আপোনাৰ সতি-সন্ততিক আপুনি কি দি যাবলৈ বিচাৰে? টকা-পয়ছা, ঘৰ-দুৱাৰ, মাটি-সম্পত্তি, নিজৰ ভৰিত থিয় দিব পৰা এটা সুৰক্ষিত ভৱিষ্যৎ, নে শান্তিৰে জীয়াই থাকিবলৈ এখন সুস্থ-সবল সমাজ গঢ়াৰ মন্ত্ৰ?
সন্দেহ নাই, এই প্ৰশ্নৰ উত্তৰ স্বাভাৱিকতে ভিন্ন হ’ব৷ অনেকেই হয়তো পাৰে মানে ধন-সম্পদকে ৰাখি থৈ যোৱাৰ কথা ক’ব৷ নিজৰ সন্তানে জীৱনত বিশেষ একো কৰিব নোৱাৰিলেও যাতে খাই-পিন্ধি জীয়াই থকাত অসুবিধা নহয়৷ কিন্তু যি সন্তানে এক নিজস্ব, সুস্থ জীৱন দৰ্শন গঢ়ি তুলিব নোৱাৰে, তেনে সন্তানৰ হাতত সেই সম্পদ সুৰক্ষিত হয়নে?
আন এক অংশই সন্তানৰ সুৰক্ষিত ভৱিষ্যৎ গঢ়াৰ প্ৰতি মনোযোগ দিয়াৰ কথা ক’ব৷ এচাম লোকতো আগন্তুক প্ৰজন্মৰ বাবে “ধৰ্মক সুৰক্ষিত” কৰি ৰখা কামতে নিৰলসভাৱে ব্যস্ত হৈ আছে৷ আমি বাস কৰা পৃথিৱীখন যে ক্ৰমাৎ ধ্বংসৰ ফালে আগবাঢ়ি গৈ আছে আৰু সকলো জীৱৰ জীৱন-জীৱিকা বিপন্ন হৈ গৈ আছে, তাৰ প্ৰতি তেওঁলোকৰ ভ্ৰুক্ষেপ নাই৷ খুব কম লোকহে ওলাব, যি সন্তানৰ ব্যক্তিগত ভৱিষ্যৎ গঢ় দিয়াত গুৰুত্ব দিয়াৰ লগতে সন্তানক এখন সুস্থ-সবল সমাজ গঢ় দিয়াৰ মন্ত্ৰ দি যাবলৈ বিচাৰিব৷
আমাৰ মাজৰ কিমানজনে ভাবিছে–ভৱিষ্যৎ প্ৰজন্মৰ কাৰণে আমি কেনেকুৱা বায়ু, কেনেকুৱা পানী অথবা পৰিৱেশ এৰি থৈ যোৱাৰ আয়োজন চলাই আছো? আমাৰ মাজৰ কিমানজনে জানো–শান্তিৰে বসবাস কৰিব পৰা এখন সুস্থ-সবল সমাজ গঢ়াৰ বাবে কোনবিলাক উপাদানৰ উৎকৰ্ষৰ প্ৰতি আমি সচেষ্ট হ’ব লাগে? সম্ভৱ এনে লোকৰ সংখ্যাও নিচেই কম হ’ব৷
জলবায়ুৰ অনাহূত আৰু বিষময় পৰিৱৰ্তনৰ কথা এতিয়া অনেক দূৰৰ বিষয় হৈ থকা নাই অথবা ভৱিষ্যতৰ আশংকাও হৈ থকা নাই৷ কিন্তু আগৰ বছৰৰ তুলনাত পাছৰ বছৰত যে গৰম বৃদ্ধি হৈ গৈ আছে, সেই কথা সকলোৱে অনুভৱ কৰিছো৷ গছ-বন কাটি তহিলং কৰা মানুহবোৰক, তেওঁলোকক তেনে কাম কৰিবলৈ সুবিধা কৰি দিয়া চৰকাৰবোৰক গালি-গালাজ পাৰি আছো৷ কিন্তু পৰিৱেশ সুৰক্ষাৰ বাবে বৃক্ষৰোপণৰ ক্ষেত্ৰত আমাৰ উদ্যোগ তেনেই কুহুমীয়া৷ নিজে বৃক্ষৰোপণ কৰাতো দূৰৰে কথা, দূৰৰ কোনোবাই ৰুই থৈ যোৱা গছ পুলিটোৰ প্ৰতিও আমাৰ কোনো আগ্ৰহ নাই৷ আমি, গছ পুলিটোৰ কাষে-পাজৰে থকা লোকসকলে, পুলিটো বচাই ৰখাৰ বাবে ল’বলগীয়া উদ্যোগখিনিও নলওঁ৷ অথচ সমগ্ৰ বিশ্বতে উন্নয়নৰ নামত নিতৌ বন-বিৰিখৰ ধ্বংস যজ্ঞ চলিয়েই আছে৷ আমাজনৰ দৰে বৃহৎ বৃহৎ বৰ্ষাৰণ্য জ্বলি ছাৰখাৰ হৈ গৈছে৷ এই “বনজুই”বিলাকৰ অন্তৰালত কিছু বৃহৎ বৃহৎ আন্তৰ্জাতিক পুঁজিপতিৰো হাত আছে বুলি বহু লোকে সকাৰণ যুক্তিতে সন্দেহ কৰে৷
