মানৱ অধিকাৰৰ বিষয়ে যেতিয়াই ভবা হয় তেতিয়াই স্বাভাৱিকতেই আমাৰ মনলৈ আহে মানৱ অধিকাৰ আৰু ৰাষ্ট্ৰৰ সম্পৰ্ক কেনে হোৱা উচিত বা ৰাষ্ট্ৰই মানৱ অধিকাৰ সুৰক্ষিত কৰিবলৈ কি ধৰণৰ পদক্ষেপ লোৱাৰ প্রয়োজন আদি কেতবোৰ আনুসাংগিক প্রশ্নৰ। সেইসমূহ প্রশ্ন আলোচনা কৰিবলৈ যোৱাৰ আগতেই আমি আলোচনা কৰিব লাগিব দৰাচলতে ৰাষ্ট্ৰ কি আৰু ইয়াৰ প্রাথমিক উদ্দেশ্য কি। এটা বাক্যত যদি এই দুয়োটা প্রশ্নৰে উত্তৰ দিয়া হয় তেন্তে সাধাৰণ দৃষ্টিত ক’ব পাৰি যে ৰাষ্ট্ৰ হৈছে এটা শ্ৰেয় সামাজিক সংস্থা (A better Social Organisation), যি মানুহৰ ব্যক্তিত্বৰ বিকাশ প্রক্ৰিয়াৰ সৈতে জড়িত। এই যে ‘শ্ৰেয়’ শব্দটো, ইয়াক অতি সচেতনভাৱে প্রয়োগ কৰিছোঁ। অৰ্থাৎ ৰাষ্ট্ৰ এটা সৰ্বময় আৰু সৰ্বোৎকৃষ্ট কৰ্তৃপক্ষ নহয়। ক্ষমতাৰ বহুত্ববাদী ধাৰণা (Pluralist concept on Power) অনুসৰি ৰাষ্ট্ৰ আন বহুতো সামাজিক সংস্থাৰ মাজৰে এটা সংস্থা।
আদিম সাম্যবাদী সমাজৰ পৰা আৰম্ভ কৰি ব্যক্তিগত সম্পত্তিৰ আৱিৰ্ভাৱ, সমাজ সৃষ্টি প্রক্ৰিয়াৰ আৰম্ভণিৰ পাছতহে এটা নিৰ্দিষ্ট স্তৰত ৰাষ্ট্ৰৰ জন্ম হৈছে। ৰাষ্ট্ৰৰ প্রাথমিক কৰ্তব্যও আমি সেইধৰণেই নিৰ্দ্ধাৰণ কৰিব পাৰোঁ। জ্য জেকভ ৰুছো আদি বহুতো দাৰ্শনিকে আঙুলিয়াই দিছে যে ৰাষ্ট্ৰৰ জন্ম ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ প্রক্ৰিয়াক এক নিৰ্দিষ্ট গতিশীলতা প্রদান কৰিবলৈ আৰু ব্যক্তি বা ব্যক্তিসমষ্টিক শৃংখলাবদ্ধ কৰি তুলিবলৈ। মহাত্মা গান্ধীয়ে ৰাষ্ট্ৰ সম্পৰ্কত কেতবোৰ অতি মূল্যৱান মন্তব্য আগবঢ়াইছিল। তেওঁ ৰাষ্ট্ৰক এক ‘নেচেচাৰী ইভিল’ বুলি গণ্য কৰিছিল আৰু কৈছিল যে ৰাষ্ট্ৰৰ ক্ষমতা সদায় সীমিত হ’ব লাগে।
এইধৰণে আলোচনা আগবঢ়াই নিলে দেখা পোৱা যাব যে মানৱ অধিকাৰ অৰ্থাৎ এজন মানুহে জন্মসূত্ৰে লাভ কৰা যিসমূহ অবিভাজ্য অধিকাৰ সেইসমূহৰ সংৰক্ষণ তথা সেইসমূহ পোষণ কৰাটো ৰাষ্ট্ৰৰ এটা প্রাথমিক কৰ্তব্য হোৱাটো উচিত। গণতান্ত্ৰিক পদ্ধতিৰে পৰিচালিত হোৱা এখন ৰাষ্ট্ৰব্যৱস্থা মানৱ অধিকাৰ সুৰক্ষাৰ বাবে বেছিকৈ সুবিধাজনক। বিভিন্ন প্রকাৰৰ মানৱ অধিকাৰ যেনে কথা কোৱাৰ অধিকাৰ, আত্মৰক্ষাৰ অধিকাৰ, জীয়াই থকাৰ অধিকাৰ, ধৰ্মীয় স্বতন্তুতাৰ অধিকাৰ আদিসমূহৰ সৈতে গণতান্ত্রিক চৰিত্ৰ তথা প্ৰমূল্য ৰক্ষাৰ এক প্রত্যক্ষ সম্পৰ্ক জড়িত হৈ আছে।
AFSPA কি
ভাৰতবৰ্ষই নিজৰ গণতান্ত্রিক চৰিত্ৰ ৰক্ষা কৰাত কিমানদূৰ সফল হৈছে বা ভাৰত ৰাষ্ট্ৰ প্ৰকৃততে গণতান্ত্ৰিক হয়নে আদি কেতবোৰ সমালোচনা বা প্রশ্ন প্রায়ে উত্থাপিত হোৱা দেখা যায়। সাম্প্ৰতিক সময়ত চৰকাৰ ব্যৱস্থাই গ্ৰহণ কৰা কেতবোৰ বিতৰ্কিত সিদ্ধান্তই এই প্রশ্ন তথা সন্দেহসমূহক বেছিকৈ ঘনীভূত কৰি তুলিছে। এই প্রশ্নসমূহ আলোচনা কৰিবলৈ যাওঁতে সততে ‘সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন’খনৰ প্রসংগ উত্থাপিত হোৱা দেখা যায়। আলোচনাটোৰ পৰৱৰ্তী সময়ত আমি এইসমূহ আলোচনা আগবঢ়াই যাম যদিও এইষাৰ কথা এতিয়াই কোৱাৰ লোভ সামৰিব পৰা নাই যে ‘সেনা বাহিনীৰ বিশেষ ক্ষমতা’ আইনখনৰ ইতিহাসৰ সৈতে উত্তৰ পূৰ্বাঞ্চল নিবিড়ভাৱে জড়িত হৈ আছে। ১৯৫৮ চনৰ পৰা এই লেখাটো প্রস্তুত কৰি থকাৰ সময়লৈকে বিভিন্ন সময়ত বিভিন্ন পৰিপ্ৰেক্ষিতত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলত এই ক’লা আইনখন বলৱৎ কৰা হৈছিল আৰু পাৰ্শ্বক্ৰিয়াস্বৰূপে আমাৰ অঞ্চলবোৰত ব্যাপকৰূপত মানৱ অধিকাৰ ভূ-লণ্ঠিত হৈ আহিছে।
AFSPA হৈছে ভাৰতীয় সংবিধানৰ ৩৬৫ নং ধাৰা (To Protect every state against internal disturbance) অনুযায়ী প্রৱৰ্তন কৰা বহুকেইখন আইনৰ এটা সমষ্টি। এই আইনসমষ্টিৰ অধীনত কোনো এটুকুৰা ‘অশান্ত অঞ্চল’ৰ ওপৰত ৰাজ্যপাল বা ৰাষ্ট্ৰপতিয়ে প্রত্যক্ষভাৱে সশস্ত্ৰ সেনাবাহিনী জাপি দিব পাৰে। সশস্ত্ৰ সেনাবাহিনীয়ে সেই অঞ্চলত কোনো এজন ব্যক্তি বা ব্যক্তিসমষ্টিক হঠাৎ সোধা-পোছা কৰিব পাৰে, পৰীক্ষা কৰিব পাৰে, কোনো লিখিত আগজাননী (Warrant) প্ৰদান নকৰাকৈ গ্ৰেপ্তাৰ কৰিব পাৰে, আটক কৰিব পাৰে নাইবা আঘাত কৰিব পাৰে। তদুপৰি সেনা বাহিনীৰ উক্ত কাৰ্যসমূহৰ বিপৰীতে ব্যক্তি বা ব্যক্তিসমষ্টিয়ে সাধাৰণতে কোনো আইনী পদক্ষেপ হাতত ল’ব নোৱাৰে। আমি মন কৰা উচিত যে কেনো এটুকুৰা অঞ্চলক ‘অশান্ত অঞ্চল’ (Disturbed Area হিচাপে ঘোষণা কৰাৰ অধিকাৰ সেই ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী ৰাজ্যপাল বা ৰাষ্ট্ৰখনৰ সাংবিধানিক মুৰব্বী ৰাষ্ট্ৰপতিৰ হাতত ন্যস্ত কৰা হৈছে।
