• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

স্থবিৰতাৰ দিশত জনসংখ্যা

মাধুৰ্য প্ৰসাদ বেজবৰুৱা ,প্ৰসেনজিৎ বুজৰবৰুৱা by মাধুৰ্য প্ৰসাদ বেজবৰুৱা ,প্ৰসেনজিৎ বুজৰবৰুৱা
September 20, 2022 9:10 am
স্থবিৰতাৰ দিশত জনসংখ্যা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতবৰ্ষৰ বেছিভাগ সমস্যাৰ মূল কাৰণ হিচাপে ১৯৭০ আৰু ৮০ৰ দশকলৈ দেশৰ জনসংখ্যা বৃদ্ধিৰ উচ্ছ হাৰকে জগৰিয়া কৰা হৈছিল৷ নিবনুৱা সমস্যা, খাদ্য সমস্যা আদি সকলো সমস্যা অত্যধিক জনসংখ্যা বৃদ্ধিৰ বাবে হোৱা বুলি ভবা হৈছিল৷ চৰকাৰেও জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কিছুমান আঁচনি গ্ৰহণ কৰিছিল৷ এই আঁচনিসমূহ জনসংখ্যা নিয়ন্ত্ৰণত কিমান দূৰ সফল হৈছিল, সেইটো এটা বিচাৰ্য বিষয়৷ কিন্তু বিংশ শতিকাৰ শেষৰ ফালে জনসংখ্যা বৃদ্ধি সন্দৰ্ভত এটা নতুন ধাৰণা আহিছিল৷ সেই সময়ত ভাৰতৰ নিচিনা দেশ এখনে জনসংখ্যাৰ বাবে মুনাফা লাভ (demograpic divident) কৰিব বুলি ভবা হৈছিল৷ এই ধাৰণাৰ মূলতে আছিল আমাৰ জনসংখ্যাৰ গাঁথনি৷

অন্যান্য উন্নত দেশবোৰৰ তুলনাত আমাৰ জনসংখ্যাৰ মাজত ডেকা, কৰ্মক্ষম পুৰুষ-মহিলাৰ অনুপাত বেছি৷ ইউৰোপীয় দেশবোৰৰ বা জাপানৰ মুঠ জনসংখ্যাত বয়সস্থ লোকৰ অনুপাত বেছি৷ কিন্তু ভাৰতবৰ্ষৰ মানুহৰ গড় বয়স এতিয়াও ২৯ বছৰ৷ সেয়েহে এই বৃহৎ কৰ্মক্ষম জনসংখ্যাৰ উচিত ব্যৱহাৰৰ যোগেদি ভাৰতবৰ্ষই অৰ্থনৈতিক উন্নয়ন লাভ কৰিব পাৰিব বুলি ভবা হৈছিল৷ এয়ে হৈছে জনসংখ্যাৰ বাবে মুনাফা লাভ (demograpic divident) ধাৰণাৰ মূল৷ অৱশ্যে বৃহৎ জনসংখ্যাৰ বাবে ভাৰতবৰ্ষই কি ধৰণৰ মুনাফা অৰ্জন কৰিছে বা কৰিব পাৰিব সেইটোও এটা বিচাৰ্য বিষয়৷

কিন্তু ইতিমধ্যে দেখা গৈছে যে ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কমি আহিছে৷ দৰাচলতে, ১৯৮০ৰ দশকৰ পৰাই জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস হোৱাৰ প্ৰৱণতাটো আৰম্ভ হৈছে৷ দ্য ল্যানচেট (The Lancet) নামৰ চিকিৎসা বিজ্ঞানৰ বিখ্যাত আলোচনীখনে পূৰ্বানুমান (Projection) কৰিছিল৷ তাত তেওঁলোকে দেখুৱাইছিল যে সমগ্ৰ পৃথিৱীৰ জনসংখ্যা এই শতিকাৰ শেষৰ ফালে বৰ্তমানতকৈ কমি যাব৷ ভাৰতবৰ্ষৰ ক্ষেত্ৰত তেওঁলোকে দেখুৱাইছিল যে ২০৪০ৰ দশকৰ মাজভাগৰপৰা ভাৰতবৰ্ষৰ জনসংখ্যা হ্ৰাস পাব৷ অৰ্থাৎ জনসংখ্যা বিস্ফোৰণ হৈ একধৰণৰ বিপৰ্যয় অহাৰ কথা আমি যিধৰণে কিতাপ-পত্ৰত পঢ়িছিলোঁ, সেই কথাৰ বৰ্তমান কোনো ভিত্তি নাই৷ অকল ল্যানচেট জাৰ্নেলখনেই যে এই কথা কৈছে তেনে নহয়৷ ভাৰতৰ পঞ্চম ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ [Fifth National Family Health Survey] সম্পূৰ্ণ প্ৰতিবেদন এই বছৰৰ আৰম্ভণিতে প্ৰকাশ পাইছে৷