মন কৰিলে দেখা যায়–প্ৰকৃতিৰ নিবিড় সান্নিধ্য বিচাৰি পোৱা বিশ্বৰ কিছুমান বিশেষ বিশেষ ঠাই পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল৷ শেহতীয়াকৈ, বিশেষকৈ নব্য উদাৰ অৰ্থনৈতিক নীতি গ্ৰহণ কৰাৰ পাছৰে পৰা, সেইবিলাক ঠাইৰো “উন্নয়ন” ঘটাই প্ৰকৃতি ধ্বংস কৰা হৈছে৷ এইবিলাক কৰা হৈছে পৰ্যটন উদ্যোগক বিকশাই তোলাৰ স্বাৰ্থত৷ অৰ্থনৈতিক উন্নয়নৰ স্বাৰ্থত শিল্পায়ন, নগৰীকৰণ, বাণিজ্যিক উৎকৰ্ষৰ বাবে নিয়মিতভাৱে বন ধ্বংস হ’ব লাগিছে৷
ইয়াৰ লগে লগে সমাজত “ধৰ্ম ৰক্ষা”ৰ সামাজিক কচৰতেও এক বিষময় পৰিৱেশ সৃষ্টি কৰিছে৷ প্ৰাকৃতিক পৰিৱেশ, সামাজিক পৰিৱেশ দুয়োটাই যদি বিষময় হৈ পৰে, তেন্তে আমি ক’লৈ পলাই যাম? ক’ত লুকাম? কিমান দিন শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বন্দী হৈ থাকিম? এ চিৰ ক্ৰমবৰ্ধমান ব্যৱহাৰেও প্ৰাকৃতিক পৃথিৱীখনক ক্ৰমাৎ অধিক উষ্ণ কৰি তুলিছে৷ গতিকে শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ বাহিৰলৈ আহিলেও আপোনাৰ থিয় হ’বলৈ এডোখৰ ঠাইৰ অভাৱ হ’ব৷ জলৰ অভাৱে জীৱকুলৰ মৃত্যু অনিবাৰ্য কৰি তুলিব৷ এই পৃথিৱী এৰি আন ঠাইলৈ যোৱাৰো উপায় নাই, অন্ততঃ এই পৰ্যন্ত মহাকাশত বাসোপযোগী ঠাইৰ সন্ধান পোৱা নাই৷ তেনে বাসস্থান কৃত্ৰিমভাৱে নিৰ্মাণ কৰিব পৰা প্ৰযুক্তিও উদ্ভাৱিত হোৱা নাই৷ তেনেস্থলত এইখন পৃথিৱীকে আমি জীৱৰ বাসোপযোগী কৰি ৰাখিব লাগিব৷
সময় থাকোতেই আমি বুজা দৰকাৰ যে টকা-পয়ছা, মাটি সম্পত্তি খাই মানুহে জীৱন ধাৰণ কৰিব নোৱাৰে৷ জীয়াই থাকিবলৈ নিৰ্মল অম্লজান গেছ লাগিব আৰু লাগিব আৱশ্যকীয় পৰিমাণৰ অপ্ৰদূষিত পানী৷ সমাজত সুস্থভাৱে উশাহ-নিশাহ ল’বলৈ প্ৰেম, শান্তি, বিশ্বাস আৰু আস্থাৰ পৰিৱেশ বিৰাজ কৰিব লাগিব৷ উত্তৰ পুৰুষৰ বাবে এখন বিষময় পৃথিৱী, এখন বিষময় সমাজ এৰি নোযোৱাৰ প্ৰতি দায়িত্বশীল হোৱাৰ দায়িত্ববোধকণ অন্ততঃ আমি আৰ্জন কৰা উচিত৷ জোৰ পুৰি হাত পালেহি৷ উদ্যোগ লোৱাৰহে কথা, পলম কৰাৰ সকাম নাই৷
লেখকৰ ফোন-৯৪৩৫০৯০৮৯৯