শ্ৰীলংকাৰ আৰ্থিক বিপৰ্যয়ৰ এক নিৰ্মোহ বিশ্লেষণ

Sri Lanka crisis

মহাকাব্য ৰামায়ণত ৰামৰ ভাষাত সেই “अपि स्वर्णमयी लङका….” অৰ্থাৎ ৰামায়ণৰ ৰাৱণৰ সেই  স্বৰ্ণনগৰী লংকা…., আজিৰ  শ্ৰীলংকাৰ নাগৰিকে বৰ্তমান সময়ত এক ব্যাপক আভ্যন্তৰীণ অৰ্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতা আৰু আৰ্থিক জৰুৰী অৱস্থাৰ সন্মূখীন হৈ হাহাকাৰ কৰিব লগীয়া হৈছে। কিন্তু দুটামান বছৰৰ আগলৈকে এটা প্ৰায় সুস্থিৰ অৰ্থনীতি বহন কৰা দেশখনৰ ক্ষেত্ৰত এনে কি হ’ল যে এনে অৱস্থা পালেহি  তাৰ জনগণে নিজৰ এটি এটি সৰু সৰু মৌলিক প্ৰয়োজন যোগাৰৰ বাবে অক্ষম হৈ ৰাজপথৰৈ ওলাই আহি দেশত চৰকাৰ বিৰোধী স্থিতিৰে এক অত্যাধিক অস্থিৰ অৱস্থাৰ সৃষ্টি কৰিব লগীয়া হৈছে, তাৰেই এক নিৰ্মোহ বিশ্লেষণ কৰিবলৈ এই প্ৰয়াস ।

আজিৰ তাৰিখত শ্ৰীলংকাত যি অভাৱনীয় অৰ্থনৈতিক বিপৰ্যয় সংঘটিত হৈছে তাক অলপ গভীৰভাৱে বুজিবলৈ আমি শ্ৰীলংকাৰ অৰ্থনীতিৰ শেহতীয়া অৱস্থিতি অলপ হ’লেও আলোচনা কৰিব‌ই লাগিব। শেহতীয়া তথ্য মতে যোৱা ফেব্ৰুৱাৰী মাহত শ্ৰীলংকাৰ যি বৈদেশিক মূদ্ৰা নিধিৰ জমা সেইয়া যোৱা বছৰৰ তূলনাত কমি আহি মাত্ৰ ২.৩ বিলিয়ন আমেৰিকান ডলাৰ হৈছেহি। উল্লেখযোগ্য যে এখন দেশৰ জমা থকা বৈদেশিক মূদ্ৰা নিধিয়ে নিৰ্ধাৰণ কৰে মূলত দেশখনে আন দেশৰ পৰা যিকোনো সামগ্ৰী ক্ৰয় কৰাৰ সামৰ্থ্যক। এখন দেশৰ যিমান বেছি বৈদেশিক মূদ্ৰা নিধি জমা থাকিব সিমানেই বেছি দেশখনে আন দেশৰ পৰা প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব পৰা হয়। শ্ৰীলংকাৰ দৰে দেশৰ বাবে এই বৈদেশিক মূদ্ৰা নিধি এইবাবে গুৰুত্বপূৰ্ণ যে এনে সৰু দেশসমূহে খাদ্য, ইন্ধন, ঔষধ আদি অপৰিহাৰ্য সামগ্ৰী সমূহ প্ৰায়েই আন দেশৰ পৰা আমদানি কৰিব লগীয়া হয়।

কিন্তু যেতিয়া এনে দেশৰ বৈদেশিক মূদ্ৰা নিধিৰ জমা ৰাশি কমি যায় তেনেস্থলত দেশখনৰ ক্ৰয় ক্ষমতাওঁ কমি যায়। ফলস্বৰূপে দেশখনৰ ভিতৰত অতি প্ৰয়োজনীয় বস্ত-সামগ্ৰীৰ মূল্য আকাশলংঘী হৈ পৰে আৰু তাৰ সমান্তৰালকৈ দেশখনৰ ৰাষ্ট্ৰীয় মূদ্ৰাৰ মানো দিনক দিনে নিম্নগামী হৈ এনে এটা অৱস্থা লাভ কৰে যেতিয়া ডলাৰ বা আন গুৰুত্বপূৰ্ণ বৈদেশিক মূদ্ৰাৰ তূলনাত সেই দেশৰ মূদ্ৰাৰ হাৰ অতিকৈ নিম্নগামী হয় আৰু এক স্পষ্ট মূদ্ৰাস্ফীতিৰ পৰিৱেশ ৰচিত হৈ পৰে। শ্ৰীলংকাৰ ক্ষেত্ৰতো একেই অৰ্থনৈতিক দুৰ্যোগেই সংঘটিত হৈছে, দিনক দিনে অতি-ব্যৱহাৰ্য সামগ্ৰীৰ যোগান কমি আহিছে কিন্তু দাবী বৃদ্ধি পাইছে, ফলত দাম প্ৰতি দিনেই অভাৱনীয় ৰূপত বৃদ্ধি পায় গৈছে।

