তেজপুৰৰ গুণগ্ৰাহী এচাম মানুহে দেশপ্ৰাণ চন্দ্ৰনাথ শৰ্মাৰ জন্মবাৰ্ষিকী উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী শৰ্মাক ‘জনকণ্ঠ’ বুলি আনুষ্ঠানিকভাৱে অভিহিত কৰিব খুজিছে৷ দেশপ্ৰাণ শৰ্মাই দেশৰ স্বাধীনতাৰ বাবে আপোচহীন সাহস আৰু শৌৰ্যৰে যুঁজি যুঁজি মৃত্যুবৰণ কৰিছিল৷ এতিয়া প্ৰশ্ন হয় যে আমাৰ মুখ্যমন্ত্ৰীৰ অৱদান ফলদায়ক কৰ্মত থাকিব নে কণ্ঠতে থাকিব? প্ৰথমটো হ’লেই ৰাইজে অলপ সকাহ পায়৷মাজুলীত চিকিৎসাৰ অভাৱত উদীয়মানা গায়িকা তেজস্বিতা বৰুৱা আৰু মানস প্ৰতিম বৰা নামৰ এজন সপ্ৰতিভ যুৱকৰ এসপ্তাহৰ ব্যৱধানত মৃত্যু হ’ল৷ কাৰণ, শুনা যায় স্থানীয় চিকিৎসালয়ত উপযুক্ত চিকিৎসক আৰু চিকিৎসাৰ ব্যৱস্থা নাছিল৷ প্ৰাথমিক তদন্তৰ পৰাই এই কথাই নিশ্চিত হৈছে৷ অথচ সমগ্ৰ অসমখনত কেইবাখনো মেডিকেল কলেজ হাস্পতাল খোলা হৈছে৷ আৰু প্ৰতিখনৰ বাবে বহু কোটি টকা খৰচ কৰি ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰা হৈছে৷ দামী দামী যন্ত্ৰপাতি কিনা হ’ব ধৰিছে৷ টেণ্ডাৰ কিদৰে দিয়া হৈছিল নাজানো৷ যন্ত্ৰপাতিবোৰৰ দাম আৰু গুণগত মানৰ আগতীয়া বিবেচনা হৈছিল নে নাই৷ সিও অজ্ঞাত৷ কিন্তু এটা কথা খাটাং৷ এই কলেজবোৰে লেঙেৰা লেঙেৰাইহে ‘অগ্ৰগতি’ কৰি আছে৷ প্ৰয়োজনীয় শিক্ষক-কৰ্মচাৰী নাই, গুৰুত্বপূৰ্ণ বিভাগ কিছুমানো নাই৷ উত্তৰ লখিমপুৰ এখন বৰ্ধিষ্ণু চহৰ, আধুনিক চহৰৰ সুবিধা আৰু অসুবিধাবোৰ এতিয়াৰ পৰা তাত বিৰাজমান৷
জনসংখ্যাও তেনেদৰে বাঢ়িছে, কিন্তু তাৰ মেডিকেল কলেজ আৰু এখনো নাৰ্ছিংহোমত হৃদৰোগ চিকিৎসাৰ বিভাগ
(Cardiology) নাই৷ এক নাভূত-নাশ্ৰুত কথা৷ কাৰণ আজিৰ অসমত হৃদৰোগ এটা মাৰাত্মক অসুখ বুলি সাধাৰণ মানুহেও জানে৷ কিন্তু কলেজত শিক্ষা-চিকিৎসাৰ যথাযথ ব্যৱস্থা কৰাৰ বহু পূৰ্বে বৃহৎ অট্টালিকা সজা হ’ল৷ এয়া ধনৰ অপব্যৱহাৰ নহয়নে? এখন পূৰ্ণাংগ মেডিকেল কলেজ স্থাপন কৰিবলৈ তাৰ অৱস্থান, পৰিৱেশ, যোগাযোগ ব্যৱস্থাৰ যথাযথ অধ্যয়ন আৰু পৰিকল্পনাৰ প্ৰয়োজন৷ সেইবোৰ কেনেকৈ কোনে কৰিছে সংবাদপত্ৰত পোৱা নাযায়৷
তেনে এখন কলেজৰ বিভাগবোৰ, হাস্পতাল আৰু কাৰ্যালয় আদিৰ অৱস্থান আৰু পৰস্পৰৰ সম্পৰ্কও সুচিন্তিতভাৱে কৰিলে ভৱিষ্যতে কাম-কাজ সুচাৰুৰূপে চলাব পৰা হয়৷ সেইখিনি কৰাৰ পূৰ্বে জৰুৰী প্ৰয়োজন থকা বিষয়বোৰত [যেনে– হৃদৰোগৰ চিকিৎসা, স্নায়ুতন্ত্ৰৰ চিকিৎসা, অস্থিৰোগৰ চিকিৎসা] প্ৰয়োজনীয় প্ৰাথমিক চিকিৎসা আগবঢ়াব পৰা চিকিৎসক উলিয়াব পাৰি সেইবোৰ বিষয়ত ডিপ্ল’মা দিব পৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আৰু জয়জয়তে তেনে চিকিৎসকক চহৰৰ জিলা হাস্পতালত নিয়োগ কৰিলে গাঁও-ভূঁইৰ ৰোগীয়েও সেই সুবিধাৰপৰা যথেষ্ট সকাহ লাভ কৰিলেহেঁতেন৷ [পৰৱৰ্তী কালত তাৰে একাংশক MD, MS কৰাৰ সুযোগ দিয়াৰ ব্যৱস্থা কৰিব লাগে৷] এনে ধৰণৰ কামত ধন খৰচ কৰিলে তাৰ সদ্ব্যৱহাৰ হ’লহেঁতেন৷ অসমৰ ডাক্তৰসকলৰ বিষয়ে মানুহৰ মাজত প্ৰচলিত এটা ধাৰণা যে তেওঁলোকে বহু সময়ত সঠিকভাৱে ৰোগ নিৰ্ণয় কৰিব নোৱাৰে৷
তুলনাত বাহিৰৰ ডাক্তৰসকলৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসা বহুত উন্নত বুলি ভবা হয়৷মই দেখাত আমাৰ বেছিভাগ ডাক্তৰেই নিষ্ঠাবান আৰু মনোযোগী৷ কিন্তু এটা কাৰণত বাহিৰৰ ডাক্তৰৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসা কেতিয়াবা অধিক সঠিক হ’ব পাৰে৷ কাৰণ বাহিৰৰ মেডিকেল কলেজবোৰত দেশ- বিদেশৰ উৎকৃষ্ট চিকিৎসা-গৱেষণাৰ পত্ৰিকা (Medical Journal) তাৰ শিক্ষক-ছাত্ৰই পায়৷ এইবোৰ বৰ খৰচী৷ কিন্তু Lancet আদি চিকিৎসা বিদ্যাৰ আগৰণুৱা জাৰ্নালবোৰত চিকিৎসা বিদ্যাৰ শেহতীয়া অগ্ৰগতি, নতুন নতুন গৱেষণাৰ ফলাফল বিস্তাৰিতভাৱে প্ৰকাশ পায়৷ সেইবোৰ পঢ়ি থাকিলে চিকিৎসকসকলে নিজৰ বিষয়বোৰৰ শেহতীয়া খবৰ পাই নিজৰ জ্ঞান উন্নত কৰিব পাৰে৷ অসমৰ পুৰণা প্ৰতিষ্ঠিত মেডিকেল কলেজতো Medical Journal দুষ্প্ৰাপ্য৷ চৰকাৰে তাৰ বাবে ধন নিদিয়ে৷ তেন্তে চিকিৎসা বিজ্ঞানৰ অধিক উন্নত শেহতীয়া ব্যৱস্থাবোৰৰ কথা আমাৰ চিকিৎসকে কেনেকৈ জানিব? কিন্তু জনকণ্ঠগৰাকীয়ে আমি দেখাত তেনেবোৰ ব্যৱস্থাত মন নিদি বিৰাট বিৰাট নিৰ্মাণৰ আঁচনিতহে ধন ঢালিছে, আৰু তাকে বুকু ফুলাই উঠা নিজৰ ফটোৰে সৈতে পৃষ্ঠা ভৰা বিজ্ঞাপন বাতৰি কাকতত ছপাই আছে৷ নৰেন্দ্ৰ মোডীৰ দৰে তেওঁৰ ছবিয়েই সোঁৱে বাঁৱে ৰাইজে দেখা পায় ভগৱানৰ বিশ্বৰূপৰ দৰে৷ অলপতে এখন বাতৰি কাকতৰ সমুখৰ পৃষ্ঠা ভৰাই এক লাখ চাকৰি সৃষ্টি কৰাৰ সংকল্প ৰূপায়ণ কৰাৰ প্ৰথম পদক্ষেপৰ জাননী দিছে অসম চৰকাৰে৷ তাত চকুত পৰাকৈ আছে বিজয়ীৰ ভংগীত মুখ্যমন্ত্ৰীৰ ফটো৷ কিমান চাকৰি তাৰ হিচাপো দিছে বিষয়া-কৰ্মচাৰীকে ধৰি৷ গণি চালোঁ, পাঁচশতকৈ অলপ বেছি৷ লোকসভাৰ নিৰ্বাচনলৈ এবছৰতকৈ অলপ বেছি সময়হে আছে৷
এক লাখৰ ভিতৰত ছশতকৈ কম চাকৰি ঘোষণা কৰা হ’ল৷ এই পৰ্বতে নিগনি প্ৰসৱ কৰা বাতৰিটো এজন বিষয়াৰ দ্বাৰা সংবাদপত্ৰক জনাব পাৰিলেহেঁতেন৷ বৃহৎ বিজ্ঞাপনত ধন ব্যয় কৰাৰ কাৰণ নাছিল৷ আজি কাকতত পঢ়িলোঁ যে অসমৰ চৰকাৰী বিদ্যালয়বোৰ দেওবাৰে পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে চৰকাৰী মাধ্যমিক বিদ্যালয়বোৰ উন্নত কৰিবলৈ পাঁচ হেজাৰ কোটি টকা চৰকাৰে খৰচ কৰিব৷ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ উন্নতিৰ বাবে সকলোকেইখনতে পৰ্যাপ্তসংখ্যক মেধাবী আৰু নিষ্ঠাবান যুৱকক শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে প্ৰধান প্ৰয়োজনীয় কাম৷ কাৰণ ঘৰ-বাৰী প্ৰয়োজন যদিও সিয়েই শিক্ষাৰ মান উন্নত নকৰে৷ মোটামুটি কাম চলাব পৰা হ’লেও ডাঙৰ ক্ষতি নহয়৷ কিন্তু যথাযোগ্য শিক্ষাদানৰ ব্যৱস্থা নাথাকিলে বিদ্যালয়ৰপৰা বিদ্যাই বিদায় ল’ব৷ এইবোৰ গুণি-গাঁঠি ৰাইজে নিজেই ঠিৰাং কৰক জনকণ্ঠৰ কাম-কাজৰ স্বৰূপ আৰু তাৰ সুফল বা বিফলতা কিমান৷
অৰণ্য ক্ষয় আৰু অসমৰ ভৱিষ্যৎ
এই কথাত বিশ্বৰ সকলো আগশাৰীৰ বৈজ্ঞানিক একমত যে বৰ্তমান চলি থকা তথাকথিত উন্নয়নৰ প্ৰক্ৰিয়া চলি থাকিলে অচিৰে বিশ্বৰ পৰিৱেশ এনেদৰে বিনষ্ট হ’ব যে সকলো দেশতে বতাহত উশাহে পতি বিষ সেৱন কৰিব লগা হ’ব, পানীটোপাৰ বাবে হাহাকাৰ আৰু মৰণপণ যুঁজবাগৰ আৰম্ভ হ’ব, বনৰীয়া জন্তু আৰু মানুহৰ সংঘাতেও ভয়াৱহ ৰূপ ধাৰণ কৰিব আৰু শীঘ্ৰে মানৱ প্ৰজাতিয়েই ধৰাতলৰ পৰা নিশ্চিহ্ন হ’ব৷আজিকালি প্ৰায় প্ৰতিদিনেই ক’ৰবাত নহয় ক’ৰবাত বনৰীয়া হাতীয়ে মানুহ মাৰা, ঘৰ-দুৱাৰ ভাঙি থানবান কৰা, পথাৰৰ শস্য খোৱাৰ উপৰি মহতিয়াই নষ্ট কৰাৰ খবৰ বাতৰি কাকতত পোৱা যায়৷ আকৌ যোৱা সপ্তাহতে ৰে’লে খুন্দিয়াই, মানুহে গুলীয়াই, সাতটাকৈ হাতী মাৰিছে৷ আমাৰ উদণ্ড উন্নয়ন প্ৰক্ৰিয়াই যেনেকৈ তেনেকৈ গাঁত খান্দি, উচ্ছ ক্ষমতাসম্পন্ন বিদ্যুতৰ তাঁৰ বহুৱাই, বহু হাতীৰ প্ৰাণ লৈছে৷ হাতী জন্তুৰ ভিতৰত এটা বুদ্ধিমান জীৱ৷ সি অন্ততঃ এই কথাখিনি বুজি পাইছে যে মানুহবোৰৰ বাবেই তাৰ তথা তাৰ প্ৰজাতিৰ জন্তুবিলাকৰ বিপত্তি অসহনীয় হৈ পৰিছে৷ সেয়ে তাৰ প্ৰতিহিংসা পূৰণ কৰিবলৈ এটা অদমনীয় তাড়না জাগে৷
