অসমৰ সাধাৰণ শিক্ষিত মানুহৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় জ্ঞানখিনিৰ বাহিৰৰ যৎসামান্য জ্ঞান আহে বাতৰি-কাকত আৰু টি-ভিৰ পৰা। কিন্তু কাকত আৰু টি-ভিত ওলোৱা খবৰ আৰু তথ্যখিনিয়ে সকলো গুৰুত্বপূৰ্ণ আৰু অতি দৰকাৰী কথাবোৰো মানুহৰ মনৰ পৰা প্ৰায়ে দূৰত ৰাখে। দৈনিক কাগজ বিক্ৰী হ’বৰ বাবে আৰু টি-ভিৰ টি আৰ পি বৃদ্ধিৰ বাবে দিনটোৰ বা তিনি-চাৰি দিনৰ ঘটনাৰ বৃত্তান্ত জনাই থকাই লক্ষ্য হৈ পৰে। অথচ আমাৰ সাম্প্ৰতিক চেতনাৰ বাহিৰত থকা কেতবোৰ অতি মাৰাত্মক কথা সিবিলাকে আওকাণ কৰি আৰু লগতে আমিও আওকাণ কৰি থাকোঁ। সেইবোৰ সাময়িক নহয়, দীৰ্ঘম্যাদী। ফলাফলো ভয়ংকৰ।
তেনেকুৱা এটা মাৰাত্মক সংকট হৈছে বিশ্ব জলবায়ু সংকট। আমি বিশ্বৰে অংশ। সেয়ে কেৱল ইউৰোপ-আমেৰিকাই নহয়, উত্তৰ ভাৰতেই নহয়, আমিও সেই সংকটত ঘোৰ বিপদত পৰিম। সেই সংকট কৰোণা ভাইৰাছে জন্ম দিয়া সমস্যাতকৈ সাংঘাতিক হ’ব। ‘লক ডাউন’ দি ৰোধ কৰিব পৰা সমস্যাও এইটো নহয়। একেবাৰে সৰ্বগ্ৰাসী সংকট। ওচৰৰে এটা তথ্যলৈ মন কৰক। ২০১৯ চনত কপিলী জলবিদ্যুৎ প্ৰকল্পত মেঘালয়ৰ পৰা অহা প্ৰবল ধলে কপিলীৰ বুকু ওফন্দাই বিপুল ক্ষতি সাধন কৰিছিল। জলপৰিবাহী টানেল আৰু পাৱাৰ হাউছ পানীৰ ভয়াবহ সোঁতে স-শব্দে ভাঙি-ছিঙি কৰ্মৰত কেইগৰাকীমান কৰ্মচাৰীক থিতাতে উটুৱাই নি তেওঁলোকৰ মৃত্যু ঘটাইছিল। ২০২২ চনত একেই ঘটনাৰ পুনৰাবৃত্তি হ’ল। নিহত হ’ল জ্যেষ্ঠ প্ৰবন্ধক জয়ন্ত হাজৰিকা আৰু অভিযন্তা অনুপম শইকীয়া। তেওঁলোক টানেল মেৰামতিৰ তদাৰক কৰিবলৈ আহিছিল।
মেঘালয়ৰ ধল দেখাত এক আকস্মিক দুৰ্যোগ। কিন্তু তাৰ আঁৰৰ কথাখিনি বিবেচনা কৰিলে দেখা যাব, এইটো এক অতি প্ৰত্যাশিত ঘটনা। কেইবছৰমান পূৰ্বে মেঘালয়ৰ পৰা নামি অহা পানীৰ সোঁতে যোৰাবাটৰ দৰে পাহাৰীয়া অঞ্চলতো বিষম অথন্তৰ ঘটাইছিল। ২০১৯ ৰ পূৰ্বৰ ‘টানেল বিস্ফোৰণ’ৰ কথা কৈছোঁৱেই।
