ফাষ্ট ট্ৰেক আদালতত বিশ্বনাথ কাণ্ডৰ বিচাৰ কৰাৰ আহ্বান আমছুৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা আজিজুৰ ৰহমানৰ

‘বিশ্বনাথ কাণ্ডত কোনোবা ন’হলে কোনোবা শক্তি জড়িত আছে। যি শক্তিয়ে দুষ্কৃতিকাৰী সকলক উত্তেজিত কৰিছিল, দুষ্কৃতিকাৰী সকলক ব্যৱহাৰ কৰিছে। এইয়া ঘটনা নহয়,এক পৰিকল্পপিত ঘটনাহে। গুৱাহাটী উচ্চন্যায়লয়ৰ এজন ন্যায়াধীশৰ জৰিয়তে ন্যায়িক তদন্ত কৰি পৰ্দাৰ আঁৰৰ লোকসকলক ৰাজহুৱা কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। নহ’লে এই শক্তিটোয়ে শংকৰ আজানৰ মিলন ভূমি অসমৰ  আন স্থানত পুনৰ সংঘটিত কৰিব এনে ঘটনা।’ বিশ্বনাথত এক সংবাদমেল যোগে এই দাবী কৰিলে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা আজিজুৰ ৰহমানে |

বিশ্বনাথ চাৰিআলিৰ মুছাফিৰ খানাত ১৩ এপ্ৰিলৰ বিয়লি সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসহ বিশ্বনাথ চাৰিআলিৰ সংবাদাতাসকলৰ সৈতে এখনি গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত হয়।

সংবাদ মেলত উপস্থিত  সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা আজিজুৰ ৰহমানে কয় যে এই ঘটনাৰ আলপ লৈ যাতে কোনো পক্ষই ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে আমছুৱে ঘটনাৰ পিছৰেপৰাই সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰিছে আৰু প্ৰতিটো মুহুৰ্তত শংকৰ-আজানৰ দেশ অসমত ঐক্য-সম্প্ৰীতি বিনষ্ট হ’ব পৰা কাৰ্যক সংখ্যালঘু ছাত্ৰ সন্থাই কেতিয়াও সমৰ্থন নকৰে।

দোষীয়ে শাস্তি পোৱাৰ ক্ষেত্ৰত আমছুৱে কেতিয়াও আপোচ নকৰে আৰু অপৰাধীৰ বিচাৰ অভি-নীল কাণ্ডৰ দৰে ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰিবৰ বাবে চৰকাৰক আহ্বান জনাই নহ’লে জামিন লাভ কৰা পিছত পুনৰ ৰাজ্যত এনে ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰাৰ বাবে পৰিকল্পনা কৰিব সেই বাবে চৰকাৰে শীঘ্ৰেই ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰিবৰ বাবে উপদেষ্টা গৰাকীয়ে আহ্বান জনায়।

তেওঁ ইতিমধ্যে যি সকল দোষীক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আৰু যি সকল কৰায়ত্ত কৰিবলৈ বাকী আছে সেই সকলক অতি শীঘ্ৰে কৰায়ত্ত কৰি বিহিত ব্যৱস্থা লৈ আইনী প্ৰক্ৰিয়াৰে শাস্তি প্ৰদান কৰিবৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনায়।

উল্লেখযোগ্য যে ঘটনা সন্দৰ্ভত মূল অভিযুক্ত হিচাপে মুঠ আঠজনক আৰক্ষীয়ে ইতিমধ্যে আটক কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে আন আন সকলক আটক কৰাৰ বাবে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে বুলি বিশ্বনাথৰ আৰক্ষী অধীক্ষক ৰাকেছ ৰোচনে জানিবলৈ দিয়ে।