এখন ধুনীয়া কিতাপ

I Came Upon A Lighthouse

কেইদিনমান আগতে অসমলৈ প্ৰধানমন্ত্ৰী মোদী আহোঁতে চাৰিওফালে মোদী-মোদী ধ্বনিৰে উদুলি-মুদুলি৷পিছে তেওঁ যোৱাৰ পিছত দেখোন ৰতন টাটাৰ কথাহে বেছিকৈ ওলাল৷বন্ধু জয়ন্তই ৰতন টাটাক হাতত ধৰি কোনোবা এজন যুৱকে তেওঁক আগবঢ়াই নিয়াৰ ছবি এখন মোলৈ পঠিয়ালে৷

কোন এই যুৱকজন? শান্তনু নাইডু৷ সেই ছবিখন দেখাৰ আগলৈকে মই শান্তনুৰ বিষয়ে একো নাজানিছিলো৷কিন্তু পিছতহে গম পালো শান্তনুক জগতে জানে৷কেতিয়াবা মোৰ অজ্ঞতা আৰু সীমাবদ্ধতা দেখি মই নিজেই আচৰিত হওঁ!

শান্তনুৱে ৰটন টাটাৰ লগত থকা তেওঁৰ সম্পৰ্কৰ বিষয়ে “I Came Upon A Lighthouse” নামৰ এখন আত্মস্মৃতি মূলক কিতাপ লিখিছে৷এই ২১৭ পৃষ্ঠাৰ কিতাপখন মই প্ৰায় একে বহাতে পঢ়ি শেষ কৰিলো বুলি ক’ব পাৰি৷

এই কিতাপখনৰ কথাবোৰ কিবা অসম্ভৱ/সম্ভৱ,অস্বাভাৱিক/স্বাভাৱিক যেন লাগে৷ আচলতে ব্যতিক্ৰমেহে ক্ৰমৰ ৰহণ চৰায়৷ ৰতন টাটাই টাটা গ্ৰুপৰ দায়িত্ব লৈছিল কিংবদন্তী পুৰুষ জি আৰ ডি টাটাৰ পৰা ১৯৯১চনত৷ সেই দিনবোৰৰ কথা এতিয়াও আমাৰ স্পষ্ট মনত আছে৷ জি আৰ ডিৰ বিষয়ে একো পঢ়িব নালাগে; কেবল সূধা মূৰ্ত্তিয়ে লিখা এটা কথা পঢ়িলেই যথেষ্ট৷

চুজাৰলেণ্ডৰ জেনেভাত মৃত্যুৰ আগ মুহুৰ্তত জি আৰ ডি এ কি কৈছিল-“How gentle it is to die!” আৰু আমাৰ হীৰেন ভট্টই কি কৈছিল-“মৃত্যুওটো এটা শিল্প, জীৱনৰ কঠিন শিলত কটা এক নিৰ্লোভ ভাস্কৰ্য!” বঢ়িয়া! সেই ঐতিহ্যৰ উত্তৰাধিকাৰী ৰতন টাটা৷জি আৰ ডি এ হাতত ধৰি ৰতন টাটাক কাম শিকাইছিল৷কিন্তু, টাটাৰ বৈভৱ আৰু ঐতিহ্যলৈ শান্তনু নামৰ এই ডেকা ল’ৰাজন আহিল ক’ৰপৰা?

শান্তনু পুণাৰ এটা সাধাৰণ পৰিয়ালৰ ল’ৰা৷ শান্তনুৱে কুকুৰ ভালপায়৷ এই যে ৰাস্তাত গাড়ীৰ খুণ্ডাত বাটৰ কুকুৰবোৰ মৰি থাকে! আকৌ মৃত কুকুৰবোৰৰ ওপৰেৰে গাড়ী চলাই মানুহবোৰে যে সিহঁতক ঠেতেলি পেলায়৷ সেই কথাটোৱে শান্তনুক মনত বৰ কষ্ট দিছিল৷ বহু সময়ত কুকুৰবোৰ এনেকৈ ৰাস্তাত শুই থাকে যে গাড়ী চালকে দূৰৰ পৰা তৰকিবই নোৱাৰে তাত কুকুৰ এটা শুই আছে বুলি৷ওচৰ আহি পায় মানে ইতিমধ্যে বহু পলমহৈ যায়৷

