• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোন দিশে বিহালীৰ ৰাজনৈতিক ভৱিষ্যত? ক্ষেত্ৰ অধ্যয়নৰ ভিত্তিত এক‌ বিশ্লেষণ

দিব্যানী বৰকটকী by দিব্যানী বৰকটকী
November 15, 2024 11:29 am
1.6k
VIEWS
Share on FacebookShare on Twitter

সদ্যসমাপ্ত‌ অসমৰ‌ পাঁচটাকৈ সমষ্টিৰ উপনিৰ্বাচনৰ ভিতৰত বিহালী আছিল এটা বহুল চৰ্চিত নাম। প্ৰাৰ্থিত্ব প্ৰদানৰ‌ নিৰ্ণয়ৰ পৰা আৰম্ভ কৰি ক’ড‌ অফ কনডাক্ট জাৰি থকা সময়ছোৱা আৰু ভোটগ্ৰহণৰ দিনটোলৈকে বিহালীবাসীৰ লগতে অসমৰ জনগণৰ মাজত কৌতূহল বৰ্তি থাকিল বিভিন্ন কাৰণবশতঃ।

প্ৰায় ২০ বছৰ বিজেপিৰ দখলত থকা আৰু দলটোৰ জ্যেষ্ঠ নেতা ৰঞ্জিত দাসক ৪ বাৰ বিধানসভালৈ আৰু এই বছৰতে লোকসভালৈ জিকাই পঠিওৱা বিহালীৰ ৰাইজৰ বাবে পদুমৰ চিহ্ন মোদী ঢৌ অহাৰ বহু আগৰেপৰাই চিনাকি আছিল। আনহাতে কংগ্ৰেছৰ ভেঁটি দুৰ্বল হৈ আছিল, কাৰণ পল্লৱ‌লোচন দাস ২০১১ ত কংগ্ৰেছৰ পৰা জিকাৰ পাছত ২০১৫ ত‌ দল সলনি কৰি বিজেপিত যোগ দিছিল।‌

বহুতৰ মতে, বিহালীৰ বতাহ এইবাৰ জয়ন্ত বৰাৰ দিশতহে বলিছিল। অহুকাণে পহুকাণে খবৰ বিয়পি আছিল যে এইবাৰ ৰাইজে সালসলনি বিচাৰিছে, মূল্যবৃদ্ধি আৰু স্মাৰ্ট মিটাৰৰ পৰা মুক্তি বিচাৰিছে, জিকাটো জয়ন্ত বৰাই জিকিব। “এটা সিংহক ৰুধিবলৈ এজাক শিয়ালে আহি বাহৰ পাতি আছেহি, এইয়াই প্ৰমাণ, ইহঁতৰ যে স্থিতি নাইকিয়া হৈছে” – ৰাইজে মন্তব্য কৰিছিল।

গুৱাহাটীৰ নিউজ চেনেল সমূহৰ বাতৰিত বাৰে বাৰে প্ৰচাৰ হৈছিল যে বিহালীৰ নিৰ্বাচনী যুজঁত গৌৰৱ গগৈ বনাম হিমন্ত বিশ্ব শৰ্মা এক প্ৰধান নিৰ্ধাৰণকাৰী ফেক্টৰ হিচাপে পৰিগণিত হ’ব। কিন্তু সমষ্টিটোৰ ৰাইজৰ বাবে আশা, সমস্যা আৰু ক্ষোভৰ কাৰণ যথেষ্ট বেলেগ আছিল।

ভূমি অধিকাৰ, স্মাৰ্ট মিটাৰ, মূল্যবৃদ্ধি ইত্যাদি

গ্ৰামীণ ক্ষেত্ৰ প্ৰধান বিহালী সমষ্টিটোৰ ৰাইজৰ বাবে গৌৰৱ গগৈ বা হিমন্ত বিশ্ব ফেক্টৰ হোৱাতকৈ গুৰুত্বপূৰ্ণ আছিল দৈনন্দিন জীৱনৰ বিভিন্ন জলন্ত সমস্যা। চাহখেতিৰ লগত জড়িত আদিবাসী লোকৰ জনসংখ্যা সমষ্টিটোত সৰ্বাধিক হোৱাৰ লগতে যথেষ্ট সংখ্যক অনুসুচিত জাতি, নেপালী আৰু জনজাতীয় লোক আছে। বাগান অঞ্চলত মজুৰি, বানচ, আৰু কৰ্মক্ষেত্ৰৰ বিভিন্ন সমস্যা বিদ্যমান। কিন্তু বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ সমস্যা হিচাপে পৰিগণিত হোৱা দেখা গৈছিল স্মাৰ্ট মিটাৰৰ প্ৰসংগ। মোনাবাৰী, বৰবিল, মিজিকাজান আদি বাগানৰ জনবসতিৰ মাজত বহুতো ঘৰতে দেখা পোৱা গৈছিল যে স্মাৰ্ট মিটাৰৰ বিল ভৰিব নোৱাৰি বিদ্যুত সংযোগ অবিহনেই দিন কটাইছিল। উপযুক্ত শিক্ষাব্যৱস্থাৰ অভাৱত ভুগি থকা এনে‌ অঞ্চলসমূহৰ ছাত্ৰ-ছাত্ৰীৰ‌ বাবে বিদ্যুত সংযোগ কৰ্টন মানেই হৈছে অৰ্ধসমাপ্ত স্কুলীয়া শিক্ষা আৰু‌ ভয়াৱহ ভৱিষ্যত । প্ৰায় ১৩০০ টকা সাপ্তাহিক মজুৰিৰে মাহটোত ৭০০ ৰ‌ পৰা ১৫০০ টকা পৰ্যন্ত বিদ্যুত বিল ভৰিবলৈ অপাৰগ জনসাধাৰণৰ বাবে চৰকাৰী হস্তক্ষেপৰ প্ৰয়োজন নিশ্চয় আছিল। কিন্তু কোনো ধৰণৰ ৰেহাই আঁচনি পৰিলক্ষিত নহ’ল। আদিবাসী জনগোষ্ঠীসমূহৰ মাজত জনপ্ৰিয় কালী পূজা আৰু দিৱালীৰ উৎসৱ সদ্যহতে পাৰ হৈ গৈছিল। বিহালীৰ মিজিকা ‌বাগানৰ ৰাইজৰ পৰা জানিব পৰা গৈছিল যে বহুকেইঘৰ মিলি পইচা তুলি প্ৰায় এক লাখ টকা বিদ্যুত বিভাগৰ কাৰ্য্যালয়ত‌ জমা দিছিল যাতে মানুহৰ বিল দিবলৈ বাকী থাকিলেও পূজা আৰু দিৱালীৰ সময়চোৱাত ঘৰে ঘৰে লাইট থাকে।

এফালে ব্ৰহ্মপুত্ৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, আনফালে অৰুণাচল পাহাৰে আৱৰা বিহালী সমষ্টিৰ কৃষিজীৱী লোকৰ বাবে‌ হাতীৰ দ্বাৰা হোৱা শস্য, সম্পত্তি আৰু জীৱনৰ ক্ষতি অন্যতম সমস্যা। অথচ‌ নিম্নতম ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থাও নাছিল। অৰুণাচলৰ‌ লগত‌ সীমা সম্বন্ধীয় বিবাদ‌ কেইবাখনো গাঁৱৰ বাবে চিন্তাৰ বিষয় আছিল।

