ভাৰত চৰকাৰে এটা অদ্ভুত ঘোষণা কৰিছে: যিসকলে ভূগৰ্ভৰ পানী ব্যৱহাৰ কৰে, তেওঁলোকে চৰকাৰক কৰ সোধাব লাগিব৷ জয়জয়তে দহ হেজাৰ টকাৰে অনুমতি ল’ব লাগিব৷ পাছত আৰু কিবা যোগ হয় নে নাই, ঠিকনা নাই৷ যিসকলে দৈনিক চাৰি-পাঁচশ লিটাৰ পানী কুঁৱা, নলীনাদৰ পৰা আৰু যিসকলে বহু তলৰ পাম্ কৰি হেজাৰ-বিজাৰ, লাখ লাখ লিটাৰ পানী দৈনিক ব্যৱহাৰ কৰে, সকলোকে এই flat rate বা সমান হাৰত এই কৰ আদায় দিবলৈ চৰকাৰে হুঁচিয়াৰী দিছে৷
মোৰ প্ৰথম প্ৰশ্ন হ’ল আজি শ শ , হেজাৰ-বিজাৰ বছৰ ধৰি মানুহে নৈৰ পানী, পুখুৰীৰ পানী, নাদৰ পানী ব্যৱহাৰ কৰি আছে৷ কোনো ৰজা-মহাৰজাই এনেদৰে ভূপৃষ্ঠ বা ভূগৰ্ভৰ পানী ব্যৱহাৰ কৰা প্ৰজাৰ ওপৰত তাৰ বাবে জলকৰ লোৱা নাই৷ তেওঁলোকৰ কোনো কোনোৱে ৰাইজে ব্যৱহাৰ কৰিবলৈ পাটকুঁৱা বা শিলেৰে বন্ধোৱা পকীনাদ বা পুখুৰী সজাইহে দিছিল৷ ব্ৰিটিছ চৰকাৰ থাকিল এশৰপৰা ডেৰশ বছৰ৷ সিহঁতে নানাধৰণে ভাৰতত শোষণ চলালেও নিজে পানী সংগ্ৰহ কৰা ৰাইজৰ ওপৰত এনে মাছুল লগোৱাৰ কথা জনা নাযায়৷ আজিৰ তাৰিখৰ পৰা পয়সত্তৰ বছৰ আগলৈ গৈ থাকিলেও একেই অৱস্থা দেখা যাব৷
পানী প্ৰকৃতিৰ দান, বায়ুৰ দৰে৷ বায়ু সেৱনত যেনেকৈ কৰ বহুৱা অপুদ্ঘাত কথা, সেইদৰে পানী আহৰণ আৰু ব্যৱহাৰত মাছুল নিৰ্দ্ধাৰণ কৰাও আচৰিত কথা৷ যিটো বস্তু বা সেৱা চৰকাৰৰ, তাক ব্যৱহাৰ কৰিলে কৰ, মাছুল, কিবা এটা ভৰিবই লাগিব৷ কিন্তু ভূপৃষ্ঠৰ বা ভূগৰ্ভৰ পানী চৰকাৰৰ সম্পত্তি হ’ব নোৱাৰে৷ বৰং চৰকাৰৰ দায়িত্ব জনসাধাৰণৰ জলকষ্ট দূৰ কৰা৷
এই মাছুলৰ এটাই যুক্তি থাকিব পাৰে৷ জনসংখ্যা বৃদ্ধি আৰু নানা ঔদ্যোগিক বা ব্যৱসায়িক উদ্দেশ্যত পানীৰ ব্যৱহাৰৰ বাবে ভূপৃষ্ঠত আৰু ভূগৰ্ভত জমা হৈ থকা পানীৰ পৰিমাণ সাংঘাতিক ধৰণে হ্ৰাস পাইছে৷ এইটো হাৰত জল আহৰণ চলি থাকিলে এদিন খোৱা পানীটোপাও দুৰ্লভ হৈ পৰিব৷ সেয়ে জল সংগ্ৰহত ৰাজহুৱা স্বাৰ্থৰ খাতিৰতে পানীৰ ব্যৱহাৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰা দৰকাৰ৷ আনকি জৰুৰী৷