কিন্তু, ৰাতিৰ পোহৰত জিলিকি উঠা কিবা এটা বস্তু যদি কুকুৰটোৰ ডিঙিত ওলোমাই দিয়া হয়, তেতিয়া কি হ’ব গাড়ী চালকে দূৰৰ পৰাই ৰাস্তাত শুই থকা কুকুৰটো দেখা পাব আৰু সেই ধৰণে গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ কৰিব পাৰিব৷ কুকুৰটো বাচি যাব৷ গতিকে শান্তনু আৰু তেওঁৰ লগৰ ছাত্ৰছাত্ৰী সকলে কৰিলে কি আন্ধাৰত পোহৰ প্ৰতিফলিত কৰিব পৰা ৰঙীন ফিটা কিনি আনি নিজৰ পুৰণি জিনচ কাটি তাত এই ৰঙীন ফিটা চিলাই দি বাটৰ কুকুৰবোৰৰ ডিঙিত সেই ফিটাবোৰ ওলোমাই দিলে৷

এই সকলো কাম শান্তনুৰ উদ্যোগ আৰু নেতৃত্বত প্ৰায় পোন্ধৰজনীয়া ডেকা-ডেকেৰীৰ দল এটাই কৰিলে৷ তাকো নিজৰ জেপৰ পইছা খৰচ কৰি৷তেওঁলোকে Harely Davidson, Triumph Motorcycles আৰু K T M মটৰচাইকেলৰ সহযোগত এই কাৰ্যসূচীৰ ৰাজহুৱাকৈ শুভাৰম্ভ কৰিলে৷ আটায়ে লগ লাগি প্ৰায় ৫০০ মান বাটৰ কুকুৰৰ ডিঙিত উজ্বল ফিটাবোৰ পিন্ধাই দিলে৷পুণাৰ ৰাস্তাত আৰু অলিয়ে গলিয়ে এই উজলি থকা কুকুৰবোৰ ঘূৰি ফুৰিবলৈ ধৰিলে৷

গোটেই চহৰখনতে ই এক খলকনি তুলিলে৷এয়া কাৰ কাম? পিছদিনা এই বিষয়ে কোনোবাই লিখা প্ৰবন্ধটোৰ লিংকটো শান্তনুৱে কাৰো কাৰো লগত চেয়াৰ কৰিলে৷ তাৰ পিছত শান্তনুৱে দেখে আৰু ক’ত কোনে এই বিষয়ে লিখিছে তাৰ যেন কোনো সীমা সংখ্যাই নাই!এই প্ৰচেষ্টাটোৰ তেওঁলোকে নাম দিলে Motopaws-moto চালক paws কুকুৰ৷মটপজৰ বিষয়ে ওলোৱা আটাইবোৰ প্ৰবন্ধ শান্তনুৰ দেউতাকে এটা ফাইলত একেলগে থলে৷দিনে দিনে এই ফাইলটো শকতহৈ গৈ থাকিল৷

শান্তনুহঁতৰ পৰিয়ালটোৰ শান্তনুৰ আজুককাৰ দিনৰ পৰা শান্তনুলৈ পাঁচ পুৰুষে টাটাত কাম কৰিছে৷ ৰতন টাটা নিজে এজন কুকুৰ ভালপোৱা মানুহ৷“ৰতন টাটাক মট’পজৰ কথাটো জনালে কেনে হয়?” এদিন শান্তনুৰ বাপেকে কথাটো উলিয়ালে৷“হয়তো৷ কিন্তু তেওঁৰ লগত আমি কেনেকৈ যোগাযোগ কৰিম ?” নানা প্ৰবন্ধ কৰি শান্তনুৱে ৰতন টাটাৰ ইমেইলটো যোগাৰ কৰিলে৷শান্তনুৱে সমস্ত আবেগ ঢালি টাটালৈ চিঠি এখন লিখিলে৷

টাটাত কাম কৰা এজনে চিঠিখন নি ৰতন টাটাৰ অফিছ পোৱালেগৈ৷ তাৰ পিছত শান্তনুৰ দিন নেযায়,ৰাতি নুপুৱায় অৱস্থা! ৰতন টাটাই বাৰু সি লিখা চিঠিখনৰ প্ৰতি কিবা সঁহাৰি দিবনে? এলফিনষ্টোনত থকা টাটাৰ অফিছত তিনি গৰাকী মহিলাই ঠিক কৰে কোনখন চিঠি ৰতন টাটাই নিজে চাব আৰু কোনখন নাচাব৷ টাটাৰ লগত ইমান দিন কাম কৰাৰ পিছত এই মহিলা তিনি গৰাকীয়ে ভাবিছিল হয়তো শান্তনুৰ চিঠিখন টাটাই ভাল পাব পাৰে৷টাটা বিদেশৰ পৰা ওভতি অহাৰ পিছত চিঠিখন টাটাক দেখুৱা হ’ল৷

তাৰ কিছুদিনৰ পিছত স্বয়ং ৰতন টাটাৰ পৰা শান্তনুলৈ চিঠি এখন আহিল৷তেওঁ শান্তনুহঁতৰ প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা কৰিলে আৰু দুমাহ পিছত তেওঁলোকক তেওঁৰ অফিছত তেওঁক লগ কৰিবলৈ ক’লে৷ কি এক অকল্পনীয়,অভাৱনীয় ঘটনা! শান্তনুহঁতৰ গোটেই পৰিয়ালটোৰে উলাহে নধৰা হিয়া!ফূৰ্তিতে যেন তেওঁলোকে ৰাস্তাত উলঙ্গহৈ নাচিবহে! ৰতন টাটাৰ সাক্ষাৎকৰাৰ বাবে আৰু কেই সপ্তাহমানহে আছে৷ তেনেতে এদিন ডবাপিটা বৰষুণত শান্তনুৰ এটা মটৰ চাইকেল দুৰ্ঘটনা হ’ল৷দেহটো অৱসহৈ পৰিছে৷শৰীৰৰ কেইবা ঠাইৰ পৰাও তেজ ওলাইছে৷

সেইবোৰ চোৱাৰ সময় নাই৷ ৰাস্তাৰ মাজত বহি শান্তনুৰ এটাই চিন্তা-“মই ৰতন টাটাক লগ কৰিব পাৰিমনে?” সেই নিৰ্দিষ্ট দিনটো আহিল৷শান্তনুৱে তাৰ লগত বন্ধু শুক্ৰুতকো লগত ল’লে৷ৰতন টাটাই অতি মৰম আৰু মনোযোগেৰে শান্তনুহঁতৰ লগত কথা পাতিলে৷ নিজৰ ৰেঞ্জ ৰোভাৰত উঠাই ঘৰলৈ নি তেওঁৰ পোহনীয়া কুকুৰ দুটা সিহঁতক দেখুৱালে৷ৰতন টাটাই সিহঁত দুটাক বাৰে বাৰে সুধিলে Motopawsৰ বাবে তেওঁ কিবা কৰিব পাৰে নেকি?

শান্তনুৰ উত্তৰ “নাই৷আপোনাক লগ পাবলৈ আৰু জন্তুৰ বাবে যদি ভৱিষ্যতে আপুনি কিবা কৰে তাত আপোনাক সহায় কৰিবলৈহে মই ইয়ালৈ আহিছো।” টাটাৰ ব্যৱহাৰত শান্তনু স্তম্ভিত৷তাতে সিহঁতক আগবঢ়াই দিবলৈ আহোতে শান্তনুৰ দেউতাকক লগপাই তেওঁৰ কান্ধত হাতথৈ ৰতন টাটাই ক’লে- “ আপুনি চিন্তা নকৰিব৷মই আপোনাৰ ল’ৰাৰ দায়িত্ব ল’ম।”