অৰুণাচল সীমান্তৰ বিহমাৰী নৈৰ পাৰৰ বনগাঁও হিচাপে জনাজাত অঞ্চলটোৰ মানুহৰ প্ৰধান প্ৰশ্ন আছিল ভূমি অধিকাৰ। মূলতঃ মিছিং, আদিবাসী আৰু নেপালী সমুদায়ৰ লোক মিচলকৈ থকা এই ঠাইখিনিত বিহমাৰী নৈৰ গৰাখহনীয়াত কৃষি মাটিৰ লগতে ঘৰৰ ভেটিও উচন‌ হৈছিল। বিশেষকৈ নৈখন পাৰ কৰি অৰুণাচলৰ দিশে থকা প্ৰায় ১০০ ঘৰযুক্ত বিদ্যুত সংযোগ ব্যৱস্থাও নথকা মিছিং গাওঁ খনলৈ আহযাহ কৰাৰ একমাত্ৰ মাধ্যম আছিল এই নাওঁ নচলা নৈখন। যথেষ্ট বহল যদিও পাহাৰীয়া নৈখনত সোঁতৰ বাবে নাওঁ চলোৱাতো সম্ভৱ হৈ উঠা নাছিল। ১৯৬৪ তে স্থাপন হোৱা জনজাতীয় গাওঁখনৰ আজিলৈকে মূল দাবী হ’ল এখন দলং নিৰ্মাণ। তেওঁলোক এইবাৰো আশাবাদী। শাসনত থকা দলটোৰ কোনোবা ৰাজনৈতিক নেতাই ভোট বিছাৰি আহোঁতে কথা দি গৈছে এইবাৰ জিকাৰ পাছতেই হেনো দলঙৰ কাম আৰম্ভ হ’ব।

বিভিন্ন সমস্যা জৰ্জৰিত এই সমষ্টিটোত‌ গণ সংগঠন বা গণ আন্দোলনৰ ভেটি গঢ়াৰ সম্ভাৱনা নিশ্চয় আছিল।‌

বিহালীত এইবাৰ ঢৌ কোন দিশে?

হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দত্তক ৰাজনৈতিক নেতা হিচাপে ভালপোৱা আৰু বিজেপিৰ কাৰ্যকালত ৰাস্তা-ঘাটৰ উন্নয়নক লৈ সন্তুষ্ট বহু লোকেও এইবাৰ সালসলনিৰ প্ৰয়োজন আৰু জয়ন্ত বৰা মানুহজন ভাল বুলি গণ্য কৰি তেওঁকে বিধানসভালৈ নিৰ্বাচিত কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। বহুতে আকৌ মত পোষণ কৰিছিল যে বিধানসভাৰ কাৰ্যকাল যিহেতু ১৫-১৬ মাহমানহে বাকী, এতিয়া সালসলনিৰ সঠিক সময় নহয়, ২০২৬ ত দেখা যাব! কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনত একেই দল থকাৰ বাবে, মাত্ৰ কেইমাহমানৰ কাৰণে উপ-নিৰ্বাচনে বিশেষ কিবা কৰিব পাৰিব বুলি তেওঁলোকে ভবা নাছিল। আদিবাসী জনগণৰ কিছুসংখ্যকৰ মাজত এক দোমোজা দেখা গৈছিল। যোৱা কেইবাটাও নিৰ্বাচনত বিজেপিৰ লগত থকাৰ পাছতো জয়ন্ত বৰাই ক’ৰ’নাৰ লকডাউনৰ সময়ত কৰা সহায়ৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি জনাইছিল দল আৰু প্ৰাৰ্থীৰ মাজত কাৰ লগত থাকিব সেই বিষয়ে তেওঁলোক দোমোজাত পৰাৰ কথা। কাৰ্বি আৰু মিছিং জনজাতীয় লোকসকলৰ মাজতো চৰ্চা চলিছিল যে এইবাৰ আগৰ দৰে ভোটবোৰ একচেটিয়াকৈ পদুম ফুলত নপৰে।

বিহালীৰ উপ-নিৰ্বাচন সেয়েহে প্ৰাৰ্থী জয়ন্ত বৰা বনাম বিজেপি দল হৈ পৰিছিল। হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ ভূমিকা যদিও গুৰুত্বপূৰ্ণ আছিল, মূখ্য নাছিল।

অসম সন্মিলিত মৰ্চাৰ ৰাইজৰ দল, অসম জাতীয় পৰিষদ‌ আৰু‌ অনান্য গোটসমূহে কংগ্ৰেছৰ লগত একমত হ’ব নোৱাৰি  চিপিআই (এম এল) (এল) ৰ লক্ষী কান্ত কু্ৰ্মীক প্ৰক্ষেপ কৰে। কিন্তু বিহালীৰ নিৰ্বাচন‌ প্ৰেক্ষাপটত যদি চোৱা যায়, উক্ত দলটোৰ পূৰ্বৰ প্ৰাৰ্থী বিবেক দাস বা দলটোৰহৈ আন যিকোনো ব্যক্তিক প্ৰক্ষেপ কৰাটো বিজেপিৰ শক্তিৰ সন্মুখত যথেষ্ট দুৰ্বল সিদ্ধান্ত আছিল। নিৰ্বাচন যিহেতু জিকিবৰ‌ বাবে খেলা যায়, কেৱল প্ৰতিনিধিত্বৰ বাবে নহয়, বিৰোধী শিবিৰৰ পৰা‌ ঐক্যবদ্ধভাৱে এজন দু্ৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো নিশ্চয় সঠিক সিদ্ধান্ত নহয়।

উল্লেখযোগ্য যে, যোৱা ৬ টা বিধানসভাৰ নিৰ্বাচনতে বিবেক দাসে বিহালীৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল আৰু ৮‌ ৰ পৰা ১৮ হাজাৰৰ ভিতৰত ভোট লাভ কৰি তৃতীয় বা চতুৰ্থ স্থানত আছিল। ২০২১ ত‌ তেখেতে কংগ্ৰেছৰ সহযোগিতাত প্ৰতিদ্বন্দিতা কৰে যদিও নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত বৰাই অধিক ভোট লাভ কৰি দ্বিতীয় স্থানত ৰয়। তেনে স্থলত বিহালীৰ ৰাইজৰ সিদ্ধান্ত বুজি পোৱাটো কঠিন নাছিল।

সমস্যা জৰ্জৰিত সমষ্টিটোত চিপিআই (এম এল) (এল) ৰ ভেটি কিছু অঞ্চলত এতিয়াও আছে, কিন্তু ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। ৰাইজে যদিও স্বীকৃতি দিয়ে যে, বিভিন্ন সমস্যাত, যেনে অৰুণাচলৰ লগত সীমা সংক্ৰান্তীয় বিবাদ, চাহ বাগিচাত ফেক্টৰী বন্ধ হৈ যোৱাৰ সময়ত, আৰু ভূমি অধিকাৰৰ ক্ষেত্ৰত এই দলটো অথবা বিবেক দাসৰ দৰে নেতৃবৃন্দই ৰাইজৰ কাষত থিয় দি আহিছে, তথাপিও বিধায়ক হিচাপে নিৰ্বাচিত হ’ব পৰাকৈ গণ ভেটি যথেষ্ট নাছিল। এইবাৰৰ উপ-নিৰ্বাচনো ব্যতিক্ৰম নহয়। বৰঞ্চ, বিবেক দাসৰ সলনি লক্ষী কান্ত কুৰ্মীৰ প্ৰাৰ্থীত্ব আৰু কংগ্ৰেছৰ পৰা শক্তিশালী প্ৰাৰ্থী প্ৰদানৰ ফলত, চিপিআই (এম এল) (এল) ৰ ভোটৰ সংখ্যা বহুত কমিব। সহযোগী দল হিচাপে যদিও ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ‌ প্ৰচাৰত নামি পৰিছিল, বিহালীৰ ৰাইজৰ মাজত অখিল গগৈ বা লুৰিণজ্যোতি গগৈৰ বিশেষ প্ৰভাৱ বা ভেটি নাই।

বিজেপি আৰু জয়ন্ত বৰাৰ মাজত কাণে কাণ মাৰি চলা এই নিৰ্বাচনী যুঁজখনত অসম সন্মিলিত মৰ্চাৰ প্ৰাৰ্থীজনৰ ভোটৰ অংশ লেখত নপৰাকৈ কম হ’ব। কিন্তু সেইটো অংশ ভোটো কংগ্ৰেছৰ লগত সংযুক্ত হোৱা হ’লে বিজেপিৰ বিৰুদ্ধে সন্মিলিত যুঁজখন আৰু শক্তিশালী হ’ল হয়। অসম সন্মিলিত মৰ্চাৰ এই পদক্ষেপে এতিয়া বিজেপিৰহে দৃঢ়তা বৃদ্ধি কৰিলে।

