বাংলাদেশীয়ে অসম আৰু অসমীয়াৰ পৈত্ৰিক মাটি গ্ৰাস কৰিলে বুলি এচাম দেশপ্ৰেমিকে তাল-ফাল লগাই থকা সময়তে অসমৰ মাটি গাৰ বলেৰে দখল কৰি খিলঞ্জীয়া অসমীয়াক আসুৰিক অত্যাচাৰ কৰি আছে নাগা, অৰুণাচলী ভূ-মাফিয়া আৰু ধনলোভী দুৰ্বৃত্তৰ দলে।প্ৰতিবাৰতে সিহঁতে অসমৰ বহুত মাটি কাঢ়ি লৈছে,যি মাটি আৰু ঘূৰাই পোৱাৰ আশা নাই। আগৰ যি কোনো চনৰ পুৰণি এটলাছ বা মানচিত্ৰ চালেই কথাটো কিমান ভয়ানক হৈছে, ধৰিব পাৰি।
বাংলাদেশীৰ ওপৰত বৰমতা ওলোৱা আৰু বুলডজাৰেৰে বীৰত্ব কৰা মহাবীৰ সকলে নাগা আৰু অৰুণাচলীৰ আগত নেজ পেলাই দিয়ে। নাম কীৰ্তন কৰি সিসবৰ মন গলাব নোৱাৰি। তাহানিৰ আহোম ৰজাৰ দৰে দূৰ্ধৰ্ষ বাহুবলেৰেহে আগ্ৰাসন ওফৰাই দিয়া সম্ভৱ হব। আমাৰ মুখবলী বীৰ বলদ সকলৰ সেই সাহ নাই। বৰং বেদখল কৰা অসমৰ মাটিকে ‘disputed area’ বা ‘বিবদমান এলেকা’ আখ্যা দি সেই দুৰ্বৃত্তবোৰৰ বেদখলক একধৰণৰ ন্যায্যতা দিছে।
সমস্যাৰ উৎস পুৰণি। অতীত কালত মৰুভূমি বা ওখ পাহাৰত বাস কৰা অনুন্নত জনগোষ্ঠী বিলাকে তেওঁ লোকৰ আদিম উৎপাদন ব্যৱস্থাই কেতিয়াবা দুৰ্ভিক্ষৰ জন্ম দিলে দলেবলে আহি উন্নত সমাজৰ জনবসতিত অত্যাচাৰ আৰু লুটপাত কৰি নিজৰ অভাৱ দূৰ কৰিছিল। আহোম বুৰঞ্জীত এনে বহু আক্ৰমণৰ উল্লেখ আছে। ৰজাঘৰে সৈন্যবাহিনী পঠিয়াই তেওঁ লোকৰ দুৰ্গম বাসস্থানতো প্ৰত্যাক্ৰমণ চলাই তেওঁলোকক বশ কৰিছিল।কেতিয়াবা ভেটি-ভোটা দি সৈ মনাইছিল।
মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণৰ কাল হোৱাত অৰাজক অৱস্থা বহুদিন ধৰি চলাত তাহানিৰ আদিম সীমা নিৰ্ধাৰণো অচল হৈ পৰিছিল। তথাপি ব্ৰিটিছে দখল কৰা অসমৰ মাজত আগৰ ভূভাগ কম বেছি পৰিমাণে টিকি আছিল বুলি অনূমান কৰিব পাৰি। অৱশ্যে আধুনিক যুগৰ সুস্পষ্ট নিৰ্দিষ্ট সীমা তেতিয়া নাছিল। দেশ স্বাধীন হোৱাৰ পিছত অসমীয়াই আশা কৰিছিল যে জনজাতি অধ্যুষিত এই বৃহৎ ভূখণ্ড অসমৰ অন্তৰ্ভুক্ত হ’ব আৰু তাৰ অধিবাসী সকল বৃহৎ অসমীয়া জাতিৰ অঙ্গ হ’ব।
কেন্দ্ৰীয় চৰকাৰেও এই প্ৰতিশ্ৰুতি দি বহুকাল অসমীয়াক ভুৰুকিয়ালে।এই কথাও অস্বীকাৰ কৰা নাযায় যে তীব্ৰ বৰ্ণবাদ আৰু উগ্ৰ জাতীয়তাবাদৰ প্ৰভাৱত পৰা অসমীয়া মধ্যবিত্ত নেতৃত্ব এই ঐতিহাসিক দায়িত্ব পালন কৰিবলৈ সক্ষম নহলহেতেন।
অসমৰ ঐতিহাসিক সীমাসমস্যা