কিন্তু তাৰ আঁৰৰ কথা টং কৰি চোৱা যাওক। আজি দুই-তিনি দশক ধৰি উত্তৰ-পূবৰ পাহাৰীয়া ৰাজ্য কেইখনৰ এচাম মধ্যবিত্তই অসমৰ এচাম মধ্যবিত্ত মন্ত্ৰী-নেতা-বিষয়াৰ আৰ্হিতে নিজ-নিজ ৰাজ্যত বহিৰাগত বা বাহিৰৰ ব্যৱসায়ীৰ মুনাফা লাভৰ বাবে লাখে-লাখে টকা উৎকোচ বা কমিচন লৈ নিজা-নিজা ৰাজ্যৰ বনাঞ্চল ধ্বংসত আগৰণুৱা হৈছিল। ফলত দ্ৰুতগতিত সেইবোৰ ৰাজ্যৰ পাহাৰ টকলা হৈ আহিছিল। বিশেষকৈ সীমান্তত।
এইবাবেই বৰষুণৰ পানী শুহি ল’ব পৰা গছ, সেমেকা মাটি, হাবি-বন লুপ্ত হৈ এপিনে জান-জুৰি শুকাই পেলাইছিল, আনপিনে বাৰিষা বা আন ঋতুৰ বৰষুণে খৰস্ৰোতা ধলৰ ৰূপ লৈ ভৈয়ামত বিপৰ্যয় সৃষ্টি কৰিছিল। ওখ পাহাৰৰ পৰা বাগৰি অহা পানীৰ পৰিমাণ হৈছিল বৃহৎ, আৰু তাৰ গতিবেগ হৈছিল ভয়ংকৰ। এই বিধ্বংসী ধলৰ শক্তি বৃদ্ধি কৰে আন এটা কাৰণে।
আটায়ে নিশ্চয় মন কৰিছে যে অন্তত: গুৱাহাটীত দীঘলীয়া আৰু চিপচিপীয়া বৰষুণ আৰু আজিকালি নহয়। অলপ সময় ধৰি বৰ জোৰে বৰষুণ পৰে আৰু তাৰ পিছত নোহোৱা হয়। ইয়াৰ কাৰণ এয়ে গছ-গছনি নোহোৱা বাবে আৰু টকলা পাহাৰতো পকী দালান বা আন নিৰ্মাণ হৈ থকাৰ ফলত বৰষুণ দিয়া মেঘ বেছিপৰ ৰৈ নাথাকে। ডাৱৰত থকা জলীয় বাষ্প গছ-গছনিয়ে লাহে-লাহে শুহি থকা অৱস্থাও অন্তৰ্হিত হয়। তাৰ ফলত কম সময়ত হোৱা প্ৰবল বৃষ্টিপাত ধল হৈ প্ৰবল বেগে ভৈয়ামলৈ বাগৰি যায়।
কপিলীৰ জলবিদ্যুৎ প্ৰকল্প এনে ধলৰে বলি হৈছে। এই ধলৰ শক্তি গাৰ্ডৱাল দি বা টানেল আদি মজবুত কৰি হ্ৰাস কৰা বা ৰোধ কৰা অসম্ভৱ। বৰং পানীৰ ক্ৰুৰতা বৃদ্ধিহে পায়। কথাটো সাধাৰণ অভিযান্ত্ৰিক জ্ঞানেৰেই বুজা যায়। ২০১৩ চনত উত্তৰাখণ্ডত এনে ধলে এক লাখতকৈ অধিক মানুহৰ প্ৰাণ সংহাৰ কৰিছিল।
