দ্রৌপদী মূৰ্মুৰ প্ৰসংগঃ বিজেপি আৰ এছ এছ যুটিৰ হিন্দু ৰাষ্ট্ৰৰ নতুন সমীকৰণ

দেশৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত হ’ল দ্রৌপদী মূর্মু। ভাৰতৰ ৰাজনৈতিক ইতিহাসত পোনপ্ৰথম বাৰৰ বাবে ৰাইছিনা হিলৰ আবাসী হ’ল এগৰাকী আদিবাসী মহিলা। ভাৰতীয় ৰাজনীতিত ধৰ্ম সম্প্রদায় আৰু জাত-পাতৰ বিচাৰসমূহ শেহতীয়াভাৱে প্ৰাসংগিক হৈ পৰা সময়তে এগৰাকী আদিবাসী মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা বিষয়ে বিশেষভাৱে চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। নতুনকৈ নিৰ্বাচিত বিজেপি নেতৃত্বাধীন এন. ডি. এৰ সমৰ্থিত ৰাষ্ট্ৰপতি দ্রৌপদী মূৰ্মুৰ লগত সম্পর্কিত হৈ পৰা প্ৰতীকি উপস্থাপনৰ দলটোৰ কৌশলগত ৰাজনৈতিক স্থিতিয়ে এই মূহুৰ্ত্তত এক বিশেষ তাৎপৰ্য্য বহন কৰিছে। দেশৰ সাংবিধানিক মূৰব্বীৰ পদত এগৰাকী আদিবাসী মহিলা নির্বাচিত হোৱা বিষয়ে যিদৰে দেশৰ আদিবাসীৰ পৰিচয়ক এক নতুন মাত্ৰা প্ৰদান কৰিছে ঠিক সেইদৰে মূৰ্মুৰ এই বিজয় সামগ্রিকভাবে মহিলা সৱলীকৰণৰ এক প্ৰতীক হিচাপে বিবেচিত হৈছে। কিন্তু মনকৰিবলগীয়া কথাটো হ’ল, জল জংগল আৰু জমীন অর্থাৎ মাটি, পানী, বনাঞ্চল আৰু অন্যান্য সম্পদৰ ওপৰত পূর্ণ অধিকাৰৰ দাবীৰে দেশৰ আদিবাসীসকলে চলাই অহা সংগ্ৰাম খনত এক প্ৰতিৰোধী হেঁচা প্ৰদানৰ বাবে এন ডি এৰ সমৰ্থনত এগৰাকী আদিবাসী মহিলাই নিয়মতান্ত্রিক শাসকৰ পদ অলংকিত কৰিছে নেকি?

প্রথম কথা দ্রৌপদী মূর্মুক এন. ডি. এই ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰক্ষেপ কৰাৰ সময়তে এখন ফটোগ্রাফ চছিয়েল মিডিয়াত বিশেষভাৱে ভাইৰেল হৈ পৰিছিল। ফটোগ্ৰাফখনত দ্রৌপদী মূৰ্মুৱে এটা শিৱমন্দিৰ ঝাৰু লৈ পৰিষ্কাৰ কৰি থকা দেখা পোৱা গৈছিল। দ্রৌপদী মূৰ্মুৰ শিৱমন্দিৰৰ ভিতৰত উপস্থিতিৰ মাজেদি বিজেপি দলটোৱে দিব বিচৰা বাৰ্তাটো হ’ল মূৰ্মুৰ পৰিচয় আদিবাসী হ’লেও দ্ৰৌপদী মূর্মুৱে প্রতিনিধিত্ব কৰা আদিবাসী সমাজখন হিন্দু ধৰ্ম আৰু সংস্কৃতিৰে এক অংশ। তেনেক্ষেত্ৰত স্বাভাৱিক ভাৱেই সংঘ পৰিবাৰৰ হিন্দু ৰাষ্ট্ৰ আৰু হিন্দুত্বৰ আদৰ্শগত আৰু সাংস্কৃতিক আঁওতাৰ পৰা নিলগত থাকিব বিচৰা আদিবাসী সকলক লৈ সংঘপৰিবাৰে দ্রৌপদী মূৰ্মৰ মাধ্যমত হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ বৃহৎ প্ৰকল্পৰ এক আংশিক অনুশীলন কাৰ্য্য সফলভাৱে পৰীক্ষণ চলোৱা পৰিলক্ষিত হ’ল।

আনফালেদি বিজেপি দলৰ কৰ্পৰেট নীতি অনুসৰি দেশৰ ভূমি, জল, বনাঞ্চল আৰু কেতবোৰ বিশেষ সম্পদক বৃহৎ বণিক গোষ্ঠীৰ হাতলৈ হস্তান্তৰ কৰাৰ ক্ষেত্ৰত জনজাতীয় তথা একমাত্র আদিবাসী সকলে সদায়েই বাধা প্ৰদান কৰি আহিছে। দেশৰ আদিবাসী সকলক খ্ৰীষ্টান মিছনেৰীয়ে কৰা ধৰ্মান্তকৰণ প্ৰক্ৰিয়া আৰু একেসময়তে দেশৰ জনসংখ্যাৰ ধৰ্ম আৰু সম্প্রদায়ভিত্তিক পৰিৱৰ্তিত অনুপাতে সংঘ পৰিবাৰৰ হিন্দুত্বৰ পৰিসীমাৰ বিস্তৃতলৈ এক ভাবুকি কঢ়িয়াই আনিছে। বিগত সময়চোৱাত উত্তৰপূৰ্বাঞ্চলৰ নাগালেণ্ড মিজোৰাম আৰু মেঘালয়কে ধৰি জনজাতীয় ৰাজ্যখনৰ খ্ৰীষ্টিয়ান জনসংখ্যাৰ উল্লেখনীয় বৃদ্ধিয়ে সংঘ পৰিবাৰৰ হিন্দুৰাষ্ট্ৰৰ পৰিকল্পনাত বহুপৰিমানে আউল লগালে। দেশৰ আনৰাজ্য সমূহতো উত্তৰ পূৰ্বাঞ্চলৰ অনুৰূপ আদিবাসী জনজাতীয় সকলক লৈ খ্ৰীষ্টান মিছনেৰীয়ে চলাই অহা ধর্মান্তকৰণ প্ৰক্ৰিয়া বন্ধ কৰিবৰ বাবে সংঘ পৰিবাৰ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে।

শেহতীয়া দশককেইটাত ঝাৰখণ্ড, উৰিষ্যা আৰু চটিছগড়ত এনে কিছুমান প্ৰসংগক লৈয়েই দীর্ঘদিনীয়া সংগ্রাম আৰু চৰকাৰী পক্ষৰ লগত যুঁজ বাগৰ চলি আছে। ইপিনে সংঘ পৰিবাৰৰ ভগ্নী সংগঠন জনজাতী সুৰক্ষা মঞ্চই খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰা আদিবাসী সকলক জনজাতীয় তালিকাৰ পৰা আঁতৰ কৰিবৰ বাবে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে। এনে এক প্রেক্ষাপটত দেশৰ সৰ্বোচ্চ সাংবিধানিক পদত বিজেপিৰ প্রক্ষেপিত আৰু সমৰ্থিত এগৰাকী আদিবাসী মহিলাক লৈ শাসনাধিষ্ঠ চৰকাৰ আৰু সংঘ পৰিবাৰৰ সম্ভাৱনাময় ৰাজনৈতিক কৌশলগত স্থিতি যথেষ্ট তাৎপর্যপূর্ণ। শেহতীয়াভাৱে বনজ সম্পদৰ প্ৰকৃত মালিকী স্বত্বৰ প্ৰসংগক লৈ আদিবাসী সকলে বিবাদ আৰম্ভ কৰিছে। আকৌ বিজেপিয়ে জনজাতীয় তথা আদিবাসী সকলৰ মাজত এক সামাজিক ভিত্তি নিৰ্মাণৰ চলাই থকা দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ সময়তেই আদিবাসী সমাজৰ কেইবাটাও সংগঠনে আদিবাসীসকলৰ বাবে লোকপিয়লত পৃথক ধর্মীয় পৰিচয় প্ৰদানৰ দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে। স্বাভাৱিকভাৱেই আদিবাসী সকলে উত্থাপন কৰা পৃথক ধৰ্মীয় পৰিচয়ৰ এই দাবী হিন্দু ধৰ্ম আৰু সংঘ পৰিবাৰৰ প্ৰস্তাৱিত হিন্দু ৰাষ্ট্ৰৰ প্ৰকল্পৰ বাবে হ’ব এক বৃহৎ প্রত্যাহ্বান স্বৰূপ।

লক্ষ্যণীয়ভাৱে ঝাৰখণ্ডৰ আদিবাসী সমাজৰ এক অংশই ‘স্বর্ণ” ধৰ্মীয় আদৰ্শৰ আদিবাসী সকলৰ পৃথক ধৰ্মীয় পৰিচয় নতুন লোকপিয়লত দাবী কৰাৰ সমান্তৰালভাৱে চটিছগড় আৰু আন আদিবাসী প্ৰভাৱী ৰাজ্য সমূহতো অনুৰূপ দাবী উত্থাপন হৈছে। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেন আৰু মুখ্যমন্ত্রী হেমন্ত ছোৰেনে আদিবাসীসকলৰ এই দাবীৰ প্ৰতি আগবঢ়োৱা মুকলি সমর্থনে সংঘপৰিবাৰৰ প্রক্ষেপিত বৃহৎ‍ হিন্দু ৰাষ্ট্ৰৰ প্রকল্পত নিশ্চিতভাৱেই এক বাধা প্ৰদান কৰিব। আনকি হার্ভার্ড বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা আন্তঃজাতিক সন্মিলনত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে উল্লেখ কৰিছে যে, আদিবাসী সকল কেতিয়াও হিন্দু নাছিল আৰু ভৱিষ্যতেও হিন্দু হ’ব নোৱাৰে। আদিবাসী সকলে সদায়েই প্রকৃতিক পূজা কৰি আহিছে আৰু সেইবাবেই তেওঁলোকক ভূমিপুত্ৰ হিচাপে গণ্য কৰি অহা হৈছে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল হিন্দু ধৰ্মৰ আওঁতাৰ বাহিৰত আদিবাসী সকলক পৃথক ধৰ্মীয় পৰিচয় প্ৰদান কৰা বিষয়টোক লৈ বিজেপি দল অলপো আগ্রহী নহয়। ইফালেদি আদিবাসী বাসিন্দা হিচাপে এক সুকীয়া পৰিচয় প্ৰদানৰ বিষয়টো ৰাষ্ট্ৰসংঘৰ মজিয়াত কেইবাবাৰো উত্থাপন হৈছে। ৰাষ্ট্ৰসংঘৰ কেইবাটাও সংগঠনে ভাৰতীয় আদিবাসীৰ এই দাবীত সমর্থন আগবঢ়াইছে।

