ৰাঘৱে আমাক ক’লৈ নি আছে : ধ্ৰুৱাৰ্ক চৌধুৰী

এক

অসমীয়া চলচিত্ৰ তথা সাংস্কৃতিক জগতৰ বাবে স্পৰ্ধাসূচক কথা-বতৰাবোৰে অশনি সংকেত কঢ়িয়াই আনিছে । চলচ্চিত্ৰ আৰু সাংস্কৃতিক জগত শেহতীয়া দৃশ্যপট সংক্ৰান্তত একেবাৰে মৌন । ভয় হয়, দৰ্শকে এই মৌনতাৰ উত্তৰ যদি সামগ্ৰিক বয়কটেৰে দিয়ে, সেই ক্ষয়-ক্ষতিৰ মেৰামতি কেনেকৈ কৰা হ’ব ! 

সাহিত্যৰ সমালোচক আৰু সমালোচনাত্মক দৃষ্টিভংগীৰ পঢ়ুৱৈয়ো বাৰু সতৰ্ক হ’বৰ হ’ল বুলি সাংস্কৃতিক জগতৰ কৰ্মকাণ্ডয়ে ইংগিত কৰে নেকি! অসমীয়া সাহিত্যৰ সমালোচনাসকলে কি ভাবে? ৰাজনৈতিক ধাৰাভাষ্যকাৰীবোৰে বাৰু ব্লেডৰ ওপৰেৰেই cake walk দি থাকে । গম পোৱা-নোপোৱাকৈ এওঁলোকৰ ক্ষয়-ক্ষতি হৈয়েই থাকে । 

অসমীয়া সমাজ জীৱনৰ মৌলিকতাৰ পৰা কি সাহিত্য কি চলচ্চিত্ৰ বা অন্যান্য ডুখৰীয়া ছৱি – এইবোৰৰ নিৰ্মাণ কৌশল আৰু প্ৰযুক্তিগত প্ৰয়োগ পৰ্যন্ত বহুযোজন আঁতৰি যোৱাৰ পাছত কুশীলৱসকলৰ কৰ্মকাণ্ডবোৰ বৰ আশ্বৰ্যকৰ । দক্ষিণৰ চলচিত্ৰয়ে হওক কিম্বা বাংলা গান-সাহিত্যৰ অনুকৰণে দীৰ্ঘকালৰ ব্যৱসায়িক স্বাৰ্থও সিদ্ধি যে নকৰে, আমি নিশ্চিত হৈ থোৱা ভাল । তাৎক্ষণিক উৎকেন্দ্ৰিক উল্ল আস-তৃপ্তিৰ বাহিৰে আচলতে এইবোৰে একোৱেই নিদিয়ে, এইটোৱেই সত্য । যুগমীয়া হোৱা কথা-বতৰাবোৰ বাৰু বহু দূৰৈত । আমি ইয়াত মূৰ্খৰ দৰে মই আপোনাক, আপুনি মোক বাহ্-বাহ্ দি থাকোঁ । কোঠাৰ ভিতৰত পঢ়ি থকা আৰু দুনিয়াৰ খবৰ ৰখাজনে কিন্তু আমাৰ কাণ্ডবোৰ দেখি অকলে অকলে উল্লাসত ফাটি পৰে । 

থিয়েটাৰ জগতত (Independent) প্ৰযোজকসকলে বহু দেৰিকৈ বুজি পাইছে । স্বীকাৰো কৰে । কিন্তু ইমান দূৰলৈ গুচি গ’ল, উভটি সঠিক ৰাস্তা লৈ টিকিবলৈ তেওঁলোকৰ ভয় হৈছে। পুৰণি নাটকবোৰেৰে নতুনকৈ আৰম্ভণিৰ চেষ্টাও কৰিছে । কিন্তু অখাদ্য ভক্ষণ কৰি কেন্সাৰ ৰোগ লৈ পতককৈ নমৰি তিলতিলকৈ মৃত্যুপথত আগবঢ়া ৰোগীয়ে শেষলৈ ভুল বুজি পাই উঠা অংশটোৰ নিচিনা কথা – মদ-ধূমপান-গুটখায়েই শেষ কৰিলে সুন্দৰ জীৱনটো !

