(১) ফিশ্যন আৰু ফিউশ্যন-ভিত্তিক নিউক্লীয় বোমাৰ বৈজ্ঞানিক তত্ত্ব
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত নিউক্লীয় যুদ্ধৰ সম্ভাৱনাই আকৌ দেখা দিছে । ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে নিউক্লীয় সমৰ-যন্ত্ৰক সষ্টম হৈ থকাৰ বাবে নিৰ্দেশ দিছে; আমেৰিকাই বা ইউৰোপীয় ইউনিয়নৰ অন্তৰ্ভুক্ত দেশসমূহে এতিয়ালৈকে ইয়াৰ প্ৰতিক্ৰিয়া দেখুওৱা নাই । কিন্তু ভিতৰি-ভিতৰি কি চলি আছে কোৱা টান ।
অসমীয়াত সাধাৰণতে পাৰমাণৱিক যুদ্ধ বুলি কয় যদিও, মোৰ বোধেৰে, তাতকৈ বেছি সঠিক হব নিউক্লীয় যুদ্ধ শব্দযুগলহে; কিয়নো এনে যুদ্ধত দৰাচলতে পৰমাণুৰ ভূমিকাটো মূল নহয়; পৰমাণু-গৰ্ভ বা নিউক্লীয়াচৰ ভূমিকাটোহে প্ৰধান । তথাকথিত পৰমাণু বোমা ( atom bomb ) ত ফিশ্যন বা বিভংগন নামৰ এট নিউক্লীয় বিক্ৰিয়াৰ ব্যৱহাৰ হয় য’ত ইউৰেনিয়ামৰ দৰে গধুৰ নিউক্লীয়াচ এটাক তীব্ৰবেগী নিউট্ৰন কণাৰে খুন্দিয়াই সৰু-সৰু নিউক্লীয়াচত বিভক্ত কৰা হয়; এনে বিক্ৰিয়াৰ পিচত সৃষ্টি হোৱা সৰু নিউক্লীয়াচকেইটাৰ মুঠ ভৰ ইউৰেণিয়ামৰ নিউক্লীয়াচটোৰ ভৰতকৈ কম আৰু যিহেতু শক্তি আৰু ভৰৰ মুঠ ৰাশিটোৰ কোনো হৰণ-ভগন হ’ব নোৱাৰে, সেইবাবে, ভৰৰ পাৰ্থক্যখিনি আইনষ্টাইনৰ বিখ্যাত সমীকৰণ, E = mc2 মতে শক্তিলৈ ৰূপান্তৰিত হয় ।
এই সমীকৰণত m বা ভৰ (mass) হ’ল আপাততঃ বিলুপ্ত ভৰ আৰু c হ’ল পোহৰৰ গতিবেগ । ইয়াত m বা ভৰ কম হলেও, c বা পোহৰৰ গতিবেগ এটা ডাঙৰ সংখ্যা ( প্ৰতি চেকেণ্ডত ৩০ কোটি মিটাৰ ); আকৌ উৎপন্ন শক্তিৰ পৰিমাণ পোহৰৰ গতিবেগৰ বৰ্গৰ ওপৰত নিৰ্ভৰশীল । গতিকে, এনে বিক্ৰিয়াত বৃহৎ পৰিমাণৰ শক্তিৰ সৃষ্টি হয় ।
আকৌ এটা ইউৰেনিয়ামৰ পৰমাণুৰ বিভংগনৰ ফলত, অন্য বস্তুৰ লগতে নিউট্ৰনৰো সৃষ্টি হয় যি নিউট্ৰনে অন্য ইউৰেনিয়াম নিউক্লীয়াচক খুন্দিয়াই বিভংগনত ভাগ লব পাৰে; এইদৰে, একোটা শৃংখল-বিক্ৰিয়া ( chain reaction ) আৰম্ভ হৈ যায় আৰু মুহূৰ্তৰ ভিতৰতে বৃহৎ পৰিমাণৰ তাপৰূপী শক্তিৰ উৎপাদন হয় যাৰ প্ৰভাৱত বায়ুমণ্ডলত প্ৰচণ্ড তাপ আৰু চাপ সৃষ্টি কৰি এক দৈত্যকায় বিষ্ফোৰণৰ সৃষ্টি হয় ।