তেনে প্রেক্ষাপটত বিজেপি আৰু সংঘ পৰিবাৰৰ বাবে দেশৰ আদিবাসী সকলে উত্থাপন কৰা পৰিচয়ৰ ৰাজনীতিক প্রশমিত কৰাৰ প্রয়োজন আহি পৰিছে। লক্ষ্যণীয়ভাৱে আদিবাসী সকলে আৰম্ভ কৰা পৰিচয়ৰ ৰাজনীতিৰ সফলতাই বিজেপি আৰু সংঘ পৰিবাৰৰ বৃহৎ হিন্দু ৰাষ্ট্ৰৰ ব্লুপ্ৰিন্টত প্রত্যক্ষ বাধা প্ৰদান কৰিব। আনহাতেদি কেন্দ্ৰীয় পৰিবেশ বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্রনালয়ে শেহতীয়াকৈ ঔদ্যোগিক বিকাশৰ দোহাই দি বন সুৰক্ষা অধিনিয়ম ২০২২ৰ প্ৰস্তাৱ লোকসভা আৰু ৰাজ্যসভালৈ প্ৰেৰণ কৰিছে। বন সুৰক্ষা অধিনিয়মৰ নতুন প্ৰস্তাৱ অনুসৰি বনভূমি ধ্বংস কৰি যিকোনো প্রকল্প ৰূপায়নৰ ক্ষেত্ৰত চৰকাৰক কোনেও বাধা প্ৰদান কৰিব নোৱাৰিব। আনকি প্ৰকল্প ৰূপায়নৰ বাবে বনভূমি অধিগ্রহণত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল সমূহক পুনৰ সংস্থাপন আৰু আৰ্থিক সাহায্যৰ প্ৰদানৰ চৰকাৰী পক্ষৰ কোনো বাধ্য-বাধকতা নাথাকিব। অর্থাৎ সংসদৰ চলিত অধিবেশনতে গৃহীত হ’ব লগা এই বননীতিয়ে আদিবাসী সকলৰ জংঘলৰ ওপৰত থকা অধিকাৰ সম্পূৰ্ণভাৱে নোহোৱা কৰি পেলাব। আদিবাসীৰ জল জংঘল আৰু জমীনৰ ওপৰত থকা অধিকাৰক বৃহৎ পূঁজিপতিৰ হাতলৈ হস্তান্তৰৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ এক অংশ হিচাপে বিজেপি আৰু সংঘপৰিবাৰৰ সফলতাৰ প্ৰথমটো খোজ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সমগ্ৰ বিষয়টোৰ প্ৰেক্ষাপটত তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। সংঘ পৰিবাৰ আৰু বিজেপিৰ এই ব্লুপ্ৰিণ্ট অনুসৰি খ্ৰীষ্টান ধর্মত দীক্ষিত হোৱা জনজাতীয় সকলৰ জনজাতীয় মৰ্য্যদা কৰ্তনৰ আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

লক্ষ্যণীয়ভাৱে সংঘ পৰিবাৰৰ জনজাতীয় সুৰক্ষা মঞ্চই ইতিমধ্যেই এই দাবী জোৰদাৰ কৰি তুলিছে। জনজাতীয় মৰ্য্যদা কৰ্তনেৰে জনজাতীয় সংখ্যা হ্ৰাস কৰি পৰ্য্যায়ক্রমে জনজাতীয় অধ্যুষিত সমষ্টি সমূহ সংৰক্ষণ মুক্ত কৰি নিৰ্বাচন সমূহত অ-জনজাতীয় প্রতিনিধি নির্বাচনেৰে আদিবাসী/জনজাতীয় সকলক সংঘ পৰিবাৰৰ প্ৰস্তাৱিত হিন্দু পৰম্পৰাৰ অন্তভুক্তিৰ এক নতুন অনুশীলন কাৰ্য্য চলাই নিয়াৰ বিজেপি দলৰ পূৰ্ণ সম্ভাৱনা আছে। বিজেপি আৰু সংঘপৰিবাৰৰ পৰিকল্পিত এই অনুশীলন কাৰ্য্যই সংঘ পৰিবাৰৰ হিন্দু ৰাষ্ট্ৰৰ প্ৰকল্পক এক সার্থক ৰূপ দিব বুলি ধাৰণা কৰিব পাৰি। সংঘ পৰিবাৰে নিৰ্মাণ কৰা তেনে এক পৰিকল্পিত