• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

যোশীমঠৰ শিক্ষা

আজিৰপৰা ৪৬ বছৰ আগতেই ১৯৭৬ চনত এক বিশেষজ্ঞ কমিটিয়ে প্ৰথমবাৰৰ বাবে সাগৰপৃষ্ঠৰপৰা ৬০০০ ফুট উচ্চতাত অৱস্থিত যোশীমঠত উন্নয়নৰ নামত কোনোধৰণৰ বৃহৎ নিৰ্মাণ নকৰিবৰ বাবে চৰকাৰক আহ্বান জনাইছিল। তাৰ পিছত যোৱা ২০২১ চনলৈকেও এনেধৰণৰ অসংখ্য প্ৰতিবেদন ওলাল। কিন্তু চৰকাৰে সেইবোৰলৈ কোনো কাণষাৰ নিদিলে।

দুদুলমণি শৰ্মা by দুদুলমণি শৰ্মা
January 11, 2023 1:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰাখণ্ডৰ যোশীমঠত শেহতীয়াকৈ সৃষ্টি হোৱা অভাৱনীয় প্ৰাকৃতিক বিপৰ্যয়ৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে তৎকালীনভাৱে তাত ফাট মেলা আৰু পানী নিগৰিবলৈ ধৰা ৫০০ৰো অধিক ঘৰ ভাঙি পেলোৱাৰ সিদ্ধান্ত লৈছে আৰু তাত থকা আবাসীসকলক অন্য ঠাইলৈ স্থানান্তৰণৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে এই এলেকাসমূহত চৰকাৰে কালিৰেপৰা বুলডজাৰ মোতায়েন কৰিছে ক্ষতিগ্ৰস্ত ঘৰবোৰ ভাঙিবৰ বাবে। জানিবপৰা মতে অঞ্চলটোৰ ৭২৩টা ঘৰত ফাট মেলি পানী নিৰ্গত হ‘বলৈ ধৰিছে। ইয়াৰে ভিতৰত কেইখনমান হোটেলো আছে। অৱশ্যে এতিয়ালৈকে চৰকাৰে ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ কেৱল স্থানান্তৰণৰহে ব্যৱস্থা কৰিছে, তাকো অস্থায়ীভাৱে, শিক্ষানুষ্ঠানকে ধৰি বিভিন্ন চৰকাৰী- বেচৰকাৰী প্ৰতিষ্ঠানত। কিন্তু তেওঁলোকৰ স্থায়ী সংস্থাপন বা উপযুক্ত ক্ষতিপূৰণৰ কোনো ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই। জানিবপৰা মতে এই সমস্যাটো এতিয়া কেৱল যোশীমঠতে সীমাৱদ্ধ হৈ থকা নাই, ওচৰ-পাঁজৰৰ অন্যান্য ঠাইলৈও সম্প্ৰসাৰিত হৈছে।  প্ৰশ্ন হ‘ল, বছৰৰ পিছত বছৰ ধৰি সম্পূৰ্ণ বৈধভাৱে অঞ্চলটোত বাস কৰি অহা এই মানুহখিনিৰ দোষ কি আছিল? না এওঁলোকে পৰিবেশৰ ক্ষতিসাধন কৰি তাত ঘৰ সাজিছিল, না চৰকাৰী মাটি বেদখল কৰি ঘৰ সাজিছিল, না এওঁলোকে তাত বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ কৰিছিল বা জলবিদ্যুৎ প্ৰকল্পসমূহ  নিৰ্মাণ কৰিছিল। অঞ্চলটোৰ পৰিবেশৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই অনা এই সমস্ত উন্নয়নমূলক নিৰ্মাণ কাৰ্য্যৰ মূল উদ্যোক্তা আছিল তাৰ চৰকাৰ। বিভিন্ন প্ৰকৃতিপ্ৰেমী আৰু পৰিবেশ বিশেষজ্ঞৰ সকীয়নী আৰু সতৰ্ক বাণী সম্পূৰ্ণৰূপে আওকাণ কৰি চৰকাৰ আৰু বৃহৎ ব্যৱসায়িক গোষ্ঠীসমূহে চলাই অহা নিৰ্বিচাৰ নিৰ্মাণ কাৰ্য্যৰ আজি ফল ভুগিবলগীয়া হৈছে এই সাধাৰণ মানুহখিনিয়েআজিৰপৰা ৪৬ বছৰ আগতেই ১৯৭৬ চনত এক বিশেষজ্ঞ কমিটিয়ে প্ৰথমবাৰৰ বাবে সাগৰপৃষ্ঠৰপৰা ৬০০০ ফুট উচ্চতাত অৱস্থিত যোশীমঠত উন্নয়নৰ নামত কোনোধৰণৰ বৃহৎ নিৰ্মাণ নকৰিবৰ বাবে চৰকাৰক আহ্বান জনাইছিল। তাৰ পিছত যোৱা ২০২১ চনলৈকেও এনেধৰণৰ অসংখ্য প্ৰতিবেদন ওলাল। কিন্তু চৰকাৰে সেইবোৰলৈ কোনো কাণষাৰ নিদিলে। উন্নয়নৰ নামত তাত ৰাস্তা- ঘাটবোৰ বহলালে, ডাঙৰ ডাঙৰ ঘৰ- দুৱাৰ স্থাপন কৰিলে, খৰস্ৰোতা নদীবোৰৰ ওপৰত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিলে, আৰু কত কি কি নকৰিলে। এই সকলো কৰিলে ভূমিকম্পপ্ৰৱণ অঞ্চলটোৰ পাৰিস্থিতিক দিশটো সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে আৰম্ভ হোৱা এই উন্নয়ন প্ৰক্ৰিয়াই এতিয়া নৰেন্দ্ৰ মোদীৰ দিনত চূড়ান্ত ৰূপ পৰিগ্ৰহ কৰিছে। এই মুহূৰ্তত যোশীমঠ অঞ্চলত তপোবন- বিষ্ণুগড় জলবিদ্যুৎ প্ৰকল্পৰ অংশ হিচাপে দুটা বৃহৎ সুৰংগ এন টি পি চিৰ উদ্যোগত নিৰ্মাণ কৰি থকা হৈছে। হেলাং বাইপাছ নামৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামো তাত দ্ৰুতগতিত চলি আছে। এই সকলো নিৰ্যাণ কাৰ্য্যৰ ফল কি হৈছে আজি আমি নিজ চকুৰে দেখা পাইছোঁ। টিভিৰ পৰ্দাত যেতিয়া চকুপানী মচি মচি নিজৰ আপোন ঘৰবোৰৰপৰা মানুহখিনি ওলাই অহা দেখিছিলোঁ, ক‘ব নোৱৰাকৈয়ে মোৰো চকুপানী ওলাই আহিছিল। যিকোনো প্ৰকৃতিবিৰোধী অপৰিকল্পিত উন্নয়নৰ এইটোৱেই হয় পৰিণতি। অৱশেষত গৈ ভুক্তভোগী হয় সাধাৰণ মানুহখিনি। কাইলৈ আমাৰ ইয়াতো যে তদ্ৰূপ পৰিস্থিতিৰ সৃষ্টি নহ‘ব সেই কথা একে আষাৰে উলাই কৰিব নোৱাৰি। আমাৰ ইয়াতো কেনে ধৰণে উন্নয়নৰ নামত নিৰ্বিচাৰ নিৰ্মাণ কাৰ্য্য চলাই থকা হৈছে, প্ৰকৃতিৰ ওপৰত অবাধ অত্যাচাৰ চলাই থকা হৈছে, গছ- গছনিবোৰ কাটি পেলোৱা হৈছে সেয়া আমি চকুৰ আগত দেখিয়েই আছোঁ। সৌ সিদিনা ডিমা হাচাও জিলাত হোৱা অভাৱনীয় প্ৰাকৃতিক বিপৰ্যয়ৰ কথা আমি কোনেও পাহৰা নাই। তাৰো মূলতে আছিল একেই উন্নয়নমূলক কাম-কাজ। সোৱনশিৰিৰ বুকুত নিৰ্মীয়মান বৃহৎ নদীবান্ধ যে যিকোনো মুহূৰ্ততে জলবোমালৈ পৰ্যবসিত হ‘ব পাৰে সেয়া পৰিবেশ বিশেষজ্ঞসকলে পূৰ্বৰেপৰা সকীয়াই আহিছে। তথাপি তাক আওকাণ কৰি বান্ধৰ কাম ক্ষীপ্ৰ গতিত চলাই থকা হৈছে। শেহতীয়াকৈ অৰুণাচল প্ৰদেশত এশৰো অধিক নদীবান্ধৰ কাম চলাই থকা হৈছে বুলি জানিবপৰা গৈছে। এইবোৰৰপৰা ভৱিষ্যতে হ‘বপৰা যিকোনো বিপৰ্যয়ৰ ফল ভোগ কৰিব লাগিব নামনি অঞ্চলৰ, বিশেষকৈ অসমৰ সাধাৰণ মানুহখিনিয়ে।  উন্নয়ন আমাক লাগিবই, কিন্তু সেয়া হ‘ব লাগিব সম্পূৰ্ণ পৰিকল্পিত, বিজ্ঞানসন্মত, জনহিতকৰ আৰু পৰিবেশ অনুকূল। একোটা অঞ্চলৰ পাৰিস্থিতিক দিশটোক ওলাই কৰি কৰা যিকোনো উন্নয়নমূলক কাম সময়ত গৈ হিতে বিপৰীত হোৱাৰহে আশংকা থাকে।

Apply Now
দুদুলমণি শৰ্মা

দুদুলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd