আমি বহুতে কাগজে পত্ৰই জাতিৰ ভৱিষ্যত দুৰ্যোগৰ বিষয়ে যুক্তিৰে, অগ্নিবৰ্ষী ভাষাৰে ৰাইজক সতৰ্ক কৰি আছোঁ। কিন্তু কৰ্মক্ষেত্ৰত আশানুৰূপ ফল দেখা নাই। ঘটনা প্ৰবাহ আনফালেহে গৈ আছে। সাধাৰণ ৰাইজে স্বাভাৱিকতে ভাবিছে, কতো একো ফল ধৰা নাই। তেনেকুৱা এটা ভয়ানক ভৱিষ্যতৰ গৰাহত আমি পৰিম। এতেকে বাকী হাতত থকা সময়কণ অলপ ফূৰ্তি কৰি লোৱা যাওক। তাৰ পিছত যি হয় হক।
আচলতে যি ক্ষেত্ৰত মানুহৰ নিজা উদ্যোগত হোৱা কামে-কাজে ঘটনাৰ গতি বদলাই দিব পাৰে, সেই ক্ষেত্ৰত হাত সাৱটি বহি থকা মানে নিজেই মৃত্যুক আদৰি অনাৰ লেখীয়া হ’ব।
একোটা জাতিৰ অৱস্থা হৃদয়ংগম কৰি এটা সঠিক পথ নিৰ্ণয় কৰি যিজন নেতাই মানুহ-দুনুহ গোটাই কাম আৰম্ভ কৰি দিয়ে তেওঁহে জাতিক জগাই তুলিব পাৰে। অৰ্থাৎ জনমত গঠন কৰিব লাগিব, জনবল বৃদ্ধি কৰিব লাগিব আৰু এই কৰ্মযজ্ঞত প্ৰত্যেকজন সাধাৰণ সদস্য আৰু সমৰ্থকক অংশ লোৱাৰ ব্যৱস্থা কৰিব লাগিব।
নি:সন্দেহে সেইবোৰ কাৰ্যকলাপ একোটা বাটৰ আন্দোলনত পৰিণত কৰিব লাগিব। লিখা-মেলা, প্ৰস্তাৱ গ্ৰহণ, বিবৃতি প্ৰদান এইবোৰ যথেষ্ট হ’ল। এতিয়া ভাষা আৰু শ্ৰম প্ৰকৃত আন্দোলনৰহে সঁজুলি হ’ব লাগিব।
চৰকাৰে এইটোকে ভয় কৰে আৰু সেয়ে আন্দোলনক তুচ্ছ-তাচ্ছিল্য কৰা, আন্দোলনকাৰীক আন্দোলনজীৱী বুলি গৰিহণা দিয়া— এইবোৰ হিন্দুৰাষ্ট্ৰৰ প্ৰবক্তা আৰু সমৰ্থক বিলাকৰ প্ৰধান ৰণকৌশল। লগত আছে না না চেলুত হিন্দু-মুছলমানৰ বৈৰিতা বৃদ্ধি কৰা আৰু ৰাইজক চৰকাৰী সাহায্য লৈ উৎসৱ-আমোদৰ আয়োজন কৰা। প্ৰতিপক্ষৰ এই আয়োজনবোৰৰ প্ৰচাৰত আগভাগ লৈ মানুহৰ মাজত তাৰ প্ৰতি আসক্তি জন্মোৱা হৈছে ৰাজ্যৰ সৰহভাগ বাতৰি কাকত আৰু টিভি চেনেলৰ প্ৰধান কাম। নহ’লে চৰকাৰী হেঁচা আহিব আৰু চৰকাৰী বা চৰকাৰী পক্ষীয় ব্যৱসায়ীৰ বিজ্ঞাপনো পোৱা নাযাব। ইফালে সংবাদ মাধ্যমত এনে ছবিবোৰ দেখি দেখি ৰাইজ পতিয়ন যাব যে ‘ইহঁতেই জিকিল, ইহঁতেই ক্ষমতাত থাকিব।’ ৰাইজৰ প্ৰতিৰোধী ক্ষমতা, সংগ্ৰামী চেতনা এনেকৈয়ে তন্দ্ৰাচ্ছন্ন হৈ পৰিব।
এনে কথা সঁচা নহয় যে ৰাইজে আচলতে সংগ্ৰামী চেতনা হেৰুৱাই পেলাইছে। পাঁচজনকৈ শ্বহীদ হোৱা কা বিৰোধী আন্দোলনে ২০১৯ চনৰ ১১-১২ ডিচেম্বৰত আগ্নেয় ৰূপ লৈছিল, সেইটোৱেই জাগ্ৰত অসমীয়া জাতিৰ আচল চেহেৰা। এই সজীৱতা পৰৱৰ্তী সময়ত নেতৃত্বলৈ অহা শক্তিবোৰৰ অতি ক্ষতিকৰ কাৰ্যকলাপে চাইকেলৰ পাম এৰি দিয়াৰ দৰে আন্দোলনৰ উৎসাহ, সাহস আৰু কাঠিন্য শেষ কৰি দিলে। এতিয়া সেয়ে আন্দোলনটোৱে পুনৰ তেজ ঘূৰাই পাওঁতে সময় লাগিব। কিন্তু আন্দোলন অবিহনে জাতিক আলস্য বা তন্দ্ৰাৰ পৰা জগাই জাতিবৈৰী শত্ৰুপক্ষক বাধা দিব নোৱাৰিব।
জাতিৰ প্ৰধান সম্বল আছিল ধৰ্ম-গোষ্ঠী নিৰ্বিশেষে অকৃত্ৰিম ঐক্য আৰু জনসাধাৰণৰ জাতিৰ প্ৰতি নিস্বাৰ্থ সেৱা আৰু ত্যাগৰ মনোভাৱ। লাগে কেৱল স্বাৰ্থহীন আৰু লক্ষ্যপূৰণত নিজকে উছৰ্গা কৰা নেতৃত্ব। ইতিমধ্যে নেতৃত্ব লোৱাবিলাক আপোচকামী, চৰকাৰৰ লগত বুজাবুজি থকা বুলি কৰ্মক্ষেত্ৰত প্ৰমাণিত হ’ল। এওঁলোকে যদি আন্দোলনত থাকেও, তথাপি প্ৰচাৰ মাধ্যমে যিহকে কওক লাগে, এওঁলোকক আন্দোলনৰ গতি প্ৰকৃতি নিৰ্ধাৰণ কৰাৰ সুযোগ দিব নোৱাৰি। নিৰ্বিষ, নিৰামিষ আন্দোলনে কোনো ইতিবাচক উদ্দেশ্য পূৰা নকৰে।
তেনেহ’লে নেতা ক’ৰ পৰা ওলাব? প্ৰথমতে আন্দোলন কৰা যাওক। তাৰ পৰাই প্ৰথমে তৃণমূলত, তাৰপিছত অঞ্চলভিত্তিক আৰু শেষত ৰাজ্যিক স্তৰত বিশ্বাসযোগ্য, নিৰ্ভীক আৰু কৰ্মদক্ষ নেতা ওলাব।
আন্দোলন হ’ব লাগিব চৰকাৰৰ সকলো জাতিধ্বংসী পদক্ষেপৰ বিৰুদ্ধে। কেনেকুৱা পদক্ষেপৰ?
হিন্দুৰাষ্ট্ৰৰ সেৱকবিলাকে কেনেধৰণৰ জাতিধ্বংসী ব্যৱস্থা লয়? দেশখনে একেটা অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক ব্যৱস্থাৰ অধীন কৰিবলৈ বিচাৰে, য’ত কোনো বৈচিত্ৰ, বিবাদ, বিতৰ্ক নাই আৰু কোনো আঞ্চলিক স্বাৰ্থৰ জাগা নাই। তেনে এক ব্যৱস্থাত এপিনে আম্বানি-আদানিৰ দৰে এমুঠি ধনী আৰু প্ৰতিপত্তিশালী বৃহৎ পুঁজিপতিৰ ধন ঘটাৰ অবাৰিত সুযোগ থাকিব আৰু য’ত হিন্দু স্বাৰ্থৰ অবিসম্বাদী প্ৰতিনিধিৰূপে এটা কুখ্যাত ৰাজনৈতিক মহল থাকিব। পুঁজিপতিৰ সম্পদ লাভ আৰু ৰাজনৈতিক দুৰ্বিত্তৰ প্ৰতিপত্তি অবাধে চলিব। আনপিনে থাকিব দৰিদ্ৰ, হতভাগ্য আৰু বিমূঢ় জনগণ। জাতিধ্বংসৰ প্ৰকল্পৰ এই দুটা দিশ।
এনেকুৱা এটা প্ৰকল্প হৈছে অসমৰ ৰাইজৰ মতামত গ্ৰাহ্য নকৰি, অভূতপূৰ্ব বিকাশৰ টোপ দি ৰাইজক বিভ্ৰান্ত কৰি, কেতবোৰ বৃ্হৎ উদ্যোগ নিৰ্মাণ কৰা যিবোৰে বৃ্হৎ পুঁজিপতিৰ উদ্যোগ-ব্যৱসায়ক অবাধে উন্নতি কৰাৰ সুযোগ দিব, কিন্তু থলুৱা ৰাইজৰ জীৱন-জীৱিকা, জাতীয় অস্তিত্ব ধ্বংসমুখী কৰিব।
যেনে বৃ্হৎ নিৰ্মাণ প্ৰকল্প নিৰ্মাণ কৰা, য’ৰ পৰা নিৰ্মাণ উদ্যোগ, চিমেন্ট, লোহা-লক্কৰৰ যোগান দিয়া ব্যৱসায়, পৰিবহন কোম্পানী আদি লাভৱান হ’ব আৰু কমিছনৰ যোগেদি তেওঁলোকৰ বন্ধু ৰাজনৈতিক নেতাৰ সম্পত্তি নজীৰবিহীনৈভাবে বৃদ্ধি পাব, আৰু কোনো দিনে তাত চৰকাৰৰ হেঙাল কুকুৰহৈ পৰা ই ডিৰ (ED)ৰ তদন্ত নহ’ব। কিন্তু ই জাতিৰ আধাৰ থলুৱা মানুহৰ হাতত থকা যৎ সামান্য সম্পদ কাঢ়ি লৈ যাব। যেনে চৰকাৰে নিজা দখললৈ ৰাজ্যৰ সৰহভাগ অনাবাদী মাটি আনিবলৈ বিচাৰিব।
এতিয়া চৰকাৰী মাটিত কোনো কাৰণ নোহোৱাকৈ ‘অমৃত সৰোবৰ’ নামেৰে ডাঙৰ পুখুৰী খন্দোৱা হয় অথচ তাতকৈ বহু জৰুৰী, প্ৰয়োজনীয় আৰু শিল্পৰ সফলতাৰ বাবে অপৰিহাৰ্য ব্যৱস্থা লোৱাৰ প্ৰয়োজন বেছি আছিল। বিদ্যালয়ত প্ৰথমমান শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত গণিত-বিজ্ঞান পঢ়োৱা হ’ব। এই পদক্ষেপৰ বিৰুদ্ধে সকলো স্তৰৰ শিক্ষাবিদে সংগতভাবে বিৰোধিতা কৰিছে, কিন্তু চৰকাৰে কৰ্ণপাত কৰা নাই। অৰ্থাৎ ইয়াৰে এক সুদূৰপ্ৰসাৰি লক্ষ্য হৈছে ৰাজহুৱা সাধাৰণ শিক্ষা ভাঙি চূৰমাৰ কৰি দিয়া। যাতে মাটি বাহিৰৰ শক্তিশালী মহলে প্ৰয়োজনত দখল কৰিব আৰু শিক্ষাৰ কৰ্তৃত্ব লাভখোৰ পুঁজিপতিৰ দখললৈ যাব।
তেনেকৈ গুৱাহাটীৰ পৰা শিলঘাটলৈ বহু যুগ ধৰি জনজাতীয় মানুহ বসবাস কৰি থকা মাটি ম্যাদী পট্টা নোহোৱাৰ চেলু লৈ ব্যৱসায়ী মহলৰ দখলত সমজাই দিয়া হ’ব। যিবোৰ জনজাতীয় নেতাই ব্যক্তিগত লাভ, ক্ষমতাৰ লোভত হিন্দু ৰাষ্ট্ৰবাদীবিলাকক বিশ্বাস কৰি মিতিৰালি কৰি আহিছে। তেওঁলোকৰ বিশ্বাসযোগ্যতা আৰু গুৰুত্ব ভৰিৰ এটা গোৰেৰে ধূলিত মিহলাই দিব। নিজৰো প্ৰতিপত্তি আৰু প্ৰবল কৰিব।
এই ক্ষেত্ৰত এই সৰ্বনাশী প্ৰকল্পৰ স্থানীয় প্ৰশাসক, মুখ্যমন্ত্ৰীলৈ আবেদন কৰি লাভ নাই। তেওঁৰ পৰিকল্পনা হৈছে কেৱল ধনৰ প্ৰলোভন বা চৰকাৰী বল প্ৰয়োগেৰে তেনে নেতৃত্ব বশীভূত কৰি প্ৰকল্পটো আগবঢ়াই দিয়া। প্ৰকল্পটো তেওঁৰ নিজা নহয়। ধন কুবেৰ বিলাকৰ মুনুফাৰ আকাংক্ষা অনুযায়ী কেন্দ্ৰীয় চৰকাৰে এইটো তৈয়াৰ কৰিছে, আৰু তাক সুকলমে কাৰ্য্যকৰী কৰাৰ দায়িত্ব আমাৰ মুখ্যমন্ত্ৰীৰ। সেয়ে তেওঁ কেউফালে ছেদ-ভেদ নোহোৱাকৈ ৰাস্তা বহলাইছে, ফ্লাই অভাৰ সজাইছে, বৃহৎ সেঁতু নিৰ্মাণ কৰাইছে, বননি ধ্বংস কৰিছে। অজস্ৰ টকাৰ লেন দেন হৈ আছে। তাৰে এৰেহা বুটলিবলৈ চোৰ, ডকাইত আৰু ঠগ ৰাজ্যখনত পিয়াপি দিছে। এই খদমদমকে ‘বিকাশ’ বুলি তুমুল প্ৰচাৰ চলাইছে তেওঁ জনসাধাৰণৰ আশংকা, উদ্বেগ আৰু আতংক প্ৰশমিত কৰি আছে।
জনসাধাৰণে অনুভৱ কৰিছে মুখ্যমন্ত্ৰীৰ অহৰহ বুজনিৰ বিপৰীতে সকলো দিশতে অসমৰ অৱনতি ঘটিছে। কি উপাৰ্জন, কি ঋণগ্ৰস্ততা, কি ক্ষুধা নিবাৰণ, কি স্বাস্থ্য, কি শিক্ষা, আইন শৃংখলা। কেন্দ্ৰ বা Centre for Monitoring Indian Economy য়ে দিয়া তথ্য অনুযায়ী সকলো দিশতে ৰাজ্যৰ অৱনতি শোচনীয়। অথচ দৈনিক কাগজৰ দুই তিনি পৃষ্ঠাজোৰা বিজ্ঞাপনত জিলিকি আছে মুখ্যমন্ত্ৰীৰ হাঁহিমুখীয়া ফটো। বোধহয় তেওঁ জনাব বিচাৰিছে যে তেওঁৰ হাঁহিৰ দৰে অসমেও আনন্দেৰে হাঁহি আছে।
মানুহ ভিতৰি ভিতৰি অতি শংকিত, ভৱিষ্যতৰ কথা ভাবিবলৈকে সংকোচ কৰে। এই অনিচ্ছা, কঠোৰ বাস্তেৱৰ পৰা পলায়নৰ প্ৰবৃত্তি আৰু তাক মজবুত কৰিবলৈ চাৰিওপিনে ৰংচঙীয়া উৎসৱৰ আয়োজন, মাধ্যমসমূহত তুচ্ছ চেলেপু কথাৰ জোঁৱাৰ।
দ্বিতীয় পদ্ধতি হৈছে প্ৰশাসন নিজৰ হাতৰ মুঠিত ৰাখি মুখ্যমন্ত্ৰীৰ প্ৰশ্ৰয়ত না না বিভেদ সংঘাতত অহৰহ উচটনি কোনোটো জনগোষ্ঠীয়েই উদ্বিগ্ন আৰু আন জনগোষ্ঠীৰ প্ৰতি সন্দিহান, বিদ্বেষ ভাবাপন্ন। তৰুপৰ তাচ (Trump Card) হৈছে মুশ্লিম-বিদ্বেষ? সভ্যতাৰ বৈৰী ৰূপত অসংখ্য সন্তানৰ জন্ম দিয়াৰ অভিযোগত, সত্ৰৰ মাটি, চৰকাৰী মাটি বেদখলৰ নামত, তেওঁলোকৰ ওপৰত বিভিন্ন নিৰ্যাতন জাপি দিয়া হৈছে। বিছ-ত্ৰিছ বছৰ এখন ঠাইত বাস কৰা বান খহনীয়াই গৃহহীন কৰা মানুহক দহ-পোন্ধৰদিন বা এমাহৰ নটিছ দি বুলডজাৰেৰে উচ্ছেদ কৰা হৈছে এই জাৰৰ দিনত। মানৱতাৰ কথা নাই, গণতন্ত্ৰত প্ৰধান নীতি নাগৰিকৰ লগতে আলোচনা মৰ্মে বিধান সভাত যথাযথ আলোচনাৰ মাজেৰে এনে ক্ষতিকৰ সিদ্ধান্ত কাৰ্যকৰী কৰা বা নকৰাৰ পদ্ধতি সকলো দুৰ্ভগীয়া মানুহখিনিৰ ঘৰৰ লগতে বুলডজাৰৰ দানৱ হাতোৰাৰে ভাঙি ছিঙি আবৰ্জনাত পৰিণত কৰিছে।
এনে কেতবোৰ ঘটনা অনবৰত ঘটি থাকিলে অৱশেষত সাধাৰণ নাগৰিকৰ বিশ্বাস জন্মিব যে গণতন্ত্ৰ আৰু আইন কানুন সকলো ফাক্কা আৱাজ। একমাত্ৰ বাস্তৱ চৰকাৰৰ একছত্ৰী নিষ্ঠুৰ ক্ষমতা।
ইয়াৰ পিছত অসমীয়া জাতি বাচিবনে নাই কোনে কেৰেপ কৰে? প্ৰতিজন মানুহে যাতে চকু-কাণ মুদি একোটা খোলাত সোমাই চৰকাৰী সিধা আৰু দক্ষিণা লয় আৰু হাত চাপৰি বজাই থাকে, তাৰ বঢ়িয়া ব্যৱস্থা। সামাজিক মাধ্যমত যথেষ্ট উষ্মা আৰু ক্ষোভৰ প্ৰকাশ ঘটে। কিন্তু কোনে ডেকা ল’ৰাৰ হুংকাৰলৈ মন দিয়ে?
এটা জাতিৰ আধাৰ ভাষা, ধৰ্ম,, গোষ্ঠীগত পৰিচয়— এইবোৰ নহয়। জাতি হিচাবে জীয়াই থকাৰ প্ৰবল ইচ্ছা, তাৰ বাবে প্ৰয়োজন অনুসাৰে সজাগ থকা, সমস্যা সমাধানৰ সক্ৰিয় চেষ্টা কৰা, উন্নতিৰ বাট বিচাৰি উলিওৱা, এনেবোৰ কথাইহে এটা জাতি জীয়াই থকাটো প্ৰমাণ কৰে।
তেনে জাতি বাতৰি কাকত, টিভিৰ জগতত আবদ্ধ নাথাকে। তাৰ আৰামদায়ক খোলাৰ পৰা ওলাই হাতে-কামে লাগি শাৰীৰিক প্ৰচেষ্টাৰে বিনাশ যজ্ঞত বাধা দিয়ে, যাতে নিজকে বচাব পাৰে।
আকৌ আহোম-লেণ্ড:
টাই আহম যুৱ সংগঠন ইতিমধ্যে দুটা আছিল। এতিয়া আৰু এটা ভাগ হ’ল। এই সকল ন ভকতে ‘আহোম লেণ্ড’ বিচাৰি হুংকাৰ দিছে। সেইটো সমগ্ৰ আহোম সমাজৰ দাবী যে নহয় সেয়া মোৰ দৃঢ় বিশ্বাস। তেন্তে কেনেকৈ দাবীটো উঠিল? সন্দেহ নাই যে খুব সম্ভৱ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কেতবোৰ নিগূঢ় ছিগনেলৰ দ্বাৰা উৎসাহিত হৈ ন ভকত সকলে এই আৱাজ দিছে। অসমৰ কা আইন প্ৰচলন কৰিবলৈ যাওঁতে কোনো বাধাৰ সন্মুখীন হ’ব নালাগে, সেই উদ্দেশ্যেই পটভূমিত এটা হুলস্থূল লগোৱা হৈছে। জনগোষ্ঠীয় আন্দোলনৰ নেতৃত্ব যে ক্ৰমে কেন্দ্ৰৰ নাশপাশত বান্ধ খায়, এই কথা আটায়ে জানে। তাৰ বাবে নিজৰ বাবে স্বায়ত্ব শাসিত অঞ্চল একোটা কেন্দ্ৰৰ পৰা আদায় কৰি চৰকাৰে দিয়া উন্নয়ন পুঁজিৰ টকা নিজৰ উন্নয়নত বেছিকৈ লগায়। তেওঁলোকৰ নিজৰ ক্ষমতা বাহাল ৰাখিবলৈকে মানুহখিনিক নিজা সংস্কৃতিত মজি থাকিবলৈ না না অনুষ্ঠান পাতি তেওঁলোক ধন আত্মসাতত নিমগ্ন হয়। ফলত উন্নয়নৰ নামত একো নহয়।
কিন্তু কেন্দ্ৰৰ পৰিকল্পনা অনুযায়ী সেই অঞ্চলৰ সম্পদ আৰু ধন ঘটাৰ সকলো সুযোগ কেন্দ্ৰৰ আশীষ ধন্য বৃ্হৎ পুঁজিপতিৰ হাতলৈ যায়। জনগোষ্ঠীটোৰ শক্তি অলক্ষিতে টুটি আহে। এটা সময়ত বিজেপি চৰকাৰে আন এদল বিসম্বাদীৰ লগ লাগি পূৰ্বৰ শাসক দল আৰু চৰকাৰৰ দুৰ্নীতিৰ উন্মোচন কৰি সিহঁতক খতম কৰে। বিনাযুদ্ধে অঞ্চলটো নিজৰ হাতৰ মুঠিলৈ আনে। ‘আহোম লেণ্ড’ৰো দশা ইয়াতকৈ বেলেগ নহয়। আহোম ৰাইজ আবেগত উটি নাযাব। চিন্তা কৰক।