অন্যহাতে, পৰমাণুৰ বিভংগনে সৃষ্টি কৰা নিউট্ৰনৰ সংখ্যা নিয়ন্ত্ৰণ কৰি এনে এক বিক্ৰিয়াৰ যোগেদি নিউক্লীয় ৰিয়েক্টৰো বনোৱা হয় যাক শক্তি উৎপাদনৰ কামত লগাই মানুহৰ কল্যাণত নিয়োগ কৰিব পাৰি।
ফিশ্যন-আধাৰিত নিউক্লীয় বিক্ৰিয়াতকৈও শক্তিশালী হ’ল ফিউশ্যন ( fusion ) বা সংযোজন-আধাৰিত বিক্ৰিয়া; ইয়াত হাইড্ৰ’জেনৰ দৰে পাতল দুটা নিউক্লীয়াচৰ অত্যন্ত উচ্চ উষ্ণতাত সংযোজন ঘটাই এটা হিলিয়ামৰ নিউক্লীয়াচ সৃষ্টি কৰা হয় । ইয়াতো বিক্ৰিয়াটোৰ আগৰ নিউক্লীয়াচ দুটাৰ মুঠ ভৰ বিক্ৰিয়াৰ পিচৰ হিলিয়ামৰ নিউক্লীয়াচটোৰ মুঠ ভৰতকৈ বেছি; আৰু ফলত আপাততঃ বিলোপ ঘটা ভৰখিনি, আইনষ্টাইনৰ তত্ত্ব অনুসৰি শক্তিলৈ ৰূপান্তৰিত হয় । ইয়াত সংযোজন বিক্ৰিয়াটো ঘটিবৰ বাবে অতি উচ্চ উষ্ণতা সৃষ্টি কৰাৰ প্ৰয়োজন হয় বাবে ইয়াক তাপ-নিউক্লীয় বিক্ৰিয়া বুলিও কোৱা হয় ।
প্ৰসংগতঃ উল্লেখযোগ্য যে সূৰ্য তথা অন্য সকলো নক্ষত্ৰতে তাপ-নিউক্লীয় বিক্ৰিয়াৰ যোগেদিয়েই শক্তিৰ উৎপাদন হয় । তাপ-নিউক্লীয় বিক্ৰিয়াৰ নিয়ন্ত্ৰিত প্ৰয়োগৰ যোগেদি মানৱ-কল্যাণৰ বাবে প্ৰদূষণবিহীন আৰু অফুৰন্ত শক্তি উৎপাদন কৰিব নোৱাৰাৰ কোনো কাৰণ নাই; কিন্তু ই এতিয়াও ব্যৱহাৰিকভাৱে সম্ভৱপৰ হৈ উঠা নাই আৰু গোটেই বিশ্বতে ইয়াকে লৈ বহু পৰীক্ষা-নিৰীক্ষা চলি আছে ।
কিন্তু এই তাপ-নিউক্লীয় বিক্ৰিয়াৰ এক ধ্বংসাত্মক প্ৰয়োগ সম্ভৱপৰ হৈছে ( আচলতে, দ্বিতীয় বিশ্বযুদ্ধৰ পিচতে, ১৯৫২ চনতে ইয়াৰ প্ৰথম প্ৰয়োগ হৈছিল ) আৰু ইয়াৰ যোগেদি অতি মাৰাত্মক হাইড্ৰ’জেন বোমা বনাব পাৰি । এনে বোমাত, দুটা স্তৰ থাকে; প্ৰথম স্তৰত এটা ফিশ্যন-আধাৰিত বোমাৰ বিষ্ফোৰণ ঘটাই ফিউশ্যন-বিক্ৰিয়াৰ বাবে দৰকাৰী প্ৰচণ্ড উচ্চ উষ্ণতা ( ১০০ নিযুত চেণ্টিগ্ৰেডৰ ওপৰৰ ) সৃষ্টি কৰা হয় আৰু তাৰ যোগেদি দ্বিতীয় স্তৰত ফিউশ্যন বিক্ৰিয়া আৰম্ভ কৰি অতি বিশাল পৰিমাণৰ শক্তি ( প্ৰায় পঞ্চাছ হাজাৰ টন টি-এন-টিৰ সমান ) ধ্বংসলীলাৰ বাবে এৰি দিয়া হয় ।