পৃষ্ঠভূমিত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকমূহুৰ্ত্বত দ্রৌপদী মূৰ্মুৰ শিৱমন্দিৰত ঝাৰু মৰা ফটোগ্রাফে ধৰ্মীয় পৰিচয় প্ৰসংগত আদিবাসী সকলক যে মানসিক ভাবে বিভ্রান্ত কৰিব সেইয়া নিশ্চিত। আদিবাসী সকলৰ মনত সৃষ্টি হ’ব লগা এনে মানসিক বিভ্রান্তিয়ে পৃথক ধৰ্মীয় পৰিচয় বিচাৰি আদিবাসীসকলে মাজে সময়ে দি অহা ভাবুকিৰ বিপৰীতে বিশেষভাৱে যে ক্রিয়া কৰিব পাৰিব সেইয়া সহজে অনুমেয়। সমান্তৰালভাৱে আদিবাসীৰ এনে বিভ্ৰান্তি সংঘ পৰিবাৰৰ হিন্দুত্বৰ আগ্রাসী অভিযান জোৰদাৰ কৰাত সহায়ক হৈ উঠিব।

বিজেপিৰ বিগত সময়চোৱাৰ প্রক্ষেপিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী সমূহলৈ যদি মন কৰা হ’য় এই কথা বিশেষভাৱে লক্ষনীয় যে দলটোৱে সমর্থন আগবঢ়োৱা প্ৰতিগৰাকী প্ৰাৰ্থীয়েই দলিত, জনজাতীয় নাইবা সংখ্যালঘু সম্প্ৰদায়ৰ অন্তৰ্গত। অটল বিহাৰী বাজপেয়ীৰ প্ৰধানমন্ত্ৰীত্বৰ কালচোৱাত আব্দুল কালামক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে বিজেপিয়ে প্রক্ষেপ কৰি দলটোৰ ধৰ্মনিৰপেক্ষতাৰ আদৰ্শক প্ৰতিপন্ন কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে সফল হ’ল। বিজেপিৰ এই কৌশলগত ৰাজনীতিত পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে দলিত সম্প্ৰদায়ৰ ৰামনাথ কোবিন্দে এক বিশেষ ভূমিকা পালন কৰিলে। দলটোৰ এই ৰাজনৈতিক কৌশলে দেশৰ অন্যান্য পিচপৰা শ্ৰেণীৰ ভোটাৰৰ মন বহু পৰিমানে জয় কৰিবলৈ সক্ষম হ’ল। লক্ষ্যণীয়ভাৱে কংগ্ৰেছ দলৰ লগত দীঘলীয়া সময়ৰ পৰা সংযুক্ত হৈ থকা এক বৃহৎ সংখ্যক পিছপৰা শ্ৰেণী ভোটাৰ উত্তৰ প্ৰদেশত পৰৱৰ্তী পৰ্যায়ত বহুজন সমাজ পাৰ্টিৰ লগত চামিল হ’ল। আৰু শেহতীয়াভাবে বিজেপিৰ কৌশলী ৰাজনৈতিক অনুশীলন কাৰ্য্যত আদিবাসীসকল ব্যৱহাৰ হোৱা পৰিলক্ষিত হৈছে। বিশেষভাৱে ৰাষ্ট্ৰপতি পদত আদিবাসী এগৰাকী মহিলাৰ অৱস্থানে জাতিগত ভাবনাত লিংগগত আবেগৰো সংমিশ্ৰণ ঘটাই দুয়োটাৰ সহঅৱস্থানেৰে আদিবাসীৰ ভাবাবেগক অধিক প্রাবল্যৰে হিন্দুত্বমুখী কৰাৰ ক্ষেত্ৰত সংঘ পৰিবাৰ আৰু বিজেপি নিজস্ব ক্ষেত্ৰত বিশেষভাৱে সফলতা অৰ্জন কৰিছে বুলি ভাবিব পাৰি।