শেহতীয়া তথ্য মতে শ্ৰীলংকাৰ বৈদেশিক মূদ্ৰা নিধিত মাত্ৰ ইমানেই ধন জমা আছে যে দেশখনে মাত্ৰ অহা এমাহৰ বাবে হে ইয়াৰ নাগৰিকৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব পৰাকৈ যোগান ধৰিব পাৰে। তাৰোপৰি ভূতৰ ওপৰত দানহ পৰাৰ দৰে আজিৰ তাৰিখত শ্ৰীলংকাৰ ওপৰত চাৰি বিলিয়ন ডলাৰ মূল্যৰ ঋণৰ বোজা আছে। ভাৰতৰ দৰে বৃহৎ দেশত সাধাৰণতে বিলাসী সামগ্ৰীসমূহৰ আমদানি বেছিকৈ কৰা হয়, যিহেতু মৌলিক খাদ্যবস্তু, মৌলিক বস্ত্ৰ, বহু কেইবিধ জেনেৰিক ঔষধ আদি ভাৰতৰেই বিভিন্ন ৰাজ্যসমূহত উৎপাদিত হয় বাবে এখন ৰাজ্য‌ই আন এখন ৰাজ্যৰ পৰা দেশৰ ভিতৰতে আমদানি কৰি চলিব পৰা হয়, গতিকে ভাৰতৰ ভিতৰত অতি প্ৰয়োজনীয় বহুকেইবিধ মৌলিক সা-সামগ্ৰীৰ বাবে ভাৰতৰ অৰ্থনীতি মূলত বৈদেশিক মূদ্ৰা নিধিৰ জমা ৰাশিৰ ওপৰত নিৰ্ভৰ হ’ব লগীয়া নহয়।

কিন্তু ওপৰত কৈ অহাৰ দৰে শ্ৰীলংকাৰ দৰে দেশৰ নাগৰিকৰ বাবে অতি প্ৰয়োজনীয় বহু কেইবিধ মৌলিক সা-সামগ্ৰী যেনে চাউল-দাইল, চেনী, ঔষধ, অ’ট, আটা আদি খাদ্যবস্তুৰ লগতে ঔষধ, ইন্ধন আদি আন দেশৰ পৰা আমদানি কৰিব লগীয়া হয়। কিন্তু শ্ৰীলংকাৰ বৈদেশিক মুদ্ৰা নিধিৰ জমা ৰাশি অভাৱনীয় ভাৱে কমি যোৱাৰ বাবে দেশখনে পৰ্যাপ্ত হাৰত আমদানি কৰিব নোৱাৰা হৈছে ফলত তাৰ সমান্তৰালকৈ বস্তুৰ দাম আকাশলংঘী হৈ পৰিছে আৰু ভয়ঙ্কৰ মুদ্ৰাস্ফিতী ঘটিছে। শ্ৰীলংকাৰ চৰকাৰী তথ্য মতেই যোৱা মাহৰ ভিতৰতে প্ৰায় ২৫% মুদ্ৰাস্ফিতী ঘটিছে। বস্তৰ দাম ভয়ঙ্কৰ ভাৱে বৃদ্ধি পোৱাৰ লগতে দেশখনত শক্তি যোগান ক্ষেত্ৰখনটো অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে।

যিহেতু চৰকাৰে বিদেশৰ পৰা পৰ্যাপ্ত পৰিমাণে ইন্ধন ক্ৰয় কৰিব পৰা নাই সেয়ে বিদ্যুতৰ উৎপাদনো কমি গৈছে। পৰিস্থিতি এতিয়া এনেকুৱা হৈছে যে শ্ৰীলংকাৰ শক্তি যোগান বিভাগে দেশখনৰ ব্যস্ত চহৰ কেইখনতো ২৪ ঘন্টাৰ ভিতৰত মাত্ৰ ৪ ঘন্টা হে বিজুলী শক্তিৰ যোগান ধৰিব পাৰিছে। উপায়হীন হৈ শ্ৰীলংকাৰ শক্তি মন্ত্ৰীয়ে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছে যাতে পথ সমূহ আলোকিত কৰা বিজুলী বাতি সমূহ নুমুৱাই ৰখা হ‌ওঁক যাতে মানুহৰ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান সমূহলৈ পৰ্যাপ্ত বিদ্যুৎ যোগান ধৰিব পাৰে। তাৰোপৰি দেশখনত ৰন্ধন গেছৰ দামো দিনক দিনে বৃদ্ধি পাই অহাৰ লগতে সপ্তাহত মাত্ৰ এবাৰহে ৰন্ধন গেছৰ ছিলিণ্ডাৰ যোগান ধৰিব পৰা গৈছে।

যোৱা এসপ্তাহৰ ভিতৰতে একোটা ঘৰুৱা ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ দাম ৩০০০/ শ্ৰীলংকীয় ৰুপীৰ পৰা বৃদ্ধি হৈ ৪২০০/ টকালৈ বৃদ্ধি পাইছে। এই অৰ্থনৈতিক বিপৰ্যয়ে ইমানেই প্ৰভাৱ পেলাইছে যে বাতৰি-কাকত প্ৰকাশৰ প্ৰতিষ্ঠান সমূহে তেওঁলোকৰ কাকতৰ ছপা সংখ্যা কম কৰি দিব লগীয়া হৈছে, আনকি স্কুল-কলেজৰ পৰীক্ষা পৰ্যন্ত পিছুৱাই দিব লগীয়া হৈছে কাগজৰ পৰ্যাপ্ত যোগান ধৰিব নোৱাৰাৰ বাবে।

দেশ এখনত যেতিয়াই এনে ধৰণৰ আৰ্থিক জৰুৰী অৱস্থাৰ সৃষ্টি হয়, নাগৰিকে নিজৰ মৌলিক প্ৰয়োজন লাভ কৰিব নোৱাৰা হয় তেতিয়াই সেই দেশৰ বহু নাগৰিকে নিজৰ তথা পৰিয়ালৰ জীৱনৰ মমতাত ওচৰৰ দেশ সমূহলৈ শৰণাৰ্থী হিচাপে অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। ইতিমধ্যেই বহু সংখ্যক শ্ৰীলংকাৰ নাগৰিকক তামিলনাডুৰ চৰকাৰে শৰণাৰ্থী শিবিৰত আশ্ৰয় প্ৰদান কৰিছে। এই বিষয়ত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি অনুৰোধ জনাই যে শ্ৰীলংকাৰ পৰা অহা শৰণাৰ্থী সমূহক পৰ্যাপ্ত মানৱীয় সা-সুবিধা প্ৰদান কৰিবলৈ অনুমতি দিয়ে। উল্লেখযোগ্য যে ভাৰতবৰ্ষ‌ই ইতিমধ্যেই আন বিভিন্ন ধৰণেৰে আৰ্থিকভাৱে বিপৰ্য্যস্ত শ্ৰীলংকাক সাহাৰ্য আগবঢ়াই আহিছে।

শেহতীয়াকৈ শ্ৰীলংকাৰ বিত্তমন্ত্ৰীয়ে নতুন দিল্লীৰ লগত কেইবাটাও খণ্ডৰ বাবে বহু কোটি টকাৰ ঋণ-ৰেখা নিৰ্ধাৰণৰ বাবে পাৰস্পৰিক বুজাবুজিৰ এক চুক্তিত স্বাক্ষৰ কৰে যাতে ভাৰতৰ পৰা লাভ কৰা ঋণ তথা আৰ্থিক সাহায্যৰে দেশখনৰ নাগৰিকৰ বাবে অতি প্ৰয়োজনীয় বস্ত-সামগ্ৰীৰ ক্ৰয় কৰিব পাৰে। শ্ৰীলংকাৰ চৰকাৰখন যদিওঁ চীনৰ দ্বাৰা ৰচিত এক ঋণ-জালত বন্দী হৈ আছে তথাপিও শ্ৰীলংকাৰ চৰকাৰে চীনা চৰকাৰক আহ্বান জনাইছে আৰু ২.৫ বিলিয়ন ডলাৰৰ ঋণ সাহাৰ্য প্ৰদান কৰিবলৈ। উল্লেখযোগ্য যে শ্ৰীলংকাৰ চৰকাৰ ইতিমধ্যেই চীনৰ ওচৰত বহু বিলিয়ন ডলাৰৰ ঋণৰ বোজাত ভাৰাক্ৰান্ত হৈ আছেই। ইয়াৰোপৰি শ্ৰীলংকা চৰকাৰে আই এম এফ আৰু বিশ্ব বেংকৰ ওচৰত আবেদন জনাইছে যাতে এই সংস্থা সমূহে দেশখনৰ ডুবিবলৈ ধৰা অৰ্থনীতিৰ জাহাজখনক বচাব পাৰে।

কিন্তু কিয় ইমান অভাৱনীয় অৰ্থনৈতিক বিপৰ্যয় সংঘটিত হ’ল এই দ্বীপৰাষ্ট্ৰখনত ??

শ্ৰীলংকাৰ এই অৰ্থনৈতিক বিপৰ্যয়ৰ কাৰণ বিচাৰ কৰিলে আমি কেৱল এটা নিৰ্দিষ্ট কাৰণক দোষাৰোপ কৰিব নোৱাৰোঁ। বহুকেইটা ভিন্ন ভিন্ন কাৰকৰ বাবে শ্ৰীলংকাৰ অৰ্থনীতি আজি ভাগি পৰিছে।

১/ বিধ্বস্ত পৰ্যটন উদ্যোগ:- উল্লেখযোগ্য যে ২০১৮ চনলৈকে শ্ৰীলংকা বিশ্বৰ আটাইতকৈ বেছিকৈ পৰ্যটকে ভ্ৰমণ কৰা দেশৰ ভিতৰত এখন অন্যতম দেশ আছিল। আনকি বহু জনপ্ৰিয় হিন্দী ছবিৰ দৃশ্যগ্ৰহণৰ বাবেও‍ঁ নিৰ্বাচন কৰা হৈছিল শ্ৰীলংকাৰ মনোমোহা পৰিৱেশ। আনকি ২০১৮চনটো পৰ্যটন উদ্যোগৰ ক্ষেত্ৰত শ্ৰীলংকাৰ ৰেকৰ্ড ভংগ কৰা বৰ্ষ আছিল, প্ৰায় ২.৩ মিলিয়ন লোকে সেই বৰ্ষত দেশখন ভ্ৰমণ কৰিছিল। সেই বাবেই শ্ৰীলংকাৰ মুঠ জি ডি পি’ৰ ১২-১৩% অংশ পৰ্যটন উদ্যোগৰ পৰা আহিছিল। কিন্তু শ্ৰীলংকাৰ পৰ্য্যটন উদ্যোগৰ এই ভোগালী দিন বেছি দিনলৈ অব্যাহত নাথাকিল। ২০১৯ চনৰ এপ্ৰিল মাহত তিনিটা গীৰ্জাগৃহ আৰু তিনিখন হ’টেলত ধাৰাবাহিক বোমা বিস্ফোৰণ সংঘটিত কৰে ইছলামী সন্ত্ৰাসবাদীয়ে। ইয়াক ইষ্টাৰ ডে’ বোমা বিস্ফোৰণ বোলা হয়।

সেই দিনটোত শ্ৰীলংকাৰ ভিন ভিন চহৰত সংঘটিত হোৱা এই বোমা বিস্ফোৰণৰ ঘটনাত মুঠ ২৬৯জন লোকে প্ৰাণ হেৰুৱায় আৰু তাৰে ৪৫ জন  আছিল বিদেশী পৰ্যটক। ইয়াৰ পৰাই বুজা যায় যে এই বোমা বিস্ফোৰণৰ ঘটনাই শ্ৰীলংকাৰ পৰ্যটন উদ্যোগক কিদৰে একেদিনাই বিধ্বস্ত কৰি দিছিল। কাৰণ  সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰা দেশ এখনলৈ প্ৰমোদ ভ্ৰমন কৰিবলৈ কোনো বিদেশী পৰ্যটকেই আগ্ৰহ প্ৰকাশ নকৰা হ’ব নিশ্চয়। উল্লেখযোগ্য যে সেই বোমা বিস্ফোৰণৰ আঁৰত জড়িত আছিল এটা স্থানীয় ইছলামী সন্ত্ৰাসবাদী সংগঠনৰ ৮ জনকৈ আত্মহত্যাকাৰী বোমাৰু, এই ৮ জনেই আছিল শ্ৰীলংকাৰ স্থানীয় নাগৰিক। ফলত এই ঘটনাৰ এক তৎকালীন আৰু বিপৰীত প্ৰতিক্ৰিয়া সমগ্ৰ শ্ৰীলঙ্কাত পৰিলক্ষিত হ’বলৈ ধৰিলে।

বিভিন্ন অঞ্চলত শ্ৰীলংকাৰ মুছলমান নাগৰিক সকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ’ল। মুছলমান নাগৰিকৰ ওপৰত হোৱা এই সাম্প্ৰদায়িক আক্ৰমণৰ ঘটনা সমূহ ইমানেই তীব্ৰতৰ হ’বলৈ ধৰিলে যে চৰকাৰে নিগ’ম্ব’ৰ দৰে একোখন সৰু শ্ৰীলঙ্কীয় চহৰত ১০০ টাকৈ সেনাৰ গোট প্ৰয়োগ কৰিব লগীয়া হৈছিল, তাৰোপৰি চৰকাৰে কাৰ্ফিউ ঘোষণা কৰাৰ লগতে ফেইচবুক, হোৱাটচ্ এপ আদি বন্ধ কৰি দিছিল যাতে উৰা বাতৰিৰ প্ৰচাৰ ৰোধ কৰিব পাৰে। কিন্তু ইয়াৰ ফলত সাম্প্ৰদায়িক সংঘৰ্ষ কম হোৱাৰ পৰিবৰ্তে বেছিকৈ হে হ’বলৈ ধৰিলে।

উল্লেখযোগ্য যে ইয়াৰ আগতেওঁ ২০১৮ চনত শ্ৰীলংকাৰ কেণ্ডী আৰু আম্পাৰা চহৰত মুছলমানক আক্ৰমণৰ লক্ষ্য কৰি লোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল। তেতিয়াওঁ চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ ৰাষ্ট্ৰজুৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ লগতে সামাজিক মাধ্যম সমূহ বন্ধ কৰি দিছিল। পিছলৈ জানিব পৰা গ’ল যে এই আক্ৰমণ সমূহৰ আৰঁত সীংহলী বৌদ্ধ সন্ত্ৰাসবাদী সংগঠনৰ হাত আছিল। এই সময়তেই আৰু এটা ডাঙৰ জোকাৰণি আহে যেতিয়া ফেইচবুক পেপাৰ লীক হৈ ৰাজহুৱা হয়।