কিন্তু আচলতে আমিও তাৰ শত্ৰু নহয়, এতেকে আমিও তাৰ বিপদৰ কথা সহানুভূতি আৰু ন্যায়বিচাৰেৰে বুজিব লাগে৷ মানুহক আচৰণ সলনি কৰিবলৈ বুজনি দিলে কিছু সুফল হ’ব৷ বুজাব নোৱাৰি চৰকাৰক৷ এক আসুৰিক উৎসাহেৰে চৰকাৰে নিজে আৰু তাৰ মিতিৰ বৃহৎ পুঁজিপতি আৰু ব্যৱসায়ীয়ে যৎকিঞ্চিৎ অৱশিষ্ট অৰণ্য ধবংসৰ বাবে উঠি-পৰি লাগিছে৷ নানা চেলুত অৰণ্য ধবংস কৰিছে৷ মনোভাব এনে, যেনে এখন অৰণ্য ধবংস কৰিলে ক’ৰবাত আন এখন অৰণ্য নিজে নিজে গজি উঠিব৷ কিন্তু তেনে কথা সাধুকথাতো নহয়৷ অৰণ্য ধবংসৰ লগে লগে গহৰা গজাৰ দৰে গঢ়ি উঠে ঘৰ-বাৰী, ৰাস্তাঘাট, হাট-বজাৰ৷ আৰু মুকলি মনেৰে অৰণ্যত চৰিবলৈ সুবিধা নাপাই হাতীয়ে দানৱাকৃতিৰ ডকাইতৰ ভূমিকা লয়৷ এতেকে ‘হাতী-মানুহৰ সংঘাত’ৰ অৱসান ঘটোৱাৰ ক্ষমতা চৰকাৰৰ আছে৷ কিন্তু পুঁজিবাদী ‘মুনাফা’ৰ আধিপত্যৰ সেৱক চৰকাৰৰ তেনে সদিচ্ছা নাই৷
সমাধানৰ উপায় ইয়াৰ বাহিৰে কিন্তু আন একোৱেই নাই৷ কিন্তু ইতিমধ্যে কৈ অহাৰ দৰে চৰকাৰৰ মনত প্ৰকৃততে দেশৰ ৰাইজৰ হিতচিন্তা বা তেওঁলোকৰ প্ৰতি ন্যূনতম দয়া-মমতাও নাই৷ বৰং তেওঁলোক ফুচুলাই ভোট আদায় কৰি চৰকাৰটো ক্ষমতালৈ অহাত সহায় কৰা কোটিপতি মহলৰ প্ৰতিহে চৰকাৰৰ সদ্ভাৱ আৰু প্ৰীতিৰ ভাব বেছি৷ সেই মহলে যদি মুনাফাৰ বাবে অৰণ্য নাশ হোৱা বিচাৰে, তেন্তে আন চিন্তা বাদ দি আগে-ভাগে তাৰহে সুবন্দোবস্ত কৰে৷ আগৰ চৰকাৰবোৰে তেওঁলোকৰ প্ৰভূসকলৰ বাবে দেশৰ স্বাৰ্থ জলাঞ্জলি দিয়া নাছিল৷ ইন্দিৰা গান্ধীৰ দিনৰে পৰা অৰণ্য, নদী, পৰ্বত আদিৰ ক্ষতি হ’ব নোৱাৰা নানা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল বিভিন্ন আমোলত৷ ৰাজীৱ গান্ধীয়ে ‘পৰ্যাবৰণ’ বা পৰিৱেশ তেওঁৰ চৰকাৰৰ অন্যতম প্ৰধান শ্ল’গান হিচাপে প্ৰচাৰ চলিছিল৷
বিপৰীতে আজিৰ স্বনামধন্য দিল্লীৰ মহৰ্ষিসকলে কি কৰিছে? ক’ৰ’নাৰ ভয়-ভীতি আৰু হৈ-চৈৰ মাজত ৰাইজ পেপুৱা লাগি থকা সময়তে কেন্দ্ৰৰ পৰিৱেশ মন্ত্ৰীয়ে মনে-মনে মন্ত্ৰ্যালয়লৈ গৈ পৰিৱেশ ৰক্ষাৰ কঠোৰ নিয়মাৱলী পাৰ্যমানে শিথিল কৰিছিল৷ আনকি এবাৰ চৰকাৰৰ অজ্ঞাতে কোনো অৰণ্য ধবংস কৰিলে ক্ষতি কৰোঁতাজনৰ বিপক্ষে কঠোৰ ব্যৱস্থা লোৱাৰ সম্পূৰ্ণ যুক্তিযুক্ত পূৰ্বৰ নিয়মো উঠাই দিছিল!!অসম চৰকাৰো একেজোপা গছৰে ডাল৷ সেয়ে ভণ্ডামি কৰি প্ৰথমে মন্ত্ৰীসভা
বহুৱাই প্ৰস্তাৱ লৈছে যে ৰাজ্যখনত সেউজ আস্তৰণ (Green Cover) বা অৰণ্যৰ আয়তন ৫ শতাংশ বঢ়াব৷ বেছ কথা৷ কিন্তু একে মন্ত্ৰীসভাৰ সদস্য জয়ন্ত মল্ল বৰুৱাই বেলেগে জনাইছে ৰাজ্যত ‘প্লাইউড’ উদ্যোগ পুনৰুজ্জীৱিত কৰিব৷ প্লাইউডৰ বাবে কাঠ ক’ৰ পৰা আহিব? অৰণ্যৰপৰা নহয় জানো? কম সময়তে উত্তৰ-পূবৰ অৰণ্য ১৫ শতাংশ নাশ হোৱাত ক্ষুব্ধ উচ্চতম ন্যায়ালয়ে কাঠ কটা একেবাৰে বন্ধ কৰি দিছিল বহু বছৰ পূৰ্বে৷ ফলত প্লাইউড উদ্যোগৰ যৱনিকা পতন হৈছিল৷ এই নিষেধাজ্ঞা উঠাই লোৱা হোৱা নাই৷ কিন্তু আনৰ বাবে কঢ়া আইনৰ ভাবুকি দিয়া এই চৰকাৰে নিজে কোনো
আইন নামানে৷
তাই-আহোম সংগঠন বনাম শংকৰ সংঘ
চকলং প্ৰথাৰে বিয়া পতা শংকৰ সংঘৰ সদস্যক বহিষ্কাৰ কৰাৰ যি দস্তুৰ শংকৰ সংঘৰ আছে, সি এইবাৰ তাই-আহোম সংগঠনৰ ৰোষত পৰিছে৷ শংকৰ সংঘই নিজা নিয়মাৱলী অনুযায়ী বিবাদ মীমাংসা কৰাৰ এক উপায় উলিয়াইছিল, কিন্তু তাই-আহোমৰ হেংদাঙৰ জোঁকাৰণিত সৈ হৈ সেই উপায় বাদ দি বহিষ্কাৰৰ নিৰ্দেশ উঠাই ল’লে৷ এই বিষয়ে মোৰ নিজা মতামত আছে৷ কিন্তু প্ৰকাশ কৰিলে দুয়ো পক্ষৰ প্ৰচণ্ড দাবি-ধমকৰ সন্মুখীন হ’ম বুলি জানি বেকত নকৰিলোঁ৷ কিন্তু এটা কথা ভাবি কিছু বিস্ময়বোধ কৰিলোঁ৷ তাই-আহোম সংগঠনে যেতিয়া ঘোষণা কৰিলে যে সংঘৰ যিকেইজন প্ৰভাৱশালী সদস্য বা নেতাই মদৰ দোকান দিয়ে, কুকুৰা-গাহৰিৰ মাংস বিক্ৰী কৰা দোকান বা পৰিৱেশন কৰা ধাবাৰ মালিক ৰূপেও জনাজাত, তেওঁলোকৰ নাম ৰাজহুৱা কৰিব, লগে লগেই দেখোন বিবাদৰ অন্ত পৰিল৷ তাহানিতে মহাপুৰুষসকলে কৈ গৈছিল যে ধৰ্মৰ তত্ত্ব সাধাৰণ নৰমনিছে বুজা টান, ই গুহাৰ ভিতৰত ‘নিহিত’৷
সি যি নহওক, দুয়োটা অনুষ্ঠানতে বহুত আহোম মানুহ আছে৷ বড়োসকলৰ মাজত ‘ব্ৰহ্ম’ উপাধি লোৱাসকলে মদ নাখায়. গাহৰি নাখায় আৰু নোপোহে৷ কিন্তু তেওঁলোক আৰু মদ-গাহৰিত অভ্যস্ত বড়োৰ মাজত কোনো অসূয়া- অসদ্ভাৱ নাই৷ তেন্তে দুয়ো পক্ষৰ আহোম মানুহ মিলিজুলি থকাত বাধা কি?