সেই যে ২০১৬ চনৰ চেপ্তেম্বৰ মাহৰ কোনোবা এটা দিন শান্তনুৱে ৰতন টাটাক লগ কৰিছিল সেইদিনাৰে পৰা ৰতন টাটা আৰু শান্তনুৰ মাজত এক এৰাব নোৱৰা সম্পৰ্ক গঢ়লৈ উঠিল৷দুয়ো দুয়োৰে প্ৰতি চুম্বকৰ দৰে আকৰ্ষণ অনুভৱ কৰিবলৈ ধৰিলে৷তাৰ পিছত কিমানবাৰ শান্তনুৱে টাটাক লগ কৰিছে তেওঁৰ ঘৰত, অফিছত৷তাৰ হিচাপ নাই৷ সময়ত শান্তনু আমেৰিকাৰ Cornell Universityৰ বিজনেচ স্কুলত ভৰ্তি হ’ল৷তাত থাকোতে ৰতন টাটা আমেৰিকালৈ গ’লেই শান্তনুক লগ কৰে৷দুয়ো একেলগে বজাৰ কৰে, ফুৰে৷আনকি কৰ্ণেলৰ পৰা শান্তনুৱে উপাধি লোৱাৰ সময়তো টাটা গৈছিল৷

তাৰ পিছত শান্তনুৱে আহি আকৌ টাটাৰে বেলেগ এটা বিভাগত কাম কৰিছিল৷ কিন্তু, কিছুদিন পিছতে ৰতন টাটাই নিজৰ অফিছলৈ শান্তনুক লৈ আহে৷তাৰ পিছত প্ৰথমে দেশৰ ভিতৰত টাটা য’লৈ যায় শান্তনুকো লৈ যায়৷এনেকৈ কিছুদিন যোৱাৰ পিছত টাটাৰ বিদেশ ভ্ৰমণতো শান্তনুৱে তেওঁক সংগ দিবলৈ আৰম্ভ কৰিলে৷

ৰতন টাটাই শান্তনুক সদায় যে অতি মধুৰ ব্যৱহাৰে কৰিছিল তেনে নহয়, বিশেষকৈ প্ৰথমবাৰ বিদেশ ভ্ৰমণৰ সময়ত শান্তনু বেছ সমস্যাৰ সন্মুখীন হৈছিল৷ টাটাই বিচৰা ধৰণে কামবোৰ চম্ভালিব নোৱৰা বাবে কেতিয়াবা কেতিয়াবা টাটা শান্তনুৰ ওপৰত অসন্তুষ্ট হৈছিল আৰু মাজে মাজে শান্তনুক ৰুঢ় ব্যৱহাৰো কৰিছিল৷প্ৰথমবাৰৰ বাবে শান্তনুৱে অসহায় অনুভৱ কৰিছিল৷ইতিমধ্যে নিৰ্দ্ধাৰিত ভ্ৰমণ কাৰ্যসূচী মতে বষ্টনৰ পৰা পোনে পোনে তেওঁলোক দুয়ো পেৰিছ এয়াৰচোলৈ যোৱাৰ কথা আছিল যদিও টাটাই কিবা কাৰণে ইংলেণ্ডহৈহে পেৰিছলৈ যোৱাৰ সিদ্ধান্ত ল’লে৷

শান্তনুৰ ইংলেণ্ডৰ ভিছা নাছিল বাবে টাটাই তেওঁক তেওঁৰ আগতে পেৰিছলৈ যাবলৈ ক’লে৷পেটে পেটে শান্তনুৱে কথাটো ভালেই পালে৷টাটা যিহেতু তেওঁৰ কামত ক্ষুণ্ণহৈ আছে, অন্ততঃ দুদিনমান তেওঁৰ পৰা আঁতৰি থকাটো একো বেয়া কথা নহয়৷পেৰিছত প্ৰথম দুদিন অফিছৰ পইছা খৰচ নকৰাকৈ শান্তনু ৰাছিতৰ ঘৰত থাকিল৷ প্ৰথমে অকলে অকলে মুকলিমূৰীয়াকৈ চেইন নদীৰ পাৰে পাৰে ঘূৰি ফুৰি পিছদিনা ৰাছিতৰ লগত তেওঁ জি আৰ ডি টাটাৰ সমাধিত ওলালগৈ৷

