আৱেগত চিনেমা নাচাওঁ । অসমীয়া আৱেগতো নাচাওঁ । যতীন বৰা, শ্বাহৰুখ খানৰ আৱেগতো নাচাওঁ। ইণ্ডাষ্ট্ৰী বচাব লাগে, ইণ্ডাষ্ট্ৰীটোত বহুত মানুহ জড়িত হৈ থাকে, তেওঁলোকৰ ভাতমুঠিৰ কথা ভাবিও নাচাওঁ । এইবোৰ ছুপাৰ ফাল্টু কথা ।
বাতৰি-কাকত একোখনৰ লগতো পেপাৰৰ হকাৰজনলৈ বহু পৰিয়াল আৰু অসমীয়া মানুহেই অসমত জড়িত হৈ আছে । সেইবুলিয়েই মানুহে কাকত লোৱাৰ সংখ্যা বঢ়া নাই । যিদৰে চিনেমা ইণ্ডাষ্ট্ৰিৰ কথা কোৱা হৈছে, একেদৰে সমাজত আন বহু ইণ্ডাষ্ট্ৰি বা ছেক্টৰ আছে । সেইবোৰ বচাই ৰাখিবলৈনো যতীন বৰাহঁতে কি কৰিছে ! সেইবোৰ মানুহৰ বাবে যতীন বৰাহঁতে নিজৰ কৰ্মক্ষেত্ৰৰ বাহিৰলৈ গৈ ভাবি পাইছেনে নে মাত এষাৰেই মাতি পাইছে !
বহু অসমীয়া মানুহ এইখন অসমতে আজিও গৃহহীন, ভূমিহীন, কৰ্মসংস্থাপনহীন, কৰ্মক্ষেত্ৰত প্ৰাপ্যৰ পৰা বঞ্চিত। যিবোৰ শিক্ষানুষ্ঠানত যতীন বৰাহঁতে চিনেমা চাবলৈ প্ৰচাৰ চলাইছে, সেইবোৰ শিক্ষানুষ্ঠানত যতীন বৰায়ে সম্ভৱ হ’লে বিনামূলীয়াকৈ অথবা ঠেলাৱালা-ৰিক্সাৱালা এগৰাকীৰ সন্তানৰ বাবে affordable মূল্যৰ বিনিময়ত চিনেমা অধ্যয়ন, চিনেমা নিৰ্মাণৰ বিভিন্ন কাৰিকৰী শিক্ষা আৰু অভিনয় প্ৰশিক্ষণৰ ব্যৱস্থা আৰু পৰৱৰ্তী সময়ত ইণ্ডাষ্ট্ৰীটোত সংস্থাপনৰ গেৰাণ্টিসহ কিছুমান কাৰ্যব্যৱস্থা লোৱাৰ কথাতো কোৱা নাই ! শিক্ষাৰ্থীসকলক আৰু তেওঁলোকৰ মাধ্যমেৰে অভিভাৱকক, আত্মীয়-কুটুমক কেৱল দৰ্শক হিচাপে বিচাৰিলে যতীন বৰাৰ ইণ্ডাষ্ট্ৰীটো বাচিব, কিন্তু শিক্ষাৰ্থীজনৰ ভৱিষ্যত, সংস্থাপনৰ ইণ্ডাষ্ট্ৰীটোৰ কি হ’ব, সেয়াও যতীন বৰাহঁতৰ ইণ্ডাষ্ট্ৰীয়ে ভাবিববনে! বিদ্যালয় সমূহৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলৰ , অংগনবাদী কৰ্মী সকলৰ, পেঞ্চনবিহীন চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ পাছৰ সময়ৰ, খেতিয়কজনৰ, বেকাৰ ল’ৰা-ছোৱালীবোৰৰ ইণ্ডাষ্ট্ৰীবোৰৰ কথাও যতীন বৰাহঁতে ভাবেনে ! কিমান প্ৰজাতিৰ শিক্ষক উলিয়াইছে চৰকাৰবোৰে — কাম কিন্তু এটাই – শিকোৱা – বহু কথা এইবোৰ । এইসকলৰ বেথাও যতীন বৰাহঁতে ভবা নাই ।
কেৱল চিনেমা ইণ্ডাষ্ট্ৰীটোৰ কথা ক’লেও আনৰ বেনাৰত যতীন বৰায়ে অভিনয় কৰিবনে , কৰিলেও ইণ্ডাষ্ট্ৰীৰ কথা ভাবি অভিনয়ৰ বিনিময়ত ল’বলগা ধনৰ পৰিমাণটো কিমান ল’ব — এইবোৰ কথাও আহে। যাৰ বেনাৰত কৰিব যদিহে কৰে, তেওঁৰে বেলেগ কিবা hidden agenda থাকিব পাৰে নেকি, এইবোৰো আছে । যতীন বৰাৰ প্ৰডাকছন হাউছে নতুন অভিনেতাক নায়ক হিচাপে, নতুন পৰিচালকক বা অন্য চলচ্চিত্ৰ পৰিচালকক পৰিচালক হিচাপে প্ৰক্ষেপ কৰি ৰাঘৱ-ৰত্নাকৰৰ দৰে বিগ ইনভেষ্টমেণ্ট কৰিবলৈ সাজু হ’ব জানো ! চলচ্চিত্ৰ বা থিয়েটাৰতো ট্ৰেণ্ড এটা এষ্টাব্লিছ হ’বলৈ অলপ বাকী – যতীন বৰাৰ ছৱি – যতীন বৰায়েই নায়ক, পৰিচালক, ফাইনেন্সাৰো – ৰবি শৰ্মাৰ ছৱি — একেই কথা– জুবিন – তেওঁতো গানখিনিও নিজৰেই – থিয়েটাৰ প্ৰস্তুতি পৰাশৰ । এয়া অস্বাভাৱিক কথা নহয় । এয়াই মাৰ্কেট ইকনমি । সেইবাবে কা আন্দোলনৰ সময়ত যতীন বৰায়ে ৰাইজেই ভগৱান বুলি কৈছে, ঠিক আছে । পাছত তেওঁ নিজৰ মতহে নিজৰ মত এনেধৰণে কৈছে । সেয়াও ঠিক আছে। মদৰ বেপাৰী সেইবোৰো ঠিক আছে । আজি দৰ্শক ভগৱান বুলি কৈছে, এয়াও ঠিক আছে । কাইলৈ তেওঁ নিজকেই ভগৱান বুলি ক’লেও ঠিক আছে । আৰু মিছা কৈ লাভ নাই , এইটোৱেই সত্য — প্ৰত্যেক মানুহেই নিজেই নিজৰ ভগৱান ।
ৰাঘৱ – চোৱা আৰু নোচোৱা — এটা পলিটিকেল প্ৰপাগাণ্ডা হৈছে । এই বিষয়ত তিলমাত্ৰো সন্দেহ নাই। নোচোৱা বা নাচাওঁ বুলি কোৱাখিনিয়ে জিকিছে। ফাংফুং কথা কৈ লাভ নাই । পিছৰখিনি মানুহে আৰু এতিয়া চাই দিব পাৰে। কিনো! ইণ্ডাষ্ট্ৰী মৰিবলৈ ল’লে মানুহেও বচাব নোৱাৰে। অসমীয়া জাতিও যতীন বৰা নাথাকিলেও নমৰে। মৰিলে এনেও মৰিব। অসমীয়া জাতি, হিন্দুত্ব বুলি এইবোৰৰ উৰ্ধলৈ যাব লাগিব নতুন যুগৰ ৰাজনীতি । পাৰফৰ্মেঞ্চ, ডেলিভাৰ টু পিপুল — এইবোৰ দিন আহি আছে । ইছ্যুছবোৰো বেলেগ বেলেগ আহিছে । আইডেণ্টিফাইয়িং বৰকৈ হোৱা নাই । হ’ব লাহে লাহে। ঝাটকাবোৰ লাগিবলৈ আৰম্ভ কৰিছে মিহি মিহিকৈ। বেয়া সময়ৰ একেবাৰে শেষলৈ আমি আহি পাইছোঁ । আৰু পঁচিশ বছৰমান এই চলতি ছেণ্টিমেণ্টবোৰ চলি থাকিব, তাৰপিছত দহ-পোন্ধৰ বছৰ dull season এটা চলিব পাৰে। তাৰপিছত পাৰফৰমেঞ্চ দিব নোৱৰা ভণ্ড পলিটিছিয়ানৰ দিন উকলিব। ইমান দীঘলীয়া নহ’বও পাৰে। সেইবোৰ বাৰু বেলেগ কথা।
বহু বছৰৰ মূৰকত ৰত্নাকৰ চাই মই আপ্লুত হৈ থৈছোঁ । মন ভৰি গৈছিলে। পিয়াহ এটা থাকেতো। পিয়াহ পলাই গৈছিলে ।
কৈছোঁৱেই ছেণ্টিমেণ্টত চিনেমা চোৱাও নাই । নাচাওঁও । চালে এনেই চাম । substance বিচাৰিম । মালটো দিব পাৰিছেনে নাই – সেইটোহে লাগে। ৰত্নাকৰ ভাল পাইছিলোঁ। এইখনো চাই দিওঁ। কেনেকুৱা হৈছে চাওঁ। ইমানেই । বাকী যতীন বৰা ভাৰ মে জায়ে মোৰ কি আহে যায় । যতীন বৰাই মোৰ জাতিও ৰক্ষা কৰি দিব নালাগে, ধৰ্মও ৰক্ষা কৰি দিব নালাগে । পৰাখিনি নিজেই ৰক্ষা কৰিম । মোৰ ইণ্ডাষ্ট্ৰিৰ কথাও ভাবি দিব নালাগে । যতীন বৰাৰ ইণ্ডাষ্ট্ৰিৰ কথাও মই নাভাবোঁ । যতীন বৰায়েও আমাৰ ইণ্ডাষ্ট্ৰীবোৰৰ কথা ভাবি দিয়াও নাই । নিদিয়েও। দিবও নালাগে । মোৰ দায়িত্ব মোৰ । চিনেমা ইণ্ডাষ্ট্ৰীও ৰক্ষা কৰি দিব নালাগে বুলি মই কওঁ।
মমতাৰ চিঠি, নক্ষত্ৰ, অনুৰ, বুম্বা ৰাইডিং অজস্ৰ চিনেমা ওলাইছে এইকেইদিনতে । সেইকেইখনো চাই দিব লাগে বুলি যতীন, ৰবি, জুবিন কোনেও কাউকাউ-মাউমাউ কৰা নাই । বিজেপিৰ সভাপতিজনে এইমাত্ৰ যতীন বৰাক ৰাঘৱ চাই আগুৱাই দিব লাগে বুলি কৈছে। এইবোৰৰ বেলিকা কৈ পাইছে জানো ! সেইকাৰণে এইবোৰ ফাল্টু কথা । কোনোবাই কিবা ক’লে চাম, নক’লে নাচাওঁ । যতীন বৰায়ে যতীন বৰা ইণ্ডাষ্ট্ৰীটোৰ কথাই ভাবিছে। আৰু কিনো! সেই মাৰ্কেট ইকনমিৰ ফৰ্মুলা। তুমি তোমাৰ ভাবা , আমি আমাৰ ভাবিম । ৰাইজ হৈ ভগৱান হ’বলৈয়ো তোমাক নেটানোঁ, দৰ্শক হৈ ভগৱান হৈয়ো তোমাক নতৰোঁ । চালে এনেই চাম ।
