২০১৭ চনত, আমচাং উচ্ছেদৰ সময়ত নিজৰ ঘৰৰ ভগ্নাৱশেষৰ মাজৰ পৰা হাতত ৰন্ধন গেছৰ চুলালৈ ওলাই অহা জনজাতীয় মূলৰ মহিলা এগৰাকীৰ ছবি এখন বহুলভাৱে প্ৰচাৰিত হৈছিল। তেওঁৰ স্থিৰ চকুযুৰিয়ে সকলো হেৰুওৱাৰ বেদনা ব্যক্ত কৰিছিল। ঠিক একেদৰে ২০১৯ চনত চাৰ্কেবস্তিত চলোৱা উচ্ছেদত গৰ্ভৱতী কুলছুমা বেগমৰ মৃত্যুৱে সকলোকে স্তম্ভিত কৰি তুলিছিল। তাইৰ কণমানি সন্তানটিকো ৰক্ষা কৰিব পৰা নগ’ল।
ক্ষতিপূৰণ অবিহনে হোৱা উচ্ছেদে হেজাৰজনৰ জীৱন থানবান কৰি পেলায় আৰু এৰি থৈ যায় ঘৰৰ লগতে সপোনৰ ভগ্নাৱশেষ। কিন্তু এই উচ্ছেদৰ সৰ্বাধিক প্ৰভাৱ পৰা মহিলা আৰু শিশুসকলৰ কথা সাধাৰণতে গুৰুত্ব সহকাৰে চিন্তা কৰা নহয়। সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছে কণমানি নিকু কলিতাই। নিকুয়ে প্ৰশাসনৰ প্ৰতিনিধি এগৰাকীক অলপ অনুৰোধ কৰিছিল কিছু সময় পিছত তেওঁলোকৰ ঘৰখন ভাঙিবলৈ, কাৰণ ঘৰৰ বস্তুবোৰ আঁতৰোৱা শেষ হোৱা নাছিল।
তাৰ পিছত নিকুক সহায় কৰিবলৈ বহু মানুহ আগুৱাই আহিল। কিন্তু নিকুক এই কোমল বয়সত সৰ্বহাৰা কৰি পেলোৱা ব্যৱস্থাৰ শক্তিশালী বিৰোধ চকুত নপৰিল। এনে আৰু বহু নিকুৰ জীৱন আৰু ভৱিষ্যত নিৰাপত্তাহীনতাত ভুগি আছে। ঠিক একেদৰে কুলছুমাৰ দৰে বহু মহিলা উচ্ছেদত সকলোখিনি হেৰুৱাইছে। কথাবোৰ আলোচনা কৰাৰ গুৰুত্বপূর্ণ কাৰণ মুলসূঁতিৰ বিশ্লেষণে বহু সময় এই বহুলভাৱে বঞ্চিত মানুহখিনিক ঢুকি নাপায়। উচ্ছেদক কেৱল আইনী সমস্যা ৰূপে চালে নাইবা কেৱল মানৱ অধিকাৰ উলঙ্ঘা কৰা এক ঘটনা ৰূপে চালে, উচ্ছেদৰ বঞ্চনাৰ বহু স্তৰ নেদেখা কৈয়ে ৰৈ যাব। তেনে এক স্তৰ এই লেখাৰ জৰিয়তে উদঙাই দিয়াৰ এক প্রচেষ্টা কৰা হ’ল।
উচ্ছেদে সকলো গৃহহাৰা মানুহক এক নিৰাপত্তাহীন ভৱিষ্যতৰ পিনে ঠেলি দিয়াৰ সময়তে, মহিলা আৰু শিশুসকলৰ বাবে যেন ই বিশেষভাৱে ক্ষতিকাৰক। পুৰুষতান্ত্রিক সমাজ এখনে নাৰী আৰু পুৰুষৰ ভিন্ন পৃথিৱীৰ মাজত এক প্রাচীৰ সৃষ্টি কৰি দিয়ে। বাহিৰৰ জগতখন পুৰুষৰ, কিন্তু ভিতৰৰ ঘৰখন নাৰীৰ। এনে বিভাজন সমালোচনা কৰা প্রয়োজন, কিন্তু তাৰ আগতে নাৰীৰ জীৱনত ঘৰখনৰ গুৰুত্ব যে অলপ বেছি আৰু অলপ ভিন্ন সেই কথা আমি নাকচ কৰিব নোৱাৰোঁ। নিজ হাতেৰে সুন্দৰভাৱে সজাই তোলা ঘৰখন, নিজ হাতেৰে পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰখা ঘৰখনৰ ওপৰত চলোৱা জেচিবি যেন ঘৰৰ মানুহগৰাকীৰ বুকুৰ ওপৰতো চলে।
