ৰাজনৈতিকভাৱে শুদ্ধ কথা কোৱাটো বৰ্তমানৰ নব্য উদাৰতাবাদী ৰাজহুৱা পৰিমণ্ডলৰ এটা কমনছেন্সিকেল চৰ্ত। অসমৰ ৰাজহুৱা পৰিমণ্ডলতো চৰ্তটো ক্ৰমান্বয়ে লাগু হ’ব ধৰিছে। কিন্তু সমাজবাস্তৱৰ ঘটনাৰাজিয়ে ৰাজনৈতিক শুদ্ধতাৰ নীতি মানি নচলে। গতিকে আমি ইয়াৰ বাহিৰতেই সমাজৰ সত্যৰ চৰ্চা কৰিব লাগিব। আমি ক’ব খোজা প্ৰথম কথাটো হ’ল – মন্ত্ৰীৰ ঘৈণীয়েক মানে মন্ত্ৰীৰ ঘৈণীয়েক। বিধায়কৰ ঘৈণীয়েক মানে বিধায়কৰ ঘৈণীয়েক। ঘৈণীয়েকসকল হ’ল ক্ষমতাশালী পুৰুষসকলৰ ক্ষমতা আৰু অহংকাৰৰ সম্প্ৰসাৰিত সংস্কৰণ মাত্ৰ।
আমাৰ দৰে পুৰুষতান্ত্ৰিক, পদানুক্ৰমবদ্ধ আৰু বৈষম্যপূৰ্ণ সমাজ এখনত কোনো নাৰীয়ে শূন্যৰপৰা একক আৰু স্বতন্ত্ৰভাৱে সামাজিক-ৰাজনৈতিক ক্ষমতা আয়ত্ত কৰাটো অতিশয় কষ্টসাধ্য কাম। কিন্তু ক্ষমতাশালী পুৰুষৰ ঘৈণীয়েক হ’বলৈ পালে তুলনামূলকভাৱে সহজেই সামাজিক-ৰাজনৈতিক ক্ষমতাৰ অংশীদাৰ হ’ব পাৰি। এটা দিশৰপৰা চাবলৈ গ’লে, এয়া কোনো নাৰীৰ সচেতন পৰিকল্পনা বা ষড়যন্ত্ৰৰ কথা নহয় – নাৰীৰ বিষয়ীসত্তাৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত পৰম্পৰাগত নৈতিকতাই সামাজিক আকাংক্ষাৰ এটা অন্তৰ্নিহিত উপাদান হিচাপেই ইয়াক গঢ় দিয়ে। পুৰুষতান্ত্ৰিক সমাজত সেয়ে বহু সময়ত উচ্চতৰ শ্ৰেণীৰ পুৰুষৰ সৈতে বৈবাহিক সম্পৰ্কৰ জৰিয়তেই নাৰীৰ ঊৰ্ধমুখী চলনশীলতা চালিত হয়। এইটো হ’ল পুৰুষতান্ত্ৰিক সমাজৰ এটা সাধাৰণ আৰু সূক্ষ্ম প্ৰৱণতা। কিন্তু একাংশ নাৰীয়ে ইয়াক এক সচেতন আৰু উদ্দেশ্যমুখী প্ৰচেষ্টা হিচাপেই গ্ৰহণ কৰে। তাৰ মানে এনে নহয় যে এইটো এটা নাৰীৰ ফালৰপৰা একপক্ষীয় প্ৰক্ৰিয়া – সাধাৰণতে পুৰুষ আৰু নাৰী দুয়োৰে সমিলমিল আৰু ভাগ-বাটোৱাৰাৰ মাজেৰেই এনে সম্পৰ্কৰ বিকাশ ঘটে।
ক্ষমতাশালী বা ক্ষমতাশালী হোৱাৰ সম্ভাৱনা থকা পুৰুষৰ সৈতে সম্পৰ্ক তথা তৎকেন্দ্ৰিক সহযোগিতা-ত্যাগৰ মাজেৰেই নাৰীয়ে সামাজিক-ৰাজনৈতিক ক্ষমতাৰ অংশীদাৰিত্ব লাভ কৰে। কিন্তু সেই ক্ষমতাৰ চৰিত্ৰ যেনেকুৱা সেইসকলৰ চৰিত্ৰও তেনেকুৱা ৰূপতেই গঢ় লৈ উঠে। নিজৰ ব্যক্তিত্ব বা বৈশিষ্ট্য নিৰ্বিশেষে সেই নাৰীসকল হৈ উঠে ক্ষমতাশালী গিৰীয়েকসকলৰ সম্প্ৰসাৰিত সংস্কৰণ। তেওঁলোকৰ চিন্তা আৰু কৰ্মই ক্ষমতাশালী পুৰুষসকলৰ ক্ষমতাৰ বলয়টোৰ ভিতৰতেই বিচৰণ কৰে, সেই ক্ষমতাৰ আধাৰটোকেই সুৰক্ষিত আৰু দীৰ্ঘায়িত কৰে। গতিকে সেই ক্ষমতাশালী পুৰুষসকল যেনেকুৱা তেওঁলোকৰ ঘৈণীয়েকসকলো তেনেকুৱাই। তেওঁলোকৰপৰা বেলেগ কিবা আশা কৰাটো ভুল।
এইখিনিতে স্পষ্ট কৰা দৰকাৰ যে সমাজ সচেতনতাৰ বিকাশৰ লগে লগে পুৰুষতান্ত্ৰিক প্ৰমূল্যৰ আধাৰত ক্ৰমান্বয়ে খহনীয়া আৰম্ভ হৈছে, আৰু আনহাতে, পৰম্পৰাগত প্ৰমূল্যৰ বিপৰীতে থিয় দিয়া একাংশ ব্যতিক্ৰমী নাৰী আগতেও আছিল আৰু এতিয়াও আছে। আমি ইয়াৰ এটা কথাও আওকাণ কৰা নাই। কিন্তু মন্ত্ৰীৰ ঘৈণীয়েকৰ ক্ষমতা আৰু অহংকাৰ কি বস্তু, সেইটো দিনৰ পোহৰৰ দৰেই স্পষ্ট।
দ্বিতীয়টো কথা হ’ল হিন্দুত্ববাদী শাসকগোষ্ঠীৰ নৈতিক চৰিত্ৰ সম্পৰ্কে। সাধাৰণভাৱে ক’বলৈ হ’লে হিন্দুত্ববাদীসকলৰ নৈতিক পৃথিৱীখন হ’ল মৌলবাদী। তেওঁলোকৰ নৈতিক তত্ত্বটো একে সময়তে পৰম্পৰাগত আৰু অত্যাধুনিক। সংঘ পৰিয়াল তথা আৰ এছ এছৰ দীৰ্ঘদিনীয়া ইতিহাসৰ যিমান ঘৃণা, আত্মগৰ্ব আৰু ‘অন্য’ৰ বিদ্বেষ আছিল সেই সকলোখিনি নব্য উদাৰতাবাদী কৰ্প’ৰেট এথিক্ছৰ সৈতে পুঞ্জীভূত হৈ এই নৈতিক তত্ত্বটো গঢ় লৈ উঠিছে। ধূৰ্ত সাম্প্ৰদায়িক দৃষ্টিভংগীৰ সৈতে একত্ৰিত হৈ পৰিছে কৰ্প’ৰেট মেনেজাৰৰ Go-getter উদ্যম। আটাইতকৈ ডাঙৰ কথাটো হ’ল, এই নৈতিক তত্ত্বটো মুষ্টিমেয় ৰাজনৈতিক নীতিনিৰ্ধাৰকসকলৰ গোপন বস্তু হৈ থকা নাই। বৰং তাক এক সাৰ্বজনীন ৰূপ প্ৰদান কৰা হৈছে – ৰাজনৈতিক ময়দানৰ অঁৰিয়া-অঁৰিৰপৰা দাঙি আনি তাক সামাজিক জীৱনৰ কেন্দ্ৰবিন্দুত প্ৰতিষ্ঠা কৰা হৈছে। যোৱা বছৰসমূহৰ হিন্দুত্ববাদী ৰূপান্তৰৰ ফলস্বৰূপে এই নৈতিক তত্ত্বটো হৈ পৰিছে সামাজিক জীৱনৰ প্ৰভাৱশালী প্ৰমূল্য।
এই সাংস্কৃতিক পৰিবৰ্তনৰ পৰিণাম আমি চকুৰ সন্মুখতে অহৰহ দেখিব লাগিছো। আনকি অ-হিন্দুত্ববাদী শক্তি তথা ব্যক্তিকো সি কেতিয়াবা প্ৰভাৱিত কৰিছে। কিন্তু এই নৈতিক তত্ত্বটোৰ চূড়ান্ত আগ্ৰাসী আৰু মৌলবাদী প্ৰকাশ আমি দেখিবলৈ পাওঁ শাসকগোষ্ঠী তথা তাক আৱৰি ৰখা সহযোগী শক্তিসমূহৰ মাজত। তেওঁলোকৰ কামে-কাজে, কথাই-আচৰণে অহৰহ তাকেই প্ৰকাশ কৰি থাকে। তেওঁলোকে সমালোচনাৰ প্ৰত্যুত্তৰ নিদিয়ে, বৰং দেখুৱাই দিয়ে যে সমালোচনা কিদৰে invalid. বিৰোধীয়ে যি কৰিছে যি কৈছে একোৰে প্ৰতি নিৰ্দিষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ প্ৰয়োজন নাই, কাৰণ বিৰোধীৰ অস্তিত্বই অবৈধ-অনুচিত। হয় আমি আছো, নতুবা তোমালোক আছা; আমি যিহেতু আছো আৰু সদায় থাকিম, গতিকে তোমালোকৰ অস্তিত্ব থাকিব নালাগে – তোমালোকৰ অস্তিত্ব অবৈধ-অনুচিত। গতিকে সমালোচনা, প্ৰতিবাদ এইবিলাকৰ বৈধতা বা গ্ৰহণযোগ্যতা স্বয়ংক্ৰিয়ভাৱেই নোহোৱা