আপোনজনলৈ অপেক্ষা কৰাৰ কোনো নিৰ্ধাৰিত সময়সূচী থাকে জানো? পিছে যদিহে সেই আপোনজনৰ বাবে দীৰ্ঘকাল কৰিব লগা হয় অপেক্ষা! তেতিয়া? প্ৰখ্যাত মালায়ালম ছবি নিৰ্মাতা শ্বাজী এন কৰুণৰ এনে এখন চলচ্চিত্ৰ-পিৰাভি। পিৰাভিত এনে এক আপোনজনৰ বাবে অন্তহীন অপেক্ষা আছে,যিধৰণৰ অপেক্ষা আছে সদ্যমুক্তিপ্ৰাপ্ত অসমীয়া ছবি তাৰিখত। ১৯৮৯ চনত মুক্তিলাভ কৰা মালায়ালম চলচ্চিত্ৰ পিৰাভি আৰু ২০২৫ ত মুক্তিলাভ কৰা তাৰিখৰ মাজত আছে কিছু সামঞ্জস্য।
প্ৰথমেই আহো পিৰাভিৰ কথালৈ। পিৰাভিৰ মুখ্য চৰিত্ৰ চ্চাক্যাৰ তেওঁৰ যুৱতী কন্যা আৰু কেটেৰেক্টৰ ফলত দৃষ্টিহীনতাত ভোগা পত্নীৰ সৈতে কেৰেলাৰ এখন ভিতৰুৱা গাঁৱত বাস কৰে। স্কুলৰ শিক্ষয়িত্ৰী কন্যা মালাথীৰ অনাগত বিবাহৰ বাগদান অনুষ্ঠানৰ বাবে চহৰত ইঞ্জিনিয়াৰিং পঢ়ি থকা সৰু পুত্ৰ ৰঘূ অহালৈ সকলোৰে অপেক্ষা। সদায়েই নাৱত নৈ পাৰ হৈ পিতাক সিপাৰলৈ যায় সন্ধিয়াৰ বাছখনৰ পৰা পুতেক ৰঘূক আদৰি আনিবলৈ। পিছে সেই অপেক্ষা অন্তহীন হৈ পৰে। আবেলিতেই গৈ ৰৈ থাকি গধূলিৰ বাছখনৰ সকলো যাত্ৰী নামি যোৱাৰ পিছতো পিতাকে আকৌ আক-তাক সোধে, বাছখনতো পৰীক্ষা কৰে কিজানিবা পুতেক আহিছেই!এন্ধাৰে-মুন্ধাৰে ঘৰ পোৱা পিতাকলৈ মালাথী আৰু মাকৰো একেই অপেক্ষা-কিজানিবা সিহঁতৰ আটকীয়া ধন ৰঘূ আহিছেই! নাই,নিৰাশ হয়।
দ্বিতীয়দিনা পুনৰ একেই ৰুটিন। কিন্তু ৰঘূ নাহে। এইবাৰ পিতাকে পুৱাৰ বাছলৈকো অপেক্ষা কৰে,পিছে ৰঘূ নাহে। ৰঘূৰ সহপাঠীৰ পৰাও একো খবৰ নেপাই। পিছে এদিন মালাথীয়ে ৰঘূৰ সহপাঠীক লগ পাই জোৰকৈ সোধাত সি অকপটে স্বীকাৰ কৰে,কিদৰে জৰুৰী অৱস্থাৰ সময়ত কৰা আন্দোলনৰ বাবে আৰক্ষীয়ে ৰঘূক গ্ৰেপ্তাৰ কৰিছিলে বুলি।
ইতিমধ্যে বাতৰি কাকতৰ যোগেদি কিছু খবৰ পিতাকেও পাইছিল আৰু পুত্ৰক বিচাৰি দিবৰ বাবে নিশা গৃহমন্ত্ৰীলৈ চিঠি লিখিছিলে। পৰৱৰ্তী পৰ্যায়ত প্ৰথমে পিতাক আৰু পৰৱৰ্তী পৰ্যায়ত মালাথী দুয়ো চহৰলৈ যায়,ৰঘূৰ খবৰ বিচাৰি। পিতাকক চৰকাৰী আমোলা-আৰক্ষীয়ে ৰঘূৰ খবৰ জানিও,নজনাৰ দৰে দৰ্শাই সন্ধান কৰাৰ প্ৰতিশ্ৰুতিৰে বিদায় দিয়ে। আনহাতে মালাথিয়ে আকৌ সেইখিনি পিতাকৰ পৰা জানি,ৰঘূৰ হোষ্টেলত খবৰ কৰে। তাতো তাৰ গাঁৱৰ সহপাঠীয়ে কোৱা কথাকেই জানিব পাৰি,বিফল মনোৰথ হৈ ঘূৰি আহে। মালাথীয়ে মানি ল’বলৈ ধৰে যে ৰঘূ আৰু