এইসময়ত এক ঐতিহাসিক তথ্য বৰ গুৰুত্বপূৰ্ণ। বহুতে নাজানে যে অৰুণাচল প্ৰদেশৰ দুৰ্গম, বিপদসঙ্কুল, অস্বাস্থ্যকৰ অঞ্চলত প্ৰাণ বিপন্ন কৰি, বিপদত হটি নগৈ সুস্থিৰ প্ৰশাসন, চিকিৎসা ব্যৱস্থা আৰু শিক্ষাৰ ভেটি স্থাপন কৰিছিল ডেৰশ-দুশমান সাহসী, হৃদয়বান, কৰ্মদক্ষ আদৰ্শবান অসমীয়া বিষয়া,কৰ্মচাৰী আৰু শিক্ষকে। তেওঁ লোকে বিভিন্ন জনগোষ্ঠীৰ আস্থা আৰু আদৰ-সন্মান লাভ কৰি তাৰ জনগণক উন্নত জীৱনযাত্ৰাত দীক্ষিত কৰিছিল। কিন্তু দুই দশকমানৰ পিছত কেন্দ্ৰীয় চৰকাৰে হিন্দী জাপি দি অসমীয়াৰ লগত অৰুণাচলৰ জনগণৰ বিভেদ-সঙ্ঘাতৰ বীজ সিচি দিছিল। প্ৰথমতে অৰুণাচলৰ শিক্ষাৰ অগ্ৰণী নেফা ছাত্ৰ সন্থাই (অৰুণাচলৰ তেতিয়াৰ নাম নেফা) দুবাৰো এই কেন্দ্ৰীয় সিদ্ধান্তৰ বিৰুদ্ধে সৰ্বাত্মক ধৰ্মঘটো কৰিছিল। কিন্তু কেন্দ্ৰ অলৰ-অচৰ হৈ থাকিল, ভৈয়ামৰ অসযীয়ায়ো বেছি বিক্ষোভ নজনালে।
তাৰ পিছত এচাম হিন্দীভাষী বিষয়াই তাত দুৰ্নীতি আৰু কুটিৰ ৰাজনীতিৰ পোহাৰ মেলি দিলে।এচাম অসমীয়া আক্ৰোহী ঠিকাদাৰ তাৰ সঙ্গী হ’ল।কাম নকৰাকৈ চৰকাৰী ধন আদায় কৰা অতি সহজ আৰু সুলভ ধনাৰ্জনৰ পথ হৈ পৰিল। সৃষ্টি হ’ল এদল যেনেতেনে দুদিনতে ধনকুবেৰ হোৱা আক্ৰোহী মানুহ। কলুষিত হ’ল ৰাজনীতি। সৎ জাতিপ্ৰেমী ৰাজনীতিবিদ টিকিব নোৱৰা হ’ল। অসমৰ অৱস্থাও এতিয়া তেনেকুৱাই।
এনে এচাম অৰুণাচলী(বা নাগা বা আন পাহাৰী) অৰ্থলোভী মাটিখকুৱা মাফিয়াই অসমৰ মাটি বেদখল কৰিবলৈ উঠি পৰি লাগি গৈছে। অসমীয়াই ফেপেৰি পাতি নধৰিলে অসমৰ মাটিদখল চলি থাকিব।কেন্দ্ৰই মাজে-মাজে মেকুৰিৰ মাজত পিঠা ভগোৱা বান্দৰ বিচাৰকৰ ভাও ল’ব,অসমৰ মন্ত্ৰীসকলে প্ৰশংসাত গগন বিদাৰিব।
আমাৰ থলুৱা মখাই কয় সেই দুৰন্ত পাহাৰী কেইটাক আমি জানো বলে পাৰিম? এসময়ত পাৰিছিল, বুৰঞ্জীৰ সাক্ষ্য আছে। এতিয়াও পাৰিব। আলোচনাপন্থী আলফাই বহুদিন আগৰে পৰা কৈ আছে, সীমান্তৰ মাটি আমাক দিয়ক, মাটি আমি ৰাখিব পাৰিম।হূলেৰে হুল কাঢ়িব লাগিব।
প্ৰধান জগৰীয়া কেন্দ্ৰ। অসমৰ পৰা ফালি ৰাজ্য গঢ়ি গ’ল।সীমা ঠিক কৰি নিদিলে। সেই টো সাংবিধানিক দায়িত্ব আছিল। অথচ বিশ্বৰ মহাপ্ৰতাপী দেশ বুলি গৰ্ব কৰে। বোধহয় চিৰকাল পিঠা ভগোৱা বান্দৰৰ ক্ষমতা আৰু গৌৰৱ উপভোগ কৰাৰ হেঁপাহত। আৰু আমাৰ দেশৰক্ষাকাৰী ৰাজ্য চৰকাৰৰ গুপুত ভৰসাও সেয়ে। মোচাহেবৰ দৌৰ আৰু কিমান দূৰ হ’ব?