হৈ যায়। এই নৈতিক তত্ত্বৰ এটা প্ৰধান অৱলম্বন হ’ল তাৰ চিৰ-অভ্ৰান্ত নৈতিক উচ্চ স্থান। তাৰ মানে সাধাৰণ ভাষাত তেওঁলোক কেতিয়াও নানামে, নামিব নোৱাৰে। কাৰণ তেওঁলোকৰ তত্ত্ব অনুসৰি – নামিলেই শেষ। কথা আৰু কামৰ হাজাৰ স্ববিৰোধ উন্মোচিত হ’লেও, সকলো কথা আৰু কামৰ বিপৰীত পৰিণাম হ’লেও, সকলো কথা আৰু কাম ভুল বুলি প্ৰমাণিত হ’লেও – প্ৰতিটো পদক্ষেপতে, প্ৰতিটো মুহূৰ্ততে নিজকে নৈতিক উচ্চ স্থানত ৰখাটো তেওঁলোকৰ বাবে দৰকাৰী।
সাধাৰণ জ্ঞান আৰু পৰম্পৰাগত প্ৰমূল্যৰ মাপকাঠি তেওঁলোকে প্ৰয়োজনত ব্যৱহাৰ কৰে সঁজুলি হিচাপে, কিন্তু কিবা সমস্যা হ’লেই তেনে মাপকাঠি আপোনাৰ মূৰত মাৰি দিব। আনহাতে, কৰ্প’ৰেট ব্যৱসায়িক ৰণনীতিৰ হিন্দুত্ববাদী সংস্কৰণটো তেওঁলোকে সামাজিক-নৈতিক জীৱনৰ সকলোতে প্ৰয়োগ কৰে। মই উঠিবলৈ হ’লে আপোনাক ডুবাব লাগিব। কিন্তু আপোনাক ডুবাবলৈ আপোনাৰ কোনো সমস্যা নাই। নাই যদিও কোনো টেনছন নাই। সমস্যা সৃষ্টি কৰি দিলেই হ’ল, প্ৰয়োজন অনুসৰি ঘটনা এটা ঘটাই দিলেই হ’ল, প্ৰমাণ লাগিলে প্ৰমাণ বনাই দিলেই হ’ল। তাৰ মানে আপোনাক ডুবোৱাটো যদি উদ্দেশ্য, সেইটো হাচিল কৰিবৰ বাবে যি কৰা হয় তাৰ লগত আন একোৰে একো সম্পৰ্ক নাই, কেৱল আপুনি ডুবিলেই হ’ল। আপুনি ভাল মানুহ হ’ব লাগে, গতিকে ভাল মানুহ বুলি বনাই দিলেই হ’ল। ইতিহাসত বোলে তেওঁলোকৰ স্থান নাই, তাত যি লিখা আছে তেওঁলোকৰ সমালোচনাহে আছে। কোনো চিন্তা কৰিবলগীয়া নাই – ইতিহাস নতুনকৈ লিখি দিলেই হ’ল, আগৰ ইতিহাসবোৰ বন্ধ কৰি দিলেই হ’ল। তাৰ মানে সামাজিক, ৰাজনৈতিক, নৈতিক জীৱনৰ সকলো কথাই হ’ল এটা ৰণকৌশল, ষ্ট্ৰেটেজি। সকলো কথাই ষ্ট্ৰেটেজি – সকলো কথাকেই ষ্ট্ৰেটেজিৰে সলনি কৰিব পাৰি। মাত্ৰ অলপ সময়, শক্তি আৰু সম্পদ লাগে। গতিকে এনেকুৱা নৈতিক তত্ত্বৰ বিৰুদ্ধে প্ৰতিবাদ-সমালোচনা যিয়েই কৰা নহওক তাৰ উত্তৰটোও হ’ব ষ্ট্ৰেটেজিৰেই। লাজ তেতিয়াহে পাব পাৰি যেতিয়া লাজ পাওঁতা আৰু তাক দেখোতাজনৰ মাজত লাজ সম্পৰ্কে এটা ধাৰণাগত সহমত থাকে। হিন্দুত্ববাদী আত্মগৰ্বীসকলৰ তেনে ধাৰণা নাই। কথা-কামৰ স্ববিৰোধ, পাপাচাৰ, কূটকৌশল আৰু অন্যায় যাৰ বাবে আত্মগৌৰৱ আৰু অহংকাৰৰহে বিষয়, তাক সেইবোৰ সমস্যা উন্মোচন কৰি ‘মুখা খুলি দিয়া’ৰ কথা নাহে।
তথাপি আমি সমালোচনা কৰি যাব লাগিব, প্ৰতিবাদ কৰি যাব লাগিব। তাৰ কোনো বিকল্প নাই। তেওঁলোক ক্ষমতাৰপৰা ননমালৈকে। ক্ষমতাৰপৰা নামিলেহে তেওঁলোক নামিব – নহ’লে নানামে।