তাত প্ৰকাশ পাইছে যে ভাৰতীয় মহিলাৰ মুঠ উৰ্বৰতাৰ হাৰ [Total fertility rate] যথেষ্ট হ্ৰাস পাইছে৷ কোনো জনসমষ্টিৰ মুঠ উৰ্বৰতাৰ হাৰ গড় হিচাপত প্ৰতিগৰাকী মহিলাই তেওঁলোকৰ জীৱনকালত কিমান সন্তান জন্ম দিয়ে সেইটো বুজায়৷ জনসংখ্যা হ্ৰাস-বৃদ্ধিৰ ক্ষেত্ৰত মুঠ উৰ্বৰতা হাৰৰ বিশেষ গুৰুত্ব আছে৷ মুঠ উৰ্বৰতাৰ হাৰ যদি ২.১ হয়, তেতিয়া এখন দেশৰ জনসংখ্যা স্থিৰ অৱস্থাত থাকিব বুলি অনুমান কৰা হয়৷ অৰ্থাৎ দেশখনত যিমানখিনি মানুহৰ মৃত্যু হ’ব, সিমানখিনি শিশুৰহে জন্ম হ’ব৷ উৰ্বৰতাৰ এই হাৰক [২.১] replacement rate বুলি কোৱা হয়৷ ভাৰতৰ বৰ্তমান মুঠ উৰ্বৰতাৰ হাৰ এই replacement rateৰ প্ৰায় সমান৷ গতিকে ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অনাগত বছৰবোৰত যথেষ্ট হ্ৰাস পাব; তথা অহা ২০ বছৰমানৰ ভিতৰত ভাৰতৰ জনসংখ্যা সৰ্বাধিক হৈ তাৰ পিছত ই হ্ৰাস পাবলৈ আৰম্ভ হ’ব৷

সততে এই কথা উত্থাপন হয় যে বিভিন্ন জনগোষ্ঠীৰ মুঠ উৰ্বৰতাৰ হাৰ তথা জনসংখ্যা বৃদ্ধিৰ হাৰ বেলেগ বেলেগ৷ অন্যান্য জনগোষ্ঠীৰ তুলনাত জনসংখ্যা বৃদ্ধিৰ হাৰ মুছলমান সম্প্ৰদায়ৰ মাজত অধিক৷ ইয়াৰ পৰা এনেকুৱা এটা চিন্তাৰ উদয় হ’ব পাৰে যে যদি জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কোনো সুনিৰ্দিষ্ট আঁচনি গ্ৰহণ কৰা নহয়, ভৱিষ্যতে ভাৰতৰ জনগাঁথনিৰ আমূল পৰিৱৰ্তন হ’ব৷ অলপ বিশ্লেষণ কৰিলে দেখা যায় যে তেনে সংশয়ৰ কোনো ভিত্তি নাই৷ ধৰ্মৰ ভিত্তিত বিভিন্ন সম্প্ৰদায়ৰ মুঠ উৰ্বৰতাৰ হাৰ তলৰ তালিকাত দিয়া হ’ল৷

তালিকা ১- বিভিন্ন সম্প্ৰদায়ৰ মুঠ উৰ্বৰতাৰ হাৰ

সম্প্ৰদায়  ১৯৯৮-৯৯  ২০০৪-০৬  ২০১৫-১৬  ২০১৯-২১

হিন্দু       ২.৮                ২.৬           ২.১             ১.৯

মুছলমান     ৩.৬            ৩.৪           ২.৬              ২.৪

খ্ৰীষ্টান     ২.৪             ২.৩          ২.০               ১.৯

শিখ            ২.৩              ২.০          ১.৬             ১.৬

বৌদ্ধ          ১.৯             ২.৩          ১.৭              ১.৪

জৈন             ২.১             ১.৫         ১.২               ১.৬

অন্যান্য      ২.৩            ৪.০          ২.৬              ২.২

মুঠ            ২.৯               ২.৭         ২.২                ২.০

উৎস ঃ দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা

ওপৰৰ তালিকাৰ পৰা এই কথা স্পষ্টকৈ বুজিব পাৰি যে বিগত দুটা দশকত ভাৰতবৰ্ষৰ মুঠ উৰ্বৰতাৰ হাৰ সকলো সম্প্ৰদায়ৰ ক্ষেত্ৰত উল্লেখনীয়ভাৱে হ্ৰাস পাইছে৷ তদুপৰি মুছলমান সম্প্ৰদায়ক বাদ দি প্ৰায় সকলো সম্প্ৰদায়ৰে মুঠ উৰ্বৰতাৰ হাৰ replacement rateতকৈ কম৷ ২০১৯-২১ চনৰ সময়ছোৱাত মুছলমান সম্প্ৰদায়ৰ মুঠ উৰ্বৰতাৰ হাৰ ২.১, যিটো replacement rateতকৈ অলপ বেছি৷ হিন্দু সম্প্ৰদায়ৰ মাজত মুঠ উৰ্বৰতাৰ হাৰ replacement rateতকৈ অলপ কম হোৱাৰ বিপৰীতে বৌদ্ধ, শিখ আৰু জৈন সম্প্ৰদায়ৰ ক্ষেত্ৰত এই হাৰ যথেষ্ট কম৷ ওপৰোক্ত কথাখিনি এই দৰেও ক’ব পাৰি যে প্ৰতি এশগৰাকী মুছলমান মহিলাই তেওঁলোকৰ জীৱন কালত ২৪০টা সন্তান জন্ম দিয়াৰ বিপৰীতে প্ৰতি এশগৰাকী হিন্দু মহিলাই তেওঁলোকৰ জীৱন কালত গড় হিচাপত ১৯০টা সন্তান জন্ম দিয়ে৷

 

 

এই হিচাপত উক্ত সময়ছোৱাত [২০১৯-২১ চন] প্ৰতি এশগৰাকী বৌদ্ধ ধৰ্মাৱলম্বী মহিলাই জন্ম দিয়া সন্তানৰ সংখ্যা ১৪০টা৷ এই কথা উল্লেখ নকৰিলে ভুল হ’ব যে বিগত দুটা দশকত মুঠ উৰ্বৰতাৰ হাৰ মুছলমান সম্প্ৰদায়ৰ মাজত আটাইতকৈ বেছি হ্ৰাস পাইছে৷ হয়টো আৰু কিছু বছৰৰ পাছত মুঠ উৰ্বৰতাৰ হাৰ সকলো সম্প্ৰদায়ৰ মাজত সমান হ’ব৷ ইয়াৰ লগে লগে সম্প্ৰদায় ভিত্তিত ভৰতৰ জনগাঁথনিয়ে এটা স্থিতাৱস্থা লাভ কৰিব৷

এতিয়া প্ৰশ্ন হয়, বৰ্তমান ভাৰতবৰ্ষত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কোনো আঁচনিৰ প্ৰয়োজন আছে নে নাই৷ আমাৰ দৃষ্টিত বৰ্তমান এনে কোনো আঁচনিৰ প্ৰয়োজন নাই৷ বৰঞ্চ ভাৰতবৰ্ষই অৰ্থনৈতিক উন্নয়নৰ লগতে স্ত্ৰী শিক্ষা আৰু স্বাস্থ্য সেৱাৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন৷ শেষত আমি আশা কৰিব পাৰোঁ যে আগন্তুক দুটা দশকত ভাৰতৰ জনসংখ্যাই এটা স্থিৰ অৱস্থা লাভ কৰিব তথা তাৰ পিছত হ্ৰাস পাবলৈ আৰম্ভ কৰিব৷

লেখকৰ পৰিচিতিঃ

মাধুৰ্য প্ৰসাদ বেজবৰুৱা,অধ্যাপক, অৰ্থনীতি বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়
ম’বাইল- ৯৮৬৪০ ৫৫৪৮৫
Email – [email protected]

 

প্ৰসেনজিৎ বুজৰবৰুৱা, সহকাৰী অধ্যাপক,
ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, অৰুণাচল প্ৰদেশ
ম’বাইল- ৮৪১৩৮ ৩৮০৪০
Email – [email protected]

মাধুৰ্য প্ৰসাদ বেজবৰুৱা ,প্ৰসেনজিৎ বুজৰবৰুৱা

মাধুৰ্য প্ৰসাদ বেজবৰুৱা ,প্ৰসেনজিৎ বুজৰবৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

August 17, 2025 8:30 pm
হিমন্ত বিশ্ব শৰ্মাৰ হাতত চাৰিটা মোবাইল আছে, চাৰি নম্বৰ ফোনটো কংগ্ৰেছলৈ ফোন কৰিবৰ বাবে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাৰ হাতত চাৰিটা মোবাইল আছে, চাৰি নম্বৰ ফোনটো কংগ্ৰেছলৈ ফোন কৰিবৰ বাবে : গৌৰৱ গগৈ

August 17, 2025 8:13 pm
পাকিস্তানত ধাৰাবৃষ্টি আৰু বানৰ ফলত  ৩০০ৰো অধিক লোকৰ মৃত্যু : ২০০ৰো অধিক লোক এতিয়াও সন্ধানহীন

পাকিস্তানত ধাৰাবৃষ্টি আৰু বানৰ ফলত  ৩০০ৰো অধিক লোকৰ মৃত্যু : ২০০ৰো অধিক লোক এতিয়াও সন্ধানহীন

August 17, 2025 7:58 pm
চাহ শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত নে? চৰকাৰ আৰু মালিকৰ উদাসীনতাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ হুংকাৰ

চাহ শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত নে? চৰকাৰ আৰু মালিকৰ উদাসীনতাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ হুংকাৰ

August 17, 2025 7:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

WhatsApp Screen Mirroring Fraud: নিমিষতে খালী হ’ব পাৰে বেংক একাউণ্ট

August 17, 2025 8:30 pm
হিমন্ত বিশ্ব শৰ্মাৰ হাতত চাৰিটা মোবাইল আছে, চাৰি নম্বৰ ফোনটো কংগ্ৰেছলৈ ফোন কৰিবৰ বাবে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাৰ হাতত চাৰিটা মোবাইল আছে, চাৰি নম্বৰ ফোনটো কংগ্ৰেছলৈ ফোন কৰিবৰ বাবে : গৌৰৱ গগৈ

August 17, 2025 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd