গুণোৎসৱ আৰু চৰকাৰী খণ্ডৰ বিদ্যালয় 

অতি সম্প্ৰতি চৰকাৰী বিদ্যালয় সমূহত উৎসৱৰ এক বিশাল আয়োজন চলিছে ৷ অতদিনে কুম্ভকৰ্ণৰ নিদ্ৰাত থকা চৰকাৰী বিদ্যালয়সমূহ হঠাতেই যেন টোপনিৰ পৰা চকামকাকৈ সাৰ পাই উঠিছে ৷ বিদ্যালয় সমূহৰ প্ৰধান শিক্ষাগুৰুসকলৰো একেই অৱস্থা গা সাতখন-আঠখন ৷ বিদ্যালয় সমূহৰ উৱলি যোৱা দেৱালত নতুন ৰং লগাইছে , জাবৰৰ দ’ম সমূহত জুই লগাই চাফা কৰিছে ,জোৰা টাপলি মৰা ডেস্ক বেঞ্চবোৰ আতঁৰাই পুনৰ মেৰামতি কৰাইছে, কাৰ্য্যালয়ৰ খিৰিকীবোৰত নতুন পৰ্দা লগাইছে , নাৰ্চাৰীৰ পৰা ফুল ক্ৰয় কৰি আনি একেৰাতিতে জকমকীয়া ফুলনি বাগিচা গঢ়ি তুলিছে, ধূলিৰে পোত খাই থকা ফাইলসমূহ জোকাৰি চাফা কৰিছে ইত্যাদি, ইত্যাদি… ৷  মুঠতে উৎসৱৰ বতৰত আমি সকলোৱে নতুন পোছাক এযোৰ পিন্ধাৰ দৰেই বিদ্যালয়খনক সজাই পৰাই এক প্ৰদৰ্শনস্থলী হিচাপে গঢ়ি তুলিছে কাৰণ এতিয়া গুণোৎসৱৰ বতৰ অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ বিদ্যালয় সমূহত৷

অসমত এই গুণোৎসৱৰ আৰম্ভণি ২০১৭ বৰ্ষৰ পৰাই আৰম্ভ হৈছিল ৷ সেই সময়ৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিদ্যালয়সমূহৰ গুণগত শিক্ষা (Quality education)ৰ মান নিৰীক্ষণ কৰিবলৈ লোৱা এক বৃহৎ প্ৰচেষ্টাতেই এই গুণোৎসৱৰ আৰম্ভণি হৈছিল ৷ এইখিনিতে আমাৰ এটি প্ৰশ্নৰ অৱতাৰণা হয় যে, গুণোৎসৱ উদযাপনৰ ফলত প্ৰকৃততেই বাৰু চৰকাৰী শিক্ষাখণ্ডৰ শিক্ষাৰ গুণগত মান পূৰ্বৰ তুলনাত উন্নত হৈছেনে নে কেৱল সাধাৰণ ৰাইজক আভুৱা ভাৰিবলৈকে চৰকাৰে গুণোৎসৱ সদৃশ এক চমৎকাৰী পদক্ষেপৰ সৃষ্টি কৰিলে ৷

২০১৭ বৰ্ষৰ পৰাই বৰ্তমান সময়লৈকে প্ৰতিখন জিলাতেই চতুৰ্থ সংখ্যকবাৰলৈ গুণোৎসৱৰ উদযাপন হ’ল কিন্তু আজি পৰ্যন্ত বিদ্যালয় সমূহত থকা অভাৱবোৰ পূৰণ কৰাৰ বাবে কোনোধৰণৰ পদক্ষেপ চৰকাৰীভাৱে লোৱা দেখা নগ’ল ৷ কেৱল বিজ্ঞাপন আৰু বেনাৰ সমূহতেই যেন আৱদ্ধ হৈ ৰৈ গৈছে গুণোৎসৱৰ প্ৰকৃত লক্ষ্য আৰু উদ্দেশ্য। এদিনৰ বাবে প্ৰশিক্ষণ দি নিৰীক্ষকজনক বিদ্যালয়ৰ সৰ্বাংগীণ দিশ মূল্যায়নৰ বাবে দায়িত্ব দি পঠিওৱা কোনো এক বিশেষ চৰকাৰী বিভাগৰ নিৰীক্ষকজনে বাৰু কিমান সততাৰে বিদ্যালয় সমূহৰ মূল্যায়ন কৰে ৷ প্ৰায় শতকৰা বেছি সংখ্যক নিৰীক্ষকেই যেন পাল মৰা স্বভাৱ একোটাৰে যেনেতেনে দিনটোৰ সময়বোৰ অতিবাহিত কৰি মাছ মাংসৰে এসাঁজ পেট ভৰাই খাই ডিঙিত ফুলাম গামোচা এখনলৈ বিদ্যালয়খনে ভৱিষ্যতে লাভ কৰিবলগীয়া গ্ৰেডটোৰ সৈতে অংক এটা মিলামিছা কৰি গুচি যায় ৷

কিন্তু তাৰ ভিতৰতো দুই এজন ব্যতিক্ৰম নিৰীক্ষকো আছে ৷ যিসকলে নেকি বিদ্যালয়ৰ শৈক্ষিক ব্যৱস্থাটোৰ লগতে বিদ্যালয় সমূহত চলি থকা কিছু অনিয়মৰ কথা সততাৰে মুকলিকৈ সংবাদ মাধ্যমৰ মাজেদি প্ৰকাশ কৰি সাধাৰণ ৰাইজৰ দৃষ্টিগোচৰ কৰিবলৈ সক্ষম হৈছে ৷ যাৰ ফলস্বৰূপে একাংশ অভিভাৱক সচেতন হৈ উঠিছে ৷ বহু সৎ নিৰীক্ষকে বিদ্যালয় সমূহৰ প্ৰয়োজনীয় দিশসমূহ উল্লেখ কৰি চৰকাৰলৈ পত্ৰও প্ৰেৰণ কৰে ৷ কিন্তু এইক্ষেত্ৰত আমাৰ চৰকাৰে নিমাতী কন্যাৰ ভাও জুৰি বহি ৰয় ৷ চৰকাৰীভাৱে জৰীপ চলালে এতিয়াও বছৰ বছৰ ধৰি চলি অহা বহুতো এজনীয়া শিক্ষকৰ বিদ্যালয়ৰ সংখ্যা ওলাব আমাৰ ৰাজ্যখনত ৷

যিখন চৰকাৰে গুণগত শিক্ষাৰ কথা কৈ প্ৰতিবছৰে গুণোৎসৱৰ আয়োজন কৰিবলৈ লৈছে সেইখন চৰকাৰেই আকৌ শৈক্ষিক দিশটোত থকা অভাৱসমূহ দূৰ কৰাত যেন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৷ বৰ্তমানৰ শৈক্ষিক ব্যৱস্থাটোলৈ যদি আমি ভালকৈ দৃষ্টি নিক্ষেপ কৰোঁ তেতিয়াহলে কেৱল চৰকাৰী নিৰ্দেশসমূহ পালন কৰি কেৱল তাৰ প্ৰমাণ স্বৰূপে একোখনকৈ ছবি পঠিয়াই দিয়াতে সীমাবদ্ধ হৈ ৰৈছে চৰকাৰী বিদ্যালয়ৰ ফোঁপোলা শৈক্ষিক ব্যৱস্থা ৷ তাৰোপৰি প্ৰতিবছৰে চৰকাৰী শিক্ষকসকলৰ প্ৰশিক্ষণৰ নামত যি এক ভেকোঁভাওনা চলি আছে সেই কথা নকলেও বিজ্ঞজনে বুজিব ৷ অন্যহাতে আমাৰ ৰাজ্যৰে সংখ্যালঘু অঞ্চলৰ কিছুসংখ্যক বিদ্যালয়ৰ প্ৰধান শিক্ষাগুৰুসকলে বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ধন আৰু ছাত্ৰ-ছাত্ৰীৰ ঐক্য সাজৰ ( School Uniform ) আৱন্টিত ধন আত্মসাৎ কৰিবলৈ বিদ্যালয় এখনত কিদৰে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰে আৰু গুণোৎসৱৰ সময়ত নিদিষ্ট মূল্যায়নৰ দিনটোত ব্যক্তিগত শিক্ষাখণ্ডৰ বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰী আনি এশ শতাংশৰ উপস্থিতি দেখুৱাই “এ” প্লাছ গ্ৰেড লৈ চৰকাৰৰ পৰা প্ৰশংসা পত্ৰও লৈ আহিছে ৷

এই যে এদিনৰ বাবে নিৰীক্ষকজন আহে তেওঁ বিদ্যালয়সমূহৰ অন্তঃভাগত অতবছৰে চলি থকা দুৰ্নীতিসমূহৰ কথা বিশেষ একোৱেই ভূ-নাপায় আৰু তেওঁ কথাবোৰ জানিলেও প্ৰশিক্ষণৰ সময়তে তেওঁলোকক চৰকাৰৰ হিতে থকা বিষয়সমূহত ঋণাত্মক প্ৰতিবেদন দাখিলৰ পৰা বিৰত থাকিবলৈ পূৰ্বতেই সঁকীয়াই দিয়ে ৷ তেওঁ কেৱল বিদ্যালয়ৰ ফাইলৰ মাজত সোমাই থকা মিথ্যা তথ্য সমূহ অধ্যয়ন কৰিয়েই ভৱিষ্যতৰ ফলাফল একোটাৰ বাবে বিদ্যালয়খনৰ নিদিষ্ট তথ্যসমূহ বিভাগলৈ প্ৰেৰণ কৰে আৰু এনেকৈয়ে আমাৰ চৰকাৰী শিক্ষাখণ্ডই কাগজে পত্ৰই উন্নতিৰ জখলা বগাই গৈ আছে। অতি পৰিতাপৰ কথা যে বাস্তৱিকতে কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবিহে প্ৰতিফলিত হৈ আছে যিসমূহ কাৰোৰে বাবে যেন লক্ষণীয় নহয় ৷

আমি সকলোৱে জানো যে অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ বিদ্যালয় সমূহৰ এশ এবুৰি সমস্যা ৷ যিসমূহ কৈ থাকিলেও শেষ নহয় ৷ ইয়াৰ মূল কেৰোণটো কোনখিনিত বাৰু! আমাৰ শাসকীয় চৰকাৰখনেই ইয়াৰ মূল জগৰীয়া নহয়নে ?? যিখন ৰাজ্যত শিক্ষক সমূহ ভিন্ন ভিন্ন ভাগত বিভক্ত কৰি শিক্ষাগুৰুৰ মাজত ভেদাভেদৰ সৃষ্টি কৰিছে সেইখন ৰাজ্যত শিক্ষাৰ ভেটিতো কেনেকৈ সবল হয় ৷ য’ত শ্ৰেণী অনুসৰি পৰ্যাপ্ত শিক্ষকৰ অভাৱৰ লগতে উন্নতমানৰ শৈক্ষিক পৰিকল্পনাৰ অভাৱ তথা ছাত্ৰ-ছাত্ৰীৰ বুদ্ধ্যাংক অনুসৰি নাই কোনো বিজ্ঞানসন্মত পাঠ্যক্ৰম তেনে ক্ষেত্ৰত কেনেকৈ মানৱ সম্পদ গঢ়াৰ বাট একোটা আমাৰ বাবে সুচল হব ৷ চৰকাৰী খণ্ডৰ শিক্ষাৰ সৈতে আজি ছয়বছৰে জড়িত হৈ থকা এজন শিক্ষক হিচাপে শিক্ষাব্যৱস্থাটোত চলি থকা বহু কেৰোণ অতি ওচৰৰ পৰাই দেখিছো ৷ উক্ত সমস্যা সমূহ দূৰ কৰিবলৈ হ’লে পোনপ্ৰথমেই চৰকাৰৰ সদিচ্ছাৰ প্ৰয়োজন আৰু তাৰ প্ৰথম পদক্ষেপ হিচাপে কৰিব লগা কাম হৈছে শিক্ষক সকলৰ মাজত কোনো ভেদাভেদ নাৰাখি সকলোকে সম মৰ্যাদা প্ৰদান কৰা ৷ ইয়াৰোপৰি শ্ৰেণী অনুযায়ী বিদ্যালয় সমূহত শিক্ষক নিযুক্তিত প্ৰধানকৈ গুৰুত্ব আৰোপ কৰাতো অতিকে প্ৰয়োজন ৷ ইয়াৰ লগে লগে বিদ্যালয় সমূহ বিভাগীয় মুৰব্বীৰ দ্বাৰা নিয়মীয়াকৈ নহ’লেও মাহটোত এবাৰ হ’লেও পৰিদৰ্শনৰ ব্যৱস্থা কৰাটো অত্যন্ত প্ৰয়োজন ৷ তাৰোপৰি চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শিক্ষাগুৰু সকলক এটা উপযুক্ত পৰিৱেশ প্ৰদান কৰক কিয়নো কেৱল শৈক্ষিক কৰ্মসমূহৰ বিপৰীতে যাতে অন্য কোনো অতিৰিক্ত বিভাগত যেনে- এন আৰ চি, আধাৰ, বেংক একাউণ্ট, ইত্যাদি  কৰ্মসমূহৰ পৰা শিক্ষাগুৰুসকলক বিৰত ৰাখক যাতে বিদ্যালয়ত ছাত্ৰছাত্ৰীসকলৰ উত্তৰণৰ হেতু শৈক্ষিক দিশটোত বেছিকৈ সময় দিব পাৰে ৷

বিদ্যালয় ব্যৱস্থাটোৰ সৈতে ৰাইজক জড়িতকৰণ ব্যৱস্থাটো চৰকাৰৰ এক আদৰণীয় পদক্ষেপ যদিও কিছু কিছু অঞ্চলত এই ৰাইজ জড়িতকৰণ ব্যৱস্থাটো এক অতিৰিক্ত সমস্যাহে হৈ পৰে যাৰফলস্বৰূপে বিদ্যালয় এখনৰ পূঁজি সমূহ উপযুক্তভাৱে ব্যৱহাৰ হৈ নুঠে আৰু শেষত বিদ্যালয় তথা অনুষ্ঠানটোৰ উত্তৰণ নোহোৱাৰ দোষ সমূহ ঘূৰি পকি আহি বিশেষকৈ শিক্ষকসকলৰ ওপৰতেই পৰে ৷ আমি অনুভৱ কৰোঁ যে চৰকাৰৰ কিছুমান ভুল নীতিৰে পৰিচালিত হৈ থকা বাবেই  আমাৰ চৰকাৰী শিক্ষাখণ্ডৰ বাবে শৈক্ষিক ব্যৱস্থাটো বহু পিছ পৰি আছে যেন আমাৰ ভাব হয় ৷ তদুপৰি চৰকাৰে শিক্ষকসকলক এক স্বাধীন পৰিৱেশ দিয়ক যাতে শিক্ষকজনে চাপমুক্ত হৈ নিজৰ যাৱতীয় কৰ্মসমূহ সফলতাৰে কৰিব পাৰে। গুণোৎসৱৰ নামত অযথা হাৰাশাস্তিয়ে শিক্ষকসকলৰ শৈক্ষিক দিশটোতহে ব্যাঘাত জন্মাই আহিছে ৷ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি বিভাগীয় মুৰব্বীসকলে কেৱল শিক্ষকসকললৈ বিভিন্ন নিৰ্দেশ পঠিয়াই থাকিলেই ব্যৱস্থা এটাৰ সলনি নহয় ৷ তেওঁলোকেও প্ৰাথমিক পৰ্যায়ত বিভিন্ন নীতিসমূহ কিমান সফলতাৰে ব্যৱহাৰ হৈছে সেই সমূহ সূক্ষ্মভাৱে অধ্যয়ন কৰিলৈ শৈক্ষিক দিশটোৰ উত্তৰণৰ কথা চিন্তা কৰক ৷ বৰ্তমান একাংশ মুষ্টিমেয় শিক্ষকৰ প্ৰচেষ্টাতহে হাউলি পৰিব ধৰা চৰকাৰী বিদ্যালয়সমূহ এতিয়াও কোনোমতে চলি আছে ৷ যদিহে গুণগত শিক্ষাৰ ভেটিটো গঢ়িবলৈ লাগে তেনেহলে  ছাত্ৰ ছাত্ৰীসকলৰ মুল্যায়ন ব্যৱস্থাটোৰ সালসলনি কৰাৰ উপৰিও পাছ ফেইল ব্যৱস্থাটো পুনৰ প্ৰৱৰ্তন কৰাত মন দিয়ে যেন ৷ কেৱল গুণোৎসৱত পোৱা গ্ৰেড এটাৰেই কোনো এখন বিদ্যালয়ৰ শৈক্ষিক দিশটো নিৰূপণ কৰা একেবাৰেই যুক্তিকৰ কথা নহয়।

গুণোৎসৱে বিদ্যালয়সমূহলৈ নতুন প্ৰাণ আনিছে সচাঁ কথা, ই এক ধনাত্মক সংকেত আমাৰ বাবে ৷ তাৰোপৰি সমান্তৰালভাৱে বিদ্যালয় সমূহত শিক্ষকসকলৰ নিয়মীয়া উপস্থিতি নিৰীক্ষণত মাত্ৰাধিক গুৰুত্ব আৰোপ কৰক আৰু কঠোৰ যোগ্যতাৰ ভিত্তিত শিক্ষকসকলক নিযুক্তি প্ৰদান কৰক ৷ যিহেতু শিক্ষকতা হৈছে এটা পবিত্ৰ বৃত্তি ৷ কোৱা হয় যে, পূৰ্বজন্মৰ পূণ্যৰ ফলতহে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তি এটা মানুহে লাভ কৰে ৷ শিক্ষক হৈছে এখন সমাজৰ পথ প্ৰদৰ্শক তথা স্ৰষ্টা ৷ ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীণ বিকাশৰ উপৰিও অজ্ঞানতাৰ পৰা জ্ঞানৰ দিশে আগুৱাই নিয়াই হ’ল শিক্ষকৰ প্ৰথম আৰু প্ৰধান কতৰ্ব্য ৷ এজন হত্যাকাৰীয়ে আপোনাক হত্যা কৰিব পাৰে ৷ তেওঁৰ কাম হত্যা কৰাতেই সীমাবদ্ধ হৈ ৰয় ৷ কিন্তু এজন শিক্ষকে আমাক গোটেই জীৱনজুৰি প্ৰভাৱিত কৰি ৰাখে ৷ শিক্ষক এজনৰ প্ৰভাৱ আমি আমাৰ জীৱনত কেতিয়াও শেষ বুলি কব নোৱাৰো ৷ আমাৰ বিশ্বাস চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহলৈ এদিন পুনৰ সেই আগৰ প্ৰাণ ঘুৰি আহিব যদিহে চৰকাৰৰ সদিচ্ছা আৰু শিক্ষকসকলে নিষ্ঠাৰে নিজ বিদ্যালয় তথা অনুষ্ঠানটোৰ প্ৰতি সেৱা আগবঢ়ায়। সমাজৰ বিজ্ঞসকলৰ সহযোগত পুনৰ জেউতি চৰিব ৷

(লেখক ৰাজ্যৰ শিক্ষা ব্যৱস্থা সচেতনভাৱে নিৰীক্ষণ কৰি অহা এগৰাকী শিক্ষক )