পলিটিকেল বেঞ্চ মাৰ্কিঙৰ পৰীক্ষা এটা হৈ গ’ল কেৱল ৰাঘৱৰ মাজেৰে । সেইটো আমি দেখিলোঁ । এতিয়া হুৰাহুৰে লোকে চাই দিলেও আমি খেলটো বুজি পাম। বেলেগ একো নাই । চিনেমা চাব লাগে। এইখন নাচায়, সেইখন চাওক। আৰু চায় মানুহে ।
বাকী জাতিটো, ধৰ্মভাইসকল আৰু ধৰ্মনিৰপেক্ষ বন্ধুসকল – ভোটত ভাল হোৱা । ভোটটোহে মেইন। সেইটোত হুঁচ নাথাকে, বাকী আল-বাল হাল্লা কৰি থাকে আমাৰ মানুহবোৰে । জাতি, ধৰ্মৰ কথা কোৱা গোটেইগালক ৰিজেক্ট কৰিবলৈ হৈ গৈছে । গেলি গৈছে চব । দুইবিধকে এৰিব লাগিব । জাতি বচোৱাকেইটাকো আৰু ধৰ্ম ৰক্ষা কৰাকেইটাকো । জাতি বচোৱা, ধৰ্ম ৰক্ষা কৰা এইবোৰৰ দায়িত্ব নিজে নিজে ল’ব লাগিব । কৰ্মইহে ধৰ্ম । কৰ্ময়েহে জাতি ৰক্ষা কৰিব । এইগালে ধৰ্মই কৰ্ম কৰি পেলাইছে । পলিটিছিয়ানৰ পৰা কাম বিচাৰক । কৰ্মসংস্থাপন বিচাৰক । আৰু উচিত প্ৰাপ্যৰ চৰ্ত । গাঁৱে গাঁৱে প্ৰডাকচন বেছড্ ইণ্ডাষ্ট্ৰী, এম এন চি । প্ৰতিটো নিউক্লিয়েৰ ইণ্ডিজেনিয়াছ ফেমিলিক এক কঠা পাঁচ লেছাৰ বাৰী মাটি আৰু তিনি বিঘাকৈ এগ্ৰিকালছাৰেল লেণ্ড । নিৰ্দিষ্ট পৰিমাণতকৈ অধিক মাটিৰ মালিকীস্বত্ব লৈ থোৱা নতুন যুগৰ জমিদাৰবোৰৰ হাতৰ পৰা চৰকাৰে মাটিবোৰ কাঢ়ি গৃহহীন, ভূমিহীনক, নিউক্লিয়েৰ ফেমিলিবোৰক ভগাই দিব পাৰিব লাগিব । পলিটিছিয়ানে জাতি-ধৰ্ম ৰক্ষাৰ দায়িত্ব ল’ব নালাগে বুলি সিদ্ধান্ত লওক আৰু যিয়েই জাতি আৰু ধৰ্ম ৰক্ষাৰ কথা ক’বলৈ লয়, নুশুনোঁ তোৰ কথা — নিদিওঁ তহঁতক ভোট বুলি একমুঠ হওক, গেইম বদলি যাব । পাৰিবনে এইটো !
শেষত যতীন বৰা আৰু ৰাঘৱলৈ। আৰু বহুজনলৈ – সপোনজ্যোতি ঠাকুৰৰ “মাউৰত নোযোৱাকেইটাৰ কাহিনী” নাটকৰ জনপ্ৰিয় সংলাপ এটাৰে সঁকিয়াই দিবলৈ বেয়া নাপাওঁ – ”আঠুকাঢ়ি শিল্প নহয় ,তুমি যদি স্বাধীন নোহোৱা ,তুমি যদি স্বাধীনভাৱে চিন্তা কৰিব নোৱাৰা, অন্যৰ প্রভাৱত চিন্তা কৰিব লগা হয়, তেনে সেইটো শিল্প নহয় গোলামী”। যতীন বৰা আৰু অন্য বহুজন শিল্পৰ দৰে জিলিকি উঠক । অসমৰ নাটক-চিনেমা-গান-বাজানাৰ সাংস্কৃতিক জগতখন আমি উৎকৃষ্ট শিল্প অনুশীলনৰ ক্ষেত্ৰ হৈ জিলিকি থকাটোহে বিচাৰোঁ ।