ইতিহাসৰ পৃষ্ঠাত AFSPA
AFSPA ৰ ইতিহাস আৰম্ভ হৈছে ১৯৪২ চনৰ পৰা। তদানীন্তন ব্ৰিটিছ চৰকাৰে সেইসময়ত ভাৰত ত্যাগ আন্দোলনক স্তিমিত কৰিবলৈ প্রথমবাৰলৈ ভাৰতবৰ্ষত AFSPA প্ৰৱৰ্তন কৰিছিল। স্বাধীনোত্তৰ কালত প্রথমবাৰলৈ ১১ ছেপ্টেম্বৰ, ১৯৫৮ চনত সেই সময়ৰ অসমৰ নগা পাহাৰ জিলাক ড৹ ৰাজেন্দ্ৰ প্ৰসাদৰ হস্তক্ষেপত অশান্ত ঘোষণা কৰি AFSPA প্রৱৰ্তন কৰিছিল।
স্বাধীনোত্তৰ কালত প্রথমবাৰলৈ AFSPA প্রৱৰ্তন কৰাৰ সৈতে নগাসকলৰ আত্মনিয়ন্ত্ৰণৰ দাবীটোৰ ইতিহাস জড়িত হৈ আছে। আমাৰ আলোচনাটো অধিক বোধগম্য কৰিবলৈ আমি উক্ত ঘটনাৰাজি সংযোগ কৰি দিব বিচাৰিছোঁ।
সদ্য স্বাধীনতাপ্ৰাপ্ত ভাৰতবৰ্ষৰ অতিকেন্দ্ৰিক চৰিত্ৰৰ বিকাশ প্রক্ৰিয়া স্বাধীনতাৰ কালৰে পৰা স্পষ্ট ৰূপত ফুটি উঠিছিল। সেই অতিকেন্দ্ৰিক চৰিত্ৰৰে পাৰ্শ্বক্ৰিয়াৰূপে জ্বলিছিল নাগালেণ্ড (তদানীন্তন নগা পাহাৰ জিলা), অসম, পাঞ্জাব আৰু এতিয়াও জ্বলি আছে কাশ্মীৰ। নগাসকলৰ বিচ্ছিন্নতাৰ দাবী (Claim of separation)এটা বিক্ষিপ্ত ঘটনা নহয়। ই খুবেই সংগত এলানি পৰিঘটনা৷ প্রথমতেই কৈ থওঁ যে স্বাধীনতা বিপ্লৱ, গান্ধীৰ অহিংসাৰ বাণী বা নেহৰুৰ Trust with Destiny য়ে নগা পাহাৰৰ দৰে সীমামূৰীয়া অঞ্চলবোৰলৈ বিয়পাব পৰা নাছিল।
সাংবাদিক মৃণাল তালুকদাৰৰ ভাষাত- “দিল্লী তেতিয়া ব্যস্ত দেশবিভাজনক লৈ। নেহৰু আৰু পেটেলৰ অঁৰিয়া-আঁৰিৰ মাজেৰে থুনুক-থানাককৈ আগবাঢ়িছে এখন দেশ৷ সকলোৰে চিন্তা কাশ্মীৰক লৈ, হায়দৰাবাদক লৈ। কাৰো চিন্তা নাই উত্তৰ-পূবক লৈ৷… এফালে ত্ৰিপুৰা আৰু আনফালে মণিপুৰৰ পুতলা ৰজা। কাৰো আহৰি নাই জানিবৰ কাৰণে কি হৈছে উত্তৰ-পূবক লৈ৷…. স্বাধীনতা সংগ্ৰাম অসমতেই শেষ। মণিপুৰ আৰু ত্ৰিপুৰাত কিছু ব্ৰিটিছ বিদ্বেষ থাকিলেও সঁচা অর্থত গান্ধীৰ নেতৃত্বৰ স্বাধীনতা সংগ্ৰামে চুব পৰা নাছিল বৃহত্তৰ উত্তৰ-পূবক।” (মৌতম, মৃণাল তালুকদাৰ, পৃঃ ৭) মৃণাল তালুকদাৰৰ লেখাত উল্লেখ নাথাকিলেও আলোচনাৰ বোধগম্যতাৰ বাবে জনাই থওঁ যে ভাৰতবৰ্ষৰ মূল সুঁতিৰ সংস্কৃতিৰ সৈতে উত্তৰ-পূবৰ পাহাৰীয়া ৰাজ্যকেইখনৰ সংস্কৃতি আজিও পৃথক।