বিহালীত কংগ্ৰেছ দলৰ ভেটি এই নিৰ্বাচনত আগতকৈ যথেষ্ঠ শক্তিশালী হ’ব। কিন্তু তাৰ কৃতিত্ব যদি গৌৰৱ গগৈ বা দলটোৰ প্ৰতি মানুহৰ বাঢ়ি অহা বিশ্বাস বুলি ভৱা যায়, সেইয়া সঠিক নহ’ব। কাৰণ, বিজেপিৰ শাসনত আমুৱাই বা এজন স্থানীয় ভাল লগা শক্তিশালী প্ৰাৰ্থী পাইহে বিহালীৰ বহু জনগণে হাতৰ চিনত ভোট দিব, কংগ্ৰেছক ভাল পাই নহয়। কংগ্ৰেছ দলটোৰ লগতে কিছু সংবাদ মাধ্যমৰ প্ৰচাৰত এইটোৱে ধাৰণা পৰিলক্ষিত হৈছে যে, গৌৰৱ গগৈৰ জনপ্ৰিয়তাতহে মানুহ কাষ চাপিবলৈ ধৰিছে। কিন্তু বিহালীৰ ক্ষেত্ৰত এই কথা সম্পূৰ্ণ বিপৰীত। জয়ন্ত বৰাক বিছাৰিছে বাবেহে মানুহ কংগ্ৰেছৰ ওচৰ চাপিছে। বহুত ভোটাৰে বিনাদ্বিধাই আঙুলিয়াই দিয়ে যে বিজেপিৰ পৰা জয়ন্ত বৰাক টিকেট দিয়া হ’লে সাতে-সত্তৰে মিলি অনায়াসে জিকি গ’ল হয়। সাধাৰণ বিজেপি সমৰ্থকৰ লগতে দলটোৰ কৰ্মীৰ মাজতো নিজৰ দল আৰু জয়ন্ত বৰাৰ মাজত কাক বাছনি কৰিব তাকে লৈ দোমোজাৰ সৃষ্টি হৈছিল।

বিহালীৰ ৰাইজৰ মতামত আৰু সামগ্ৰিক পৰিস্থিতিৰ সঠিক মূল্যায়ন কৰি জয়ন্ত বৰাক প্ৰাৰ্থীত্ব প্ৰদানৰ সিদ্ধান্তত গৌৰৱ গগৈৰ সৱল স্থিতি পৰিলক্ষিত হয়। নতুনকৈ আগবাঢ়ি অহা আঞ্চলিক দল কেইটাৰ বাবেও এইয়া এক ইংগিত যে কংগ্ৰেছৰ ওপৰত নিৰ্ভৰশীল হোৱাতকৈ এতিয়া সময় নিজৰ নিজৰ গণ ভেটি সুদৃঢ় কৰাৰ, যদিহে নিৰ্বাচনী ৰাজনীতিত সুদীৰ্ঘ পৰিকল্পনা লৈ আগুৱাই যাব খোজে।

এতিয়া যিহেতু কেইবছৰমান আগৰ দৰে মোদীৰ বা‌ পৰিৱৰ্তনৰ ঢৌ নাই যে যাকে টিকট দিলেও জিকি যাব, ৰাইজে স্থানীয় আৰু বিশ্বাসযোগ্য প্ৰাৰ্থীৰ সন্ধান কৰা দেখা গ’ল। এইয়া ৰাজ্যখনৰ অনাগত নিৰ্বাচনসমূহৰ বাবে হয়তো এটা ইংগিত যে দূৰণিৰ জনপ্ৰিয় প্ৰাৰ্থীতকৈ প্ৰয়োজনত সহজে লগ পাব পৰা স্থানীয় আৰু বিশ্বাসযোগ্য প্ৰাৰ্থীৰ গুৰুত্ব অধিক।

Recent News

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd