অপৰ আৰু আমি:প্ৰসংগ গায়ত্ৰী চক্ৰবৰ্তী স্পিভাক

ভাবিছিলোঁ গায়ত্ৰী চক্ৰবৰ্তী স্পিভাকে বাংলাত লিখিছে যেতিয়া অবিনিৰ্মাণ (Deconstruction)বোলা ‘বস্তু’টো অলপ সহজবোধ্য হ’ব। নহয়। নেতি নেতি—ন+ইতি। ইয়াতেই শেষ নহয়। দেৰিডাৰ ‘অফ গ্ৰামাট’লজী’ৰ ইংৰাজী অনুবাদত গায়ত্ৰী চক্ৰবৰ্তীয়ে লিখা পাতনিখন মূৰৰ ওপৰে ওপৰে উৰি গৈছিল। এতিয়ালৈকে যি বুজিছো অবিনিৰ্মাণ স্বভাৱতে ছিদ্ৰান্বেষী ।
ভাষাৰ সুৰুঙা বিচাৰি,যুক্তিৰ ফাঁক-ফাকতি ধৰা পেলোৱাটো অবিনিৰ্মাণৰ অন্যতম কাম।

ভাষাৰ কেৰামতালি আৰু যুক্তিৰ তথাকথিত ভাৰসাম্যৰ ভেটিত কঁপনি তুলি ক্ষমতাক কাঠগড়াত থিয় কৰোৱা ইয়াৰ ঘোষিত উদ্দেশ্য। এনেকৈয়ে অবিনিৰ্মাণে অপৰ (Other)ৰ প্ৰতিকল্প ব্যাখ্যাৰে ক্ষমতাক প্ৰত্যাহ্বান জনায়,শ’লঠেকত পেলায়। এই যে দেশজুৰি হিন্দুত্ববাদীৰ আস্ফালন, ব্ৰাহ্মণ্যবাদী বিতচকুৰে হিন্দুধৰ্মক সাঁচত ঢলাৰ পৰিকল্পিত অপচেষ্টা, এক দেশ,এক ধৰ্ম,এককেন্দ্ৰিক ৰাষ্ট্ৰীয়তা প্ৰতিষ্ঠাৰ হিংস্ৰ তৎপৰতা-তাৰ মাজত আদিবাসী,দলিত,নাৰী তথা নিম্নবৰ্গ,অন্যান্য সংখ্যালঘুৰ
কন্ঠস্বৰ আমি ক’ত শুনিবলৈ পাওঁ?এই কন্ঠস্বৰক তুলি ধৰা কেৱল ৰাজনীতিকৰে নহয়,অবিনিৰ্মাণবাদীৰো কাম।এই কাম কৰিবলৈ যাওঁতে হিন্দুধৰ্মৰ মূল গ্ৰন্থৰ পাঠত মনোনিৱেশ কৰিব লাগিবই। কিন্তু ভাৰত আৰু হিন্দুধৰ্ম বুলিলে নিম্নবৰ্গৰ লোকসকলে কি ভাবে,কি বুজে?হিন্দুত্বৰ কাণ তাল মৰা কলৰৱৰ মাজত তেওঁলোকৰ কথা ক’ত শুনিবলৈ পাওঁ?নে তেওঁলোকে কি ভাবে সেয়া গুৰুত্বপূৰ্ণ নহয় ?হিন্দুত্বৰ এই ‘মহা আখ্যান’ৰ সাৰবত্তাক প্ৰত্যাহ্বান জনাব নোৱাৰিলে গান্ধী,আম্বেদকাৰ,চাভাৰকাৰ-ভাগৱতৰ হিন্দুধৰ্মৰ মাজত কোনো পাৰ্থক্য নাথাকিব।