ফাদিল হোৱা ফেইচবুক পেপাৰ’ৰ তথ্যৰ পৰা এই কথা পোহৰলৈ আহে যে সেই সাম্প্ৰদায়িক বিভেদ সৃষ্টিৰ আঁৰত ফেইচবুকৰ যথেষ্ঠ অৰিহণা আছিল। ফেইচবুকৰ এলগাৰিথিমে এনেকুৱা প’ষ্ট বা বাৰ্তাক বেছিকৈ প্ৰচাৰ আৰু সহজে উপলব্ধ কৰোৱাবলৈ ধৰিলে যি ভুৱা তথ্যৰে সাধাৰণ নাগৰিকৰ মাজত সাম্প্ৰদায়িক সংঘাটৰ বীজ ৰোপন কৰিব পাৰে। যদিওঁ ফেইচবুকে পিছলৈ শ্ৰীলংকাৰ চৰকাৰ আৰু নাগৰিকৰ ওচৰত ক্ষমা খুজিছিল তথাপিও কিন্তু এটা কথা স্পষ্ট হৈ ৰ’ল যে আজিৰ তাৰিখত ফেইচবুকৰ দৰে সামাজিক মাধ্যম সমূহে কিদৰে একোখন দেশত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰোৱাব পাৰে।

যি কি নহওঁক এই সকলোবোৰ কাৰকৰ বাবেই ২০১৯ চনৰ পৰাই শ্ৰীলঙ্কাৰ পৰ্যটন উদ্যোগৰ ওপৰত ঋনাত্মক প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে। কিন্তু এই সাম্প্ৰদায়িক আক্ৰমণৰ ঘটনা সমূহ মাত্ৰ আৰম্ভণি হে আছিল, শ্ৰীলংকাৰ পৰ্যটন উদ্যোগৰ কফিনত শেষৰ গঁজালটো মাৰে ২০২০ চনৰ মাৰ্চৰ পৰা সমগ্ৰ বিশ্বক জৰ্জৰিত কৰি তোলা কৱিদ- ১৯ মহামাৰীয়ে। ওপৰত কৈ অহাৰ দৰে যিহেতু শ্ৰীলংকাৰ ১২-১৩% মুঠ ৰাষ্ট্ৰীয় উপাৰ্জন পৰ্যটন উদ্যোগৰ পৰা আহিছিল, তথাপিও এটা খণ্ডৰ বিফলতাৰ বাবেই দেশ এখনত আৰ্থিক জৰুৰী অৱস্থাৰ সৃষ্টি হোৱাতো সম্ভৱ নহয়। ইয়াত চৰকাৰৰো বহু ভুল নীতি জড়িত হৈ আছে।

২/চৰকাৰৰ ভুল অৰ্থনৈতিক সংস্কাৰ নীতি:- ২০১৯ চনত শ্ৰীলংকাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত জয়লাভ কৰি দেশখনৰ নতুন ৰাষ্ট্ৰপতি হোৱা গ’টাবায়া ৰাজপাখে‌’য়ে তেওঁৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ ইস্তাহাৰত ঘোষনা কৰিছিল যে তেওঁ শাসনলৈ আহিলেই প্ৰত্যেকটো সামগ্ৰীৰ মুল্য সংযোজিত কৰ ১৫% ৰ পৰা হ্ৰাস কৰি আধালৈ আনিব। এইটো ধাৰণা কৰা হৈছিল যে কৰ হ্ৰাস কৰিলে নাগৰিকে বেচিকৈ সামগ্ৰী ক্ৰয় কৰিব অৰ্থাৎ নাগৰিকৰ ক্ৰয় ক্ষমতা বৃদ্ধি হ’ব আৰু দেশৰ অৰ্থনীতিৰ বিকাশত ই অৰিহণা আগবঢ়াব। উল্লেখযোগ্য যে অৰ্থনীতিৰ উত্থানৰ বাবে প্ৰয়োগ কৰা এই সূত্ৰটো ব্যৱসায়িকভাৱে ভুল নাছিল।

একেই সূত্ৰ ব্যৱহাৰ কৰি বিশ্বৰ আন বহু দেশে ইয়াৰ নাগৰিকক সকাহ দিয়াৰ লগতে দেশৰ অৰ্থনীতিৰো বিকাশ ঘটোৱাবলৈ ইতিমধ্যেই সফল হৈছে। কিন্তু প্ৰত্যেকটো অৰ্থনৈতিক ব্যাপক সংস্কাৰ সাধনকাৰী সিদ্ধান্ত লোৱাৰ আৰু প্ৰয়োগ কৰাৰ আগতে চৰকাৰ এখনে গুৰুত্ব সহকাৰে উচিত সময় আৰু পৰিৱেশ পৰ্যবেক্ষণ কৰা উচিত। শ্ৰীলংকাৰ চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰি ২০১৯ চনৰ ডিচেম্বৰত এই অৰ্থনৈতিক সংস্কাৰ কাৰ্যকৰী কৰে আৰু মুল্য সংযোজিত কৰ হ্ৰাস কৰি দিয়ে।