গণতন্ত্ৰত সাংবিধানিক মূৰব্বী হিচাপে থকা ব্যক্তিগৰাকীৰ ধৰ্ম, জাতি নাইবা লিংগ কোনোটোৱেই বিচাৰ্য্যৰ বিষয় নহয়। সাংবিধানিক মূৰব্বীৰ পদ অলংকৃত কৰা ব্যক্তিগৰাকীৰ দক্ষতাক এইক্ষেত্ৰত বিচাৰৰ আওঁ তালৈ অনা হয়। দ্রৌপদী মূৰ্মুৰ দক্ষতাক লৈ এই মূহুৰ্তত কোনো ধৰণৰ প্ৰশ্ন উত্থাপন হোৱা নাই আৰু এনে প্ৰশ্নৰ আজিৰ তাৰিখত সম্পূৰ্ণই অপ্ৰাসংগিক। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল – দ্রৌপদী মূৰ্মুক যিদৰে এগৰাকী আদিবাসী মহিলা হিচাপে প্ৰক্ষেপ কৰা হ’ল- দ্রৌপদী মুৰ্মুৰ প্ৰাৰ্থীত্বৰ আলমত যিদৰে বিজেপিৰ চাবাৰলটাৰ্ ন বিকাশ, জাতিগত সমমৰ্য্যদা আৰু সমঅধিকাৰৰ নীতিৰ প্ৰচাৰ আৰম্ভ হ’ল এই সকলোবোৰ কাৰ্য্যত বিজেপি আৰু সংঘ পৰিবাৰৰ ৰাজনৈতিক কৌশলগত স্থিতি সম্পূর্ণ স্পষ্ট। তাৎপর্যপূর্ণভাৱে দেশীয় ৰাজনৈতিক, ভৌগলিক আৰু সামাজিক প্ৰেক্ষাপটত আদিবাসী সকলৰ শেহতীয়া স্থিতিয়ে সংঘ পৰিবাৰ আৰু বিজেপিক তেওঁলোকৰ বৃহৎ ৰাজনৈতিক কৌশলৰ এক উপাদান হিচাপে ৰাষ্ট্ৰপতি পদত এগৰাকী আদিবাসী মহিলাৰ প্ৰাৰ্থীত্ব প্রয়োজনীয় কৰি তুলিলে । সংঘ পৰিবাৰ আৰু বিজেপিৰ এই বৃহৎ ৰাজনৈতিক কৌশলে কেৱল ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ অভিলাসী পৰিকল্পনাকে সামৰি লোৱা নাই ইয়াৰ যোগেদি বিজেপি নেতৃত্বাধীন চৰকাৰখনে নিজকে দেশৰ দৰিদ্ৰ, লাঞ্চিত, অর্থনৈতিক আৰু সামাজিকভাৱে অনগ্ৰসৰ শ্ৰেণীটোৰ অন্যতম পৃষ্ঠপোষকৰ নতুন পৰিচয় আদায় কৰিবলৈ সক্ষম হ’ল। আদিবাসী সকলক লৈ সংঘ পৰিবাৰৰ হিন্দু ৰাষ্ট্ৰৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ সমান্তৰালভাৱে পিছপৰা শ্ৰেণী আৰু আদিবাসীৰ পৃষ্ঠপোষকৰ নতুন পৰিচয়েৰে বিজেপিয়ে বহুকেইটা হস্ৰম্যাদী ৰাজনৈতিক লাভ আদায় কৰাৰো পূর্ণ সম্ভাৱনা আছে।

দেশৰ ৰাজনৈতিক ইতিহাসত পোন প্ৰথমবাৰৰ বাবে এগৰাকী আদিবাসী মহিলা ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত হোৱা বিষয়টোৱে এক বিশেষ চর্চা লাভ কৰিছে। দ্রৌপদী মূৰ্মুৰ বিজয়ক লৈ স্বাভাৱিকভাৱেই দেশৰ লগতে আদিবাসী সমাজেও উৎসাহ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। যি পৰিৱেশ আজিৰ পৰা পাঁচ বছৰৰ পূৰ্বে ৰামনাথ কোবিন্দ ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত হোৱা সময়ত দেখা পোৱা গৈছিল।