• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘নিজৰ মৌনতা ভাঙক, ফোনতে মণিপুৰ ঘটনাটো প্ৰিয়জনৰ সৈতে এবাৰ পাতক’

মনজিৎ দত্ত by মনজিৎ দত্ত
July 20, 2023 5:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ দুগৰাকী মহিলাক কৰা নৃশংস-বৰ্বৰ অত্যাচাৰে দেশ জ্বলাইছে। অসম মুলুকৰ ৰাইজৰ মনতো এই ঘটনাই বেজবেজাই গৈছে। মানুহ হিচাপে এয়া হোৱা উচিত। এনে বৰ্বৰতাৰ বিৰুদ্ধে সজোৰে থিয় দিয়া উচিত। কিন্তু কিছুমান কথা মনলৈ আহি থাকে, নোকোৱাকৈ থাকিব নোৱাৰি। আমি সৰুতে এটা নাম শুনিছিলো, লক্ষ্মী ওৰাং। বাতৰিত দেখিছিলো এখন ফ’টো, তেতিয়া বুজা নাছিলো এই ফ’টোৰ বৰ্বৰতাৰ কথা। এতিয়াও এই ফ’টোখন মাজে মাজে ওলায়। দেখিলে ঘৃণাত গা জ্বলি উঠে।

হয়তো দুবছৰমান আগত এখন বাগানত ডাক্তৰ এগৰাকীক এখন বাগানত মৰিয়াই মাৰি পেলাইছিল। এনে বৰ্বৰতায়ো জোকাৰি গৈছিল। কিন্তু এই সময়তে মণিপুৰৰ এনে নৃশংস দৃশ্যত দুখ-ক্ষোভত ভাহি থকা আমাৰ মুলুকৰ এচামে কৈ উঠিছিল, ইহঁত এনেকুৱাই। তেতিয়াও উঠি আহিছিল লক্ষ্মী ওৰাঙৰ ফ’টোখন। ওৰাঙৰ ঘটনাটোক ৰক্ষণাবেক্ষণ দি এনে একাংশ লোকেই চিঞৰি উঠা দেখিছিলো ফেচবুকত, ‘তাৰ আগত ইহঁতে কি কৰিছিল আমি দেখিছিলো নহয়। এনেকুৱাত ইহঁতৰ প্ৰতি কোনো সহানুভূতি নাই।’ এনেকৈয়ে কোৱা হৈছিল।

মণিপুৰৰ নৃশংস ভিডিঅ’টোৰ কথা ক’বলৈ গৈ কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধীয়ে এষাৰ কথা কৈছে, ‘কালি প্ৰিয়ংকা গান্ধীয়ে কথা এটা কৈছে, সমাজত হিংসাৰ সৰ্বোচ্চ বোজা মহিলা আৰু শিশুসকলেই বহন কৰিব লগা হয়।’ এইটো কথা প্ৰতিটো সাম্প্ৰদায়িক সংঘৰ্ষ, যুদ্ধ, মিলিটেৰী সন্ত্ৰাস সবতে প্ৰমাণিত হয় আচলতে। লক্ষ্মী ওৰাঙৰ ঘটনাত নায্যতা দিব বিচৰা সকলেও এই কথা মনত ৰখা উচিত।

মণিপুৰৰ দুই কুকি মহিলাক কৰা অত্যাচাৰৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সাংবাদিক ৰবিশ কুমাৰে কিছু কথা লিখিছে। এইকথাখিনি আচলতে পঢ়া উচিত। সেয়ে মূল লেখাটোৰ অসমীয়াত দিছো—

মণিপুৰৰ সেই মহিলাসকলৰ হৈ মাত মাতক…

ভাৰতীয় দৰ্শক আৰু পাঠকসকল,

বহু পুৰুষে দুগৰাকী কুকি মহিলাক উলংগ কৰি অংগ-প্ৰত্যংগ হেঁচি ধৰা মণিপুৰৰ সেই ভিডিঅ’টো আপোনালোক বহুতেই হয়তো দেখা নাপাব পাৰে। পুৰুষৰ ভিৰ এটাই লৈ গৈছে নিৰ্বস্ত্ৰ কৰা মহিলাকেইগৰাকীক। সেই মহিলাকেইগৰাকীৰ শৰীৰৰ সৈতে খেলা কৰিছে ভিৰৰ মাজৰ হত্যাকাৰীয়ে। অসহায় মহিলাসকলে কান্দিছে। এয়া উপভোগ কৰিছে পুৰুষৰ ভিৰটোৱে। ছ’চিয়েল মিডিয়া চাইটসমূহে অতি সোনকালে এই ভিডিঅ’টো শালীনতাৰ নিয়মৰ অধীনত ব্লক কৰিব, কিন্তু এই ঘটনা বাস্তৱিক। ইয়াৰ বৰ্ণনা কেৱল লিখা হৈছে। এই ভিডিঅ’টোৰ পিছত সেই মহিলাকেইগৰাকীৰ কি হ’ল, সেয়াও আমি নাজানো। দলটোৱে তেওঁলোকক ক’ৰ পৰা আনিছিল তথা ক’লৈ লৈ গৈছিল, সেয়াও আমি নাজানো। সেই ভিডিঅ’টোৰ আৰম্ভণি আৰু শেষৰ অংশ নাই, আছে মাত্ৰ অলপ অংশ। এই ভিডিঅ’টো স্বাভাৱিকতেই সহ্য কৰিব নোৱাৰি, কিন্তু সেই ভিডিঅ’টো কোনেও উপেক্ষা কৰিব নোৱাৰে। এই ঘটনা দেখাৰ পিছত আজি আপুনি মনে মনে থাকিব নোৱাৰে।

আজি আমি পুৰুষে ভিৰ পাতি আগুৰি ধৰা সেই উলংগ মহিলাসকলৰ হৈ মাত মাতিব লাগিব। য’তেই নাথাকক কিয় মাত মাতক। যদি আপুনি বজাৰলৈ গৈছে, তেন্তে দোকানীগৰাকীৰ সৈতে কথা পাতক। ৰিক্সাৱালাগৰাকীৰ লগত কথা পাতিব। ওলা-উবেৰৰ চালকৰ সৈতে কথা পাতক। যদি আপুনি আপোনাৰ দেউতালৈ ফোন কৰিছে, তেন্তে প্ৰথমে এই কথা কওক। যদি প্ৰেমিকাৰ সৈতে ফোনত কথা পাতিছে, তেতিয়াও প্ৰথমে এই কথা কওক। যদি ক্লাছ ৰুমত আছে তেন্তে তাতেই থিয় হৈ আপোনাৰ শিক্ষকৰ সন্মুখত কওক, যদি ৰেষ্টুৰেণ্টত বন্ধু-বান্ধৱীৰ সৈতে আনন্দ উপভোগ কৰিছে, তেন্তে খোৱা বন্ধ কৰি এই মহিলাসকলৰ হৈ মাত মাতক। যদি আপুনি বাছত, ট্ৰেইনত, বিমানবন্দৰত আছে, তেন্তে তাতেই কওক যে মণিপুৰৰ পৰা এনে এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত এক ভিৰৰ মাজত মহিলা উলংগ কৰি সেই উলংগ শৰীৰৰ সৈতে খেলা কৰা হৈছে। নাৰীক দেৱীৰ দৰে পূজা কৰা হয় বুলি প্ৰতিদিনে মিথ্যাচাৰ আওৰাই থকা দেশখনতে এই ঘটনা ঘটিছে। তাৰ পিছতো নিজৰ গাড়ীৰ পিছফালে লিখিছে ‘বেটী বচাও’! আজি যদি সেই দলটোৰ বিৰুদ্ধে মাত নামাতে, তেতিয়া তেওঁলোকৰ শৰীৰ, মন চিৰদিনৰ বাবে উলংগ হৈ থাকিব। আপোনাৰ এই নিৰ্লিপ্ততাই আপোনাক সেই দলটোৰে অংশ হিচাপে পতীয়মান কৰে; সেই ভিৰৰ মাজৰ এজনৰ দৰেই আপোনাকো এক দানৱ কৰি তোলে, যি সেই মহিলাসকলৰ উলংগ শৰীৰৰ সৈতে খেলা কৰিছে। সেইবাবেই ফোনটো হাতত তুলি লওক আৰু ফোনতে লিখক আৰু সকলোকে কওক যে মণিপুৰৰ মহিলাসকলৰ লগত এনেকুৱা হৈছে। আমি ইয়াৰ বিৰোধিতা কৰোঁ। লজ্জাত আমাৰ শিৰনত হৈছে। নিজস্ব মানৱতাক আপোনালোকে ৰক্ষা কৰক। মণিপুৰ কাণ্ডৰ বিৰুদ্ধে মাত মাতক। কোনেও যদি আপোনাৰ কথা শুনা নাই, বন্ধ কোঠা এটাতে অকলে সেই মহিলাসকলৰ বাবে কান্দক।

মণিপুৰৰ সেই মহিলাসকলৰ অসহায় অৱস্থাই আপোনাক স্পৰ্শ কৰিব নোৱাৰে বুলি মই জানো। তেওঁলোকৰ কান্দোন অনুভৱ কৰিব পৰাকৈ আপোনালোক সক্ষম হৈ থকা নাই। কিয়নো আপুনি পঢ়া বাতৰি কাকতখন, চোৱা বাতৰি চেনেলটোৱে আপোনাৰ সংবেদনশীলতাক হত্যা কৰিছে। আপোনাৰ মাজত থকা প্ৰেমৰ অনুভৱ ধ্বংস হৈ গৈছে। গোডী মিডিয়াত সেই মহিলাসকলৰ কণ্ঠ ধ্বনিত হ’ব নে নহয় নাজানো, এই দৃশ্য দেখি প্ৰধানমন্ত্ৰীয়ে জোৰেৰে কান্দি উঠিব নে নাই নাজানো, মহিলা উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীয়ে কেৱল দেখুৱাবলৈহে কান্দিব নে নাই নাজানো, কিন্তু এই উশৃংখল ভিৰ কোনে সৃষ্টি কৰিছে, কেনেধৰণৰ ৰাজনীতিয়ে এই ভিৰ গঢ়ি তুলিছে সেয়া মই জানো। এই ৰাজনীতিয়ে আপোনালোকক এক দানৱ কৰি তুলিছে। গোডী মিডিয়াই নিজৰেই দৰ্শক আৰু পাঠক সকলক মানুহ খোৱা মানুহলৈ ৰূপান্তৰিত কৰিছে।

জাতি, ধৰ্ম, ভাষা, ভূগোলৰ নামত পৰিচয়ৰ ৰাজনীতিয়ে মানুহক মানুহভোজী কৰি তুলিছে। মণিপুৰৰ মহিলাক কেন্দ্ৰ কৰি নাচি উঠা পুৰুষৰ ভিৰটো আপোনাৰ চাৰিওফালেও গঢ় লৈ উঠিছে। হাউছিং ছ’চাইটিৰ ককাসকলৰ পৰা সাৱধান। আপোনাৰ ঘৰত দিনে নিশাই বিষবাষ্প ছটিওৱা আত্মীয়ৰ পৰা সাৱধান হওক। ঘৃণা আৰু পৰিচয়ৰ ৰাজনীতিয়ে জনসাধাৰণক কেনে এক নৃশংস গোটলৈ ৰূপান্তৰিত কৰিছে, সেয়া ওলাই গৈ সকলোকে জনাওক। সেই মহিলাসকল কেৱল মণিপুৰৰ নহয়, কেৱল কুকি নহয়, তেওঁলোক আন একোৱেই নহয়; তেওঁলোক কেৱল মহিলা। যদি এই ঘটনাই আপোনাক অস্থিৰ কৰি তোলা নাই, যদি এই ঘটনাই আপোনাৰ মেৰুদণ্ডক শিহৰতি কৰিব পৰা নাই, তেতিয়াহ’লে আপুনি নিজকে মৃত বুলি ঘোষণা কৰা উচিত।

কিন্তু শেষ উশাহ লোৱাৰ পূৰ্বে সেই মহিলাসকলৰ হৈ মাত মাতক। কিবা এটা লিখকেই। কাৰোবাক কওক যে এনেকুৱা হৈছে। এই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰ-দুমাহ ধৰি মণিপুৰত শান্তিৰ বাবে আহ্বান জনোৱা নাছিল। মণিপুৰত উপস্থিত হৈ ঘৃণা আৰু হিংসা সমাপ্তিৰ বাবে আহ্বান জনোৱা নাছিল। ৰাষ্ট্ৰই নিজৰ কৰ্তব্য পালন নকৰিলে। তেওঁলোকৰ উপস্থিতি বা আহ্বানে যে হিংসা বন্ধ কৰি দিলেহেঁতেন, তেনে কোনো নিশ্চয়তা নাই। কিন্তু এই মৌনতাৰ অৰ্থ কি? এই মৌনতাক ন্যায্যতা দিব পাৰিনে? থাকক, বাদ দিয়ক প্ৰধানমন্ত্ৰীৰ মৌনতা। আপোনালোকে অন্তত নিজৰ মৌনতা ভাঙক। এবাৰলৈ মাত মাতক।।

মনজিৎ দত্ত

মনজিৎ দত্ত

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd