(এক)
অসমীয়াৰ মননশীলতাৰ কথা ক’বলৈ গৈ তুলনাৰ আশ্ৰয় লোৱাটো অযুগুত নহ’ব।নহ’লে অসমীয়া জাতিৰ উৎকৃষ্ট অৱদানৰ কথা আমি ভালকৈ জানিব নোৱাৰিম। জাতীয়তাবাদী উষ্মাৰ আতিশয্যত জাহি-জাবৰক মাণিক বুলি সাৱটি থকাৰ মূৰ্খামিকো জাতীয় আত্ম-মৰ্যাদা বুলি ভাবি থাকিম। কিয়নো অসমীয়া জাতীয়তাবাদীসকলৰ বহুতে নিজকে ব্ৰহ্মাণ্ডখনৰ কেন্দ্ৰত থকা বুলি ভাবে। তেওঁলোকে আনৰপৰা কিবা শিকিবলগীয়া আছে বুলি নাভাবে। তাতোকৈ ডাঙৰ কথা তেওঁলোকে নিজৰ দোষ নেদেখে, দেখিলেও তাৰ বাবে নানা অজুহাত বিচাৰে। মতলবী ৰাজনীতিকসকলে যেতিয়া অসমীয়াৰ সকলো অপায়-অমংগলৰ বাবে মিঞাৰ গাত দোষ জাপে তেতিয়া এই জাতীয়তাবাদীসকলে নিৰ্বিবাদে তাক মানি লৈ তাৰ সমৰ্থনত বিচিত্ৰ যুক্তিৰ জাল তৰে। সেয়ে গাতে লাগি থকা বাঙালীৰ কথাৰে বিষয়টো অলপ আলোচনা কৰিব খুজিছোঁ।
অলপতে হৈ যোৱা কলকাতা আন্তৰ্জাতিক বইমেলাত উপস্থিত থাকি দুটামান কথা উদ্বেগেৰে লক্ষ্য কৰিছিলোঁ। বইমেলাৰ আগৰ গাম্ভীৰ্য কিছু কমিছে, মেলাৰ কোলাহল বাঢ়িছে। বইমেলাত উপস্থিত লোকৰ তুলনাত কিতাপ কিনোতাৰ সংখ্যা কম। আগৰ বইমেলাত কিতাপ কিনোতাৰ সংখ্যা আছিল চকুত পৰা বিধৰ। এতিয়া আমাৰ গুৱাহাটী গ্ৰন্থমেলাৰ দৰে তাতো কিতাপ নিকিনা লোকৰ সংখ্যা বাঢ়িবলৈ ধৰিছে। দ্বিতীয়তে, বইমেলাত পূৰ্বৰদৰে বিভিন্ন বিষয়ৰ গুৰুত্বপূৰ্ণ আলোচনা সত্ৰৰ আয়োজন আজিকালি কমি গৈছে। তাতো এতিয়া গ্ৰন্থ উন্মোচন জাতীয় অনুষ্ঠানেই সৰহ। আটাইতকৈ চিন্তনীয় কথাটো হ’ল বইমেলাত মুখ্যমন্ত্ৰীক লৈ চৰকাৰ-উদ্যোক্তাৰ দৃষ্টিকটু তৎপৰতা। এইবাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নামত বইমেলা প্ৰাংগনত এটা সুকীয়া ষ্টল খোলা হৈছিল য’ত তেওঁৰ দহ-বাৰখন কিতাপ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছিল; তাৰ বাবে সময়ে সময়ে ৰাজহুৱা ঘোষণা দিয়া হৈছিল। মুঠতে তৃণমূলৰ চৰকাৰখনতকৈয়ো মুখ্যমন্ত্ৰীক লৈ বইমেলাৰ উদ্যোক্তাৰ যেন উৎসাহৰ অন্ত নাছিল। বাওঁমৰ্চাৰ চৰকাৰ থাকোঁতেও কলকাতা বইমেলাত মন্ত্ৰী-ৰাজনীতিকৰ তৎপৰতা দেখা গৈছিল। কিন্তু তেতিয়া আজিৰ দৰে শোভনতাৰ সীমা চেৰাই যোৱা নাছিল।