ভাৰতৰ কেন্দ্ৰীকৃত ৰাজনীতিৰে উত্তৰ-পূবৰ ৰাজনীতিক বুজিব পৰা নাযায়। ১৯৫১ চনত NNC (Naga National Council)-য়ে এটা মুকলি ৰেফাৰেণ্ডামৰ আয়োজন কৰিছিল। সেই ৰেফাৰেণ্ডামটোৰ ফলাফল আছিল অভূতপূৰ্ব। প্ৰায় ৯৯% নগা জনসাধাৰণেই এখন সাৰ্বভৌম নগা ৰাষ্ট্ৰৰ সপক্ষে ভোটদান কৰিছিল। সেইবাবেই বোধহয় জেনেৰেল থিমায়াই নেহৰুক কৈছিল- “It requires political wisdom sir, not the military might.” (মৌতম, মৃণাল তালুকদাৰ, পৃঃ ৪)।
কিন্তু কাৰ্যত নেহৰুৱে ৰাজনৈতিক সমাধানতকৈ সামৰিক সমাধানৰ ওপৰতহে গুৰুত্ব প্রদান কৰিলে। ১৯৫৩ চনত তদানীন্তন অসম চৰকাৰে ‘The Assam maintaince of Public Order Act in Naga Hills, 1951’ প্ৰৱৰ্তন কৰে। তথাপি পৰিস্থিতি শাম নকটাত পুনৰ ১৯৫৫ চনত “Assam Disturbed Areas Act, 1955” ৰূপায়ণ কৰি নগা পাহাৰৰ অশান্ত অঞ্চললৈ পঠিয়াই দিছিল অসম ৰাইফলছৰ জোৱানক। লক্ষ্য আছিল নগা পাহাৰক এশিকনি দিয়াৰ। ‘The Assam maintaince of Public Order Act in Naga Hills, 1951’ আৰু ‘Assam Disturbed Areas Act, 1955’ ৰ ব্যৰ্থতাৰ পাছতেই নগা পাহাৰত আৰম্ভ হৈছিল AFSPA ৰ ইতিহাস। ১১ ছেপ্টেম্বৰ, ১৯৫৮ চনত সেই সময়ৰ ৰাষ্ট্ৰপতি ড৹ ৰাজেন্দ্ৰ প্ৰসাদৰ মুকলি হস্তক্ষেপত নগা পাহাৰত প্রত্যক্ষভাৱে ভাৰতীয় সৈন্য মোতায়েন কৰা হৈছিল। তাৰ পাছৰে পৰা বিভিন্ন সময়ত উত্তৰ পূৰ্বাঞ্চলত বিচ্ছিনতাবাদৰ জন্ম হৈ আহিছে আৰু ভাৰত ৰাষ্ট্ৰই AFSPA ৰ দৰে ক’লা আইনসমূহ প্ৰৱৰ্তন কৰি ৰাজনৈতিক প্রশ্নসসমূহক সামৰিক উত্তৰ দিবলৈ যত্ন কৰি আহিছে।
সামগ্ৰিকভাৱে অসমৰ আজিৰ ভূখণ্ডত ১৯৯০ চনত প্রথমবাৰলৈ AFSPA প্রৱৰ্তন কৰা হৈছিল। অসমত AFSPA প্ৰৱৰ্তন কৰাৰ সৈতে জড়িত হৈ আছে সংযুক্ত মুক্তি বাহিনীৰ ইতিহাস। অসম আন্দোলনৰ ব্যৰ্থতাৰ পাছত গঠন হোৱা আলফাৰ মূল লক্ষ্য আছিল এখন বৈজ্ঞানিক সমাজবাদী সাৰ্বভৌম অসম (Scientific Socialist Sovereign Assam) গঢ়ি তোলা। আলফাৰ সশস্ত্ৰ আন্দোলনৰ ঘাই উৎস আছিল ভাৰত ৰাষ্ট্ৰৰ নিৰৱিচ্ছিন্ন অৰ্থনৈতিক শোষণ।
আলফাৰ কুটাঘাতমূলক কাৰ্য বৃদ্ধি পাই অহাৰ লগে-লগে ভাৰত ৰাষ্ট্ৰই অসমত AFSPA প্রৱৰ্তন কৰি অপাৰেশ্যন বজৰং, অপাৰেশ্যন ৰাইন’ আৰু অপাৰেশ্যন অল ক্লীয়াৰ জাপি দিয়ে। সংযুক্ত মুক্তি বাহিনী, অসমৰ ৰাজনৈতিক দাবী আৰু তাৰ সপক্ষে সৃষ্টি কৰা কূটাঘাত (তুলনামূলকভাৱে পৰ্যবেক্ষণ কৰিলে সংযুক্ত মুক্তি বাহিনীৰ কৰ্মকাণ্ডক বিপ্লৱী বুলিবলৈ দ্বৰ্থ্যকতাৰ সৃষ্টি হয়) আৰু ভাৰত ৰাষ্ট্ৰৰ তথাকথিত নিৰাপত্তাৰ পাৰ্শ্বক্ৰিয়াৰূপে যোৱাটো শতিকাৰ নব্বৈৰ দশকত অসমে বহুতো তেজাল সম্ভাৱনাক অকালতে হেৰুৱায়।
এইদৰে সামগ্ৰিক দৃষ্টিত পৰ্যবেক্ষণ কৰিলে দেখা যায় যে ভাৰত ৰাষ্ট্ৰই AFSPA প্রৱৰ্তন কৰিবলৈ বাধ্য হয় বিচ্ছিন্নতাবাদৰ পৰা সাৰ্বভৌমত্বক ৰক্ষা কৰিবলৈ। মাক্সীয় দ্বান্দ্বিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰিলে দেখা যায় যে বিচ্ছিন্নতাবাদৰ জন্ম হয় জাতীয়তাবাদৰ পৰা। জাতীয়তাবাদৰ বিকাশৰ এটা পৰ্যায়ত ই বহন কৰা দ্বন্দ্বসমূহ যেনেঃ ৰাষ্ট্ৰৰ অৰ্থনৈতিক শোষণ আৰু জাতিৰ স্বাভিমান, কেন্দ্ৰিকৃত ৰাষ্ট্ৰৰ নীতি আৰু জাতীয় গুৰুত্বৰ প্রতি সচেতনতা আদিৰ তীব্ৰতাই উগ্ৰ জাতীয়তাবাদক (Nip-Nationalism) দ্বন্দ সমাধানৰ উপায় হিচাপে প্রক্ষেপ কৰে। উগ্ৰ জাতীয়তাবাদৰ স্বৰ্তঃস্ফুত বহিৰ্প্ৰকাশেই হৈছে বিচ্ছিন্নতাৰ দাবী। গতিকে দ্বান্দ্বিক দৃষ্টিৰে পৰ্যালোচনা কৰিলে দেখা যায় যে ভাৰতবৰ্ষৰ দৰে এখন দেশে বহন কৰা কেন্দ্ৰ-অঞ্চল দ্বন্দ্বৰ সমাধান ৰাজনৈতিকভাৱেহে সম্ভৱ। ময়ূৰ চেতিয়াছাৰে দেখুৱাই দিছে যে এইধৰণৰ ৰাজনৈতিক দ্বন্দ এটাৰ সমাধান সামৰিকভাৱে কৰাৰ অৰ্থ হৈছে সমস্যাটোৰ ওপৰত ৰাষ্ট্ৰই নিজৰ ৰাজনৈতিক কৰ্তৃত্ব ইতিমধ্যেই হেৰুৱাই পেলাইছে।
ৰাষ্ট্ৰসন্ত্ৰাস, অসম আৰু মানৱ অধিকাৰ উলংঘন