দুই

“ৰত্নাকৰ”খন দক্ষিণৰ “থেৰী”খন যে কেৱল ভাষাটো অনুবাদ কৰি অসমীয়া চেহেৰাকেইটায়ে আমাক অসমীয়া ছবি বুলি দেখুৱাইছিল — মোৰ বন্ধুস্থানীয় ভাইটি এজনে মোক হুৱাটছএপত থেৰীৰ লিংকটো দি কৈছিল, “আই ও, সিখন (ৰত্নাকৰ) চাইছ’ ! ইখন (থেৰী) চা ।” তাৰপিছত থেৰী চাই মোৰ নিজৰ লাজ লাগিছে ! কিন্তু মই দৰ্শকহে । দৰ্শক হৈয়ো লাজ পাইছোঁ। থেৰী চাই থাকোতে লাজতে মই ধৰিছোঁ নিজৰ নাকত । বাৰু, এই যে থেৰীক অসমীয়া ভাষাটো আৰু চৌকেইটা অসমীয়া চেহেৰা দেখুৱাই আমাক ঠগালে – আমি এটা criminal conspiracy কেছ থুকি সমূহ দৰ্শকলৈ ক্ষতিপূৰণ বিচাৰিব পাৰোঁ নে নাই ! 

আৰক্ষীয়ে শেহতীয়াকৈ মাতি নিয়া কেউজনে সভাপতি-সম্পাদক-সদস্য বাব লৈ সদৌ অসম অসমীয়া নাটক-চলচ্চিত্ৰ দৰ্শক সন্থা এটা খুলি কেছ এটা থুকি দিলে কিন্তু কাঁটা উল্টা মাৰিব !

কামটো মই নকৰোঁ কিয়? কাৰণ বলীউডৰ “মাৰ্ডাৰ” ( ইমৰাণ হাছমীখ্যাত) চোৱাৰ আগে আগে মই হলীউডৰ “আনফেইথফুল” চাই থৈছোঁ । তেতিয়াও মই একো কৰা নাই । 

মুক্ত আকাশৰ তলৰ মুক্ত পৃথিৱীত ইমানলৈ আগবঢ়া সঠিক নহয় । এইবোৰ পানী ঘোলা কৰাৰ বাহিৰে একো কৰা নহয়গৈ । সময়ৰ হাতত সকলো এৰি দি নিজৰ কামবোৰ কৰি গৈ থকাই সঠিক । সময়েই সমাজকো শিকায় । প্ৰকৃতিকো শিকায় । ভগৱানকো শিকায় । সময় আটাইতকৈ শক্তিশালী । বাকী সকলো ক্ষণস্থায়ী । ক্ষণজন্মাৰ সংখ্যা আঙুলি মূৰত লেখিব পাৰি । সেইবাবে বিপৰ্যয়বোৰকো সময়ৰ শাস্তি আৰু সাময়িক বুলিয়েই জীৱন পথত আগবাঢ়িলে ভাল। পক্ষ প্ৰতিপক্ষ বুলি কথা নাই । আমি একেখন নাৱৰে যাত্ৰী – নাৱখনত দৰ্শকো আছে । সমালোচকো আছে । দৰ্শকক নমাই থৈ যোৱা নাযায় । সকলো ক্ষেত্ৰতে এনেকুৱাই কথাবোৰ । পাহৰি যোৱাটো ভুল । 

তিনি 

অনাহকত আৰক্ষী-আদালতৰ সময় নষ্ট কৰিব নাপায় ।

ধ্ৰুৱাৰ্ক চৌধুৰী
লেখকৰ মেইল : dhruvajyotichoudhury20211@gmail.com