তাৎপৰ্য্যপূর্ণভাৱে প্রাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ এগৰাকী দলিত সম্প্ৰদায়ৰ ব্যক্তি হোৱাৰ পিছতো দলিতৰ ওপৰত তেওঁৰ কাৰ্য্যকালত চলা অত্যাচাৰৰ এজন নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰিছিল। ২০১৬ বৰ্ষত সংঘটিত হোৱা গৱেষক ৰুহিত ভেমুলাৰ আত্মহত্যাৰ ঘটনা, গুজৰাটৰ উন্নাত দলিতৰ ওপৰত চলা বৈষম্যমূলক আচৰণ আৰু শাৰিৰীক অত্যাচাৰৰ পৰা ২০২১ ৰ গণধৰ্ষণ আৰু হাথৰাচৰ ১৯ বছৰীয়া দলিত কিশোৰীৰ ধৰ্ষণলৈকে এই সকলোবোৰ ঘটনাত দলিত
ৰাষ্ট্ৰনেতা গৰাকীৰ উদাসীনতা বিশেষভাবে লক্ষ্যণীয় হৈছিল। ইতিহাসৰ সেই অভিজ্ঞতাৰ ভিত্তিত আদিবাসী এগৰাকী ৰাষ্ট্ৰপতি হিচাপে দ্রৌপদী মূৰ্মুৰ ওপৰত উত্থাপিত প্ৰথমটো প্ৰশ্নই হ’ব সংঘ পৰিবাৰে আদিবাসী সকলক হিন্দু হিচাপে কৰি অহা দাবীৰ ক্ষেত্ৰত মূৰ্মুৰ মন্তব্য কি? আদিবাসী সকলে নিজৰ ধৰ্মীয় পৰিচয় বাচি ল’ব পৰা অধিকাৰৰ বিপৰীতে দ্রৌপদী মূৰ্মুৱে সংঘ পৰিবাৰৰ লগত সুৰ মিলাই আদিবাসীৰ পৰিবৰ্তে নিজৰ সম্প্রদায়টোক বনবাসী হিচাপে চিনাকী দিব পাৰিবনে সেইয়া আজিৰ তাৰিখত এক প্রশ্নবোধক হিচাপে চিহ্নিত হৈ পৰিছে। আনফালেদি বিজেপি নেতৃত্বাধীন চৰকাৰখনে আদিবাসীৰ পৰিবৰ্তে বনবাসী হিচাপে জনজাতীয় সকলক যদি নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে তেনেক্ষেত্ৰত দ্রৌপদী মূৰ্মুৱে ৰাষ্ট্ৰপতি পদৰ পৰা দিবলগীয়া সন্মতি বিশেষভাৱে লক্ষনীয় হৈ পৰিব। ঠিক সেইদৰে ২০২২ ৰ চলিত সংসদত নতুন বননীতি ২০২২ উত্থাপন হোৱাৰ কথা। নতুন বননীতিয়ে উদ্যোগিক প্ৰকল্প ৰূপায়নৰ ক্ষেত্ৰত চৰকাৰক বনধংস কৰাৰ অনুজ্ঞা প্ৰদান কৰাৰ লগতে অৰণ্যত বাস কৰা লোকসকলৰ অৰণ্যৰ ওপৰত থকা সকলো অধিকাৰ কৰ্তনেৰে অৰণ্য ধ্বংসৰ পিছত তেওঁলোকৰ পুনঃসংস্থাপনৰ চৰকাৰী দায়বদ্ধতা নোহোৱা কৰাৰ বাবে যাৱতীয় যি নীতিগত প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে সেই নীতিত ৰাষ্ট্ৰপতি হিচাপে দ্রৌপদী মূর্মুৱে দিবলগীয়া সন্মতি নাইবা এইক্ষেত্ৰত মূৰ্মুৰ বিৰোধ বিশেষভাৱে  লক্ষ্যণীয় হৈ উঠিব।