কিন্তু এই দহ হেজাৰ টকীয়া মাছুলে সেই উদ্দেশ্য পূৰণ কৰিবনে? নকৰে৷ কাৰণ যিবোৰ হোটেলে বা জলক্ৰীড়া (water sports) উদ্যোগে দৈনিক কোটি কোটি লিটাৰ পানী অবাধে ব্যৱহাৰ কৰি আছে সেইবোৰে দহ হেজাৰ টকাৰে মাছুলৰ ভয়ত কেতিয়াও ভূগৰ্ভৰ পানী শোষণ কৰা বন্ধ নকৰে৷ অসুবিধাৰ সন্মুখীন হ’ব আমাৰ দৰে মধ্যবিত্ত আৰু সাধাৰণ আয়ৰ মানুহ৷ আৰু এই দহ হেজাৰ টকা কেতিয়া বিদ্যুৎ বিলৰ দৰে জঁপিয়াই এক লাখ টকা হৈ পৰে, ঠিকনা নাই৷ এইটো দেখদেখকৈ ঘোৰ অন্যায়৷ সি ৰাজহুৱা স্বাৰ্থও ৰক্ষা নকৰে আৰু সাধাৰণ ৰাইজৰো কোনো উপকাৰ সাধন নকৰে, বৰং কষ্ট বঢ়ায়৷
কেইবা বছৰো আগতে পি ছাইনাথ নামৰ মেগছেইছেই পুৰস্কাৰ লাভ কৰা এগৰাকী সমাজসেৱীয়ে গুৱাহাটীত দিয়া বক্তৃতা এটাত বহু শ্লাইড (Slides) প্ৰদৰ্শন কৰি দেখুৱাইছিল যে ভাৰতৰ কোনো প্ৰান্তত একোটা সাধাৰণ শ্ৰমজীৱী পৰিয়ালে দৈনিক এজন সদস্যক দহমাইল দূৰলৈকে খোজ কাঢ়ি ৰাজহুৱা কুঁৱা বা নলীনাদৰ পানীৰ বাবে বাল্টি, গেলন বা ড্ৰাম লৈ লাইনত থিয় হ’বলৈ পঠিয়াব লগা হয়৷ দিনটোৰ শেষত সদস্যজনে পঞ্চাশ লিটাৰ মান পানী যোগাৰ কৰাৰ পিছত ঘৰৰ পৰা আৰু দুজনমান গৈ ধৰা ধৰি কৰি সেইখিনি পানী ঘৰলৈ আনে৷ অথচ তেওঁলোকৰ ঘৰৰ ওচৰতে থকা বিৰাট প্ৰাসাদতুল্য হোটেলত হোটেলৰ অতিথি, আৱাসিক, কৰ্মচাৰীৰ ব্যৱহাৰৰ উপৰি ছুইমিং পুল, ফোৱাৰা (fountain) আদিত দৈনিক কোটি কোটি লিটাৰ পানী ব্যৱহাৰ হয়৷ দিনটো অতি কম ব্যৱহাৰ হ’লেও বা একেবাৰে ব্যৱহাৰ নহ’লেও ছুইমিং পুলৰ পানী এৰি দিয়াৰ স্বাস্থ্যসন্মত নিয়ম আছে৷ সেয়ে সাধাৰণ শ্ৰমজীৱী মানুহ, মধ্যবিত্ত আদিৰ প্ৰয়োজনত ভূজল ব্যৱহাৰত মাছুল নলগাই বিলাস-ব্যসনৰ বাবে পানী অপচয় কৰাসকলৰ পৰা চৰকাৰে দণ্ড হিচাপে নিৰ্দিষ্ট হাৰ অনুযায়ী মাছুল সংগ্ৰহ কৰা ভাল৷