তথাপি কেন্দ্ৰ-ৰাজ্য নিৰ্বিকাৰ। ধুমধাম নতুন নদীবান্ধ সজোৱা হৈ আছে উত্তৰাখণ্ডত। কাৰণ বৃহৎ পুঁজিপতি গোষ্ঠীবোৰক লাগে কেৱল টকা। আৰু কেন্দ্ৰ-ৰাজ্যৰ মন্ত্ৰী-বিষয়া বৃহৎ পুঁজিপতিৰ বশীভূত। দলে-দলে শ্ৰমিক-কৰ্মচাৰী, বা কেইডজনমান বিষয়া প্ৰাণ হানি হ’লে ‘লীডাৰ’ আৰু উচ্চ বিষয়াৰ আৰু বৃহৎ পুঁজিপতিৰ একো উদ্ৰেক নহয়। সোৱনশিৰি নদীবান্ধৰ কপিলী প্ৰকল্পৰ উত্তৰ-পশ্চিমাংশত মেঘালয় সীমাঞ্চলত প্ৰবল বন ধ্বংস কাৰো অবিদিত নাছিল। তাৰ পৰা হ’ব পৰা বিপদ সম্পৰ্কেও হয়তো উমান পাইছিল। কিন্তু একো ব্যৱস্থা লোৱা নহ’ল।
এনে অদূৰদৰ্শিতাৰ ফলতে কপিলী প্ৰকল্পৰ এই শোকাবহ দুৰ্ঘটনা হ’বলৈ পালে। নীতিগত সিদ্ধান্ত লোৱা মন্ত্ৰী আৰু উচ্চ বিষয়াবৰ্গ এই মাৰাত্মক ত্ৰুটি তথা প্ৰাণ হানিৰ বাবে দায়ী বুলি ধৰিব লাগিব। আমি যাক ‘জলবায়ু পৰিবৰ্তন’ বুলি কওঁ, সেইটো এটা স্বাভাৱিক ঘটনা নহয়। ই সম্পূৰ্ণ মানুহৰ অতপালিৰ ফল। জলবায়ু জীৱজগতৰ পৰা দূৰৈৰ কিবা স্বয়ংক্ৰিয় বস্তু নহয় আনবোৰ হেতুৰ লগতে মানুহৰ কাম-কাজেও তাত নিশ্চিতভাৱে প্ৰভাৱ পেলায়। মানুহৰ কাম-কাজে কেনেকৈ জলবায়ু অস্থিৰ, অনিশ্চয় আৰু প্ৰায়েই অত্যধিক হিংস্ৰ কৰি তুলিছে, কথাটো আন এটা প্ৰশ্নৰ লগত জড়িত। একো একো জন ব্যক্তিৰ সৰু-সুৰা অপকৰ্মৰ বাবে জলবায়ুৰ হীন-দেঢ়ি নঘটে। কিন্তু সমগ্ৰ মানৱ সমাজে কেতবোৰ বিশেষ পদ্ধতিৰে কৰি থকা কামে এনেদৰে প্ৰকৃতিৰ গতি-বিধি অনিয়মীয়া আৰু বিপজ্জনক কৰি তোলে।
আধুনিক পুঁজিবাদৰ বিকাশৰ পূৰ্বে মানুহে শস্য আদি সম্পদ উৎপাদন কৰিবলৈ গৈ প্ৰকৃতিৰ যিখিনি ক্ষতি কৰিছিল, সি আপোনা-আপুনি পূৰণ হ’ব পৰা পৰিস্থিতি এটা আছিল। মানুহে হাল জুৰি খেতি কৰাৰ পিছত পথাৰৰ ধানে ইতিপূৰ্বে উঘালি পেলোৱা ঘাঁহ-বন, গছ আদিৰ ঠাই পূৰাইছিল। বতাহত প্ৰয়োজনীয় অক্সিজেনৰ অভাৱ হোৱা নাছিল, কাৰণ আগৰ ঘাঁহ-বন আদিয়ে এৰি দিয়া ধৰণে বতাহৰ পৰা অঙ্গাৰ গেছ (কাৰ্বন) শুহি ধাননিয়ে অক্সিজেন বতাহত এৰি দিছিল। খেতিত যদি মাটিৰ উৰ্বৰতা কিছু হ্ৰাস হয়, শস্যৰ নৰা আদি পথাৰত পচি সেই উৰ্বৰতা ঘূৰাই আনিছিল। খৰিৰ প্ৰয়োজনত কটা গছ-গছনিৰ মাত্ৰা ইমান বেছি নাছিল যে বননি উছন হৈছিল। সেইদৰে তাহানিৰ কুটিৰ শিল্পয়ো পৰিৱেশ তথা জলবায়ুৰ ওপৰত কু-প্ৰভাৱ পেলাব পৰা নাছিল। কুমাৰে গঢ়া মাটিৰ পাত্ৰ বা ব্যৱহাৰৰ পাছত পেলাই দিয়াৰ পিছত কালক্ৰমত সেইবোৰ মাটিত মিহলি হৈ যোৱাৰ সম্ভাৱনা আছিল।
কিন্তু বিশ্বজুৰি পুঁজিবাদে যান্ত্ৰিক উৎপাদন পদ্ধতিৰ ব্যাপক ব্যৱহাৰেৰে বহু কৃত্ৰিম যন্ত্ৰজাত সামগ্ৰী উৎপাদনৰ পিছত এইদৰে বৰ্জন কৰা সামগ্ৰীবোৰ প্ৰকৃতিত মিলি নোযোৱাকৈ প্ৰকৃতিৰ ওপৰত বোজা হৈ থাকিবলৈ ধৰিলে। আজি মহা সমুদ্ৰৰ অটল তলিতো পানীত লীন নোযোৱা প্লাষ্টিকৰ অজস্ৰ টুকুৰা গৱেষক সকলে আৱিষ্কাৰ কৰিছে। আনকি এক অতি আতংকজনক শেহতীয়া খবৰ হৈছে এয়ে যে মানুহৰ শিৰাই-শিৰাই বৈ থকা তেজৰ সোঁততো প্লাষ্টিকৰ ক্ষুদ্ৰ অণুৰ প্ৰৱেশ ধৰা পৰিছে। অৰ্থাৎ পুঁজিবাদৰ বিপুল উৎপাদনে ইপিনে জনসংখ্যাৰ ক্ষুদ্ৰ অংশ এটাক বিপুল অৰ্থৰ মালিক কৰিছে, আনপিনে সৰ্বসাধাৰণ ৰাইজৰ জীৱন-নিৰ্বাহৰ সমস্যা দিনকদিনে কঠিন কৰি আনিছে। আৰু সৰ্বোপৰি সমগ্ৰ পৰিৱেশ তথা জলবায়ু মাৰাত্মকভাৱে ক্ষতিগ্ৰস্ত কৰি মানুহৰ উপৰি জীৱ জগতক মৃত্যুমুখলৈ ঠেলি দিছে।
আমাৰ চকুৰ আগতে সমূলঞ্চে লোপ পাইছে অসংখ্য জীৱ-প্ৰজাতিৰ বংশ। পুঁজিবাদৰ এই সংহাৰলীলা বন্ধ কৰিবলৈ তাক শীঘ্ৰে নিয়ন্ত্ৰণলৈ আনি শেষত তাক বিদায় দিব লাগিব। তেতিয়াহে বিজ্ঞান আৰু প্ৰযুক্তি মানুহৰ জীৱন আৰু প্ৰকৃতিৰ সুস্থিৰতাৰ অনুকুলে ব্যৱহাৰ কৰা সহজ হৈ উঠিব।
মানুহে প্ৰকৃতিৰ ওপৰত (পুঁজিবাদৰ জৰিয়তে) চলোৱা ধ্বংসলীলাৰ দুটা জলন্ত প্ৰমাণ ইয়াত দিছোঁ। তাৰ উৎস আন এখন পত্ৰিকাত পোৱা ড৹ ডেইৱিড্ স্পাৰ্ট্ (David Spartl) নামৰ অষ্ট্ৰেলিয়াৰ এজন বিশিষ্ট পৰিৱেশ বিজ্ঞানীৰ এটা বিশ্লেষণ। ড৹ স্পাৰ্টে কৈছে যে সমগ্ৰ পৃথিৱীৰ বায়ুমণ্ডলৰ গতি-গোত্ৰ শেহান্তৰত নিৰ্ভৰ কৰে কৌটি-কৌটি বছৰ ধৰি পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত জমা হৈ থকা বিশাল বৰফৰ স্তুপৰ শ-শ মাইল ধৰি শ-শ মাইল দলৈ পোত গৈ থকা এই বৰফৰ আস্তৰণ এখন মহাদেশ বা তাতকৈ বৃহৎ আয়তনলৈ বিস্তৃত। অত যুগ ধৰি তাৰ কোনো হানি-বিঘিনি হোৱা নাছিল।
যোৱা দহ বছৰমান ধৰি আচৰিত ধৰণে এই কৌটিকলীয়া বৰফৰ গভীৰ আস্তৰণ দ্ৰুতগতিত গলিবলৈ ধৰে। এতিয়া ইয়াৰ চাৰিভাগৰ তিনিভাগ গলি মহাসাগৰৰ সৃষ্টি হৈছে। তাৰ পৰিৱেশত অভ্যস্ত তুষাৰ ভালুক, পেঙ্গুইন চৰাইৰ জীৱন-ধাৰণ কষ্টকৰ বা অসম্ভৱ হৈ পৰিছে। আগৰ কালতকৈ এতিয়া তাৰ তাপমাত্ৰা ৪০ ডিগ্ৰীৰ পৰা ৫০ ডিগ্ৰী পৰ্যন্ত বেছি!! ইয়াৰ মাৰাত্মক কু-প্ৰভাৱ অনুমান কৰা যায় যদিও ভুগোলবিদ সকলেহে ইয়াৰ বিশ্বব্যাপি ভয়ানক প্ৰভাৱ বাখ্যা কৰিব পাৰিব। কিন্তু বাতৰি কাকতত প্ৰতি বছৰে শীতপ্ৰধান ইউৰোপত জহকালি শতাধিক মানুহৰ গৰমত মৃত্যু হোৱাৰ অবিশ্বাস্য খবৰ ওলাই আছে।
বিশ্বৰ জলবায়ু, বিশেষকৈ ইউৰোপত শীতৰ প্ৰকোপ হ্ৰাস কৰা ‘গালফ ষ্ট্ৰীম’ (Gulf Stream) নামৰ আটলাণ্টিক মহাসাগৰৰ মাজেৰে বৈ যোৱা বিশাল কুহুমিয়া পানীৰ হেজাৰ মাইল দীঘল সোঁত এটাৰ গতিত উত্তৰ মেৰুত বৰফ গলা বিপুল পৰিমাণৰ পানীয়ে খেলি-মেলি লগাই দিছে। বৃহৎ পুঁজিবাদৰ অন্ধ অভিযানৰ অন্যতম পৰিণাম এইটো ঘটনা।
ভাৰতৰ জলবায়ুৰ এক প্ৰধান বৈশিষ্ট হৈছে জহকালি উগ্ৰ তাপ প্ৰশমিত কৰা আৰু শুকান মাটি জীপাল কৰি তোলা বৰষুণ অনা মৌচুমি বতাহ (Monsoon)। কিন্তু মানুহৰ কাম-কাজে পৰিৱেশ নষ্ট কৰি দিয়াৰ ফলত এই যুগমীয়া বতাহৰ সোঁতো পথভ্ৰষ্ট বা স্তীমিত হৈ যাব পাৰে। জলীয় বাষ্পেৰে ভৰপূৰ, খেতিয়কৰ মনত আশাৰ সঞ্চাৰ কৰা, এই বতাহ যদি শেষত কেৱল সোঁৱৰণতে বাচি থাকে, কৌটি-কৌটি মানুহৰ জীৱনলৈ অন্ধকাৰ নামি আহিব।