অন্যহাতেদি ৰাষ্ট্ৰপতি পদত দ্রৌপদী মূৰ্মুৰ দৰে এগৰাকী আদিবাসী নাৰীৰ নিৰ্বাচনে এই বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’ব লগা গুজৰাট বিধানসভা নিৰ্বাচনত জনজাতীয় ভোটৰ অংকত বিশেষভাৱে লাভান্বিত কৰাৰ সম্ভাৱনা আছে। অৱশ্যে বিজেপিৰ এই সাম্ভাব্য লাভালাভ দ্রৌপদী মূৰ্মুৰ প্রার্থিত্বৰ আঁৰত দলটোৰ পৰিকল্পিত হস্রম্যাদী ৰাজনৈতিক সমীকৰণেৰে যে এক গাণিতিক অংশ সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে। ২০১১ ৰ লোকপিয়ল অনুসৰি গুজৰাটৰ জনজাতীয় জনসংখ্যা ইয়াৰ সৰ্বমুঠ জনসংখ্যাৰ ১৪ শতাংশৰো অধিক। ২০১১ ৰ লোকপিয়লৰ মতে সৰ্বমুঠ আঠ নিযুত ন লাখ সোতৰ হাজাৰ এশ চৌসত্তৰ গৰাকী আদিবাসী জনসংখ্যাৰ ৰাজ্যখনৰ ডংগৰ জিলাৰ আদিবাসী জনসংখ্যা সর্বোচ্চ। ৰাজ্যৰ সৰ্বমুঠ আদিবাসী জনসংখ্যাৰ ৯৪.৫৪ শতাংশই এই জিলাৰ বাসিন্দা। ২০১১ ৰ লোকপিয়ল অনুসৰি দেশৰ মুঠ জনসংখ্যাৰ ৮.৬ শতাংশই আদিবাসীৰ মুঠ সংখ্যাক সামৰি লৈছে যদিও দেশৰ কেইখনমান ৰাজ্যৰ আদিবাসী জনসংখ্যাৰ শতকৰা হাৰ বিশেষভাবে লক্ষনীয়। ইফালেদি উক্ত বৰ্ষৰ লোকপিয়ল অনুসৰি দেশৰ সৰ্বমুঠ জনসংখ্যাৰ ১৪.১ শতাংশ Schedule Tribe ৰ অন্তৰ্গত।

Schedule Tribe ৰ জনসংখ্যা গাঁও অঞ্চলত ১১.৩ শতাংশ হোৱাৰ বিপৰীতে নগৰ অঞ্চলত ইয়াৰ শতকৰা হাৰ ২.৮ শতাংশ। তেনে ক্ষেত্ৰত ৯৪.৪ শতাংশ জনজাতীয় লোকৰ বাসস্থান মিজোৰাম, ৮৬.৫ শতাংশৰ নাগালেণ্ড, ৮৬.১ শতাংশৰ মণিপুৰ ৩৩.৮ শতাংশৰ চিকিম, ৩১.৮ শতাংশৰ ত্ৰিপুৰা আৰু ১২.৪৫ শতাংশ জনজাতীয় লোকৰ অসমকে ধৰি উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত দেশৰ সাংবিধানিক মূৰব্বীৰ পদত এগৰাকী জনজাতীয় মহিলাৰ অৱস্থানে নির্বাচনী ৰাজনীতিত নিশ্চিতভাৱেই ধনাত্মক প্রভাৱ পেলাব। ইফালেদি ৩০.৬ শতাংশ জনজাতীয় সংখ্যাৰ ছট্টিশগড়ত পূৰ্বৰ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ প্ৰদৰ্শন বহুপৰিমানে দূৰ্বল আছিল যদিও ৰাষ্ট্ৰপতি পদক লৈ বিজেপিয়ে নিৰ্মাণ কৰা সমীকৰণৰ সফলতাই অনাগত সময়ত দলটোক ৰাজ্যখনত এক লাভজনক স্থিতি প্ৰদান কৰাৰ সম্ভাৱনা আছে।