জি আৰ ডিৰ সমাধিৰ তলত লিখা আছিল-“ভাল চিন্তা,ভাল কথা, ভাল কাম।” সেই সমাধিত কেইমিনিটমান মৌনহৈ থাকি শান্তনুৱে নিজকে নিজে কোৱা কথাখিনি কেনে মৰ্মস্পৰ্শী চাওকচোন, “এই মুহুৰ্তত তোমাৰ বন্ধুৱে মোক বেছ কষ্ট দিছে, কিন্তু তুমি জানা মই তেওঁৰ কথা কিমান চিন্তা কৰোঁ৷ তেওঁৰ লগত থকা মোৰ বন্ধুত্বৰ বাবে আৰু তেওঁৰ যি কোনো প্ৰয়োজনতে মই তেওঁৰ লগত থাকিম৷ তুমি বাচি থকা সময়ত মই তোমাক লগপোৱা হ’লে কিমান ভাল আছিল! তোমালোক দুয়োকো একেলগে পোৱা হ’লে! তেওঁ বৰকৈ তোমাৰ অভাৱ অনুভৱ কৰে৷ কিন্তু কি সৌভাগ্যৰ কথা যে এতিয়া মই তেওঁৰ জীৱনলৈ আহিলো৷মই বিচাৰোঁ তুমি যেন তেওঁৰ খেয়াল ৰাখা৷ ময়ো তেওঁৰ খেয়াল ৰাখিম,তেওঁ যেনেকৈ মোৰ খেয়াল ৰাখে ঠিক তেনেদৰে।”

ইয়াতকৈ আৰু কি লাগে? আচলতে ৰতন টাটাই যে শান্তনুৰ প্ৰতি অলপ কঠোৰ হৈছিল, সেইটো তেওঁৰ ইচ্ছাকৃত আছিল৷সেইটো আছিল শান্তনুৰ পৰীক্ষা আৰু প্ৰশিক্ষণৰ এক অংশহে৷সংঘাত, মত বিৰোধ, কঠোৰ ব্যৱহাৰ আৰু কঠোৰ পৰিস্থিতি শিক্ষা আৰু অনুশীলনৰ অপৰিহাৰ্য অংগ নহয় জানো? হাতুৰীৰে পিটিহে লো পোন কৰা হয়৷

এইখন এখন ধুনীয়া আৰু মৰমলগা কিতাপ৷কিতাপখনৰ বিষয়ে মই কি এৰো কি ধৰোঁ ? আটাইবোৰ খণ্ডই সমানে গুৰুত্বপূৰ্ণ৷ কিন্তু তাৰ ভিতৰতে Office of the Chairman আৰু Lily অধ্যায় দুটা যেন অপূৰ্ব৷ৰতন টাটাৰ অফিছত কাম কৰাটো ধেমালি কথানে? তাত আগৰে পৰা কাম কৰি থকা তিনি তীক্ষ্ণ মহিলাই শান্তনুক টাটাৰ অফিছৰ বাবে কেনেকৈ তৈয়াৰ কৰিছিল ভাবিলে আচৰিত লাগে৷