আন এটা অতি উদ্বেগজনক ঘটনা হৈছে এয়ে যে ‘পৃথিৱীৰ হাওঁফাওঁ’ নামে জনাজাত বিশাল আৰু নিবিড় বৰ্ষাৰণ্য দক্ষিণ আমেৰিকাৰ আমাজন কাটি তহিলং কৰি তাত হেজাৰ-হেজাৰ হেক্তাৰ মাটি মুকলি কৰি হেজাৰ বিজাৰ হেক্তাৰ জোৰা কৃষি পাম খুলি কফি আৰু ককো আদি লাভজনক ব্যৱসায়ী খেতি লগোৱা হৈ আছে।
সৌ সিদিনাখনলৈ মানুহৰ দেহৰ বাবে ক্ষতিকৰ অঙ্গাৰ গেছ (কাৰ্বন-ডাই-অক্সাইড) বিশ্বৰ বায়ুমণ্ডলত সহনীয় মাত্ৰাত ৰখাত সহায় কৰিছিল আমাজন বিষুব বৰ্ষাৰণ্যই। বায়ুমণ্ডলৰ ৬৬ শতাংশ ভাগ অঙ্গাৰ গেছ তাৰ গছবোৰে শুহি লৈ বতাহত এৰি দিছিল জীৱ জগতৰ বাবে অপৰিহাৰ্য অক্সিজেন গেছ। কিন্তু বৃহৎ পুঁজিপতি বিলাকৰ দুৰ্দমনীয় মুনাফা আৰু হুতাহে মদমত্ত হস্তীৰ দৰে ধ্বংস কৰিবলৈ লৈছে জীৱ জগতক সঞ্জীৱনীসুধা অবিৰতভাৱে দান কৰা এই বিশাল বিষুব অৰণ্য।
ভাৰতক এতিয়া এই পুঁজিবাদী ভূতে ভালকৈয়ে লম্ভিছে। প্ৰধানমন্ত্ৰীয়ে ‘বিকাশ! বিকাশ!!’ কৈ আটাহ পাৰি থকা লক্ষ্যৰ চৰিত্ৰও এই ধৰণৰ। যেনে-তেনে, যিকোনো মূল্যত দেশৰ ‘সম্পদ’ বৃদ্ধি কৰিব লাগিব। এই সম্পদে জনগণৰ জীৱন স্বচ্ছল আৰু উন্নত কৰাৰ কথা নাই। বৰং টকাৰ সংখ্যাৰে জুখিব পৰা বৃহৎ পুঁজিপতিৰ মুনাফা আৰু সম্পদ এই ‘বিকাশ’ৰ স্বৰূপ।
ফলত পৰিৱেশৰ বিনাশ আৰু তাৰ পৰা সাধাৰণ মানুহৰ জীৱনলৈ অহা সংকট চৰকাৰে বিবেচনাই নকৰা হৈছে। দেশ আৰু ৰাজ্যৰ পৰিৱেশ বিভাগ, বন বিভাগৰ ঘোষিত, নিৰ্ধাৰিত লক্ষ্য পৰিৱেশ, বনভূমিৰ ৰক্ষা। কিন্তু এতিয়া সিহঁতৰ কাম হৈছে নানা চেলু উলিয়াই, ফন্দী-ফিকিৰ কৰি পুঁজিপতি আৰু পুঁজিবাদী উদ্যোগক বন-পৰিৱেশ ধ্বংসৰ অধিকাৰ গতাই দিয়া। শেহতীয়াকৈ সেয়ে উত্তৰ-পূব অসমত পৰিৱেশ বিনাশী মুক্ত কয়লা খননৰ অনুমতি পুনৰ দিয়া হৈছে। চিত্ৰশিল্পী নীলিম মহন্তক এনে আপাহতে গ্ৰেপ্তাৰ কৰা হৈছে।
সংসদীয় অধ্যক্ষৰ ভূমিকা
সামন্ততন্ত্ৰ আৰু ৰাজতন্ত্ৰৰ দিনত অবাধ ক্ষমতাৰ ভয়াবহ নিপীড়ন সহিবলগীয়া হোৱা জনতাই যেতিয়া গণতন্ত্ৰ স্থাপন কৰিলে তেতিয়া ক্ষমতাত লেকাম লগাবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ল যাতে গণতন্ত্ৰৰ শাসক সকলে ক্ষমতাৰ অপব্যৱহাৰ নকৰে। যেনে ন্যায়পালিকাৰ শক্তি বৃদ্ধি কৰা, গণতান্ত্ৰিক শাসনক নজৰত ৰখা বিভিন্ন প্ৰতিষ্ঠান গঢ়ি তোলা, আৰু সৰ্বোপৰি আইন আৰু নিয়ম-কানুনৰ প্ৰাধান্য প্ৰতিষ্ঠা কৰা। যাতে ক্ষমতাশালী জনে নিয়ম-কানুনৰ অধীনতহে ক্ষমতা প্ৰয়োগ কৰে— ইচ্ছানুযায়ী নহয়।
এই পিনৰ পৰা সংসদীয় প্ৰতিষ্ঠানবোৰৰ (যেনে লোকসভা, ৰাজ্যসভা, বিধানসভা) অধ্যক্ষৰ ভূমিকাও বিচাৰযোগ্য। সম্প্ৰতি বহুক্ষেত্ৰত দেখা গৈছে যে নিয়ম-নীতিৰ প্ৰকৃত মৰ্মতকৈ একাংশ অধ্যক্ষই (Speaker) নিজৰ তথা নিজা দলৰ ইচ্ছাতহে গুৰুত্ব দি সিদ্ধান্ত দিবলৈ ধৰিছে। যেন তেওঁ নিজে প্ৰচলিত বিধি-নিয়মৰ ওপৰত। লোকসভা আৰু ৰাজ্যসভাৰ অধ্যক্ষ সকলে নিজ-নিজ দলক অসুবিধাত পেলাব পৰা কোনো প্ৰস্তাৱ, বিতৰ্ক বা আলোচনা হ’বলৈ অনুমতি নিদিয়া হৈছে। যোৱা ২-৩ বছৰে অত্যন্ত প্ৰাসঙ্গিক আৰু দেশৰ বাবে গুৰুত্বপূৰ্ণ আলোচনা-সমালোচনা আসনৰ ক্ষমতাৰ জোৰতে নিষিদ্ধ কৰি বা আগবাঢ়িবলৈ নিদি এনে অধ্যক্ষই নীতি-নিয়ম অগ্ৰাহ্য কৰিছে।
মনত ৰখা ভাল যে অধ্যক্ষ জন শাসক দলৰ সদস্য হ’লেও সভাৰ সভাপতি বা অধ্যক্ষ ৰূপে যথাসাধ্য নিৰপেক্ষ ভূমিকা লোৱা উচিত। সম্প্ৰতি ৰাজ্য তোলপাৰ লগোৱা, জনজীৱন দুৰ্বিষহ কৰি তোলা প্ৰচণ্ড মূল্যবৃদ্ধি সম্পৰ্কীয় সভা স্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰি আমাৰ মতে বিধানসভাৰ অধ্যক্ষ মহোদয়েও অনাহক বিতৰ্ক আৰু সন্দেহ সৃষ্টি কৰিছে। বিৰোধী পক্ষই সভা স্থগিত প্ৰস্তাৱ দাখিল কৰাত পাঁচ মিনিট দেৰী হোৱা বাবে তাক অগ্ৰাহ্য কৰা বুলি কৈছে। জনজীৱন অতিষ্ঠ কৰা সমস্যা এটাৰ আগত পাঁচ মিনিটৰ বিলম্ব একো ডাঙৰ ত্ৰুটি হ’ব নালাগে। বিৰোধীয়ে আকৌ কৈছে যে চি-চি-টি-ভিৰ সাক্ষ্যই এই যুক্তি নাকচ কৰে!