বাঘ হাজৰিকা বিতৰ্ক

আমি অতি দুখ, ক্ষোভ আৰু উদ্বিগ্নতাৰে মন কৰিছোঁ যে অসমৰ এচাম মানুহে সাম্প্ৰদায়িক মানসিকতাৰে অসমৰ মুছলমানসকলৰ অস্তিত্বক নসাৎ কৰিবলৈ প্রয়াস কৰি আহিছে। ইতিমধ্যে পূৰ্ব বংগীয় মুছলমানক একেবাৰে এঘৰীয়া কৰি তেওঁলোক যেন অসমৰ বাসিন্দা আৰু নাগৰিক নহয় তাক অনবৰতে প্রতিষ্ঠা কৰিবলৈ বিচৰা হৈছে। হয়তো কিছু বছৰৰ পাছত তেওঁলোকক ভোটাধিকাৰ পৰা বঞ্চিত কৰা হ’ব পাৰে। শেহতীয়াকৈ অসমীয়া মুছলমানৰ অৱস্থাকো একে পৰ্যায়লৈ লৈ যোৱাৰ কচৰৎ কৰি থকা হৈছে। তাৰ উমান চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ পৰা পোৱা গৈছে। এতিয়া চৰকাৰী পৃষ্ঠপোষকতাত বাঘ হাজৰিকা এক কাল্পনিক চৰিত্ৰ বুলি পতিপন্ন কৰিবলৈ বিচৰা হৈছে আৰু বাঘ হাজৰিকাৰ কোনো বাস্তৱ ভিত্তি নাই বুলি এচামে ক’ব ধৰিছে। দুখৰ বিষয় যে ইয়াৰ নেতৃত্ব লৈছে স্বয়ং অসমৰ মুখ্য মন্ত্ৰীগৰাকীয়ে।

সেইবাবেই আমাৰ  ভয়-সংশয় আৰু উদ্বিগ্নতা বাঢ়িছে। মুখ্য মন্ত্ৰীগৰাকীয়ে কৈছে যে বাঘ হাজৰিকাই শৰাইঘাটৰ ৰণত কোনো ভূমিকা লোৱাৰ কথা কোনো এগৰাকী ইতিহাসবিদে কোৱা নাই। ড’ সূৰ্য কুমাৰ ভূঞা এগৰাকী স্বনামধন্য ইতিহাসবিদ। তেখেতে এই সম্পৰ্কত যিখিনি লিপিবদ্ধ কৰি গৈছিল সেই বিষয়ে ইতিমধ্যে প্রচাৰ মাধ্যমত চৰ্চা হৈছে। তাক দোহৰাবলৈ বিচৰা নাই। সেইদৰে ডঃ মোহিনী শইকীয়া, ভূৱন চন্দ্ৰ সন্ধিকৈ প্ৰমুখ্যে বুৰঞ্জীবিদসকলে বাঘ হাজৰিকাৰ অস্তিত্বক দৃঢ়তাৰে প্ৰতিষ্ঠা কৰিছে। এই দিশত অসমৰ এগৰাকী বিশিষ্ট চিন্তানায়ক ডঃ  নগেন শইকীয়াই আব্দুছ ছাত্তাৰৰ বক্তব্যক উল্লেখ কৰি অসমীয়া মানুহৰ ইতিহাসত কি কৈছে চোৱা যাওঁক। তেখেতে লিখিছেঃ

“প্রসংগক্ৰমে উল্লেখযোগ্য যে….অসমীয়া মুছলমানসকলে ৰজাঘৰীয়া দায়-দায়িত্ব লৈ মোগলৰ বিৰুদ্ধে দেশ ৰক্ষাৰ নিমিত্তে যুদ্ধও কৰিছিল। লাচিত বৰফুকনৰ এজন পালি সেনাপতি আছিল চামুৱা হাজৰিকা পৰিয়ালৰ ইছমাইল চিদ্দিকী হাজৰিকা, যাক বাঘ হাজৰিকা বুলি কোৱা হৈছিল। সূৰ্য কুমাৰ ভূঞাই তেওঁৰ Annals of Delhi Badshahate নামৰ গ্ৰন্থত শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে জয়লাভ কৰাত ইছমাইল চিদ্দিকীৰ ভূমিকাৰ কথাও উল্লেখ কৰিছে যে আহোম ৰজাই গুৰুত্বপূৰ্ণ সামৰিক বিষয়াৰ দায়িত্বও অসমীয়া মুছলমানসকলক দিছিল আৰু তেওঁবিলাকে দেশ ৰক্ষাৰ বাবে প্রাণেপণে যুদ্ধ কৰিছিল। প্রসংগক্ৰমে উল্লেখ্য যে যদিও অনেক সময়ত মুছলমানৰ অসম আক্ৰমণ বুলি বা মোগলৰ অসম আক্ৰমণ বুলি কোৱা হয় দৰাচলতে ই দিল্লীৰ বাদশ্বাহ বা বংগৰ নবাবৰ আক্ৰমণহে আছিল। ইয়াত ধৰ্মৰ প্রশ্ন জড়িত নাছিল।” (পৃষ্ঠা ৩৫৬)।

অসমীয়া লোক গীত আৰু জনশ্ৰুতিত (Oral history) বাঘ হাজৰিকাৰ দেশপ্ৰেমৰ কথা উল্লেখ আছে। তথাপিতো এক উদ্দেশ্য-প্রণোদিতভাবে বাঘ হাজৰিকাক এক কাল্পনিক চৰিত্র বুলি দাবি কৰি এক নতুন ধাৰণা প্রচলন কৰিবলৈ চেষ্টা কৰা হৈছে। বাঘ হাজৰিকা যদি কাল্পনিক চৰিত্ৰ, তেওঁৰ বংশাৱলীৰ বিতং তথ্য কেনেকৈ ওলাল? (২০০৪ চনত প্রথম প্রকাশ পোৱা এ-এন. চালেহ উদ্দিন আহমদ হাজৰিকাৰ বাঘ হাজৰিকা নামৰ গ্ৰন্থত বাঘ হাজৰিকাৰ পৰা আৰম্ভ কৰি তেওঁৰ বংশাৱলীৰ শেহতীয়া তথ্য প্রকাশ কৰা হৈছে।) যিসকলে বাঘ হাজৰিকাক এক কাল্পনিক চৰিত্র বুলি প্রমাণ কৰিবলৈ বিচাৰিছে তেওঁলোকে প্রকাৰন্তে এইটো ক’বলৈ বিচাৰিছে যে অসমৰ কোনো ক্ষেত্ৰতে মুছলমানৰ অৱদান নাই। এয়া অতিকৈ দুৰ্ভাগ্যজনক কথা। সকলো অসমীয়া মানুহৰ বাবে যিদৰে মহাবীৰ লাচিত বৰফুকন এক দেশপ্ৰেম, আৱেগ আৰু জাতীয় অভিমান, বাঘ হাজৰিকাও জাতি-ধৰ্ম নিৰ্বিশেষে সকলো অসমীয়া মানুহৰ বাবে দেশপ্ৰেম, সম্প্ৰীতি, সমন্বয়, জাতীয় চেতনা আৰু আৱেগৰ এক প্রাতঃস্মৰণীয় প্ৰতীক। এই প্রতীকক আঘাত কৰা মানে অসমীয়া মুছলমানসকলৰ মান-অভিমান, স্বদেশপ্ৰেম, আৱেগক কুঠাৰঘাত কৰা। অসমৰ মুছলমানৰ ৰাজহুৱা আৰু প্রথম পৰিচয় ভাষা-কেন্দ্ৰিক – অৰ্থাৎ অসমীয়া ভাষা কেন্দ্রিক। ধৰ্ম দ্বিতীয় পৰিচয়হে। তেওঁলোক যিদৰে ধাৰ্মিক সেইদৰে অসমীয়া দেশপ্ৰেমিকো।

এই প্রসংগতে কেইটামান কথা চমুকৈ ক’বলৈ বিচাৰোঁ। এক, শৰাইঘাটৰ যুদ্ধ হৈ যোৱা আৰু বাঘ হাজৰিকাই তাত পালন কৰা দায়িত্ব আজিও অৰ্থাৎ তিনিটা শতিকা পাৰ হৈ যোৱাৰ পাছতো সি অলপো ম্লান পৰা নাই। ৰাজনৈতিক নেতা আহে, শাসন চলাই আৰু সময়ৰ সোঁতত নাইকিয়া হৈ যায়। তেওঁলোকৰ যশয্যা সুকৰ্মৰ যোগেদি প্রতিষ্ঠা হয়; ঘৃণা আৰু বিদ্বেষ বিয়পোৱাৰ যোগেদি নহয়। বাঘ হাজৰিকাক যি ধৰণৰ কল্পনাৰ কৱচ নিপিন্ধাওক, অসমীয়া মুছলমানৰ অস্তিত্ব থকালৈকে আৰু তেওঁলোকৰ অসমীয়া আবেগ আৰু চেতনা বৰ্তী ৰোৱালৈকে আৰু সমন্বয়ৰ চিৰ-সেউজ পৰিৱেশ অসমত সজীৱ হৈ ৰোৱালৈকে বাঘ হাজৰিকাক জন-মানসৰ পৰা আৰু অসমৰ ইতিহাসৰ পৰা মছি পেলাব নোৱাৰে। অসমৰ এই বৃহৎ সম্প্ৰদায়টো দলিয়াই পেলোৱা পদাৰ্থ নহয়। অসমীয়া হিচাপে তেওঁলোকৰ স্বাভিমান, আৱেগ, আৰু দেশপ্ৰেমক যিমানেই আঘাত নকৰক, তেওঁলোকৰ অস্তিত্বক স্বীকৃতি কোনোবাই দিয়ক বা নিদিয়ক, তেওঁলোকে স্বকীয় চৰিত্ৰৰে ৰাজ্যখনৰ প্রতি সেৱা আগবঢ়াই যাব। তাত কোনোৱে বাধা দিব নোৱাৰিব। তাক উপলুঙা কৰিব পাৰিব কিন্তু অসমীয়া মুছলমান মানুহৰ প্রাসংগিকতা ভৰিৰে মোহাৰিব নোৱাৰিব।

দুই, ড’ সূৰ্য কুমাৰ ভূঞা প্রমুখ্যে বৰেণ্য ব্যক্তিয়ে বাঘ হাজৰিকাৰ অস্তিত্বক মানি লোৱাসকল ‘বাম পন্থী’ আৰু ইতিহাস-অসচেতন নেকি? সেই কথাটো প্রতিগৰাকী সচেতন ব্যক্তিয়ে বিচাৰ কৰি চাবৰ সময় হ’ল।

তিনি, অসমীয়া ভাষা-সংস্কৃতিৰ প্রতি বৰ্তমান সময়ত ভাবুকি আহি আছে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত ‘কা’ প্রণয়ন হ’ল আৰু এই হঠকাৰী আইন বলবৎ হোৱাৰ পথত। তাৰ ফলত অসমীয়া মানুহৰ জন-গাঁথনিত ভয়ানক আঘাত পৰিব। এনে এটা সময়ত সকলো সচেতন অসমীয়াই ঐক্যবদ্ধভাবে বিপদৰ সন্মুখীন হ’ব লাগিব। তাকে নকৰি খিলঞ্জীয়া অসমীয়া মুছলমানক এঘৰীয়া কৰাৰ ফল কি হ’ব পাৰে তাক এচাম লোকে হয়তো বুজি পোৱা নাই। অসমীয়া মানুহক আৰু কিমান ভাগত ভগাই জাতিটোক নিশকতীয়া কৰি তুলিব? যিসকলে সেইটো  কৰি আছে তেওঁলোকে ধৰি লৈছে যে ধৰ্মৰ এনাজৰীৰে সকলো হিন্দুক বান্ধি ৰাখিব পাৰিলে তেওঁলোকৰ ৰাজনৈতিক উদ্দেশ্যৰ সফলতা উৰ্ধগামী হ’ব, লাগিলে অসমীয়াৰ জাতীয় আৰু ভাষিক পৰিচয় বিপদগ্ৰস্ত হৈ পৰক। তেওঁলোকে পাহৰি গৈছে যে আমাৰ চুবুৰীয়া বাংলাদেশ কিহৰ ভিত্তিত পাকিস্তানৰ পৰা ওলাই আহি এখন ভাষা-কেন্দ্ৰিক ৰাষ্ট্র হিচাপে গঢ় লৈ উঠিছিল। ভাৰতৰ প্রায়বিলাক ৰাজ্য স্থানীয় ভাষাৰ ভিত্তিত পুনৰগঠিত হৈছিল আৰু আজিও সেইদৰে জাতিষ্কাৰ হৈ ৰৈছে। তাত ধৰ্মৰ ভূমিকা ক’ত? গতিকে আমি সকলো অসমীয়া মানুহক বিনম্ৰভাবে আহ্বান কৰিছোঁ — তেওঁলোকে যেন অসমীয়া জাতিটোক ধৰ্মৰ বিচাৰেৰে নিশকতীয়া কৰি নোতোলে।