কাঁনৰ চলচ্চিত্ৰ মহোৎসৱটোৰ স্বকীয়তা আৰম্ভণিৰে পৰা বিদ্যমান। বিশ্বৰ সৰ্বপ্ৰথম চলচ্চিত্ৰ মহোৎসৱটো আৰম্ভ হৈছিল ভেনিচত। তাত মুছোলিনী আৰু ক্ৰমবৰ্ধমান ফেচিবাদী শিবিৰৰ অশুভ প্ৰভাৱ পৰা হেতুকে প্ৰত্যাহ্বান হিচাপেই ১৯৩৯ চনৰ ৩১ আগষ্টত কাঁনৰ মহোৎসৱটো ভূমিষ্ঠ হয়। মহাযুদ্ধৰ ফলত অৱশ্যে পাছদিনাই স্থগিত ৰখা হয় আৰু ১৯৪৬ৰ ছেপ্টেম্বৰতহে পৰিপূৰ্ণ ৰূপত প্ৰথমটো মহোৎসৱ অনুষ্ঠিত হৈছিল। ৰাজনৈতিক কাৰণত নিষিদ্ধ, বাধাপ্ৰাপ্ত, কলাগত দিশত আপোচহীন, নতুনত্ববাহী সৃষ্টিলৈ দুহাত মেলি সৌহাৰ্দ্যৰ পৰ্দা মুকলি কৰিছিল কাঁনে। বহল হৈছিল চলচ্চিত্ৰবোধৰ দিগন্ত।
কিন্তু তেনে কোনো গহীন কথাৰ সলনি মহোৎসৱটোৰ লগত জড়িত দুটামান অবাঞ্ছিত অন্য কথাই এইবেলি আমাৰ মুলুকত ৰৌজাল-বৌজাল কৰা দেখা গ’ল। বৰ্তমানে বিশ্বৰ বৃহত্তম আৰু প্ৰধান চলচ্চিত্ৰ মহোৎসৱটোক লৈ আমাৰ সকলোৰে আগ্ৰহ বাঢ়িছে নেকি! হ’বও পাৰে, কাৰণ অলিম্পিক গেমছ আৰু বিশ্বকাপ ফুটবলৰ পিছতে কাঁন ফিল্ম ফেষ্টিভেলেই হ’ল মিডিয়াত সৰ্বাধিক স্থান দখল কৰা মহোৎসৱ। পিছে আন বহু ঠাইৰ মিডিয়াত যিবিলাক কথাই প্ৰাধান্য পাইছে তাৰ তুলনাত আমি যেন অদৰকাৰী কথাতহে সময় খৰচ কৰিছোঁ!
এইবেলি Cannes Film Festival-ৰ ৭৫ বছৰীয়া জয়ন্তী। ইফালে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ। সাতে-পাঁচে মিলি আনুষ্ঠানিকভাৱে ভাৰতলৈ মহোৎসৱটোৰ আমন্ত্ৰণ “Country of Honour” বুলি (— যদিও এয়া নিয়মীয়া শাখা নহয় মহোৎসৱটোৰ)। গতিকে সংশ্লিষ্ট মন্ত্ৰীও ওলাল। মহোৎসৱৰ প্ৰশস্ত প্ৰাংগনতে আয়োজিত বিশ্বৰ বৃহত্তম ফিল্ম বজাৰ হিচাপে পৰিচিত Marche du Film-ত ভাৰতৰ উপস্থিতিয়ে দেশী মিডিয়াত বিশেষ আগ্ৰহৰ সঞ্চাৰ কৰিলে। কিন্তু অসম্পূৰ্ণ আৰু অতিৰঞ্জিত তথ্যই বহু কথা ভুলকৈ প্ৰক্ষেপ কৰাহে দেখা গ’ল।
এইখন এখন বিশেষ বজাৰ; প্ৰতিবাৰে তাত ভালেমান দেশে ক্ষুদ্ৰ ক্ষুদ্ৰ বিপণী (pavilion) বহুৱায়। মূল লক্ষ্য হ’ল নতুন ছবিৰ সম্ভাৱনালৈ বিদেশী প্ৰযোজক, বিতৰকৰ দৃষ্টি আকৰ্ষণ। তালৈ বুলি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমে (NFDC) বাছনি কৰা পাঁচখন নিৰ্মীয়মান ছবিৰ ভিতৰত আছিল অসমৰ জয়চেং জয় দহোতীয়াৰ “বাঘজান”। সিও এটা পৰ্যায়লৈ সাফল্যৰে চিন। পিছে জয়চেঙৰ যোৱা নহ’ল। তেওঁ ভিডিঅ’ প্ৰেজেণ্টেচনত ছবিৰ মূল দিশবোৰ উত্থাপন কৰে। (আন ছখন মুক্তিপ্ৰাপ্ত ছবিও লৈ যোৱা হয়, যাৰ অন্যতম আছিল অসমৰ বিশ্বজিত বৰাৰ “বুম্বা ৰাইড”।)
জয়চেঙে সেই বক্তব্য উত্থাপনৰ কামটো নিজে গৈ সমাধা কৰা হ’লে চলচ্চিত্ৰপ্ৰেমী মাত্ৰেই সুখী হ’লহেঁতেন। চৰকাৰীভাৱে বহুজনক পঠিয়াইছিল যদিও সেই পাঁচোখন নতুন ছবিৰে নিৰ্মাতাসকলক আগস্থান দিয়া হ’লে কাৰো একো হানি নহ’লহেঁতেন। আমাৰ ৰাজ্যত আকৌ এনে ঘোষণা কৰা হ’ল যে চৰকাৰীভাৱে প্ৰেৰিত প্ৰতিনিধিসৱে অসমৰ ‘ফিল্ম পলিচী’য়ে দিয়া সা-সুবিধা তথা এই ৰাজ্যক ছবিৰ লোকেচন হিচাপে ল’লে কি লাভ হ’ব তাৰ প্ৰচাৰ চলাব।
কথাটোৱে বৰ বেছি প্ৰত্যাশাৰ জন্ম নিদিয়াই স্বাভাৱিক। কিয়নো ইতিপূৰ্বে ৰাজহুৱা ধন ভাঙি অসমৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰৰ বাবে লণ্ডনলৈ যোৱা দেখা গৈছিল, গুৱাহাটীত ফিল্মফেয়াৰ এৱাৰ্ডছ পতা হ’ল, তাৰো আগতে অসমৰ চলচ্চিত্ৰৰ স্বাৰ্থত গোৱা, মুম্বাই, কলকাতাত দলেবলে ৰাজ্যখনৰ প্ৰতিনিধিবৰ্গৰ অংশগ্ৰহণে কি ফল দিলে কোনেও হয়তো নাজানে। আচলতে এনেবোৰ উদ্দেশ্য সিদ্ধি হয় নিজাকৈ এটা চলচ্চিত্ৰ মহোৎসৱ ভালকৈ আয়োজন কৰিলে। ক’ভিড-১৯ৰ দোহাই দি স্থগিত ৰখা গুৱাহাটীৰ মহোৎসৱটোৰ (GIFF) লগত জড়িত দুজনমান যোৱা হ’লেও শিকিব-বুজিবলগীয়া কামৰ কাম বুলি ভবাৰ থল ওলায়।
কাঁনৰ সহজলভ্য তথ্যলৈকে চাব পাৰি। এখন সৰু ফৰাচী চহৰ, কিন্তু এই ফেষ্টিভেলটোৰ সময়ত চহৰখনৰ জনসংখ্যা তিনিগুণলৈ বৃদ্ধি পায়। প্ৰায় ২০০ নিযুত ইউৰো অকল ফেষ্টিভেলটোৰ দিনকেইটাতে উপৰুৱা উপাৰ্জন কৰে কাঁনৰ হোটেল, পৰিবহণ, খাদ্য বাণিজ্যই; লগতে দুহেজাৰৰো অধিক কৰ্মসংস্থানৰ সৃষ্টি কৰে— তেওঁলোকৰ বহুতে বছৰজুৰি মহোৎসৱটোৰ নানান কাম কৰে। বিশ্বৰ সকলো আগশাৰীৰ ফিল্ম ফেষ্টিভেলে বিভিন্ন ধৰণে উপাৰ্জন আৰু পৰ্যটনৰ সুবিধা তৈয়াৰ কৰে, ৰাজকোষৰ ধন ব্যয় কৰিলেও ৰাজহ সৃষ্টি কৰে।
কিন্তু চৰকাৰৰ অৰ্থসাহায্য লভিলেও তেওঁবিলাকে চৰকাৰৰ তোষণনীতিত আত্মনিয়োগ নকৰে। সেয়ে মই নিজে পৃথিৱীৰ কেইবাটাও উন্নত চলচ্চিত্ৰ মহোৎসৱত ফিল্মৰ লগত জড়িত নোহোৱা কোনো ব্যক্তিৰ উপস্থিতি মঞ্চতো দেখা নাই, প’ষ্টাৰ-হ’ৰ্ডিঙতো দেখা নাই। আমাৰ ইয়াত ছবি প্ৰদৰ্শনগৃহৰ মঞ্চতে চকী পাৰি মন্ত্ৰী-আমোলাক বহুওৱা হয়, ভিতৰতে মিডিয়াৰ কেমেৰাই ভিৰ কৰে। লণ্ডন, বুছান, আলমাটী, প’ৰ্ট অফ স্পেইন আদি ক’তো এনে ব্যৱস্থা নাৰাখে (— মই স্বচক্ষে দেখাত)। চৰকাৰৰ মুধাফুটা প্ৰতিনিধি, আনকি মহোৎসৱৰ বিত্তীয় ব্যৱস্থাপনাৰ অংশীদাৰ হ’লেও, দৰ্শকৰ লগতহে থাকে।
প্ৰেক্ষাগৃহৰ বাহিৰত তাৰকাসকলৰ ফটো তুলিবলৈ ৰঙা দলিচাৰে সজোৱা বাটচ’ৰাৰ দুয়োকাষে মিডিয়াৰ বাবে ঠাই নিৰ্দিষ্ট, যিটোক কোৱা হয় ‘মিডিয়া ছেট-আপ’। সকলোৱে আন দৰ্শকৰ লগতে বহেগৈ। মঞ্চলৈ মাতিলে উঠি গৈ দুআষাৰ ক’ব লাগে বিশিষ্ট অতিথিয়ে। সেই ৰঙা দলিচা গৰকিয়ে তাৰকাবৃন্দ, অতিথিসকল, বিচাৰকমণ্ডলী ছবিঘৰলৈ যাব লাগে, সংশ্লিষ্ট দৰ্শনীৰ টিকট থকা সাধাৰণ দৰ্শকো যাব লাগে। তাত মই নিজে বিশেষ আহ্লাদিত হোৱা নাই এবাৰো, ফটো তোলাতো দূৰৰ কথা, যদিও আমন্ত্ৰিত ‘জুৰী’ (প্ৰতিযোগিতাৰ বিচাৰক) হিচাপে ৰঙা দলিচাৰে খোজ কাঢ়োঁতে অমুক দেশৰ অমুক বুলি নাম ঘোষণাও কৰি দিয়ে।
‘বুছান চিনেমা চেণ্টাৰ’ৰ লেখীয়া বিশাল প্ৰেক্ষাগৃহৰ মূল মঞ্চৰ বিয়াগোম স্ক্ৰীনত তেতিয়া নিজৰ ‘ইমেজ’— ৰঙা দলিচাৰে খোজ কাঢ়ি দৰ্শকৰ কৰধ্বনিৰ মাজেৰে প্ৰৱেশ কৰা অভ্যাগতৰ নাম ঘোষণাৰ ক্ষণত প্ৰতিবিম্বিত হয়। সেয়াতো সেয়াই, আজিৰ প্ৰচাৰ-আত্মপ্ৰচাৰ সৰ্বস্ব বহুতৰ কাৰবাৰ দেখি খেয়াল হ’ল যে সৌসিদিনা পৰ্যন্ত চাৰি-পাঁচজনকৈ অস্কাৰজয়ী ব্যক্তিৰ স’তে ঘনিষ্ঠভাৱে বহুকেইবাৰ আলাপ-পান-ভোজন কৰিও দেখোন এবাৰো ফটো বা ছেলফি তুলি নথ’লোঁ ! আনে হ’লে কিমান জহালেহেঁতেন!!
সি যি নহওক, কাঁনত চিনেমাৰ লগতে ফেশ্বন জগতৰ চেলেব্ৰিটীকো যিধৰণৰ গুৰুত্ব দিয়া হয়, সেইটোত বহু অংক থাকে। নামী-দামী কোম্পানীৰ ব্ৰেণ্ড এম্বেছাদৰ হোৱাৰ সুবাদতে তৃতীয় শ্ৰেণীৰ অভিনেত্ৰী একাংশয়ো প্ৰকৃত তাৰকামণ্ডলীৰ লগত খোজ মিলায়। সকলোৱে বুজে, আপত্তিৰ কথাও নাহে। দুই-এক একাচেকা ব্যক্তিয়ে অৱশ্যে ঠাট্টা কৰাও শুনা যায় মাজে-মধ্যে। এইবাৰ কাঁনৰ প্ৰতিযোগিতা শাখাত বিচাৰকৰ অন্যতম আছিল মুম্বাইৰ অভিনেত্ৰী দীপিকা পাডুকন। পিছে কাঁনৰ নিকট অতীতৰ বিষয়েও তেওঁৰ জ্ঞান তথৈবচ।
দীপিকাৰ ৰাজহুৱা আপচোচ ভাৰতৰ ছবি কাঁনত প্ৰদৰ্শিত নোহোৱা বুলি। হয়তো ভাৰতীয় ছবি বুলিলে তেওঁ বলীউডৰ গ্লেমাৰৰ বাহিৰে একো চিনি নাপায়! কাৰণ মহোৎসৱটোৰ মূল শাখাবিলাকলৈ ১৯৪৬ চনত চেতন আনন্দৰ “নীচা নগৰ”, ১৯৫২ত ভি শান্তাৰামৰ “অমৰ ভূপালী”ৰ পৰা আজিলৈ ৩০ খনৰো অধিক ছবি নিৰ্বাচিত হৈছে। সত্যজিৎ ৰায়ৰ “পথেৰ পাঁচালী”ৰ জগৎজোৰা ৰসাস্বাদন কিম্বা অৰিবাম শ্যাম শৰ্মাৰ “ঈশানৌ”ৰ বহল স্বীকৃতিৰ সূচনা এই কাঁনতে হৈছিল। বিমল ৰয়, মৃণাল সেন, গৌতম ঘোষ, মীৰা নায়াৰ, চাজি এন কৰুণ, অনুৰাগ কাশ্যপ, ৰিটেশ বাট্ৰা, গুৰৱিন্দৰ সিং, নীৰজ ঘাইৱান, নন্দিতা দাস, আৰু অনেকৰ ছবি মহোৎসৱ কৰ্তৃপক্ষৰ দ্বাৰা সুকীয়াকৈ আমন্ত্ৰিত তথা প্ৰদৰ্শিত হৈ গৈছে। সন্মানীয় পুৰস্কাৰেৰে গৌৰৱান্বিত হৈছে চেতন আনন্দ, বিমল ৰয়, সত্যজিৎ ৰায়, মৃণাল সেন, মীৰা নায়াৰ, চাজি এন কৰুণকে ধৰি ১৪ গৰাকীৰ ছবি। যোৱা বছৰ শ্ৰেষ্ঠ ডকুমেণ্টাৰীৰ ‘গ’ল্ডেন আই’ বঁটা লভিছিল পায়ল কাপাডিয়াৰ তথ্যচিত্ৰই।
এইবাৰো শ্ৰেষ্ঠ ডকুমেণ্টাৰীৰ বঁটা এখন ভাৰতীয় ছবিলৈকে আহিল। শৌনক সেনৰ “অল ডেট ব্ৰেথছ”— বিচাৰকৰ তৰফৰ পৰা বেকত কৰা ছবিৰ প্ৰশস্তি মন কৰিবলগীয়া। তেওঁলোকে কৈছে যে নাশকতামূলক পৃথিৱীত প্ৰত্যেকটো জীৱ, প্ৰতিটো ক্ষুদ্ৰ কাম দৰকাৰী বুলি ছবিখনে মনলৈ আনে। সেই কাম হ’ব পাৰে এটা কেমেৰা লৈ কিছু অনুপম মুহূৰ্ত ধৰি ৰখা, এটা নিমাখিত চৰাইক বচোৱা, ইত্যাদি। তেনে কাম ধৰণী-ৰক্ষাৰ বাবে যথেষ্ট নহ’লেও ‘নিজৰ পৃথিৱী’খন বচাই ৰাখিবলৈ সমৰ্থ হ’ব পাৰে। নতুন দিল্লীত দুজন সংখ্যালঘু সম্প্ৰদায়ৰ যুৱকে আহত চিলনীৰ শুশ্ৰূষা কি মমতাৰে স্বেচ্ছাই কৰি গৈছে তাৰেই একক গাথা এই ডেৰঘণ্টীয়া ছবিখন।
কথা হ’ল, অসমৰ পৰা কাঁনলৈ বেচৰকাৰীভাৱে যোৱাসকল শীৰ্ষতম চলচ্চিত্ৰ মহোৎসৱটোত কি কি ছবি চাই অনুপ্ৰাণিত বা কৃতাৰ্থ হ’ল সেই বিষয়ে নিমাত! চৰকাৰী প্ৰতিনিধিসকলেও দেখোন ঘোষিত উদ্দেশ্য কিদৰে বা কিমানখিনি সিদ্ধি হ’ল একো নজনালে! তেওঁলোকৰ পৰা তেনেবিলাক কথা জানিবলৈ আমাৰ মিডিয়াও সচেষ্ট নহ’ল। সকলো ব্যস্ত থাকিল কেৱল সৰুসুৰা কথাতে, যিবোৰক এটা বৃহৎ অনুষ্ঠানৰ নগণ্য পাৰ্শ্বজ্যোতি (sidelights) বোলাহে যুগুত। তেনেবোৰ কথাতে শ্ৰম আৰু কালক্ষয় কৰি আমি সদৌটিয়ে নিজৰ ফোপোলা স্বৰূপ উদঙাই দিয়াটোও তবধ মানিবলগীয়া কথাই! হয়তো কাঁনৰ কথা হৃদয়ংগম কৰিবলৈ আমি মানসিকভাৱে সাজু হোৱাৰে সময় অহা নাই।