• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ৰমজান, পৱিত্ৰ ঈদ আৰু কিছু শিশু সাহিত্য

পাৰভিন চুলতানা by পাৰভিন চুলতানা
May 7, 2022 6:56 pm
Children's Literature on Eid
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাল শিশু সাহিত্যৰ পৰা আমি সকলোৱে যথেষ্ট চিন্তাৰ খোৰাক পাব পাৰোঁ। বহু জটিল কথাক সহজ ৰূপত উত্থাপন কৰাৰ এটা সুযোগ প্ৰদান কৰে এনে সাহিত্যই। আৰু লগতে পুৰণি সমস্যাবোৰৰ সমাধান নতুনকৈ চিন্তা কৰিবলৈ সুযোগ দিয়ে। ঠিক একে দৰে নজনা বহু কথা বা বহু সংস্কৃতিৰ বিষয়ে জনাৰ এটি সুযোগ দিয়ে তেওঁলোকৰ বিষয়ে লিখা গল্প, উপন্যাসবোৰে।

বহু ক্ষেত্ৰত বিদ্বেষ আৰু ঘৃণাৰ মূলতে থাকে অজ্ঞতা বা বহুল ভাৱে প্ৰচাৰিত মিথ্যাচাৰ। আৰু এনে বিদ্বেষৰ প্ৰত্যুত্তৰ হ’ল সেই জাতি বা সম্প্ৰদায়ৰ বিষয়ে জনা। ভূৱা খবৰ আৰু ৱাট্ছ এপৰ খবৰবোৰে এনে অজ্ঞতাৰ সুযোগলৈ বহু মিথ্যাচাৰ প্ৰচাৰ কৰে। ইয়াৰ বিপৰীতে সাহিত্যই সেতুৰ ভূমিকা পালন কৰিব পাৰে।

যোৱা দশকত বিভিন্ন কাৰণত ভাৰতৰ লগতে আন বহু দেশত সাম্প্ৰদায়িক হিংসাই ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিছে। এনে পৰিস্থিতিত শান্তিপূৰ্ণ সহাৱস্থানৰ সম্ভাৱনাকলৈ বহুতে চিন্তা প্ৰকাশ কৰিছে। এনে সাম্প্ৰদায়িক হিংসাৰ পৰিবেশ পৰিবৰ্তন কৰিবলৈ ল’ব পৰা বহু পদক্ষেপৰ ভিতৰত এটি হ’ব পাৰে ভিন্ন সম্প্ৰদায়ৰ বিষয়ে লিখা গল্প, উপন্যাস পঢ়া আৰু ভাৱৰ আদান-প্ৰদান।

এতিয়া পৱিত্ৰ ঈদৰ বতৰ বাবে ইছলামধৰ্মী লোকসকলৰ উৎসৱ আৰু সংস্কৃতিৰ বিষয়ে লিখা ৮ ৰ পৰা ১২ বছৰীয়া ল’ৰা-ছোৱালীৰ বাবে লিখা কেইখনমান কিতাপৰ বিষয়ে আলোচনা কৰিব বিচাৰোঁ।

প্ৰথম কিতাপখন হল Once Upon an Eid -জনপ্ৰিয় লেখিকা দ্বয় এছ কে আলী আৰু আয়শা সাঈদৰ সম্পাদিত চুটি গল্প সংকলন। এই সংকলনখনত পোন্ধৰটা চুটি গল্প সন্নিৱিষ্ট আছে। পৃথিৱীৰ বিভিন্ন দেশত থকা ইছলামধৰ্মীসকলৰ বাবে ৰমজান আৰু ঈদৰ প্ৰাসংগিকতাৰ বিষয়ে মুলতঃ এই গল্পবোৰ লিখা হৈছে।

আমেৰিকাৰ মুছলমানৰ পৰা আফ্ৰিকাৰ বিভিন্ন দেশত থকা মুছলমান, মালয়শিয়া বা অষ্ট্ৰেলিয়াৰ মুছলমানৰ ঈদ উদযাপনৰ কাহিনী অন্তৰ্ভুক্ত কৰা হৈছে এই সংকলনত। গল্পবোৰৰ ভিন্ন প্ৰেক্ষাপট উল্লেখযোগ্য। আমেৰিকাৰ সম্ভ্ৰান্ত বহুসাংস্কৃতিক এলেকাৰ পৰা যুদ্ধৰ পৰা পলাই আহি থিতাপি লোৱা এটা ৰিফিউজী কলোনী। সকলোৰে বাবে ঈদ বিশেষ।

কিতাপখনে ইছলামধৰ্মী সকলৰ মাজতে থকা বিভিন্নতাখিনি ফুটাই তোলে। ধৰ্মৰ লগতে স্থানীয় লোকসংস্কৃতি যে ওতঃপ্ৰোতভাৱে জড়িত সেই কথাও উনুকিয়াই দিয়ে এই গল্পবোৰে। প্ৰত্যেকটো গল্পতে ঈদৰ মৌলিক নীতি যেনে আনৰ প্ৰতি সমবেদনা, দায়বদ্ধতা, মৰম আৰু চেনেহৰ উদাহৰণ দাঙি ধৰা হৈছে। লগতে ঈদ উদযাপনত অনা মুছলমান সকলক সাঙুৰি লোৱাৰ উৎকৃষ্ট উদাহৰণো গল্পবোৰত পোৱা যায়।

ইয়াৰ বাহিৰে আৰু দুই এখন একে ধৰণৰ কিতাপৰ কথা উল্লেখ কৰিব পাৰি। অনিতা নায়াৰৰ Muezza and Baby Jaan: Stories from Quran তেনে এখন কিতাপ। বেবী জান এটি বগা ঊটৰ পোৱালি আৰু মুৱেজ্জা হল হজৰত মহম্মদ (ছঃ) ৰ প্ৰিয় মেকুৰী। এই দুয়োজনৰ বন্ধুত্বৰ মাজেৰে এই গল্পটো আগবাঢ়ি যায়। মুৱেজ্জাই বহু মনোমোহা গল্পৰ মাজেৰে ইছলামৰ বহু কথা কয়।

আন এখন কিতাপ হল জেছমিন ৱাৰ্গাৰ Other Words for Home। পৃথিৱীৰ বিভিন্ন প্ৰান্তত গা কৰি উঠা ইছলামিক মৌলবাদ আৰু ধৰ্মৰ নামত চলা হিংসাৰ এটি শক্তিশালী প্ৰতিবাদ আহিছে শান্তিপূৰ্ণ সহাৱস্থানত বিশ্বাসী মুছলমানসকলৰ পৰা আৰু এই প্ৰতিবাদৰ মাধ্যমবোৰৰ মাজত সাহিত্য এটি গুৰুত্বপূৰ্ণ মাধ্যম।

ৱাৰ্গাৰ এই কিতাপখন হ’ল যুদ্ধথলীলৈ পৰিণত হোৱা ছিৰিয়া এৰি পলাই যাবলৈ বাধ্য হোৱা কণমানি জুডৰ কাহিনী। নিজৰ পিতৃ আৰু ককায়েকক যুদ্ধৰ মাজতে এৰি আমেৰিকালৈ যায় জুড আৰু তাইৰ মাক। কিন্তু এটি নতুন দেশ নতুন পৰিবেশত জুডে কিছু বৈষম্যৰ সন্মুখীন হব লগা হয়।

কণমানি জুডৰ কাহিনীৰ জৰিয়তে জেছমিন ৱাৰ্গাই যুদ্ধৰ ভয়াবহতা, শৰনাৰ্থীসকলৰ দুৰ্যোগৰ কথা উনুকিয়াই দিয়ে। কিন্তু ইয়াৰ মাজতো ভিন্নতাক আকোঁৱালি লোৱাসকলৰ উমান পোৱা যায়। নতুন দেশত জুডে প্ৰতিগ্ৰহ উপলব্ধি কৰে তাইৰ নতুন বন্ধুবোৰৰ মাজত। শিশুসকলৰ সৰল মনবোৰে বৈষম্যতাৰ প্ৰাচীৰ ভেদ কৰিবলৈ সক্ষম হোৱাৰ এটি ইতিবাচক বাৰ্তা কঢ়িয়াই আনে এই কিতাপখনে।

এই গল্পবোৰে ইছলামোফোবিয়াৰ শাম কটাবলৈ সহায় কৰিব বুলি আশা কৰিব পাৰি। এটি সম্প্ৰদায়ৰ বৈচিত্ৰতাক উপলব্ধি কৰিলে সেই মানুহবোৰৰ বিষয়ে থকা বদ্ধমূল (stereotype) ধাৰণাবোৰ কৰা বন্ধ হ’ব। আৰু এই প্ৰচেষ্টাৰ আৰম্ভ হোৱা উচিত নিজৰ সন্তানৰ মাজত শান্তিপূৰ্ণ সহাৱস্থান, বহুসংস্কৃতিবাদৰ মূল্যবোধ বিকশিত কৰি। এনে কৰাত এইধৰণৰ শিশু সাহিত্যই যথেষ্ট সহায় কৰিব।

হিংসাৰে জৰ্জৰিত সমাজ এখনৰ উত্তৰ হ’ল এটি সহিষ্ণু প্ৰজন্ম। ধ্ৰুৱীকৰণৰ ৰাজনীতিলৈ মত্ত্ব থকা এটি সমাজৰ উত্তৰো হ’ল তেনে এক প্ৰজন্ম। আমাৰ সন্তানবোৰক সকলো ধৰণৰ গোঢ়ামী আৰু ৰক্ষণশীলতাৰ পৰা ৰক্ষা কৰাৰ এটি ফলপ্ৰসূ উপায় হল শিশুসকলক কিতাপ, চিনেমা, তথ্যচিত্ৰৰ জৰিয়তে ভিন্নতাৰ লগত পৰিচয় কৰাই দিয়া। নিজৰ দেশ, সমাজখনৰ ভিন্নতাক আকোঁৱালি লোৱাৰ এয়া প্ৰথম পদক্ষেপ হব বুলি আশা কৰোঁ।

পাৰভিন চুলতানা

পাৰভিন চুলতানা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd