লাচিতলৈ সন্মান, নে অপমান?

ভাৰতবৰ্ষৰ মূল ভূখণ্ডলৈ লাচিতক উলিয়াই নিয়াৰ চৰকাৰী প্ৰয়াস প্ৰশংসনীয়৷ ৰাণা প্ৰতাপ সিংহ, ছত্ৰপতি শিৱাজীক সমগ্ৰ দেশৰ মানুহে যিদৰে জানে, লাচিত বৰফুকনকো সেইদৰে জনাটো আমি বিচাৰোঁ৷ কাৰণ আজিৰ পৰা কিছু বছৰৰ আগলৈকে “ভাৰতীয়” মানুহে অসম তথা উত্তৰ-পূবক জনাই নাছিল বুলি ক’লেও অত্যুক্তি কৰা নহ’ব চাগে’৷ শুনিবলৈ বেয়া হ’লেও ক’ব লাগিব, আলফাই নিজৰ সহিংস অস্তিত্ব প্ৰদৰ্শণ কৰাৰ আগলৈকে ভাৰতৰ বহু লোকে উত্তৰ পূৰ্বাঞ্চলক বিদেশ বুলিয়েই ভাবি আছিল৷

এতিয়াও তেনে লোকৰ অভাৱ নাই৷ আনবিলাক বাদেই, আমাৰ গাতে লাগি থকা পশ্চিমবংগতো এনে লোক আছে, যি প্ৰবল ইচ্ছা থকা স্বত্বেও কামাখ্যা দৰ্শন কৰিবলৈ আহিব পৰা নাই একমাত্ৰ “পাছপ’ৰ্ট” [হয়তো পাছ] নথকা বাবে। ভাৰতৰ বিস্তৃতিৰ  কথা বুজাবলৈ উত্তৰে কাশ্মীৰ, দক্ষিণে কন্যাকুমাৰী, পূবে বেংগল আৰু পশ্চিমে গুজৰাট বুলিয়েই সদায় উল্লেখ কৰি অহা হৈছিল৷ দেশৰ ৰাষ্ট্ৰীয় সংগীততো উত্তৰ-পূবৰ কোনো উল্লেখ নাই৷

সকলোৱে জনা কথা–১৮২৬ চনৰ আগলৈকে বৰ অসম এখন স্বাধীন ৰাজ্য আছিল৷ হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধকে ধৰি বিভিন্ন জনজাতীয় ধৰ্মৰ লোকেও ইয়াত মিলাপ্ৰীতেৰে বসবাস কৰি আছিল৷ অষ্টাদশ শতিকা মানলৈকে আহোম ৰজা আৰু বুজন সংখ্যক ডা-ডাঙৰীয়াই ফুৰালুং বা তাও ধৰ্মহে অনুসৰণ কৰিছিল বুলি বিশ্বাস কৰাৰ থল আছে৷ লাচিত আৰু অন্যান্য ডা-ডাঙৰীয়াসকলৰ মৃতদেহ দাহ নকৰি মৈদাম দিয়াটোও তাৰেই প্ৰমাণ৷

অৱশ্যে লাচিত বৰফুকনক ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচয় কৰি দিয়াৰ ইয়ে প্ৰথম প্ৰয়াস নহয়৷ ইয়াৰ আগতে, ১৯৯৯ চনৰ ২৪ এপ্ৰিলত, ভৱানন্দ ডেকা আৰু অৰ্ণৱজান ডেকাৰ উদ্যোগত, তদানীন্তন ৰাজ্যপাল এছ কে সিনহাৰ সহযোগত, “আসাম ফাউণ্ডেচন”ৰ বেনাৰত নতুন দিল্লীত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হৈছিল৷ তাত তেতিয়াৰ উপ-ৰাষ্ট্ৰপতি কৃষ্ণকান্ত, কেন্দ্ৰীয় গৃহ সচিব বি পি সিং, সেনাৰ মূৰব্বী প্ৰধান ভি পি মল্লিক আদিয়ে অংশ গ্ৰহণ কৰিছিল৷ সেইখন আলোচনা চক্ৰতে ভি পি মল্লিকে ‘নেচনেল ডিফেন্স একাডেমী’ত শ্ৰেষ্ঠ কেডেটজনক লাচিতৰ সোঁৱৰণত সোণৰ পদকেৰে পুৰস্কৃত কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ এতিয়া ৰজাঘৰীয়া আয়োজনৰ ধামখুমীয়াত সেই কথা তল পৰাটো দুৰ্ভাগ্যজনক৷

সি যি কি নহওক, লাচিত বৰফুকনৰ সময়ত বৰ অসমত “মুছলমান” অচিনাকি শব্দ নাছিল৷ তৎস্বত্বেও তেওঁ বা অন্যান্যসকলে মোগলক মুছলমান বুলি নকৈ, বঙাল বুলিহে অভিহিত কৰিছিল৷ তাৰ পৰাই বুজা যায়, সেই সময়ৰ ৰজা বা ডা-ডাঙৰীয়াসকলে আক্ৰমণকাৰীক ধমীয় দৃষ্টিকোণেৰে চোৱা নাছিল, চাইছিল বিদেশী আক্ৰমণকাৰী হিচাপেহে৷

লাচিতৰ জন্ম-তাৰিখৰ বিভ্ৰান্তিয়ে আমাক এটা কথা সকীয়াই দিয়ে যে আমি অসমৰ যিবিলাক বুৰঞ্জী পঢ়ি আছো, সেইবিলাক নিখুঁত নহয়, বৰং আসোঁৱাহযুক্ত৷ ইতিমধ্যে এই কথা স্পষ্ট হৈছে যে আহোম ভাষা আৰু তাই ভাষাৰ মাজত বিস্তৰ তাৰতম্য আছে৷ টাই ভাষাত ৰচিত আহোম শাসন কালৰ ইতিহাস আছে যদিও, তাৰ নিখুঁত ভাষান্তৰ একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছে৷ অসমৰ আহোমসকলে কোৱা ভাষাটো থাইলেণ্ডৰ টাই ভাষাৰ লগত বহুখিনি অমিল আছে৷ টাই ভাষাত বোলে একোটা শব্দৰ চমু-দীৰ্ঘ উচ্ছাৰণৰ ভিত্তিত বাৰ-চৈধ্যটালৈকে অৰ্থ কৰা হয়৷ গতিকে টাই ভাষা আৰু আহোম ভাষাৰ সম্যক জ্ঞান নথকা লোকে ৰচনা কৰা বুৰঞ্জী কেতিয়াও নিখুঁত হ’ব নোৱাৰে৷ ভৱিষ্যতেও যে আমি অতীত অসমৰ এখন নিখুঁত বুৰঞ্জী পাম, সেই লৈও সন্দেহ আছে৷ কাৰণ এই দুয়োটা ভাষাৰ যথোচিত জ্ঞান থকা লোক অসমত আছে বুলি মানি ল’বলৈ টান হৈ পৰিছে৷

অৱশ্যে বুৰঞ্জীখন নিখুঁত নহ’ল বুলিয়েই, লাচিতৰ জন্ম-তাৰিখৰ বিভ্ৰান্ত থাকিল বুলিয়েই অসমপ্ৰেমী, অদম্য সাহসী, অটল আত্মবিশ্বাসী বীৰজনাৰ শৌৰ্য-বীৰ্য, গুণ-গৰিমাক লৈ সন্দেহ উঠিব নালাগে; সন্দেহ উঠাটো উচিত নহয়৷ বুৰঞ্জীত সঠিকভাৱে লিপিবদ্ধ নহ’লেও, ঘটনাবোৰ মিছা নহয়৷ ব্ৰিটিছ লেখকসকলে ৰচনা কৰা ইতিহাসত লাচিতৰ বিষয়ে বিশেষ উল্লেখ নথকাটোত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ স্বাৰ্থ নিহিত থকা বুলি বিশ্বাস কৰাৰ থল আছে৷ লাচিতৰ জন্মৰ চন দুটা পোৱা যায়৷ এটা ১৬১২ আৰু আনটো ১৬২২৷ শৰাইঘাটৰ যুদ্ধ চলিছিল ১৬৬৯ৰ পৰা ১৬৭১ লৈকে৷ লাচিতৰ জন্মৰ চন যদি প্ৰথমটো বুলি লোৱা যায়, তেন্তে তেওঁ যুদ্ধৰ নেতৃত্ব দিয়াৰ সময়ত বয়স আছিল প্ৰায় ৫৭ বছৰ৷ আনহাতে, দ্বিতীয়টো বুলি ধৰিলে, তেওঁৰ বয়স আছিল ৪৭ বছৰ৷ সেইফালৰ পৰা আমি অধিক ডেকা লাচিতজনেই বিৰল বীৰত্বৰে যুদ্ধৰ নেতৃত্ব দিছিল বুলি ভবাৰ লোভটো বেছি৷

সম্প্ৰতি বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকী, গেন্ধেলা গৰীয়া, লাইধন খাঁ আদি পালি সেনাপতি- যুঁজাৰুসকলক লুকুৱাই পেলোৱাৰ এটা অপচেষ্টা চলা দেখা গৈছে৷ ইতিপূৰ্বে ডঃ সূৰ্য কুমাৰ ভূঞা, হেৰম্ব কুমাৰ বৰপূজাৰী, লীলা গগৈৰ লেখাতো বাঘ হাজৰিকাৰ উল্লেখ পোৱা যায়৷ খালি হাতেৰে বাঘ এটা হত্যা কৰা বাবেই হেনো তেওঁক বাঘ বুলি কোৱা হৈছিল৷ তেনে ব্যক্তিক পাহৰণিৰ গৰ্ভলৈ নিক্ষেপ কৰিবলৈ বিচৰাটো নিঃসন্দেহে ইতিহাস বিকৃত কৰাৰ এক অক্ষমনীয় অপচেষ্টা৷ কাৰণ লাচিতৰ নেতৃত্বত “অসমীয়া সেনা”ই “বঙাল আক্ৰমণকাৰী”ৰ বিৰুদ্ধেহে যুঁজিছিল; “হিন্দু”ৱে “মুছলমান”ৰ বিৰুদ্ধে যুঁজা নাছিল৷ বিজেপিয়েহে তেনে ৰহণ সানিবলৈ চেষ্টা কৰি আছে৷

সৰ্বানন্দ সোনোৱালে কৈছে বোলে লাচিতে মোগলক পৰাস্ত কৰি দক্ষিণ পূব এচিয়াক মুছলমানৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিছিল৷ কিন্তু আমি পাহৰা উচিত নহয় যে মোগলে ভাৰতত ক্ষমতা আৰু প্ৰতিপত্তি বৃদ্ধিৰ কাৰণেহে সাম্ৰাজ্য বিস্তাৰত মন দিছিল; ধৰ্ম বিস্তাৰৰ কাৰণে যুদ্ধ কৰা নাছিল৷ সেয়ে হোৱা হ’লে, মোগলৰ শাসন কালত ভাৰত ইছলামিক দেশেই হৈ পৰিলহেঁতেন৷ উল্লেখযোগ্য, ১৯৫১ চনৰ জৰীপ অনুযায়ী, ভাৰতৰ মুছলমান জনসংখ্যা আছিল ৯.৮ শতাংশ৷ ২০২২ চনত এই সংখ্যা বৃদ্ধি পাই ১৪.২ শতাংশ হৈছেগৈ৷

বলুকা শিল্পী সুদৰ্শন পাটনায়কৰ লাচিতলৈ শ্ৰদ্ধাঞ্জলি।

আজি লাচিত বৰফুকনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ লোৱা প্ৰয়াস নি:সন্দেহে প্ৰশংসনীয়৷ কিন্তু লাচিতক হিন্দুত্বৰ ৰাজনীতি বিস্তাৰৰ আহিলা হিচাপে প্ৰয়োগ কৰিলে, ইতিহাসৰ চূড়ান্ত বিকৃতি ঘটোৱা হ’ব৷  আন ৰাজনৈতিক দলত থাকোতে লাচিতলৈ মনত নপৰাসকলে আজি লাচিতক লৈ অত্যুৎসাহী হোৱা কাৰ্যই আমাৰ মনলৈ তেনে ধাৰণাই আনিছে৷ আমি আশা ৰাখিম—এই চাৰিশ বছৰীয়া জয়ন্তীত লাচিতক যেন অসমীয়াৰ জাতীয় বীৰ হিচাপেই প্ৰক্ষেপ কৰা হয়, হিন্দু বীৰ সজাবলৈ চেষ্টা কৰা নহয়৷ তেনে কৰিলে, লাচিতক সন্মান জনোৱাৰ পৰিৱৰ্তে অপমানহে কৰা হ’ব৷ সময়ত ইতিহাসে এই দুষ্কৃতিকাৰীসকলকো শুদাই নেৰিব৷

(লেখক দ্বিপেন কাকতি এগৰাকী নিবন্ধকাৰ।লেখকৰ ফোন নম্বৰ-৯৪৩৫০-৯০৮৯৯)