কিন্তু এনেবোৰ নেতিবাচক প্ৰৱণতা সত্ত্বেও কলকাতা বইমেলাই পূৰ্বৰ গৰিমা হেৰুৱাইছে বুলি ক’ব নোৱাৰি। গ্ৰন্থমেলাৰ প্ৰধান উদ্দেশ্যই হ’ল নিত্য-নতুন বিষয়ৰ কিতাপ প্ৰকাশৰ পৰিবেশ আৰু পটভূমি গঢ়ি দিয়া। পঢ়ুৱৈৰ চাহিদা অনুসৰি কিতাপ প্ৰকাশৰ লগতে পঢ়ুৱৈৰ বৌদ্ধিক কৌতূহল আৰু উৎকৰ্ষ বৃদ্ধিৰ প্ৰতি মন দিয়াটো গ্ৰন্থমেলাৰ মূল উদ্দেশ্য হোৱা উচিত। অসমত গ্ৰন্থমেলাৰ সময়ত যথেষ্ট কিতাপ প্ৰকাশ হয় যদিও বিষয়ৰ বৈচিত্ৰ্য আৰু মানৰ প্ৰতি লেখক-প্ৰকাশকে কিমান গুৰুত্ব দিয়ে? এই ক্ষেত্ৰত পিছে কলকাতা বইমেলাৰ অৰিহণা বাংলা সাহিত্য-সংস্কৃতিৰ জগতখনত আজিও উল্লেখনীয়। সাহিত্য, ইতিহাস তথা মানব বিদ্যাৰ বিভিন্ন দিশত এইবাৰ বইমেলাৰ সময়তো উন্নত মানৰ যথেষ্ট বাংলা কিতাপ প্ৰকাশ পাইছে। গ্ৰন্থমেলা উপলক্ষে ৰণজিৎ গুহ, গায়ত্ৰী চক্ৰবৰ্তী স্পিভাক, সুদীপ্ত কবিৰাজ, পাৰ্থ চট্টোপাধ্যায়, দীপেশ চক্ৰবৰ্তী, অৰিন্দম চক্ৰবৰ্তী আদিৰ দৰে খ্যাতনামা ইতিহাসবিদ, সমাজ বিজ্ঞানী আৰু দাৰ্শনিকৰ কেবাখনো মৌলিক বিষয়ৰ কিতাপ বাংলা ভাষাত প্ৰকাশ পাইছে। তেওঁলোক আটায়ে বিদেশৰ বিশ্ববিদ্যালয়ত অধ্যাপনাৰ গুৰু দায়িত্বত জড়িত। ঘাইকৈ ইংৰাজীভাষী লোকৰ মাজত পৰিচিত এইসকল লেখকৰ বিভিন্ন কিতাপ বিভিন্ন বিশ্ববিদ্যালয়ৰ আন্তৰ্জাতিক প্ৰকাশন সংস্থাই প্ৰকাশ কৰিছে। কিন্তু বাঙালী পঢ়ুৱৈৰ প্ৰতিও তেওঁলোকৰ দায়বদ্ধতাত আন্তৰিকতাৰ অভাব হোৱা নাই। গায়ত্ৰী চক্ৰবৰ্তীৰ ‘অপৰ’ নামৰ প্ৰবন্ধ সংকলনটোৰ কথা ইতিপূৰ্বে আলোচনা কৰিছোঁ। মৌলিকত্বৰ পিনৰপৰা একে শাৰীত পেলাব পৰা আন এখন কিতাপ হৈছে পাৰ্থ চট্টোপাধ্যায় (সম্পাদনা ও টীকা)ৰ ‘জাতীয়তাবাদেৰ সত্যি মিথ্যে-চাৰ্বাক উবাচ’। এইখন কিতাপ তেওঁৰ অলপতে প্ৰকাশিত ইংৰাজী কিতাপ The Truths and Lies of Nationalism as Narrated by Charvak’ৰ বাংলা অনুবাদ। হিন্দু জাতীয়তাবাদৰ নামত ভাৰতৰ ইতিহাস পুনৰ্নিৰ্মাণৰ অপচেষ্টা পাৰ্থ চট্টোপাধ্যায়ে ইয়াত