কিন্তু ইয়াৰ তিনিমাহৰ পিছতেই সমগ্ৰ বিশ্বতে‌ই কৱিদ-১৯ ৰ আতংক বিয়পি পৰে আৰু দেশ সমূহত সম্পূৰ্ণৰূপে অথবা আংশিকভাৱে লক-ডাউন ঘোষণা কৰা হয়। গতিকে শ্ৰীলংকাৰ নাগৰিক সকলেওঁ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ পৰিব লগীয়া হয়। সেয়ে সামগ্ৰীৰ মুল‌্য কম হ’ল ঠিকেই কিন্তু যিহেতু চৌপাশে সকলো লক-ডাউন তেনেস্থলত নাগৰিকে সামগ্ৰী ক্ৰয় কৰিব ক’ৰ পৰা, ফলত শ্ৰীলংকাত একে সময়তে নাগৰিকৰ দ্বাৰা সামগ্ৰী ক্ৰয়ৰ হাৰ আৰু কৰৰ পৰা সংগ্ৰহ হোৱা ৰাজহ দুয়োটাই হ্ৰাস পাবলৈ ধৰে।

শ্ৰীলংকাৰ ৰাজহ সংগ্ৰহৰ ওপৰত এই মাৰঘাট পৰাৰ ফলস্বৰূপে শ্ৰীলংকাৰ ৰাজহুৱা ঋণৰ পৰিমাণ ২০১৯চনৰ মুঠ জি ডি পি’ৰ ৯১%ৰ পৰা বৃদ্ধি হৈ ২০২১ চনত ১১৯% হয়গৈ।

৩/চৰকাৰৰ ভুল কৃষি নীতি:- ২০১৯ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ ইস্তাহাৰত ৰাজপাখেই আৰু এটা কথা ঘোষণা কৰিছিল যে অনাগত ১০ বছৰৰ ভিতৰত সমগ্ৰ শ্ৰীলঙ্কাৰ কৃষিখণ্ডক জৈৱিক কৃষিলৈ ৰূপান্তৰ কৰিব। কিন্তু ২০২১ চনত ৰাষ্ট্ৰপতি গৰাকীয়ে হঠাতে‌ই তথাকথিত “মাষ্টাৰ ষ্ট্ৰ’ক”ৰ দৰে এক আচম্বিত সিদ্ধান্তৰ জৰিয়তে ৰাতিটোৰ ভিতৰতে ঘোষণা কৰে যে তেতিয়াৰ পৰাই শ্ৰীলঙ্কাত ৰসায়নিক সাৰৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে আৰু সকলো কৃষি জৈৱিক পদ্ধতিৰেই কৰা হ’ব। এই বিষয়ত চৰকাৰৰ পৰিকল্পনা এইটো আছিল যে যিহেতু ৰসায়নিক সাৰৰ আমদানিৰ বাবে প্ৰতি বছৰে শ্ৰীলংকাৰ এটা বৃহৎ ধনৰাশি বিদেশলৈ যায়, সেয়ে ৰসায়নিক সাৰৰ প্ৰয়োগৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে এই আমদানিওঁ বন্ধ হ’ব আৰু শ্ৰীলংকাৰ ধন বাহিৰলৈ যোৱাৰ পৰা ৰেহাই হ’ব।

যদিওঁ এনে আচম্বিতে লোৱা তথাকথিত মাষ্টাৰ ষ্ট্ৰ’ক সমূহৰ বহু ভক্ত থাকে যি এনে সিদ্ধান্তৰ সপক্ষে ওকালতি কৰি কয় যে চৰকাৰে নিশ্চয়কৈ কোনো ভাল উদেশ্য আগত ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰিছে!! কিন্তু এখন দেশৰ ক্ষেত্ৰত যেতিয়া চৰকাৰ এখনে কোনো ধৰণৰ গৱেষণা, পৰ্যবেক্ষণ, গভীৰ বিচাৰ-বিবেচনা নকৰাকৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰে তেনে ক্ষেত্ৰত প্ৰায়েই হিতে বিপৰীত হোৱা হে দেখা যায়। শ্ৰীলংকাৰ ক্ষেত্ৰতো একেই হ’ল। হয়, জৈৱিক কৃষি পৰিৱেশ, নাগৰিকৰ স্বাস্থ্য আৰু বহনক্ষম বিকাশৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ।

কিন্তু বিশেষজ্ঞৰ মতে এখন দেশৰ সমগ্ৰ কৃষিখণ্ডক হঠাতে জৈৱিক কৃষিলৈ ৰূপান্তৰ কৰি দিলে প্ৰথম অৱস্থাত হ্ৰস্বম্যাদী ভাৱে কৃষিৰ উৎপাদন ২০-৩০% লৈ হ্ৰাস হোৱাৰ সম্ভাৱনা থাকে যিহেতু এই কৃষি পদ্ধতিত ৰসায়নিক সাৰৰ লগতে ৰসায়নিক কীটনাশক, অপতৃণনাশক ব্যৱহাৰ কৰা নহয়। উল্লেখযোগ্য যে ইয়াৰ আগলৈকে শ্ৰীলংকা ধান উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট আগৰণুৱা আছিল। চৰকাৰে কেতিয়াও চাউল আমদানি কৰিব লগীয়া নহৈছিল। কিন্তু এই তথাকথিত মাষ্টাৰ ষ্ট্ৰ’কৰ পিছতেই পৰৱৰ্তী ৬ মাহৰ পিছতেই চৰকাৰখনে ৪৫০ মিলিয়ন ডলাৰ খৰছ কৰি চাউল আমদানি কৰিব লগীয়া হয়।

ইয়াৰোপৰি শ্ৰীলংকা চাহ উৎপাদনৰ ক্ষেত্ৰতো যথেষ্ট আগবঢ়া আছিল, প্ৰতি বছৰে যথেষ্ঠ পৰিমানৰ চাহ শ্ৰীলংকা‌ই ৰপ্তানি কৰিছিল। কিন্তু এই সিদ্ধান্তৰ ফলত শ্ৰীলংকাৰ চাহ উৎপাদনৰ ওপৰতো ঋনাত্মক প্ৰভাৱ পৰে। কিন্তু ইয়াৰ পৰা অৱশ্যেই এইটো সিদ্ধান্তলৈ আমি আহিব নোৱাৰোঁ যে জৈৱিক কৃষিলৈ সমগ্ৰ কৃষি ব্যৱস্থাক ৰূপান্তৰ কৰাতো ভুল কথা বুলি, ভালদৰে গৱেষণা কৰি, বিশেষজ্ঞৰ পৰামৰ্শ লৈ, ভৱিষ্যতৰ এটা নিৰ্দিষ্ট সময় লক্ষ্য হিচাপে ধাৰ্য্য কৰি ধীৰে সুস্থিৰে এনে ৰূপান্তৰকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে নিশ্চয়কৈ চৰকাৰ এখনে জৈৱিক কৃষিৰ যোগেদি লাভ আহৰণ কৰিবলৈ সক্ষম হ’ব।

ইয়াৰ এটা অতিকৈ সুন্দৰ উদাহৰণ হ’ল আমাৰ চুবুৰীয়া ৰাজ্য চিক্কিম। ২০০৩ চনতেই চিক্কিম চৰকাৰে সিদ্ধান্ত লৈছিল যে সমগ্ৰ ৰাজ্যৰ কৃষি জৈৱিক কৃষিলৈ ৰূপান্তৰ কৰা হ’ব ধীৰে ধীৰে, আৰু অৱশেষত চিক্কিম চৰকাৰে ২০১৬ চনত ঘোষণা কৰিব পৰা হ’ল যে চিক্কিমৰ সমগ্ৰ কৃষি খণ্ডক জৈৱিক কৃষিলৈ ৰূপান্তৰ কৰা হৈ গৈছে। অৰ্থাৎ চিক্কিমে ইয়াৰ কৃষি খণ্ডক জৈৱিক কৃষিলৈ ৰূপান্তৰ কৰিবলৈ সম্পূৰ্ণ ১৩বছৰৰ সময় লৈছিল।

৪/অত্যাধিক বৈদেশিক ঋণৰ বোজা আৰু চীনৰ ঋণ-জালৰ চিকাৰ:- ওপৰৰ প্ৰতিটো কাৰকৰ উপৰিও শ্ৰীলংকাৰ অৰ্থনৈতিক বিপৰ্যয়ৰ আৰৰ আন এটা মুখ্য কাৰণ হ’ল এই দেশে বহু বছৰ আগৰে পৰাই বহন কৰি অহা বৈদেশিক ঋণৰ বোজা। ২০১৭ চনতেই শ্ৰীলংকাৰ বৈদেশিক ঋণ ৬৪ বিলিয়ন ডলাৰৰ আছিল আৰু চৰকাৰী আয়ৰ ৯৫% ৰাজহ এই ঋণ পৰিশোধ কথাতে‌ই খৰছ কৰিব লগীয়া হৈছিল। এই অসহনীয় বৈদেশিক ঋণৰ পৰা ৰেহাই পাবলৈ ২০২০চনত চৰকাৰে বহু সামগ্ৰীৰ বৈদেশিক  আমদানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। এই খিনিতে বহু বিশেষজ্ঞই চীন দেশলৈ আঙুলি টোৱাই যে চীন দেশে ঋণৰ জাল পেলাই বিশ্বৰ বহু দেশক নিজৰ নিয়ন্ত্ৰণলৈ আনিব বিচাৰে।

সাধাৰণতে চীনে এই দেশসমূহক বহু বিলিয়ন ডলাৰৰ ঋণ আগবঢ়ায় আন্তঃগাথঁনিৰ উন্নয়নৰ নামত, যেনে ঘাইপথৰ নিৰ্মাণ, বিমান বন্দৰ – জাহাজ বন্দৰৰ নিৰ্মাণ, শক্তি উৎপাদন প্ৰকল্পৰ নিৰ্মাণ ইত্যাদিৰ নামত, আৰু যেতিয়া দেশখনৰ চৰকাৰে উক্ত প্ৰকল্প সমূহৰ পৰা লাভ নাপায় চলাব নোৱাৰা হয় তেতিয়া চীনা চৰকাৰে ইয়াৰ ক’ম্পেনীৰ হতুৱাই সেই প্ৰকল্প সমূহ নিজৰ দখললৈ লৈ আনে। তেনে এটা উদাহৰণ হ’ল শ্ৰীলংকাৰ হাম্বনট’টা বন্দৰ , যিটো ২০১০ চনৰ নৱেম্বৰ মাহত শ্ৰীলংকাৰ চৰকাৰে চীন দেশৰ পৰা ১.৩ বিলিয়ন ডলাৰৰ ঋণ লৈ। কিন্তু যেতিয়া শ্ৰীলংকাৰ চৰকাৰে ইয়াৰ পৰা একো লাভ আহৰণ কৰিব নোৱাৰা হ’ল আৰু চীন চৰকাৰক ঋণ পৰিশোধ কৰিব নোৱাৰা হ’ল তেতিয়া সিদ্ধান্ত ল’লে যে এই বন্দৰটোৰ ৮০% ব্যক্তিগত খণ্ডক বিক্ৰী কৰা হ’ব।

শেষত পাকে-প্ৰকাৰে গৈ এটা চীনা ক’ম্পেনীয়ে এই ৭০% অংশ ক্ৰয় কৰি ৯৯ বছৰলৈ লীজত দখল কৰি লয়। চৰকাৰৰ ৰাজহুৱা খণ্ডৰ এনেধৰণৰ ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ বিৰোধিতা কৰি বিৰোধী দলে দাবী জনাইছিল যে শ্ৰীলংকাৰ চৰকাৰে ৰাজহুৱা সম্পত্তিৰ ব্যক্তিগত কৰণ বন্ধ কৰক। শ্ৰীলংকাৰ এই নতুন চৰকাৰৰ এনে কিছুমান অনাকাংজ্ঞীত সিদ্ধান্তৰ ফলস্বৰূপে দিনক দিনে শ্ৰীলংকীয় ৰুপীৰ মুল্য নিম্নগামী হ’বলৈ আৰম্ভ কৰে। যোৱা মাৰ্চ মাহত ১আমেৰিকীয় ডলাৰ প্ৰায় ২০০ শ্ৰীলংকীয় ৰুপীৰ মুল্যৰ সমান হৈ পৰিল আৰু আজিৰ তাৰিখত ই ৩০০ শ্ৰীলংকীয় ৰুপীৰ মুল্যৰ সমান হৈ পৰিছে। ইয়াৰ ফলত শ্ৰীলংকা‌ই বিদেশৰ পৰা আমদানি কৰা বস্তুৰ দাম আকাশলংঘী হৈ পৰাৰ লগে লগে ব্যাপক মুদ্ৰাস্ফিতীৰ সৃষ্টি হৈছে।

শেহতীয়াকৈ শ্ৰীলংকাৰ সকলো কেবিনেট মন্ত্ৰীয়ে পদত্যাগ ঘোষণা কৰিছে আৰু তেওঁলোকৰ পদত্যাগ পত্ৰ ইতিমধ্যে‌ই দেশৰ প্ৰধানমন্ত্ৰী মহিন্দ্ৰ ৰাজপাখেৰ হাতত অৰ্পন কৰিছে, আৰু শেহতীয়াকৈ খোদ প্ৰধানমন্ত্ৰীয়েওঁ প্ৰতিবাদকাৰীৰ ওচৰত সেওঁ মানি পদত্যাগ কৰিছে। উল্লেখযোগ্য যে মহিন্দ্ৰ ৰাজপাখে হৈছে দেশৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি গ’টাবায়া ৰাজপাখে‌’ৰ ককায়েক। ৰাষ্ট্ৰপতি গ’টাবায়া‌ই কিন্তু অদ্যাপি পদত্যাগ ঘোষণা কৰা নাই আৰু অনাগত সময়তো নকৰে বুলি ঘোষণা কৰিছে, যদিওঁ শ্ৰীলংকাৰ নাগৰিকে ৰাজপথলৈ ওলাই আহি এওঁলোকৰ পদত্যাগ দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।

এখন দেশৰ আভ্যন্তৰীণ পৰিৱেশ যেতিয়া অস্থিৰ হৈ পৰে অথবা জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হয় তেতিয়া তাত প্ৰভাৱ ইয়াৰ চুবুৰীয়া দেশ সমূহৰ ওপৰতো পৰে। একেদৰেই শ্ৰীলংকাৰ এই অৰ্থনৈতিক বিপৰ্যয় যদি আৰু বৃদ্ধি হৈ গৈ থাকে তেন্তে অনাগত সময়ত ভাৰতবৰ্ষ‌ই আৰু বহুত বেছি শ্ৰীলংকাৰ শৰণাৰ্থীৰ বোজা ল’ব লগীয়া হ’ব পাৰে। আশাকৰোঁ বিভিন্ন বিশ্ব প্ৰতিষ্ঠান তথা দেশৰ সহযোগত শ্ৰীলংকাৰ অৰ্থনীতিয়ে পুণৰ মুৰ তুলি উঠিব আৰু দেশখনলৈ অতি সোনকালেই সুস্থিৰ পৰিৱেশ ঘুৰি আহিব।

 

( লেখকৰ যোগাযোগ নম্বৰ: ৭৮৯৬৭১৪৭৫১)