তাৰ পিছত অহা যাওক চকুৰ পলকতে গৃহহীন হৈ পৰা নাৰীসকলৰ অৱস্থালৈ। আমি এনে বহু হৃদয়বিদাৰক ঘটনাৰ সাক্ষী হ’ব লগা হৈছে য’ত গর্ভৱতী নাৰী, কণমানি শিশুক হাড়ঁ কপোৱা জাৰত মুক্ত আকাশৰ তলত থিতাপি ল’বলৈ বাধ্য কৰোৱা হৈছে। কিমানজন অসুস্থ হৈ পৰিছে আৰু কিমানে নিজ সন্তানক হেৰুৱাব লগা হৈছে। কিন্তু আইন আৰু ক্ষতিপূৰণৰ ৰাজনীতিত এই কথাবোৰ কোনে চিন্তা কৰে।
মুক্ত আকাশৰ তলত ভঙা ঘৰখন আৰু সপোনবোৰ বুটলা যে কিমান কঠিন সেয়া এই উচ্ছেদিত মহিলাসকলৰ ওচৰলৈ গ’লে গম পোৱা যায়। সকলোখিনি হেৰুওৱাৰ পিছতো সন্তানৰ মুখত দুমুঠি অন্নৰ যোগান ধৰাৰ চিন্তা এই মহিলাসকলৰ। নিজৰ সন্তানৰ সুৰক্ষাৰ কথা চিন্তা কৰা, বিশেষকৈ কন্যা সন্তানৰ সুৰক্ষাৰ প্রতি তীক্ষ্ণ দৃষ্টি দিয়াৰ কাম মাকজনীৰ। নিজৰ শাৰীৰিক আৰু মানসিক অৱস্থাক আওকাণ কৰি নিজৰ পৰিয়ালৰ লগত থিয় দিয়াটো এক কষ্টদায়ক সংগ্রাম। আৰু এই সংগ্রামত অৱতীর্ণ হ’বলৈ বাৰে বাৰে বাধ্য হয় এই নাৰীসকল।
এতিয়া অহা যাওক এই নাৰীসকলৰ নাগৰিকত্বৰ প্রতি অনা ভাবুকিৰ কথালৈ। একাংশ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত যিমানেই প্রচাৰ নহওক কিয়, এই উচ্ছেদিত মানুহবোৰ যে ভাৰতীয় নাগৰিক তালৈ কোনো সন্দেহ নাই। আৰু নাগৰিক ৰূপে যে তেওঁলোকৰ কিছু অধিকাৰ প্রাপ্য সেই কথা কোনেও নাকচ কৰিব নোৱাৰে। কিন্তু তাৰ পিছতো বাৰে বাৰে তেওঁলোকক বঞ্চিত কৰা হয়।
বর্তমানৰ চৰকাৰে বাল্য বিবাহ, প্রসূতীৰ মৃত্যুৰ হাৰৰ তথ্য দাঙি ধৰি নিশাৰ মাজভাগত ১০ বছৰ আগতে সম্পন্ন হোৱা বিয়াবোৰ এক প্রকাৰ ভাঙি দি হেজাৰ হেজাৰ মানুহক আটক কৰিলে। চৰকাৰে কৈফিয়ৎ দিলে যে বাল্য বিবাহৰ ভুক্তভোগী নাৰীৰ অধিকাৰ সুৰক্ষিত কৰিলে। কিন্তু উচ্ছেদিত নাৰীৰ স্বাস্থ্যৰ অধিকাৰৰ কথা কোনে চিন্তা কৰিব? চৰকাৰক চিন্তিত কৰি তোলা প্রসূতীৰ মৃত্যুৰ সংখ্যাৰ এটা সংখ্যা আছিল কুলছুমা বেগমৰ। তেন্তে এনে অৰাজকতা সৃষ্টি উচ্ছেদ কৰা প্রশাসনৰ ভূমিকা কি? ছিপাঝাৰৰ গৰুখুঁটিত আৰক্ষীৰ গুলীত প্রাণ হেৰুওৱা মইনুল হকৰ পৰিয়ালৰ অৱস্থা আমি জানো নে? কিদৰে তেওঁৰ ঘৰৰ মানুহে তেওঁৰ সন্তানৰ দায়িত্ব পালন কৰিব লগা হৈছে। গৰাখহনীয়াত ঘৰ মাটি হেৰুৱাই, চৰকাৰী মাটিৰ পৰা উচ্ছেদিত হৈ বহু মানুহ বেলেগ ৰাজ্যলৈ যায় নিয়োগৰ সুবিধা বিচাৰি, ঘৰত এৰি যায় তেওঁলোকৰ পৰিয়ালৰ মহিলাসকলক। বহু ভিতৰুৱা চৰাঞ্চললৈ গ’লে এই কথা স্পষ্ট হৈ উঠে। কেতিয়াবা চহৰৰ ৰাজপথৰ কাষতে দৰিদ্রতা আৰু অনিশ্চয়তাৰ জীৱন যাপন কৰিবলৈ বাধ্য হৈ পৰে এই মানুহবোৰৰ ঘৰৰ মহিলা সকল।
এফালে চৰকাৰে এটাৰ পিছত এটা হিতাধিকাৰী সৃষ্টি কৰাৰ লক্ষ্যৰে আঁচনি মুকলি কৰি আছে আৰু আনফালে উচ্ছেদৰ দৰে প্রক্রিয়াই কেনেকৈ নাৰীক ন্যুনতম মানৱ অধিকাৰৰ পৰা বঞ্চিত কৰি আছে সেইটোৰ প্রতি গুৰুত্ব প্রদান কৰা হোৱা নাই। উচ্ছেদৰ পিছত অস্থায়ী তিৰপালৰ তলত মহিলা এগৰাকীয়ে ন্যুনতম পৰিচ্ছন্নতা বর্তাই ৰাখিব পাৰিব জানো? আমাৰ মহিলাসকলৰ মাজত ঋতুস্রাৱকলৈ ভ্রান্ত ধাৰণা বেছি আৰু এনে পৰিবেশত মহিলাসকলৰ বিভিন্ন ধৰণৰ বেমাৰ আৰু ইনফেকশ্যনৰ সম্ভাৱনা বেছি হৈ পৰে। মুক্ত আকাশৰ তলত তেওঁলোকৰ সুৰক্ষাৰ দায়িত্ব কোনে ল’ব। আজিও ধর্ষণ আৰু ধর্ষিতাৰ কমি অহা বয়সে আমাক লজ্জানত কৰে সময়ে সময়ে, তেনে অৱস্থাত গৃহহীন কৰি পেলোৱা এই মহিলাবোৰক এক নিৰাপত্তাহীনতাৰ ফালে ঠেলি দিয়া নহয় জানো?
শেষত এটা কথা দোহাৰি শেষ কৰিব বিচাৰোঁ যে উচ্ছেদে গৃহহাৰা হোৱা নাৰীৰ ওপৰত ভয়ঙ্কৰভাৱে মানসিক অত্যাচাৰ চলায়। তেওঁলোকৰ অস্তিত্ব আৰু পৰিচয়লৈ সঙ্কট নামি আহে – গৃহিণীৰ পৰা সর্বহাৰা কৰি পেলোৱা হয় এক মুহূর্ততে। তেওঁলোকৰ শাৰীৰিক সুস্থতা আৰু সুৰক্ষাৰ গুৰুত্বক আওকাণ কৰে এই অমানৱীয় ব্যৱস্থাই। ক্ষতিপূৰণৰ দাবীৰ লগতে আচলতে গৃহহাৰা নাৰী আৰু শিশুৰ সুৰক্ষাৰ দাবী শক্তিশালীভাৱে উত্থাপিত হোৱা উচিত। উচ্ছেদৰ বিষয়ে হোৱা আলোচনাবোৰত এই কথাবোৰে বিশেষ গুৰুত্ব পোৱা উচিত।