নিৰহ-নিপানী যুক্তি আৰু আকৰ্ষণীয় আলাপচাৰিতাৰে উদঙাই দিছে। কেৱল সেয়ে নহয় আধুনিক কালত হিন্দুত্ববাদীসকলে হিন্দু-হিন্দী আধিপত্যৰে আগবঢ়োৱা এককেন্দ্ৰিক ভাৰতীয় জাতীয়তা আৰু নেহৰুপন্থীসকলে আগবঢ়োৱা তথাকথিত বহুত্ববাদী-ধৰ্মনিৰপেক্ষ ভাৰতৰ বিপৰীতে ইয়াত তেওঁ বহুভাষিক লোকৰাষ্ট্ৰযুক্ত ভাৰতীয় জাতীয়তাৰ সন্ধান দিছে। একাডেমিক গুৰুগম্ভীৰতাৰ বিপৰীতে এই কিতাপত পঢ়ুৱৈয়ে বিতৰ্কপ্ৰিয়, সংলাপমুখী আন এগৰাকী পাৰ্থ চট্টোপাধ্যায়ক লগ পাব। উনবিংশ শতিকাৰ বাঙালী মনন তথা মানসিকতাৰ বিষয়ে আলোকপাত কৰা সুদীপ্ত কবিৰাজৰ ব্যতিক্ৰমধৰ্মী আৰু গুৰুত্বপূৰ্ণ কিতাপ ‘মাৰ্কস ও স্বৰ্গেৰ সন্ধান’ বইমেলাৰ বতৰতে প্ৰকাশ হৈছে। মাৰ্ক্সৰ জন্মৰ দ্বিশতবৰ্ষৰ সময়ত প্ৰকাশ হোৱা এই কিতাপে মাৰ্ক্সৰ মৌলিক সিদ্ধান্ত আৰু বুনিয়াদী প্ৰত্যয়বোৰৰ প্ৰাসংগিকতা আজিৰ এই বিশ্বায়িত ‘ফিনান্স কেপিটেল’-বিধ্বস্ত সময়ত আকৌ নতুনকৈ ভবাৰ সুযোগ দিছে। নৈয়ায়িক দাৰ্শনিক বিমলকৃষ্ণ মতিলালৰ ছাত্ৰ অৰিন্দম চক্ৰবৰ্তীয়ে লিখা ভাৰতীয় দৰ্শন সম্পৰ্কীয় কিতাপবোৰে ভাৰতীয় চিন্তাধাৰা সম্পৰ্কে পঢ়ুৱৈক পূৰ্ব ধাৰণামুক্ত আৰু সংস্কাৰমুক্ত জ্ঞান আহৰণত সহায় কৰিব। একেদৰে আন বহুতো লেখকৰ এই সময়ছোৱাত ভালেসংখ্যক চিন্তা উদ্ৰেককাৰী কিতাপ প্ৰকাশ পাইছে। অৱশ্যে এইসকলৰ বেছি সংখ্যকে মাৰ্ক্সবাদৰ অনুগামী নহয়তো মাৰ্ক্সৰদ্বাৰা অনুপ্ৰাণিত। কিন্তু বংগৰ সমাজ-জীৱনত মাৰ্ক্সবাদী আৰু লিবাৰেল অৰ্থাৎ উদাৰবাদীসকলৰ প্ৰাধান্য সত্ত্বেও ৰক্ষণশীল বুদ্ধিজীবীসকল কাহানিও অপ্ৰাসংগিক হৈ পৰা নাই। বাওঁ ৰাজনীতিৰ প্ৰতি এঢলীয়া অমৰ্ত্য সেনৰ মাতুল ককা ক্ষিতিমোহন সেনৰ হিন্দু ধৰ্ম আৰু সংস্কৃতি চৰ্চাৰ আঁৰত ৰক্ষণশীল উদাৰনৈতিক চিন্তাধাৰাৰ অন্ত:স্ৰোত স্পষ্ট হৈ আছিল।
(দুই)
প্ৰাদেশিক সাহিত্যৰ ভিতৰত বাংলা, কন্নড় আৰু মাৰাঠী সাহিত্যতে ভাৰতীয় মহাকাব্য আৰু পৰম্পৰা সম্পৰ্কে গভীৰ বিশ্লেষণ আৰু বিকল্প ব্যাখ্যা সুলভ। সাহিত্যিক বুদ্ধদেব বসুৱে তাহানিতে ‘মহাভাৰতেৰ কথা’ত গ্ৰীক মহাকাব্যৰ সৈতে তুলনাৰে মহাভাৰতৰ অনন্যতা প্ৰমাণ কৰি গৈছে।সেই পৰম্পৰাৰ এতিয়াও যতি পৰা নাই। বাংলা ভাষাত মহাকাব্য দুখনৰ চিৰায়ত বিষয়-বস্তু আৰু চৰিত্ৰাৱলীৰ বিষয়ে কত যে কিতাপ ৰচিত হৈছে তাৰ লেখ-জোখ নাই।অলপতে এখন কিতাপ পালোঁ নাম ‘মহাভাৰতে নাস্তিকতা’ লেখক শামিম আহমেদ।(মহাভাৰত সম্পৰ্কে মোৰ আগ্ৰহ বয়সৰ লগে লগে বাঢ়িহে গৈছে। বুদ্ধদেব বসু, চতুৰ্বেদী বদ্ৰীনাথ, ইৰাৱতী কাৰ্ভে, সুকুমাৰী ভট্টাচাৰ্যৰ পাছত শেহতীয়াকৈ জি এন দেভীৰ Mahabharata- The Epic And The Nationৰ ব্যাখ্যাই মোক মহাভাৰতৰ ঐতিহাসিক তাৎপৰ্য সম্পৰ্কে নতুনকৈ ভাবিবলৈ অৱকাশ দিছে। একে সূত্ৰত উপিন্দৰ সিঙৰ Ancient India-Culture of Contradictions য়েও প্ৰাচীন ভাৰতৰ ঐতিহ্য সম্পৰ্কে নতুন চিন্তাৰ খোৰাক যোগাইছে।)
সম্প্ৰতি মহাকাব্য আৰু পুৰাণ চৰ্চাৰ ক্ষেত্ৰত একাণপতীয়াকৈ আত্মনিয়োগ কৰা বাঙালী সংস্কৃত বিশেষজ্ঞগৰাকী হৈছে নৃসিংহপ্ৰসাদ ভাদুড়ী।মহাভাৰত আৰু ৰামায়ণী সাহিত্য সম্পৰ্কীয় তেওঁৰ কিতাপবোৰৰ কথা বাদ দিলেও তেওঁ যোৱা কেইবছৰমান ধৰি প্ৰায় একক প্ৰচেষ্টাৰে কেইগৰাকীমান ছাত্ৰীক সাৰথি কৰি এক অসাধ্য সাধন কৰিছে। সাহিত্য সংসদ নামৰ প্ৰতিষ্ঠানটোৱে ভাদুড়ীৰ সম্পাদনাত ‘পুৰাণ কোষ’ নামৰ এখন কোষগ্ৰন্থ প্ৰকাশ কৰিছে।এতিয়ালৈকে তিনিটা খণ্ড প্ৰকাশ হোৱা এই বিপুলায়তনৰ কোষগ্ৰন্থখন মোৰ বোধেৰে প্ৰাদেশিক ভাষাৰ ইতিহাসত মাইলৰ খুটি বিবেচিত হোৱাৰ নিঃসন্দেহে যোগ্যতা অৰ্জন কৰিছে। মহাকাব্য দুখনৰ উপৰি বিভিন্ন পুৰাণৰ অজস্ৰ প্ৰসংগৰ প্ৰৱিষ্টিৰ লগতে পৌৰাণিক আৰু ঐতিহাসিক দৃষ্টিকোণৰপৰা কৃষ্ণ বা গান্ধাৰীৰ দৰে চৰিত্ৰৰ খুটি-নাতি বিশ্লেষণত ভাদুৰীয়ে অতি বিচক্ষণতাৰ পৰিচয় দিছে। অসমীয়াত ভাষাত এনে গ্ৰন্থ প্ৰকাশৰ বাবে আমি বহু যুগ অপেক্ষা কৰিব লাগিব। বিজেপিৰ ক্ষমতা লাভৰ পাছত অসমতো সংঘ পৰিয়ালৰ উদগণিত হিন্দু-হিন্দুত্বৰ জয়গানে কাণ তাল মাৰি যোৱা অৱস্থা কৰিছে।ভাৰতীয় পৰম্পৰা আৰু মহাকাব্য চৰ্চাৰ ক্ষেত্ৰত এইসকলৰ কিবা নতুনত্ব কোনোবাই দেখিছেনে? নৃহিংসপ্ৰসাদ ভাদুড়ী বাওঁমৰ্চা চৰকাৰৰ দুৰ্ঘোৰ সমালোচক আছিল; কিন্তু তেওঁ সংঘ পৰিয়ালৰ প্ৰতি বিশেষ সহানুভূতিশীল যেন নালাগে।ভাদুড়ীৰ নিজৰ ভাষাত তেৱেঁই কিজানি জিনছ্ পিন্ধা একমাত্ৰ সংস্কৃত পণ্ডিত।গেৰুৱা বসনধাৰী হিন্দুত্ববাদীসকলে এনে সংস্কৃত পন্ডিতৰ পান্ডিত্যক লৈ প্ৰশ্ন কৰিলেও আচৰিত হ’বলগীয়া নহ’ব।সংস্কৃত সাহিত্য আৰু হিন্দু ধৰ্ম-সংস্কৃতিৰ দুগৰাকী বিশিষ্ট বিদেশী পন্ডিত আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক শ্বেলড’ন পোলক আৰু ইহুদি মূলৰ ৱেন্ডি ড’নিজাৰৰ প্ৰতি দেশ-বিদেশত থকা হিন্দুত্ববাদীসকলে কেনে অভব্য আচৰণ কৰিছিল সেই কথা পাহৰিব পাৰি জানো? পোলক আৰু ড’নিজাৰ বাওঁপন্থী বুদ্ধিজীৱী নহয়; কিন্তু তেওঁলোকে আৰ এছ এছৰ অনুগামী পন্ডিতসকলে আগবঢ়োৱা হিন্দু ধৰ্ম-সংস্কৃতিৰ এককেন্দ্ৰিক(monolothic) ব্যাখ্যা মানি লোৱা নাই।
শেহতীয়াকৈ অসমীয়া ভাষাতো মহাকাব্য দুখন আৰু হিন্দু ধৰ্মক লৈ কিছুমান কিতাপ প্ৰকাশ পাইছে।কিন্তু এনেবোৰ কিতাপত হিন্দু ধৰ্ম-সংস্কৃতিৰ বহুত্ববাদী,বৈচিত্ৰ্যমুখী সহনশীল ৰূপটো প্ৰতিফলিত হৈছেনে?এই কথা বহুতে হয়তো পাহৰি গৈছে যে অসমীয়াত মহাভাৰতৰ ক্ৰিটিকেল সংস্কৰণৰ অনুবাদৰ কাম যোৱা শতিকাৰ সত্তৰ দশকতে হৈছিল।তাৰ পাছত ডঃ সত্যেন্দ্ৰনাথ শৰ্মাকে ধৰি দুগৰাকীমান সাহিত্যিকক বাদ দিলে এই বিষয়ত একাণপতীয়াকৈ লাগি থকা লোক নাই বুলিবই পাৰি। অৰ্থাৎ অসমৰ ৰক্ষণশীল(conservative)বুদ্ধিজীৱীসকলেও এই সময়ছোৱাত হিন্দু ধৰ্ম আৰু ঐতিহ্য সম্পৰ্কে অনৈতিহাসিক ধ্যান-ধাৰণা আৰু অপপ্ৰচাৰ ব্যৰ্থ কৰি সেই বিষয়ে গভীৰ পান্ডিত্যপূৰ্ণ আলোচনা আগবঢ়াব পৰা নাই।ফলস্বৰূপে আধা সিজা কিছুমান লোক আৰু ৰাজনৈতিক নেতাৰ উৎকট সাম্প্ৰদায়িক বক্তব্যকে হিন্দু ধৰ্মৰ বিশিষ্টতা বুলি বহুতে গ্ৰহণ কৰিছে।
(তিনি)