ঘূৰি নাহিব। পিছে পিতাকে মানি নলয়। পিতাক আকৌ যায় বৰ্ষন্মুখৰ বতৰ নেওচি,ৰঘূৰ বাছলৈ অপেক্ষা কৰিবলৈ। উভতি আহোতে পিতাকে ৰঘূৰ বিমূৰ্ত উপস্থিতিক নিজৰ কাষত কল্পনা কৰি ঘৰ সোমাইহি। ঘৰ সোমায়ো একেদৰেই ৰঘূৰ লগত কথা-বতৰা পাতি থাকে। পিৰাভিৰ অন্ত এনেধৰণৰ। পিৰাভিয়ে ১৯৮৯ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে সেইবৰ্ষৰেই কাঁ চলচ্চিত্ৰ মহোৎসৱত কেমেৰা ডি’অৰ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল।
এতিয়া আহিছো তাৰিখৰ কথালৈ। তাৰিখতো একেই,অকলশৰীয়া পিতৃয়ে পুৱাই ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ চিঠি লিখি নিৰ্দ্দিষ্ট আৰক্ষী থানাত দিবলৈ যায়। সেয়া দত্তৰ দৈনিক ৰুটিন। পিছে চিঠিত মুখ্যমন্ত্ৰীৰ নামটো ভুল থাকে। সেয়া পিতৃ দুৰ্লভ দত্তৰ তাৰিখৰ ভুল। যদিওবা সময় বহুবছৰ আগুৱাই গ’ল,দুৰ্লভ দত্তৰ বাবে সময় ৩০-১০-২০০৮ তেই ৰৈ গ’ল। য’ত বোমা বিস্ফোৰণত নিখোজ হৈছিল দত্তৰ ডেকা পুত্ৰ। দত্তই মুখেৰে নেমাতে,একো কথা নকয়। দত্ত দৃষ্টিত পৰে এজন সাংবাদিক অনুৰণৰ। অনুৰণে দত্তৰ খবৰ কৰিবলৈ ধৰে। দত্তৰ ঘৰত পৰিয়ালসদৃশ দুজন সহায়কাৰী থাকে। অনুৰণে নিজে কিছু পঢ়া-শুনা কৰি,এজন মানসিক ৰোগ বিশেষজ্ঞৰ লগত কথা পাতিবলৈ ধৰে দত্তৰ বিষয়ে। দুয়ো প্ৰায় নিশ্চিত হয় যে দত্ত এবিধ মানসিক ৰোগ PTSD(post traumatic stress disorder)ৰ চিকাৰ। চিকিৎসাৰ মাধ্যমেৰে দত্তক সেই ৰোগৰ পৰা মুক্ত কৰি,বাস্তৱ পৃথিৱীখনৰ মুখামুখি হ’ব পৰাকৈ সক্ষম কৰি তুলিবৰ উদ্দেশ্যে অনুৰণৰ পৰৱৰ্তী পদক্ষেপ আগাবাঢ়ে। অৱশেষত এটি চেহেৰা নষ্ট হোৱা মৃতদেহক দত্তৰ পুত্ৰৰ মৃতদেহ হিচাপে দেখুৱাই দিয়াত দত্ত ক্ৰন্দনত ভাগি পৰে। দিন যোৱাৰ লগে লগে দত্ত ক্ৰমশঃ স্বাভাৱিক হ’বলৈ ধৰে। ইমানলৈকে তাৰিখৰ কাহিনীভাগ।
মুখ্য চৰিত্ৰই চিঠি লিখাৰ দৃশ্যটো পিৰাভি আৰু তাৰিখ দুয়োখন ছবিতেই আছে। মাত্ৰ পিৰাভিত চিঠি লিখাৰ দৃশ্যৰ উপস্থাপন কৰোতে অৰ্থৱহৰূপত সমুদ্ৰ মন্থনৰ মূৰ্তি দেখুওৱা হৈছে,ঘড়ীৰ ঘন্টাৰ ব্যৱহাৰ কৰা হৈছে। জি অৰভিন্দন আৰু মহন চিথ্ৰাৰ সম্পূৰ্ণ পৰিস্থিতি সাপেক্ষ আৱহ সংগীত,পিৰাভিৰ অন্যতম শক্তিশালী অংশ। পিৰাভিত মুখ্য চৰিত্ৰৰ দুজন আত্মজ পৰিয়াল আছে,কিন্তু তাৰিখত পৰিয়াল নাই,দুজন পৰিয়ালৰ দৰে আপোন সহায়কাৰী আছে। পিৰাভিত মুখ্য চৰিত্ৰৰ পুত্ৰৰ শুংসূত্ৰ হেৰুৱাত দেশ তথা ৰাজ্যৰ ৰাজনৈতিক অৱস্থাৰ হাত থকাৰ কথাক দৰ্শোৱা হৈছে,আনহাতে তাৰিখত মুখ্য চৰিত্ৰৰ পুত্ৰৰ শুংসূত্ৰ নোহোৱা হয় ২০০৮ চনৰ বোমা বিস্ফোৰণত। দুয়োখন চিনেমাৰেই বিষয়বস্তু প্ৰায় একেই,যদিও দুয়োখনতে মুল বিষয়বস্তুত ভিন্নধৰণে গুৰুত্ব প্ৰদান কৰা হৈছে। পিৰাভিত মূলতঃ ৰঘূৰ অপেক্ষা তথা সন্ধানৰ লগতে মুখ্য চৰিত্ৰ আৰু লগতে আন দুটি চৰিত্ৰৰো যন্ত্ৰণাক্লীষ্ট সময়ক দৰ্শোৱা হৈছে।
আনহাতে, তাৰিখত নিৰুদ্দিষ্ট পুত্ৰৰ শোকত মানসিকভাৱে বিধ্বস্ত পিতৃৰ মানসিক অৱস্থাক পুনৰাই তুলি ধৰাত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। পিৰাভিতো অন্তিম অংশত মুখ্য চৰিত্ৰই যেতিয়া পুত্ৰ ৰঘূৰ বিমূৰ্ত উপস্থিতিক কল্পনা কৰি ল’বলৈ আৰম্ভ কৰে,ঠিক তাৰিখৰ দৰে নহ’লেও তেওঁকো মানসিক ৰোগগ্ৰস্ততাত ভোগাকেই দৰ্শাই।
তাৰিখত দুৰ্লভ দত্তৰ পুত্ৰৰ চৰিত্ৰকো ফ্লেছবেকত দৰ্শোৱা হৈছে, যিটো পিৰাভিত নাই কৰা। অৰ্থাৎ,পিৰাভিত ৰঘূৰ চৰিত্ৰটোৰ কায়িক উপস্থিতি নাই। যদিওবা ৰঘূৰ কায়িক উপস্থিতি নাই,কিন্তু ৰঘূৰ পিতৃৰ সৰু সৰু দেহভংগিমাৰে তেওঁৰ পুত্ৰৰ প্ৰতি টান কিমান বেছি তাক অতি সৰলতাৰে প্ৰদৰ্শন কৰা হৈছে। যদিওবা তাৰিখত দুৰ্লভ দত্তৰ নিৰ্বাক চৰিত্ৰত অৰুণ নাথৰ অভিনয় দুৰ্দ্দান্ত,ঠিক একেদৰেই সবাক হ’লেও প্ৰেমজীৰ চৰিত্ৰৰ মুখাবয়বত অহৰহ লাগি থকা সকৰুণ মালিন্য পিৰাভিৰ আটাইতকৈ শক্তিশালী অংশ। পিৰাভিত তাৰিখৰ দৰে মুখ্য চৰিত্ৰক উদ্ধাৰ কৰিবলৈ কোনো অনুৰণৰ আগমন ঘটা নাই।
এইখিনিতে উল্লেখ কৰিব লাগিব পিৰাভিৰ আন এক শক্তিশালী অংশ ইয়াৰ চিত্ৰনাট্যখনৰ বিষয়ে। সমগ্ৰ ছবিখন জুৰি চিত্ৰনাট্যখনৰ কোনো অংশতেই গতিৰুদ্ধও হোৱা নাই আৰু গতি মন্থৰো হোৱা নাই। সমগ্ৰ ছবিখন জুৰি পিৰাভিৰ গতি একেই আছে। এইখিনিতে পিৰাভিৰ নিটোল সম্পাদনাৰ দিশটিৰ কথা উল্লেখ কৰিবই লাগিব। আনহাতে তাৰিখৰ প্ৰথমাৰ্দ্ধৰ গতি কিছু লেহেমীয়া হোৱাৰ বিপৰীতে দ্বিতীয়াৰ্ধ তড়িৎ গতিত আগুৱাই,যিটো অলপ বেছি লৰালৰি কৰাৰ দৰে লাগে। অভিনয় দুয়োখন ছবিতেই উল্লেখনীয় আৰু পৰিপক্ক।
এক কথাত ক’বলৈ গ’লে পিৰাভি আৰু তাৰিখ দুয়োখন বাস্তৱধৰ্মী চিনেমাই একেই যন্ত্ৰণাৰ বাহক, মাথোঁ দুয়োৰে পথ ভিন্ন।
লেখিকাৰ ইমেইল – [email protected]