ভাৰতীয় সংবিধানৰ ৩৫৫ নং ধাৰা অনুযায়ী প্রৱৰ্তন কৰা AFSPA ৰ দৰে ক’লা আইনসমূহৰ সপক্ষে ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰৰ পদলেহনকাৰী সংবাদ মাধ্যমে যিমানেই যুক্তি আগ নবঢ়াওক, কিন্তু উত্তৰ-পূবঞ্চিলৰ মাটিত থিয় হৈ সত্যৰ খাতিৰত ‘আমি’বা ‘তেওঁলোকে’ স্বীকাৰ কৰিবলৈ বাধ্য হ’ম যে AFSPA বা আন সামৰিক অভিযানসমূহ প্রায়োগিকভাৱে বিফল আৰু মানৱ অধিকাৰ ভংগৰ এটা ঘাই উৎস। এই আইনসমূহক প্রায়োগিকভাৱে এইবাবেই বিফল বুলি কোৱা হৈছে যে এইধৰণৰ আইনসমূহ আৰু তাৰ কাৰ্যকৰীকৰণে আটাইতকৈ বেছি যাতনা ভোগাই অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজক।
তাৰ কাৰ্যকৰীকৰণে আটাইতকৈ বেছি যাতনা ভোগাই অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজক। উদাহৰণস্বৰূপে ক’ব পাৰি যে অসমত বোধহয় এনে এখন গাঁও নোলাব, যি ৰাষ্ট্ৰসন্ত্ৰাসৰ সোৱাদ পোৱা নাই। “Wave, the trend” নামৰ বিভাগীয় আলোচনী এখনৰ বাবে তথ্য সংগ্ৰহ কৰি থাকোঁতে আমি ব্যক্তিগতভাৱে প্রত্যক্ষ কৰিছিলোঁ ৰাষ্ট্ৰসন্ত্ৰাসৰ সেই উলংগ প্রতিচ্ছবিক। মনোৰমা দেৱী, ভনীমাই দত্ত, তৰুণ দত্ত, বাবুল বৰুৱা, দিবাকৰ সন্দিকৈ, নুমলী বণিয়া, দীপ মৰাণ, কাণু খনিকৰ, যাদৱ ফুকন, পোণুৰাম সোণোৱাল আৰু বহুতো নথিভুক্ত হোৱা বা নোহোৱা নিৰপৰাধী ব্যক্তিয়ে হয় ভাৰতীয় সেনাৰ হাতত ধৰ্ষিতা হৈছে বা মৃত্যু হৈছে নাইবা ৰাষ্ট্ৰসন্থাসৰ দাগ শৰীৰত লৈ আজীৱন পংগু হৈ দিন কটাইছে। এইখিনিতে উল্লেখ কৰি থওঁ যে ভাৰতীয় সেনাৰ ধৰ্ষণকামী মনোবৃত্তিৰ (Sadistic Mindset)ৰ পৰা ১৩ বছৰীয়া ৰুমী কোঁৱৰ যিদৰে সাৰি যোৱা নাই, সেইদৰে ৮০ বছৰীয়া স্বাধীনতা সংগ্ৰামী উমা ৰাজখোৱাও (সংযুক্ত মুক্তি বাহিনী, অসমৰ প্রাক্তন সভাপতি তথা আলোচনাপনন্থী আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ পিতৃ) সাৰি যোৱা নাই।
এই ঘটনাবোৰ কোনো ‘বিক্ষিপ্ত’ ঘটনা নহয়। বহুক্ষেত্ৰত নিৰপৰাধীক অত্যাচাৰ আৰু ধৰ্ষণ ভৰাতীয় সেনাৰ ষ্ট্ৰেটেজীও হৈ উঠিছে! এছিয়া ৱাটছ্, ৰাষ্ট্ৰসংঘ, ন্যায়াধীশ জীৱন ৰেড্ডী আয়োগ, হিউমেন ৰাইটছ ৱাটছ্, সন্তোষ হেগ ডে আয়োগ ইত্যাদিৰ প্রতিবেদনে ভাৰত ৰাষ্ট্ৰক বাৰম্বাৰ সোঁৱৰাই থকাৰ পাছাতো ৰাষ্ট্ৰসন্ত্ৰাসৰ প্ৰকোপ নকমালৈ চাই আমাৰ সন্দেহ যে সম্পূৰ্ণ অমূলক নহয়, তাক সাব্যস্ত কৰিব পাৰি।