অবিনিৰ্মাণবাদীসকলৰ এচামে হিন্দু ঐতিহ্যৰ ভিতৰৰপৰাই এই ‘মহা আখ্যান’ক প্ৰত্যাহ্বান জনোৱাৰ পোষকতা কৰিছে।ঠিক যেনেকৈ পাশ্চাত্য দৰ্শনৰ ইউৰোপকেন্দ্ৰিকতাক দেৰিডাই পাশ্চাত্য দৰ্শনৰ দুৰ্গৰ ভিতৰৰপৰাই আক্ৰমণ কৰিছিল। অৱশ্যে এনে ‘বৌদ্ধিক বিলাস’ৰ প্ৰতি আমাৰ কিছুমান বাওঁপন্থীৰ বিৰাগ সৰ্বজনবিদিত। মার্ক্স আৰু গ্ৰামছিয়ে সমাজৰ পৰিবৰ্তনত চেতনা বা বৌদ্ধিক সক্ৰিয়তাৰ কথা দঢ়াই দঢ়াই কৈ গৈছে। চেতনা আকাশৰপৰা সৰি পৰা বস্তু নিশ্চয় নহয়। কিন্তু সমাজ ব্যৱস্থাৰ ভিত্তি তাৰ অৰ্থনৈতিক কাৰ্যকাৰণেই এখন সমাজৰ উপৰি সৌধ অৰ্থাৎ তাৰ সাংস্কৃতিক চেতনা তথা নৈতিকতাৰ সকলো দিশ নিয়ন্ত্ৰণ কৰে বুলি ভবাটো স্থূল চিন্তাৰ পৰিচায়ক।

শ্ৰেণীবিভক্ত সমাজ এখনত ৰাজনৈতিক সংগ্ৰামত এক বিকল্প সংস্কৃতি আৰু নৈতিকতাৰ গুৰুত্বৰ কথা গ্ৰামছিয়ে সবিস্তাৰে আলোচনা কৰিছে। এই বিকল্প সাংস্কৃতিক আধিপত্যৰে সৰ্বসাধাৰণ ৰাইজৰ স্বেচ্ছামূলক সন্মতি আদায় কৰিব নোৱাৰিলে কেৱল ৰাজনৈতিক বিপ্লৱেৰেও সমাজৰ প্ৰকৃত পৰিবৰ্তন সম্ভৱ নহ’ব। ছোভিয়েট ৰুছিয়া আৰু পূব ইউৰোপীয় দেশবাৰত তথাকথিত সমাজতন্ত্ৰৰ পতনৰ ই অন্যতম কাৰণ আছিল।

বহু বাওঁপন্থী নেতাই এই কাম বিপ্লৱৰ পাছৰ বুলি আজিও ভাবে। ভাৰতীয় গণনাট্য সংঘৰ ক্ষণস্থায়ী হ’লেও বিপুল উদ্দীপনা নিৰ্বাপিত হোৱাৰ কাৰণ আমাৰ বাওঁপন্থীসকলৰ বৌদ্ধিক দুৰ্বলতা আৰু ৰাজনৈতিক মূঢ়তা।কিন্তু হজম কৰিবলৈ অপ্ৰিয় হলেও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সেই কাম সাময়িকভাবে হ’লেও এশ বছৰৰ ভিতৰত সম্ভৱ কৰিবলৈ ওলাইছে। বহুতে ভবাৰদৰে মার্ক্স অবিনিৰ্মাণবাদীৰ বাবে একেবাৰে এলাগী নহয়। দেৰিডাৰ ‘স্পেক্টাৰ অব মার্ক্স’ত তাৰ প্ৰমাণ
আছে।অৱশ্যে ভূত হৈ আহি আৰু বহুতৰে নিদ্ৰাহৰণ কৰিবলৈ ধৰা এই মার্ক্সৰ মৰ্ম দেৰিডাই দৰ্শন আৰু চিন্তাৰ জগতত অন্য ধৰণে উপলব্ধি কৰিছিল। তেওঁৰ মতে মার্ক্সৰ দৰ্শনৰ দায়বদ্ধতাৰ প্ৰাসংগিকতা এই উত্তৰ-পুঁজিবাদৰ যুগত সমানেই আছে।অবিনিৰ্মাণ সম্পৰ্কে সংশয় থাকিলেও মার্ক্স আৰু গ্ৰামছিৰ গুৰুত্ব অবিনিৰ্মাণবাদীসকলে সম্পূৰ্ণ নাকচ কৰা নাই।
সেয়ে কিছুমানে ভবাৰ দৰে চোৰ ধৰা পেলোৱাৰ উল্লাসত মজি থকাটো অবিনিৰ্মাণবাদীৰ মৰ্ষকামী আনন্দত নপৰে।পুনৰ মূল প্ৰসংগলৈ আহিছো।সকলোৱে জানে লিখিত উক্তিৰ প্ৰতি গভীৰ সংশয় অবিনিৰ্মাণৰ পৰিচিত স্বভাৱ। সাহিত্য আৰু দৰ্শনক একাকাৰ কৰা দেৰিডা আৰু তেওঁৰ ভক্তসকলক জাৰ্মান দাৰ্শনিক য়ুৰ্গেন হেবাৰমাছে ককৰ্থনা কৰিছে।তাৰ উত্তৰত গায়ত্ৰী চক্ৰবৰ্তীয়ে কোৱা কথাটো কিন্তু পেলাই দিব নোৱাৰি:“দৰ্শন যদি ভাষাৰ সৰ্বোত্তম প্ৰয়োগ হয়,তবে সত্যপ্ৰকাশেৰ সেই ভাষায় ভাষাৰ বিশাল সমৃদ্ধিকে সীমিত কৰতে হয় কেন?এ শুচিবাই শক্তি,না তাৰ বিপৰীত?“

গায়ত্ৰী চক্ৰবৰ্তী স্পিভাকক বহুতে হয়তো দুৰ্বোধ্য বা দুৰূহ তত্ত্ববাগীশ বুলি ভাবিব পাৰে। কিন্তু তেওঁৰ ‘গণতন্ত্ৰৰ ৰহস্য’ শীৰ্ষক ভাষণটো পঢ়িলে আমি অন্য এগৰাকী গায়ত্ৰী চক্ৰবৰ্তীক পাওঁ। তেওঁ কৈছে ভোট দিয়াতেই গণতন্ত্ৰৰ দায়িত্ব শেষ নহয়। কিয়নো শৃংখলাবদ্ধ আৰু নিয়মানুগ নিৰ্বাচনৰ জৰিয়তে জনপ্ৰতিনিধি নিৰ্বাচিত কৰিলেও দেশ এখন গণতান্ত্ৰিক চৰিত্ৰৰ নহ’ব পাৰে। সম্প্ৰতি বহু দেশত নিৰ্বাচনৰ জৰিয়তে গণতন্ত্ৰবিৰোধী দল বা নেতা ক্ষমতালৈ আহিছে।গতিকে গণতন্ত্ৰ আভ্যন্তৰীণ নিয়মাৱলীৰে গণতন্ত্ৰৰ এই ৰহস্য ব্যাখ্যা কৰিব পৰা নাযাব।গণতন্ত্ৰৰ সাফল্যৰ বাবে পূৰ্বে স্থাপিত
গণতান্ত্ৰিক সমাজৰ প্ৰয়োজন।গণতন্ত্ৰত সেয়ে সাহিত্য,শিক্ষা,দৰ্শন আদিৰো ভূমিকা আছে।গায়ত্ৰী চক্ৰবৰ্তীয়ে কৈছে,শুধু আমাৰ অধিকাৰ নয়,বিসদৃশকে সমান মানা। অৰ্থাৎ পাৰ্থক্য বা বৈচিত্ৰ্যক মানি লৈ তাক সন্মান কৰা।”সাহিত্যপাঠেৰ একমাত্ৰ স্বাতন্ত্ৰ্য এই,যা পড়া হচ্ছে তাৰ মধ্যে অৰ্থাৎ অপৰেৰ অস্তিত্বেৰ মধ্যে,এক এবং বহুবচনে নিজেকে ভাসিয়ে দেওয়া,যেন যা পড়ছি সেটা আমাৰ ওপৰ ভৰ কৰেছে।”

আমাৰ বিশ্ববিদ্যালয়বোৰত জ্ঞানৰ জৰিয়তে ক্ষমতা আয়ত্তৰ তালিম দিয়া হয়। কিন্তু সমাজবিজ্ঞান বা আন মানবীবিদ্যাৰ ভূমিকা তাতকৈয়ো গভীৰতৰ।”অপৰেৰ অন্তৰে প্ৰবেশ কৰাৰ ৰেওয়াজ এবং শিক্ষা,সাহিত্য এবং দৰ্শন প্ৰকৃত চৰ্চায় আয়ত্ত হয়৷যতই অসম্পূৰ্ণভাবে হোক না কেন। এই পাৰদৰ্শিতা গণতন্ত্ৰেৰ ৰহস্যে অধিষ্ঠান কৰে এবং এই দিয়ে নাগৰিকেৰ ঢেঁকি চালানো যায়।” গণতন্ত্ৰৰ এনে আখৰা ভোটৰ বজাৰত কল্পনা কৰিব পাৰিনে? অপৰৰ মাজত নিজক নিমজ্জিত কৰা নিঃসন্দেহে কঠিন কাম।শিক্ষা,সাহিত্য,দৰ্শন চৰ্চাৰ মাজত এনে এটা বাসনা যদি সুপ্ত হৈয়ো নাথাকে তেন্তে তাৰ সাৰ্থকতা ক’ত?গায়ত্ৰী চক্ৰবৰ্তীয়ে আজি কিছু বছৰৰপৰা পশ্চিমবংগৰ পুৰুলিয়া আৰু ঝাৰখণ্ডৰ সীমাত বিদ্যালয় স্থাপন কৰি আদিবাসী মানুহৰ মাজত শিক্ষাবিস্তাৰ আৰু কল্যাণমূলক কাম হাতে-কামে কৰি আছে।তাৰ বাবে তেওঁ স্বাৰ্থজড়িত মহলৰ ৰোষত পৰিছে। কাৰণ অপৰ নাথাকিলে সংখ্যাগুৰুৰ ৰাজনীতি,অৰ্থনীতি একো নচলে।দ্বিতীয়তে অপৰক সমান বুলি মানিবলৈ হ’লে যুগ-যুগান্তৰৰ জাতিভেদ,শ্ৰেণীভেদৰ দ্বাৰা সৃষ্ট সমাজৰ আভ্যন্তৰীণ বিলুপ্তি জৰুৰী।এয়া অন্তহীন কঠিন কাম৷ অৱশেষত গায়ত্ৰী চক্ৰবৰ্তীক পুৰুলিয়াৰ জমিদাৰে অঞ্চলটোৰ পৰা খেদি পঠিয়ালে৷

‘অপৰ-লেখা ও কথাৰ সংকলন’ গায়ত্ৰী চক্ৰবৰ্তীৰ প্ৰথম বাংলা কিতাপ।শিৰোনামেই কয় ইয়াত সন্নিৱিষ্ট লেখাবোৰ সুবিন্যস্ত নহয়। কিন্তু প্ৰতিটো লেখাৰ মাজত চকামকাকৈ জিলিকি উঠিছে এটা প্ৰখৰ,বিদগ্ধ মনৰ প্ৰত্যয় আৰু জ্ঞানদীপ্তি।“অবিনিৰ্মাণ“,“গণতন্ত্ৰেৰ ৰহস্য”,“দেৰিডা,নিম্নবৰ্গ কি কথা বলতে পাৰে?” আদি লেখাৰ লগতে ইয়াত স্থান পাইছে ফুটবলাৰ পি কে বেনাৰ্জী আৰু কলকাতাৰ চিটীবাছত ভ্ৰমণৰ অভিজ্ঞতা লৈ দুটা বিশেষ লেখা। শেষোক্ত লেখাটো তেওঁ সোতৰ বছৰ বয়সত প্ৰেচিডেন্সী কলেজত পঢ়ি থাকোঁতে কলেজ মেগাজিনৰ বাবে লিখা।উস কি লেখা, ক’ব পাৰি যি মূলা বাঢ়ে…!

ডিকনষ্ট্ৰাকছন বা অবিনিৰ্মাণ পাঠৰ ভঙা-গঢ়াই নহয়,নিজকো ভঙা-গঢ়া।অবিনিৰ্মাণ কি মুখৰ কথা?গায়ত্ৰী চক্ৰবৰ্তীয়ে নিজে কি কৈছে শুনক:“ডিকনষ্ট্ৰাকছনিষ্ট অত সহজে হওয়া যায় না।“– আমি পাঠক,এই পৰ্যন্ত।
অবিনিৰ্মাণবাদী হোৱাৰ প্ৰথম চৰ্তটোৱে হৈছে প্ৰথমে এজন নিবিড় আৰু বিশ্বস্ত পাঠক হোৱা। এনে বিশ্বস্ত পাঠক হোৱাৰ কঠিন অনুশীলন আমি কিমান আন্তৰিকতাৰে কৰোঁ বাৰু?

মুনীন বায়ন এজন চিন্তাশীল লেখক আৰু সাংবাদিক