অসমীয়া মানুহৰ মননশীলতাৰ দৈন্য সাম্প্ৰতিক আন এটা ঘটনাই আৰু দুখ লগাকৈ প্ৰকট কৰিছে। জ্ঞানপীঠ বঁটা নীলমণি ফুকনৰ কাব্য প্ৰতিভাৰ গুৰুত্বপূৰ্ণ স্বীকৃতি- এই বিষয়ে বোধহয় সন্দেহ নাই।কিন্তু তেওঁৰ কবি প্ৰসিদ্ধি জ্ঞানপীঠৰ ওপৰত নিৰ্ভৰশীল – এই কথা মানি ল’ব পাৰিনে?নীলমণি ফুকনৰ সাত দশকজোৰা কাব্য পৰিক্ৰমাই তেওঁক অসমীয়া সাহিত্যতে নহয়,ভাৰতীয় সাহিত্যৰ ইতিহাসতো এক অনন্য ব্যক্তিত্ব হিচাপে ইতিমধ্যে পৰিচিত কৰিছে।তেওঁৰ বিলম্বিত স্বীকৃতিয়ে তেওঁৰ লগতে জ্ঞানপীঠ বঁটাকো মহিমামন্বিত কৰিলে। কিন্তু জাতি হিচাপে অসমীয়াৰ আত্মবিশ্বাস কম বাবে জ্ঞানপীঠ বঁটাৰ পাছত কবি নীলমণি ফুকনক কিছুমান অসমীয়াই আজি যেন নতুনকৈ আৱিষ্কাৰ কৰিছে। বঁটা-বাহনৰ পিছত ঘূৰি ফুৰা কিছুমান ঠেৰুহীন শিক্ষিত অসমীয়াৰ এই প্ৰতিক্ৰিয়া অপ্ৰত্যাশিত নহয়।অথচ সৰহ সংখ্যক অসমীয়া শিক্ষিত মধ্যবিত্ত লোকৰ ভ্ৰষ্ট ৰুচি আৰু নিদাৰুণ অসংবেদনশীলতাৰ বিপৰীতে নীলমণি ফুকনে কিমান দৃঢ়তা আৰু নিৰলসভাবে দিনৰ পাছত দিন কবিতাৰ অনুশীলন কৰি গৈছে সেই বিষয়ে কিমানজন অসমীয়াই জানে? ফিলিপ কেমিনো কান্ড তেনে এক ৰুচিহীন সমাজতে সম্ভব হৈছিল।আজি সেই কান্ডৰ আঁত ধৰি কবি নীলমণি ফুকনৰ কবি প্ৰতিভাক আকৌ এক ৰুচি বিগৰ্হিত গেৰেকণিলৈ লৈ যোৱা হৈছে।ইয়াৰ আঁৰত ৰাজনীতিৰ ভূমিকা নুই কৰিব নোৱাৰি।অৱশ্যে যিসকলে কেৱল চৰকাৰ বিৰোধিতাৰ মাজতহে ৰাজনীতি দেখে তেওঁলোকৰ বাবে এনে ৰাজনীতি নিমাষিত হ’ব পাৰে।
আইৰিছ কবি ছিমাছ হিনীয়ে কৈছিল, শিল্প-সাহিত্যই অইন কিবা কৰক নকৰক, মানুহৰ অন্তৰ্জীৱন আৰু অন্তৰ্বোধ সমৃদ্ধ কৰে।(If poetry and the art do anything,they fortify your inner life,your inwardness.) এই যে গায়ত্ৰী চক্ৰবৰ্তী স্পিভাকে কৈছে,সাহিত্যপাঠৰ একমাত্ৰ স্বাতন্ত্ৰ্য ইয়াতেই, যি পঢ়িছোঁ তাৰ মাজত অৰ্থাৎ অপৰৰ অস্তিত্বৰ মাজত এক আৰু বহুবচন ৰূপে নিজকে বিলীন কৰি দিয়া, যেন যি পঢ়িছোঁ সেয়া নিজৰ ওপৰত ভৰ কৰিছে।আমাৰ শিক্ষিতসকলৰ বহুতেই শিল্প-সাহিত্যৰ এই অন্তৰ্লীন গুৰুত্ব আজিও উপলব্ধি কৰিবলৈ চেষ্টা কৰা নাই কিম্বা উপলব্ধি কৰিবলৈকে অক্ষম।নীলমণি ফুকনৰ জ্ঞানপীঠ লাভতকৈয়ো তেওঁৰ কবিতা-অনুশীলনৰ এই মৰ্ম অসমীয়াৰ বাবে বেছি গুৰুত্বপূৰ্ণ ।কিন্তু আমাৰ ৰাজহুৱা উচ্ছ্বাস-প্ৰতিক্ৰিয়াবোৰত সেই কথা বৰকৈ প্ৰতিফলিত হোৱা নাই।
কুৰি শতিকাৰ আৰম্ভণিত ডঃ বাণীকান্ত কাকতিয়ে সাহিত্য সমালোচনাত হাত দিওঁতে সাহিত্যৰ এই মৌলিক মানবিক দিশটোৰ ওপৰতে গুৰুত্ব দিছিল।১৯১৯ চনত প্ৰকাশিত অম্বিকাগিৰী ৰায়চৌধুৰী সম্পাদিত ‘চেতনা’ত খন্ড খন্ডকৈ প্ৰকাশ পোৱা ডঃ কাকতিৰ ‘পুৰণি অসমীয়া সাহিত্য’ৰ ৰচনাবোৰত সাহিত্যৰ এই মানবিক আৰু সাংস্কৃতিক উপযোগিতাৰ কথা উচ্চাৰিত হৈছিল।পুৰণি আৰু বৈষ্ণব সাহিত্যৰ ব্যৱহাৰিক আৰু নীতিমূলক চৰিত্ৰৰ সৈতে আধুনিক সাহিত্যৰ মূল পাৰ্থক্যলৈ আঙুলিয়াই দি তেওঁ লিখিছিল,”চাণক্য শ্লোক,ডাকৰ বচন আদিৰ নিচিনা নৈতিক উপদেশপূৰ্ণ পুথিয়ে মানুহৰ মন আকৰ্ষণ কৰিব নোৱাৰে।সাহিত্যৰ শিক্ষাৰ প্ৰণালীয়েই সুকীয়া।সুখ-দুখ,আশা-নৈৰাশ্য আদিৰ চিত্ৰেৰে মনক কোমলাই সজ সাহিত্যই প্ৰথমে মনক ভাব-গ্ৰহণোন্মুখী কৰি তোলে।” প্ৰথম মহাসমৰ আৰু ৰুছ বিপ্লবৰ অভিঘাতে দেশ-বিদেশৰ আধুনিক সাহিত্য আৰু শিল্প-সংস্কৃতিত পেলোৱা প্ৰভাবৰ ধ্বনি-প্ৰতিধ্বনি ডঃ কাকতিৰ সাহিত্য সমালোচনাতো পৰিলক্ষিত হৈছিল।সাম্যৰ বাণী আধুনিক অসমীয়া সাহিত্যই আওকাণ কৰি থকাটো যুগুত নহ’ব বুলি তেওঁ ধাৰণা কৰিছিল।স্বাধীনতাৰ পাছত প্ৰকাশিত তেওঁৰ ‘নতুন অসমীয়া সাহিত্য’ নামৰ সংকলনৰ ৰচনাবোৰত সাহিত্যৰ জাতীয় চৰিত্ৰ নিৰ্মাণত জোৰ দিলেও তেওঁ আধুনিক যুগৰ বিপ্লববোৰত ৰুছো, মাৰ্ক্স, ভল্টেয়াৰ, লেনিন, গৰ্কী আদিয়ে লোৱা ভূমিকা আৰু চিন্তাজগত আৰু সাহিত্যত পেলোৱা প্ৰভাবৰ কথা গুৰুত্ব সহকাৰে উল্লেখ কৰিছে।” বহিৰ্জগতৰ সৈতে মানুহৰ যি বিৰোধ আৰু সংগ্ৰাম সেয়েই সাহিত্যৰ প্ৰাণ।—- আনহাতে মনৰ সংশয়াপন্ন আৰু বিমোৰ অৱস্থাত সাহিত্যয়ো মানুহক উদগনি আৰু দিহা-ভৰষা দিবলৈ চেষ্টা কৰিছে। জীৱন আৰু সাহিত্যৰ এয়ে দুমুখীয়া সম্বন্ধ।”এনেদৰেই বাণীকান্ত কাকতিয়ে ন-পুৰণি অসমীয়া সাহিত্যৰ সমালোচনাত ছেকুলাৰ ধ্যান-ধাৰণাৰ আমদানি ঘটাই প্ৰকৃতাৰ্থত আধুনিক সমালোচনাৰ বাট কাটিছিল।
(মুনীন বায়ন এগৰাকী চিন্তাশীল লেখক আৰু সাংবাদিক)