হাইড্ৰ’জেন বোমা নিউক্লীয় নিৰস্ত্ৰীকৰণ চুক্তিৰ অধীনত পাঁচখন দেশৰ ( আমেৰিকা, ৰাছিয়া, ইংলেণ্ড, ফ্ৰান্স আৰু চীন ) অস্ত্ৰাগাৰত মজুত আছে বুলি ধৰা হয়; এই পাঁচখনৰ উপৰিও ভাৰত, পাকিস্তান আৰু উত্তৰ কোৰিয়াই নিজকে নিউক্লীয় অস্ত্ৰৰ অধিকাৰী বুলি ঘোষণা কৰিছে; তদুপৰি ইজৰায়েল, দক্ষিণ আফ্ৰিকা আদি কেইখনমান দেশৰ হাততো নিউক্লীয় অস্ত্ৰ আছে বুলি ধৰা হয় যদিও তেওঁলোকে এনে ঘোষণা কৰা নাই । গোটেই বিশ্বতে এতিয়া প্ৰায় চৈধ্য হাজাৰ নিউক্লীয় অস্ত্ৰ মজুত থকা বুলি ধৰা হয় আৰু ইয়াৰে প্ৰায় নব্বৈ শতাংশ আমেৰিকা আৰু ৰাছিয়াৰ হাতত আছে ।
(২) নিউক্লীয় যুদ্ধৰ ফলশ্ৰুতি
নিউক্লীয় যুদ্ধৰ বিষয়ে বহুতে ভাবে যে এনে একোটা বোমাৰ মাৰণক্ষমতা অতি বিশাল পৰিসৰৰ আৰু ইয়াৰ ফলত হোৱা তাৎক্ষণিক ধ্বংসৰ উপৰিও বহু দিনলৈ ইয়াৰ তেজস্ক্ৰিয়তা বাহাল থাকিব যাৰ ফলত কেইবা প্ৰজন্মলৈকে মানুহৰ স্বভাৱিক শাৰীৰিক বিকাশ আদি বাধাগ্ৰস্ত হ’ব । অন্ততঃ দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাছাকিত পেলোৱা বোমা কেইটাৰ কুফলৰ বিষয়ে এনে এখন ছবিয়েই আমাৰ চকুৰ আগত ভাঁহি উঠে ।
চল্লিছৰ দশকৰ নিউক্লীয় বোমা আৰু এতিয়াৰ নিউক্লীয় বোমাৰ মাজত আকাশ-পাতাল প্ৰভেদ; গতিকে, আনকি তাৎক্ষণিক ক্ষতি আৰু তেজস্ক্ৰিয়তাজনিত একাধিক প্ৰজন্ম জুৰি চলি থকা ক্ষতিৰ মাত্ৰাও হ’ব বহুত বেছি ( প্ৰণিধানযোগ্য যে যদিও প্ৰকৃত হাইড্ৰ’জেন বোমাত তেজস্ক্ৰিয়তা নিৰ্গত নহয়, কিন্তু এনে বোমাৰো প্ৰথম স্তৰত ব্যৱহাৰ কৰা ফিশ্যন-ভিত্তিক বোমাৰ বিষ্ফোৰণৰ কাৰণে তেজস্ক্ৰিয়তা থাকিবই ) ।
গতিকে, পুৰণা এইবিলাক কুফল তো থাকিবই; ইয়াৰ উপৰি, ব্যাপক হাৰত নিউক্লীয় বোমাবৰ্ষণৰ ফলত নিউক্লীয় শীতৰ ( Nuclear Winter ) ভয়াবহ সংকটো আহিব । দুবছৰ মানৰ আগতে বিখ্যাত বিজ্ঞানভিত্তিক আলোচনী, “নেচাৰ”ত প্ৰকাশিত এটা প্ৰবন্ধৰ সহায় লৈ দুটামান কথা কবলৈ লৈছোঁ । আলোচনীখনত, ২০২৫ ত হ’ব পৰা ভাৰত-পাকিস্থানৰ এখন কাল্পনিক নিউক্লীয় যুদ্ধৰ বিষয়ে বৰ্ণনা কৰিছে ।
এজন আতংকবাদীয়ে কাশ্মীৰৰ এডোখৰ ঠাইত আক্ৰমণ কৰাৰ ফলত ভাৰতে, সীমান্ত পাৰ হৈ টেংকেৰে পাকিস্থানক আক্ৰমণ কৰে; ইয়াৰ প্ৰত্যুত্তৰত, আক্ৰমণকাৰী বাহিনীক ৰোধিবলৈ পাকিস্থানে কেইটামান সৰুসৰু নিউক্লীয় বোমাৰ বিষ্ফোৰণ ঘটায়; তাৰ পিচদিনাখন, ভাৰতে নিজৰ নিউক্লীয় বোমাৰে পাকিস্থানক আক্ৰমণ কৰে আৰু কেইদিনমানৰ ভিতৰতে বিভিন্ন দেশে ডজনে-ডজনে সামৰিক লক্ষ্য তথা শতাধিক চহৰ-নগৰ আক্ৰমণ কৰিলে । ইয়াৰ ফলত কোটিৰ হিচাপত মানুহৰ মৃত্যু হ’ল । এই ভয়াবহ দৃশ্যটো মাত্ৰ আৰম্ভণিহে আছিল । ভস্মীভূত চহৰসমূহৰ পৰা ওলোৱা ধোঁৱা বায়ুমণ্ডলৰ ওপৰলৈ উঠি গৈ এলান্ধুৰূপে পৃথিবীক ঢাকি ধৰিলে আৰু সূৰ্যৰ পোহৰক সম্পূৰ্ণকৈ বাধা দিলে ।
এনে এটা পৰিস্থিতি দেখা দিয়াৰ সম্ভাৱনা দেখা পোৱা গৈছে দীৰ্ঘদিন ধৰি চলি থকা বৈজ্ঞানিক অধ্যয়নৰ পৰা; বিশেষকৈ, আমেৰিকা আৰু ৰাছিয়াৰ মাজত যদি হাজাৰ-হাজাৰ নিউক্লীয় বোমাৰে আক্ৰমণ-প্ৰত্যাক্ৰমণ হয় তেতিয়া । যোৱা আশীৰ দশকৰ পৰাই আমেৰিকান বিজ্ঞানী আৰু জনপ্ৰিয় বিজ্ঞান লেখক কাৰ্ল চাগানকে ধৰি বহুতো বিজ্ঞানীয়ে নিউক্লীয় যুদ্ধৰ ধ্বংসাত্মক প্ৰভাৱৰ চিমুলেশ্যন ( simulation ) অধ্যয়ন চলাই আছিল ।
পৃথিবীক ডাঠ ধোঁৱাৰ আৱৰণেৰে ঢাকি ধৰিলে, সূৰ্যৰ তাপ-পোহৰৰ পৰা দীৰ্ঘদিনৰ বাবে বঞ্চিত হোৱাৰ ফলত নিউক্লীয় শীতকালৰ আৰম্ভণি হ’ব আৰু এই অৱস্থা কেইবা বছৰৰ কাৰণেও চলি থাকিব । কোলকাতাৰ পৰা কেলিফোৰ্ণিয়ালৈকে, পথাৰৰ শস্য শুকাই যাব, গোটেই বিশ্বতে দুৰ্ভিক্ষৰ কৰাল গ্ৰাস মূৰ্তিমান হৈ উঠিব । আনকি, তৃতীয় বিশ্বযুদ্ধৰ নিচিনা পৰিস্থিতি নহৈ, ভাৰত-পাকিস্থানৰ নিচিনা দুখন দেশৰ মাজত যুদ্ধ হ’লেও, এক ডজনতকৈও অধিক দেশত শস্য-উৎপাদন গম্ভীৰভাৱে ব্যাহত হ’ব ।
এনে যুদ্ধৰ পৰিণতি অৱেশ্যে কেবল মাটিৰ ওপৰতে সীমিত নাথাকিব; ই আনকি সাগৰৰ পানীৰ ৰাসায়নিক গুণাগুণো সলনি কৰিব আৰু কোৰেল ৰীফকে ধৰি অন্যান্য সাগৰীয় পাৰিপাৰ্শ্বিকতাকো ধ্বংসৰ মুখলৈ ঠেলি দিব । এনে ধৰণৰ অধ্যয়নবিলাকত, গাণিতিক ম’ডেলিঙৰ উপৰিও সহায় কৰিছে আগ্নেয়গিৰি উদ্গীৰণৰ সময়ত নিৰ্গত হোৱা বৃহৎ পৰিমাণৰ ধোঁৱা-ছাই-এলান্ধুৰ প্ৰভাৱৰ বিশদ তথ্যই; তদুপৰি কানাডাৰ বৃটিছ ক’ল’ম্বিয়াত বৃহদাকাৰৰ বনজুইৰ অধ্যয়নেও এই ক্ষেত্ৰত সহায় কৰিছে ।
সম্প্ৰতি কলোৰাডো বিশ্ববিদ্যালয়ৰ ব্ৰিয়ান টুন আৰু ৰুটগাৰ্চ বিশ্ববিদ্যালয়ৰ এলান ৰ’ব’ক নামৰ বায়ুমণ্ডলীয় পদাৰ্থবিজ্ঞানী দুগৰাকীয়ে কৰা বিশদ গৱেষণাই সামৰি লৈছে বিভিন্ন পৰিস্থিতি, যেনে, আমেৰিকা-ৰাছিয়াৰ মাজৰ এখন সৰ্বনাশী নিউক্লীয় যুদ্ধৰ (য’ত বিশ্বৰ প্ৰায় সকলোবোৰ নিউক্লীয় অস্ত্ৰই থাকিব আৰু প্ৰায় এশ পঞ্চাছ নিযুত টন এলান্ধু তথা ছাই বায়ুমণ্ডললৈ নিক্ষিপ্ত হব ) পৰা আৰম্ভ কৰি ভাৰত-পাকিস্থানৰ মাজৰ এখন যুদ্ধলৈ ( য’ত প্ৰায় এশটা মান নিউক্লীয় যুদ্ধাস্ত্ৰৰ প্ৰয়োগ হ’ব আৰু প্ৰায় পাঁচ নিযুত টন এলান্ধু তথা ছাই বায়ুমণ্ডললৈ নিক্ষেপ কৰিব ) ।
প্ৰথম বিধৰ যুদ্ধ হৈ যোৱাৰ তিনি বছৰৰ পিচত, গোটেই বিশ্বৰ উষ্ণতা প্ৰায় দহ ডিগ্ৰী চেণ্টিগ্ৰেড তললৈ যাব; আনহাতে, দ্বিতীয় বিধৰ যুদ্ধ হৈ যোৱাৰ তিনি বছৰৰ পিচত, গোটেই বিশ্বৰ উষ্ণতা প্ৰায় এক ডিগ্ৰী চেণ্টিগ্ৰেড তললৈ যাব । তদুপৰি, সাগৰৰ ওপৰত নিউক্লীয় যুদ্ধৰ প্ৰভাৱ অধ্যয়ন কৰি তেওঁলোকে পাইছে যে এনে যুদ্ধ হৈ যোৱাৰ এক বা দুই বছৰৰ পিচত, বৈশ্বিক শীতলীভৱনে মহাসাগৰসমূহৰ কাৰ্বন শোষণ কৰাৰ ক্ষমতা কমাব আৰু ইয়াৰ ফলত সাগৰীয় পানীৰ অম্লতা দ্ৰুত গতিত কমি যাব ।
এতিয়া ইয়াৰ ওলোটাটোহে হৈ আছে, যত, মহাসাগৰবিলাকে বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইড শোষণ কৰি আছে আৰু সাগৰীয় পানীৰ অম্লতা বাঢ়ি গৈ আছে । ইয়াৰ প্ৰভাৱে সাগৰীয় পানীত থকা আৰাগোনাইট নামৰ এবিধ খনিজ দ্ৰব্যৰ পৰিমাণ হ্ৰাস কৰিব যিটো সাগৰীয় প্ৰাণীসমূহৰ শৰীৰৰ খোলা বনোৱাৰ বাবে সহায়ক আৰু ইয়াৰ ফলত এইবিলাক প্ৰাণীৰ নিৰাপত্তা ব্যাহত হ’ব ।
আৰাগোনাইটৰ হ্ৰাসৰ ফলত কোৰেল ৰীফো বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব । ইয়াৰ উপৰিও, প্ৰশান্ত মহাসাগৰীয় অঞ্চলত কেইবছৰ মানৰ ব্যৱধানত উদ্ভৱ হৈ থকা এক জটিল জলবায়ুসম্বন্ধীয় পৰিঘটনা এল-নিনোৰ দৰেই, এনে যুদ্ধৰ কেই বছৰ মানৰ পিচতেই নিউক্লীয় নিনোৰ উদ্ভৱ হব পাৰে যি বাণিজ্য বতাহৰ দিশ পৰিবৰ্তন কৰিব যাৰ ফলত বিশ্বৰ বহুতো ঠাইৰ কিছুমানত খৰাং আৰু আন কিছুমানত প্ৰচণ্ড বৰষুণ হ’ব পাৰে ।
নাছাৰ নিউয়ৰ্ক-স্থিত এক কেন্দ্ৰত চলোৱা অন্য এটা অধ্যয়নত, নিউক্লীয় শীতকালৰ শস্য-উৎপাদনৰ ওপৰত পৰিব পৰা প্ৰভাৱতো আলোকপাত কৰা হৈছে । এই মতে, আনকি ভাৰত-পাকিস্থানৰ মাজত হ’ব পৰা এখন সৰু নিউক্লীয় যুদ্ধৰ ফলতো, পাঁচ বছৰৰ ভিতৰত গোমধানৰ উৎপাদন ১৩%, ঘেঁহুৰ উৎপাদন ১১% আৰু চ’য়াবীনৰ উৎপাদন ১৭% হ্ৰাস পাব । ইয়াৰ আটাইতকৈ বেয়া প্ৰভাৱ পৰিব আমেৰিকাৰ মিডৱেষ্ট অঞ্চল ( আচলতে উত্তৰ মধ্যাঞ্চল ) আৰু উক্ৰেইন আদি শস্য-উৎপাদনৰ প্ৰধান এলাকা সমূহত । ইয়াৰ ফলত সমগ্ৰ বিশ্ব যে ভয়ানক দুৰ্ভিক্ষৰ কৰাল গ্ৰাসত পৰিব তাক দোহৰাৰ প্ৰয়োজন নাই ।
(৩) যোৱা সাত দশকৰ ইতিহাসৰ পৰা আশা
অৱশ্যে, নিউক্লীয় যুদ্ধৰ কলীয়া ডাৱৰ এই বাৰেই প্ৰথম দৃশ্যমান হোৱা নাই । পঞ্চাছৰ দশকৰ পৰাই কেইবাবাৰো এনে সম্ভাৱনাৰ উদ্ভৱ হৈছিল । উদাহৰণ স্বৰূপে, পঞ্চাছ দশকৰ শেষৰ ফালৰ বাৰ্লিন সংকট (১৯৫৮-৬১) , ১৯৬২ চনৰ কিউবা-সংকট, ১৯৬৯ চনৰ চীন আৰু ৰাছিয়াৰ সীমান্ত সংকট, ১৯৭৩ চনৰ আৰব-ইজৰায়েলী যুদ্ধ, ১৯৯৯ চনৰ ভাৰত-পাকিস্থানৰ মাজৰ কাৰ্গিল যুদ্ধ ইত্যাদি ।
এই সকলোতে, শেষ পৰ্যন্ত মানুহৰ শুভবুদ্ধিৰ জয় হৈছিল আৰু কূটনৈতিক আলোচনা-বিলোচনাৰে সমস্যাবোৰৰ সমাধান হৈছিল অথবা যুদ্ধ পৰম্পৰাগত অস্ত্ৰ-শস্ত্ৰৰ মাজতে সীমিত আছিল । এইবাৰো বিশ্বৰ প্ৰায় আঠশ কোটি শান্তিপ্ৰিয় জনসাধাৰণে বিছাৰিছে যে মানুহৰ শুভবুদ্ধিয়ে নিউক্লীয় যুদ্ধক পৰাভূত কৰিব আৰু এই সৰ্বনাশী সম্ভাৱনাৰ অন্ত পৰিব।
( লেখক এজন নিবন্ধকাৰ আৰু ৰাষ্ট্ৰীয় তথ্যবিজ্ঞান কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালকপ্ৰধান, ফোন: ৯৪৩৫৫৪১৩০০ )