেই বৃদ্ধজন “হাপানী” ৰোগত আক্ৰান্ত হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ তুলিছে।

পৰিয়ালৰ লোকৰ দাবী অনুসৰি মৃত দাসে ১৯৬১ চনৰে পৰা ভোটাধিকাৰ সাব্যস্ত কৰি আহিছিল।

অসমৰ ডিটেনচন কেম্পে মানৱ অধিকাৰ উলংঘা কৰাৰ অভিযোগেৰে সমাজকৰ্মী হৰ্ষ মান্দেৰে দাখিল কৰা লেখ আবেদন (Writ Petition (Civil) No. 1045/2018)ৰ শুনানি ভাৰতৰ উচ্চতম ন্যায়ালয়ত চলি আছে।