কি শিকাইছিল শান্তনুক তেওঁলোকেঃ “তোমাৰ অন্তৰ আৰু উদেশ্য যদি নিকা তোমাৰ ভুল মাফ কৰা হ’ব৷কিন্তু স্বচ্চতা,তথ্য,অফিছৰ কাম কৰা মূল পদ্ধতি আৰু নীতিৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব৷—–এতিয়া তুমি টাটাৰ অফিছত কাম কৰা৷এতিয়াৰে পৰা সকলোৱে তোমাক সেইখন আইনাৰে চাব৷তুমি কৰা প্ৰতিটো কাম,প্ৰতিটো কথা, বা কাৰোবাৰ পৰা কিবা এটা বিচাৰিলে তাৰ বাবে ৰতন টাটাহে জগৰীয়া হ’ব৷ কেতিয়াও এই ক্ষমতাৰ অপপ্ৰয়োগ নকৰিবা৷তুমি ইয়াত বহিছা বুলিয়ে কাৰো পৰা কোনো অনাহক সুবিধা ল’ব নিবিচাৰিবা৷তোমাৰ দায়িত্ব তেওঁৰ বাবে কেৱল তেওঁৰ বাবে।”

আৰু কি কিবা ক’ব লাগেনে! নেনো ৰতন টাটাৰ এটা সপোন আছিল৷সাধাৰণ মানুহৰ গাড়ী৷ নেনোক ভাৰতৰ মানুহে ভুল বুজিলে৷ৰতন টাটাকো ভুল বুজিলে৷নেনো নচলিল৷সেইটোৱে টাটাক মনত বৰ আঘাত দিছিল৷Lily বোলা অধ্যায়টো নেনোৰ বিষয়ে৷ শেষৰখন নেনো কিনি শান্তনুৱে ৰতন টাটাক তাত উঠাই লৈ মোম্বাইত তেওঁক এপাক ঘূৰাই আনিছিল৷সেই অধ্যায়টোত শান্তনুৱে লিখা কথাখিনি যি কোনো সংবেদনশীল পাঠকৰ হৃদয় স্পৰ্শ কৰিব৷মোৰ আৰু এটা ভাল লগা কথা হৈছে চেন্নাইত ছুটী কটাবলৈ গৈ ৰ’দ লৈ শুই ৰতন টাটাই লি অচকাৰৰ Before the Rain শুনি থকা বৰ্ণনাটো৷ সেইটো ময়ো শুনিলো৷ তাৰমানে টাটা আৰু শান্তনু একেলগে থাকিলে তেওঁলোক দুয়ো কিমান ফূৰ্তিত থাকে!

কিতাপখনৰ গদ্য অনবদ্য৷টাটাৰ মুৰব্বী ৮৪ বছৰীয়া ৰতন টাটাৰ লগত এই ২৮ বছৰীয়া যুৱক শান্তনুৰ এক অনাবিল মানবীয় সম্পৰ্কৰ স্বাক্ষৰ হ’ল এই কিতাপখন৷ সমগ্ৰ বিশ্বতে আৰু কোনোবাই এনে এখন কিতাপ লিখিছে বুলি মোৰ মনে নধৰে৷ শান্তনু নিজে এজন অতি সৎ, সংবেদনশীল আৰু মেধাবী ল’ৰা৷কিন্তু,কিতাপখনত শান্তনুৱে নিজৰ কথা কৈয়ো যেন নিজৰ কথা কোৱা নাই৷

কিতাপখনতে শান্তনু গৌণ, ৰতন টাটাহে মুখ্য৷তাতই পাঠকে শান্তনুক বিচাৰি পাব৷বিচাৰি উলিয়াব লাগিব৷শান্তনুৱে কি কৈছে চাওকচোনঃ “Recognition and spotlight lose their sheen when you are around a personality like his for that long.Attention and spotlight begin to seem a bit perverse” কি সুন্দৰ কথা!ৰতন টাটা টাটাৰ সকলো সংস্থাৰ মুৰব্বী৷কিন্তু তেওঁতো মানুহ! অ’ আৰু এটা কথা কিতাপখনৰ সঞ্জনাই অঁকা ছবিবোৰ যেন কিতাপখনৰ আবেগ-অভিপ্ৰায় আৰু জীবন্ত কৰি তুলিছে৷এই কিতাপখন পঢ়াটো কি এক মধুৰ অভিজ্ঞতা!