যিমানেই পানীৰ এনে ব্যৱহাৰৰ পৰিমাণ বাঢ়ে, কৰ সিমানেই কঠোৰ আৰু বদ্ধিৰ্ত হোৱা উচিত৷ তদুপৰি আগতে উল্লেখ কৰা মানুহৰ ব্যৱহাৰযোগ্য পানীৰ আসন্ন সংকটৰ কাৰণে পৰিমাণ সীমিত কৰা দৰকাৰ৷ এপাৰ্টমেণ্টৰ কলনি এটাটো যথেষ্ট পানীৰ প্ৰয়োজন হয়৷ তাত এনে বৃহৎ পৰিমাণৰ পানী আহৰণৰ ব্যৱস্থা থকাৰ সংগত কাৰণ আছে৷ কিন্তু তাতো এতিয়াৰ পৰা পানী ৰেছনিং কৰা উচিত হ’ব৷ যাৰ যাৰ ঘৰত পৰিয়ালৰ বাবে পকী কুঁৱা বা নলীনাদ আছে, তাত পানীৰ ব্যৱহাৰ নিয়ন্ত্ৰিত কৰিবলৈ চৰকাৰী খৰচত ৱাটাৰ-মিটাৰৰ ব্যৱস্থা কৰিব পাৰি, যাতে পানীৰ অপচয় নহয়৷
ভূগৰ্ভৰ পানীৰ কিছু অংশ বহু যুগ ধৰি সাঁচি ৰখা পানী নহয়, বৰং ভূপৃষ্ঠৰ পৰা লাহে লাহে তললৈ নিগৰি জমা হোৱা পানী৷ সচৰাচৰ কেইবাটাও স্তৰৰ মাজেদি পৰিশ্ৰুত হৈ গৈ থকা বাবে এনে পানী সাধাৰণতে নিৰ্মল পানী হয়৷ কিন্তু আজি কেইবছৰমান ধৰি এনে পানীত আৰ্ছেনিক নামৰ বিষাক্ত ৰাসায়নিক উপাদানৰ প্ৰদূষণ ঘটিছে৷ ভূগৰ্ভত কোটি কোটি বছৰ সংৰক্ষিত হৈ থকা পানীও এতিয়া ভূপৃষ্ঠৰপৰা নিগৰি জমা হোৱা পানীৰ সংস্পৰ্শত আৰ্ছেনিকৰে মিহলি হৈছে৷
পৰিস্থিতি অতি সংকটজনক৷ সংকটকালীন পৰিস্থিতিৰ দৰে চৰকাৰে জৰুৰীভাৱে আৰু তৎপৰতাৰে ইয়াৰ প্ৰতিকাৰ কৰিবলৈ বৃহৎ আৰু সুচিন্তিত পদক্ষেপ লোৱা উচিত৷ কিন্তু সকলো সমস্যাকে প্ৰযুক্তিৰে আয়ত্ত কৰিব পাৰি বুলি মোহান্ধ হৈ পৰা চৰকাৰ আৰু ৰাইজে সমস্যাটো আওকাণ কৰাহে দেখা গৈছে৷
এতিয়া কিছু দূৰলৈ চকু দিব পৰা চিন্তাশীল লেখক কেইজনমানে এনে সম্ভাৱনাও দেখিছে যে ভৱিষ্যতে খোৱাপানীৰ বাবে পৰিয়ালৰ সদস্যসকলৰ মাজততো হয়েই, বিভিন্ন দেশৰ মাজতো ভয়ানক যুঁজ-বাগৰ হ’ব পাৰে৷ যদি প্ৰকৃত সমাজবাদ বিশ্বত প্ৰতিষ্ঠিত হয়, তেতিয়াহে শান্তিপূৰ্ণ আলাপ-আলোচনা আৰু সহযোগিতাৰে এই বিধবংসী সংঘাত এৰাব পৰা যাব৷
এই অৰ্থত চীনকো প্ৰকৃত সমাজবাদী দেশ বুলিব নোৱাৰি৷ ব্ৰহ্মপুত্ৰ তিব্বত [বৰ্তমান চীনৰ অধীন], ভাৰত আৰু বাংলাদেশৰ মাজেদি বৈ গৈছে৷ তাৰ পানীত তিনিওখন দেশৰ সমান অধিকাৰ থকা উচিত৷ কিন্তু চীনে ধৰি লৈছে যে তিব্বতত থকা ব্ৰহ্মপুত্ৰৰ অংশত চীনৰেই একচেতিয়া অধিকাৰ৷ সেয়ে আন দুখন দেশৰ লগত যোগাযোগ আৰু আলোচনা নকৰি একপক্ষীয়ভাৱে ইচ্ছা মতে ব্ৰহ্মপুত্ৰৰ সেই অংশ [ৎছাম্পো বা য়েৰ্লুঙ কাম্পো] ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি আছে৷ অজস্ৰ বান্ধ নিৰ্মাণ, বিদ্যুৎ উৎপাদন, খালেৰে জল আহৰণ আদি কামেৰে ঘাইকৈ তুষাৰ প্ৰবাহ (Glacier) গলা পৰিষ্কাৰ মিঠা পানী ভয়ানকভাৱে প্ৰদূষিত কৰিছে আৰু তাৰ প্ৰবাহ তথা গতিত খেলিমেলি লগাই দিছে৷ তাৰ ফল ভুগিছে অসমে৷ ভাৰতৰ সমাজবাদৰ ধাণ্ডাই নাই, বৃহৎ পুঁজিপতি গোষ্ঠীৰ ‘বিকাশ’ৰ বাবে য’তে ত’তে প্ৰকাণ্ড নদীবান্ধ সাজিছে৷ তেহেলৈ অসমখন বান্ধভগা পানীয়ে উটুৱাই নিলে নিয়ক৷
এনে বিষম খেলিমেলিৰ মাজত আমাৰ নি:কিন ৰাইজে খাবলৈ, গা-ধুবলৈ, ঘৰুৱা ব্যৱহাৰত লগাবলৈ পানী পায়নে নাই, তাকেলৈ আন কামত ব্যস্ত নেতা আৰু বিষয়াই মূৰ নঘমায়। কিন্তু কেনেকৈ সেই পানীব্যৱহাৰ কৰা বাবে ৰাইজৰ পৰা মাছুল বা কৰ আদায় কৰা যায়, তাৰ উপায় বিচাৰিহে জনসেৱকসকল চিন্তামগ্ন।
চৰকাৰে আমাৰ ঐতিহ্য, জনগণৰ মংগল, আৰু নিজৰ দায়িত্ব সম্পূৰ্ণ আওকাণ কৰি জলাধাৰবোৰ আৰু পানীৰ ওপৰত নিজা স্বত্ব আৰু নিয়ন্ত্ৰণ সাৱ্যস্ত কৰিবলৈ পাৰিলেই তেওঁলোকৰ উদ্দেশ্য সিদ্ধি হ’ব। পানী ব্যৱহাৰৰ বাবে মাছুল আৰোপ কৰাৰ অৰ্থ, এইবোৰ চৰকাৰৰসম্পত্তি, এতেকে পানী খাব খুজিলেও চৰকাৰক তাৰবাবে মাছুল বা কৰৰ ৰূপত দাম দিব লাগিব।
কিন্তু পাঠকসকলে যেন নাভাৱে যে ইয়াতে কাহিনীৰ সামৰণি পৰিল।
আজিৰ চৰকাৰৰ মনোভাব, ধাৰণা আৰু আদৰ্শ এই যে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো বস্তু ব্যৱসায়ৰ সামগ্ৰীত পৰিণত কৰিব লাগিব। কাৰণ এনে ব্যৱসায়ৰ জৰীয়তেহে আমাৰ মহান ব্যৱসায়ী উদ্যোগপতি সকলে দেশৰ উৎপাদন বৃদ্ধি কৰি নিজেও বিশ্বৰ আটাইতকৈ ধনী মানুহৰ তালিকাত নাম ভৰাই দেশৰ গৌৰৱ বৃদ্ধি কৰে। সেয়ে চৰকাৰৰ হাতত থকা প্ৰায়বোৰ উদ্যোগ, নিগম, আৰু অন্যান্য সম্পদ এইসকল ‘’যোগ্যজনৰ হাতত’’ গতাই দিয়া হ’ব ধৰিছে৷ এতিয়া পৰীক্ষাৰ বহী চোৱা. নম্বৰ তালিকা প্ৰস্তুত কৰা– এনে দায়িত্বও কোনো এজেন্সিক ধনৰ বিনিময়ত গতাই দিয়া হয়৷ অতএব চৰকাৰে দখল তৰা ৰাজহুৱা সম্পদো যে অচিৰেই পুঁজিপতিক গতাই দিয়া হ’ব, সন্দেহ নাই৷ আৰু লাভখোৰ পুঁজিপতি মহলে যে গ্ৰাহকৰ শাৰীত পৰা ৰাইজৰ টেঁটু চেপি ধৰিব, তাতো কোনো সন্দেহ নাই৷
ইতিমধ্যে সৌ সিদিনাখনলৈ বিয়াগোম মাৰ্কিন পুঁজিবাদী প্ৰতিষ্ঠানৰ কৱলত থকা দক্ষিণ আমেৰিকাৰ দেশবোৰতে আশীৰ দশকৰপৰা পানীক পণ্যসামগ্ৰী কৰাৰ প্ৰথম চেষ্টা চলিছিল৷ বিৰাট ফৰাচী কোম্পানী দুটামানে এই ক্ষেত্ৰত বহু ধন বিনিয়োগ কৰি পানীযোগানৰ নামত ৰাইজক ধন লুটাৰ ব্যৱস্থা কৰিছিল৷ ফলস্বৰূপে তেতিয়া বলিভিয়াৰ কোচ্ছাবাম্বা (Cocchabamba) নামৰ এখন সৰু চহৰত হঠাতে এদিন নাগৰিকসকলে গম পালে যে এটা বিশেষ তাৰিখৰ পিছত পূৰ্বে পানী যোগানৰ বাবে সামান্য জলকৰ (water tex) দিয়া প্ৰথা বাতিল কৰি বজাৰৰ সামগ্ৰীৰ দৰে বৃহৎ ফৰাচী কোম্পানী এটাৰ পৰা পানী চ’ৰাদামত কিনিব লাগিব৷ ৰাইজৰ ক্ষোভ, প্ৰতিবাদক কৰ্ণপাত নকৰি চৰকাৰে ক’লে, ‘এতিয়া এই বিষয়ত আমাৰ কৰ্তৃত্ব নাই৷ পানী-ব্যৱসায়ীৰ দাবী মানিব লাগিব, কাৰণ পানীৰ আধাৰ তেওঁলোকৰ দখলত৷
কোচ্ছাবাম্বাৰ বিক্ষুব্ধ ৰাইজে দমি নগৈ এই প্ৰকল্পৰ বিৰুদ্ধে তুমুল আন্দোলন আৰম্ভ কৰি দিলে। চৰকাৰে দমন নীতিৰে আন্দোলনটো মষিমূৰ কৰিব খুজিও বিফল হ’ল৷ অৱশেষত কোম্পানীয়েও হাৰ মানি পশ্চাদপসৰণ কৰিলে৷ কোচ্ছাবাম্বা চহৰৰ পানী যোগান ব্যৱস্থা আগৰ দৰেই চলি থাকিল৷ কোনে জানে, অদূৰ ভৱিষ্যতে গুৱাহাটী, তেজপুৰ, নগাঁও, যোৰহাট প্ৰমুখ্যে অসমৰ চহৰবোৰো এনে অগ্নিপৰীক্ষাৰ সন্মুখীন হ’ব পাৰে৷
ষড়যন্ত্ৰটোৰ আওভাও বুজি আগতীয়াকৈ সাজু হ’লে তাৰ নাগৰিকসকলো জিকিব৷ কিন্তু আমাৰ গুণীজ্ঞানী প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে ভৰসা দিলে তৎক্ষণাৎ ভোল যোৱাৰ অভ্যাস থাকিলে পস্তাব লাগিব৷